শাবানা আজমী

ভাৰতীয় অভিনেত্ৰী

শাবানা আজমী (ইংৰাজী: Shabana Azmi, জন্ম: ১৮ চেপ্তেম্বৰ ১৯৫০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। চলচ্চিত্ৰ অভিনয়ৰ সমান্তৰালকৈ তেওঁ সামাজিক বিষয়ৰ সৈতেও জড়িত। তেওঁ উৰ্দু ভাষাৰ কবি কাইফী আজমী আৰু মঞ্চ অভিনেত্ৰী চৌকত কাইফীৰ জীয়ৰী। ১৯৭৪ চনত তেওঁৰ প্ৰথম চলচ্চিত্ৰ ‘অঙ্কুৰ’ মুক্তি পায়, যিখন ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পায়। তেওঁ অভিনয়ৰ বাবে মুঠতে পাঁচবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, তিনিবাৰ ফিল্মফেয়াৰ বঁটা পোৱাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে। ভাৰত চৰকাৰে তেওঁক ১৯৮৮ চনত চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰী আৰু ২০১২ চনত তৃতীয় শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মবিভূষণেৰে সন্মানিত কৰিছে।[1][2] তেওঁক ভাৰতৰ এগৰাকী অন্যতম উৎকৃষ্ট অভিনেত্ৰী বুলি গণ্য কৰা হয়।[3][4][5]

শাবানা আজমী

শাবানা আজমী
জন্ম ১৮ ছেপ্টেম্বৰ, ১৯৫০ (৭৪ বছৰ)
হায়দৰাবাদ, হায়দৰাবাদ ষ্টেট (১৯৪৮-৫৬) (বৰ্তমানৰ তেলঙ্গানা)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেত্ৰী, ৰাজনীতিবিদ, সমাজকৰ্মী
উল্লেখযোগ্য কৰ্ম ‘অঙ্কুৰ’
‘অৰ্থ’
‘গডমাডাৰ’
দাম্পত্যসঙ্গী জাভেদ আখটাৰ
পিতৃ-মাতৃ কাইফী আজমী (পিতৃ)
চৌকত কাইফী (মাতৃ)
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মবিভূষণ (২০১২)

কৰ্মজীৱন

সম্পাদনা কৰক

আজমীয়ে পুণেভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ পৰা স্নাতক উপাধি লৈ ১৯৭৩ চনত খাজা আহমেদ আব্বাছৰ ‘ফাচলা’ ছবিৰ বাবে চুক্তিবদ্ধ হয়। একে সময়তে কান্তিলাল ৰাঠোড়ৰ ‘পৰিণয়’ ছবিতো অভিনয় কৰে। কিন্তু তেওঁৰ প্ৰথম মুক্তিপ্ৰাপ্ত ছবি শ্যাম বেনেগালৰ ‘অঙ্কুৰ’ (১৯৭৪)। বেনেগাল চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত তেওঁৰ শিক্ষক আছিল। নব্য-বাস্তৱবাদী ধাৰাৰ ছবিখন হায়দৰাবাদত সংঘটিত এটা সত্য কাহিনীৰ আধাৰত নিৰ্মিত। আজমীয়ে লক্ষ্মী নামৰ এজনী গাঁৱলীয়া বিবাহিতা গৃহ পৰিচাৰিকাৰ চৰিত্ৰত অভিনয় কৰিছিল, যিয়ে মালিকৰ কলেজত পঢ়া পুত্ৰ সৈতে সম্পৰ্কত জড়িত হৈ পৰে। আজমী এই চৰিত্ৰটোৰ বাবে প্ৰথম পচন্দৰ অভিনেত্ৰী নাছিল। বহুকেইগৰাকী অভিনেত্ৰীয়ে না কৰাৰ পিছতহে আজমীক সুযোগ দিয়া হয়। সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত এই ছবিখনত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আজুৰি আনিবলৈ সক্ষম হয়।[6]

