সদৌ অসম কবি সন্মিলন

সাহিত্য সংগঠন

সদৌ অসম কবি সন্মিলন (ইংৰাজী: All Assam Poets Association) অসম সাহিত্য সভাৰ পিছতে উত্তৰ-পূৰ্বাঞ্চলৰ এক বৃহৎ কাব্য সংগঠন। আধুনিক কাব্যধাৰাক গতিশীল কৰি ৰাখিবলৈ এখন মুকলি মঞ্চৰ প্ৰযোজন অনুভৱ কৰি নামৰূপৰ ‘সমলয় কবি চক্ৰ’ৰ উদ্যোগত জনতাৰ কবি ৰাম গ‍গৈ প্ৰমুখ্যে বহুকেইজন বৰেণ্য কবিৰ যৌথ প্ৰচেষ্টাত ১৯৮৭ চনৰ ৬ চেপ্তেম্বৰ তাৰিখে এই মহান অনুষ্ঠানটো গঢ় লৈ উঠে। জাতি-বৰ্ণ নিৰ্বিশেষে অসমৰ অখ্যাত আৰু প্ৰখ্যাত কবিসকলক একেখন মুকলি মঞ্চলৈ উলিয়াই আনি কবিতাৰ সমৃদ্ধি আৰু প্ৰগতি অটুট ৰাখিবলৈ প্ৰতিষ্ঠাকালৰেপৰা সদৌ অসম কবি সন্মিলনে অহোপুৰুষাৰ্থ কৰি আহিছে।[1]

সদৌ অসম কবি সন্মিলন
নীতিবাক্য "সুন্দৰেযে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে
সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। "
পূৰ্বসূৰী নীলকান্ত শইকীয়া
উত্তৰসূৰী প্ৰদীপ শইকীয়া
প্ৰতিষ্ঠা ৬ চেপ্তেম্বৰ, ১৯৮৭
প্ৰধান  কাৰ্যালয় যোৰহাট, অসম (অস্থায়ী)
আনুষ্ঠানিক  ভাষা অসমীয়া
সভাপতি প্ৰদীপ শইকীয়া
ৱেবছাইট http://www.allassampoetsassociation.com/

ইতিহাস সম্পাদনা কৰক

সদৌ অসম কবি সন্মিলনৰ স্বপ্ন জাগ্ৰত হৈছিল পথাৰ কবি ৰাম গ‍গৈৰ মনত। এখন বৃহৎ মঞ্চ স্থাপন কৰি কাব্যযাত্ৰা আগুৱাই নিয়াৰ মানসেৰে গাঁৱে-ভূঞে চুকে-কোণে সোমাই থকা কবিসকলক উলিয়াই আনিবলৈ ৰাম গ‍গৈৰ লগতে নামৰূপৰ ‘সমলয় কবি চক্ৰ’ৰ বিশিষ্ট কবিসকলৰ চিন্তা চৰ্চাৰ লগতে আশাশুধীয়া প্ৰচেষ্টাত সদৌ অসম কবি সন্মিলনৰ জন্ম হয় ১৯৮৭ চনৰ ৬ চেপ্তেম্বৰ তাৰিখে। এখন পতাকাৰ তলত এখন মঞ্চত কবিসকলক উপবিষ্ট কৰিবলৈ ১৯৮‍৮ চনৰ ২০ অক্টোবৰ তাৰিখৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে শোণিতপুৰ জিলাৰ জামুগুৰিহাট‍ত ‘সদৌ অসম কবি সন্মিলন’ৰ প্ৰথম পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত কৰা হয়। এই সভালৈ শদিয়াৰ পৰা ধুবুৰী-কাছাৰ জিলালৈকে মুঠ তিনি শতাধিক কবি একত্ৰিত হৈ কবি সন্মিলন সফল কৰি তুলিছিল। এই সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৰাম গ‍গৈ আৰু সম্পাদক আছিল আন‍ন্দ দত্ত।[1]

লক্ষ্য আৰু উদ্দেশ্য সম্পাদনা কৰক

কবিতাৰ কাব্যময় যাত্ৰাক গতিশীলতা প্ৰদান কৰিবৰ বাবেই সদৌ অসম কবি সন্মিলনৰ জন্ম। ইয়াৰ আগতে এমুঠিমান কবিয়ে কাব্যচৰ্চা কৰিছিল। সকলো কবিয়ে আত্মপ্ৰকাশ কৰিবলৈ সুবিধা পোৱা নাছিল। পাদপ্ৰদীপৰ আন্ধকাৰত লুকাই থকা কবিসকলক পোহৰ‍ৰ সভালৈ আগবঢ়াই আনি এখন মুকলি মঞ্চ দিয়াটোৱেই সদৌ অসম কবি সন্মিলনৰ মুখ্য উদ্দেশ্য আৰু লক্ষ্য। কবিতাৰ হেঁপাহত বুৰি থাকিও প্ৰকাশ কৰিব নোৱাৰি হৃদয়তে মাৰ যোৱা কবিতাবোৰ উদ্ধাৰ কৰা আৰু উত্তৰপুৰুষক কাব্য জগতলৈ আগুৱাই নিয়াৰ উদ্দেশ্যেই এই সংগঠনৰ সৃষ্টি হৈছে।