শ্যাম বেনেগালৰ পৰিচালনাত তেওঁ আৰু কেইখনমান উল্লেখনীয় ছবিত অভিনয় কৰিছে। সেইবোৰ হ’ল- ‘নিশান্ত’ (১৯৭৫), ‘জুনুন’ (১৯৭৮), ‘সুস্মান’ (১৯৮৬) আৰু ‘অন্তৰ্নাদ’ (১৯৯২)। তেওঁ সত্যজিৎ ৰায়ৰ ‘শতৰঞ্জ কে খিলাড়ী’তো (১৯৭৭) অভিনয় কৰিছে। এই সময়তে মুক্তি পোৱা তেওঁৰ কেইখনমান ব্যৱসায়িক সফল ছবি হ’ল- মনমোহন দেশাইৰ ‘অমৰ আকবৰ এন্থনী’ (১৯৭৭), ‘পাৰবাৰিশ’ (১৯৭৭) আৰু প্ৰকাশ মেহৰাৰ ‘জ্বালামুখী’ (১৯৮০)।

তেওঁ মৃণাল সেনৰ ‘কান্ধাৰ’ (১৯৮৩), ‘জেনেচিচ’ (১৯৮৬), ‘এক দিন অচানক’ (১৯৮৯), চৈয়দ মিৰ্জাৰ ‘এলবাৰ্ট পিণ্টু কো গুচ্ছা কিউ আতা হ্যায়’ (১৯৮০), সাই পৰাঞ্জপেৰ ‘স্পৰ্শ’ (১৯৮০) আৰু ‘দিশা’ (১৯৮০), অপৰ্ণা সেনৰ ‘পিকনিক’ (১৯৮৯) আৰু ‘সতী’ (১৯৮৯), মহেশ ভাটৰ ‘অৰ্থ’ (১৯৮৩), গৌতম ঘোষৰ ‘পাৰ’ (১৯৮৫) আদি ছবিত অভিনয় কৰি তেওঁ সমাদৃত হয়। তেওঁ ১৯৮৩ চনৰ পৰা ১৯৮৫ চনলৈ একে লেথাৰিয়ে তিনিবাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[6]

১৯৮০ৰ দশকৰ শেহৰ ফালে আৰু ১৯৯০ৰ দশকৰ আৰম্ভণিতে তেওঁ কেইবাখনো বিদেশী চলচ্চিত্ৰত অভিনয় কৰে-জন শ্লেচিঞ্জাৰৰ ‘মাদাম সুচৎজকা’ (১৯৮৮), নিকোলাচ ক্লোৎজৰ ‘বেঙ্গলী নাইট’, ৰোনাল্ড জোফেৰ ‘চিটি অফ জয়’ (১৯৯২), চেনেল ফোৰৰ ‘ইমাকুলেট কনচেপচন’ (১৯৯২), ব্লেক এডোৱাৰ্ডৰ ‘চন অফ দ্য পিংক পেন্থাৰ’ (১৯৯৩) আৰু ইচমাইল মাৰ্চেণ্টৰ ‘ইন কাষ্টডী’ (১৯৯৩)। তেওঁ ১৯৯৬ চনত দীপা মেহতাৰ ‘ফায়াৰ’ ছবিত ৰাধা নামৰ নিসংগতাত ভুগা নাৰী চৰিত্ৰ এটাত অভিনয় কৰে। নন্দিতা দাসেও ছবিত মূল চৰিত্ৰ এটাত অভিনয় কৰে। সমকামী নাৰীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বিভিন্ন সংগঠনতে প্ৰতিবাদী সমদল উলিয়ায় আৰু তেওঁলোকক হুমকি দিয়ে যদিও ৰাধাৰ চৰিত্ৰত অভিনয় কৰি আজমীয়ে ৩২তম ‘চিকাগো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ‘চিলভাৰ হুগো বঁটা’ আৰু ‘লচ এঞ্জেলেচ আউটফেষ্ট’ত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ১৯৯৯ চনত তেওঁ বিনয় শুক্লাৰ ‘গডমাডাৰ’ ছবিত অভিনয় কৰি পঞ্চমবাৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[7]

বাহ্যিক সংযোগ

সম্পাদনা কৰক