সদৌ অসম কবি সন্মিলনৰ পত্ৰিকা সম্পাদনা কৰক

সদৌ অসম কবি সন্মিলনক শক্তিশালী কৰিবলৈ এখন কমিতি গঠন কৰা হৈছিল। সেই কমিতিখনেই ৰাম গ‍গৈক সভাপতি, আন‍ন্দ দত্তক সম্পাদক আৰু প্ৰেম গ‍গৈক আলোচনী সম্পাদকৰূপে নিৰ্বাচিত কৰিছিল। অসমীয়া কবিতাৰ প্ৰচাৰ আৰু জনপ্ৰিয় কৰি তোলাৰ উদ্দেশ্যে সদৌ অসম কবি সন্মিলনৰ তৰফৰ পৰা ‘সমলয়’ নামৰ এখন মুখপত্ৰ আৰু 'নতুন কবিতা’ নামৰ এখন তিনিমহীয়া কাব্য পত্ৰিকা প্ৰকাশ কৰে। তেতিয়াৰ পৰা আজিকোপতি নিৰবচ্ছিন্নভাৱে দুয়োখন সুকলমে অব্যাহত আছে। এই মুখপত্ৰ আৰু কাব্য পত্ৰিকাখনৰদ্বাৰাই অসমৰ বিভিন্ন প্ৰান্তৰ কবিসকলৰ কাব্য প্ৰতিভা প্ৰসাৰিত হৈছে।

ইয়াৰোপৰি সমগ্ৰ অসমতে সিঁচৰতি হৈ থকা সদৌ অসম কবি সন্মিলনৰ সক্ৰিয় শাখাসমূহৰপৰাও মুখপত্ৰ প্ৰকাশ হয়। এনে মুখপত্ৰবিলাকেও নবীন-প্ৰবীন কবিসকলৰ কবিতা প্ৰকাশ কৰি অসমত কাব্যিক আন্দোলনৰ ধাৰা অব্যাহত ৰাখিছে।[1]

প্ৰতীক চিহ্ন আৰু ইয়াৰ তাৎপৰ্য[1][2] সম্পাদনা কৰক

সদৌ অসম কবি সন্মিলনৰ প্ৰতীক চিহ্নৰ বাবে সম্পাদনা সমিতিয়ে ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য জনাই বাতৰি কাকত‍ত বিজ্ঞাপন দিছিল। তেতিয়া কেইবাটাও প্ৰতীক চিহ্ন আহিছিল যদিও শেষত শিৱসাগৰ‍ৰ সূৰ্য বৰগোঁহাইৰ প্ৰতীক চিহ্নটো উচিত বিবেচিত হোৱাত সেই প্ৰতীকটোক সৰ্বসন্মতিক্ৰমে গৃহীত কৰা হয়।

প্ৰতীকটো ঢাকনি মাৰি থোৱা এখন শৰাইৰ দৰে। তাৰ মাজত থকা ক’লা অংশটো স্তম্ভ সদৃশ। তাতে এখন মুষ্টিবদ্ধ হাত‍ত কলমটো জিলিকি আছে। কলমটোৰ নিব্টোত এজনী সৰু চৰাই আছে। কলমটোৰ তলত পথালিকৈ তিনিডাল আঁচ আছে। প্ৰতীকটোৰ তলত ‘সদৌ অসম কবি সন্মিলন’ বুলি লিখা আছে আৰু তাৰ তলত সদৌ অসম কবি সন্মিলনৰ কাব্যমন্ত্ৰ দিয়া হৈছে। সাঁফৰ মাৰি থোৱা শৰাইখনে অসমৰ থলুৱা সংস্কৃতিক বুজাইছে। ক’লা বৰণৰ স্তম্ভটো হৈছে আন্ধাৰৰ প্ৰতীক। অন্ধকাৰ ভেদি এখন শক্তিশালী প্ৰতিবাদী হাত‍ত কালমটো লৈ লিখিব লাগিব। কলমটোৰ তলত পথালিকৈ থকা আঁচ তিনিডাল সময় বা গতিৰ প্ৰতীক। অৰ্থাৎ আমি সময়ৰ লগত মিলি অন্ধকাৰ ভেদি প্ৰতিবাদী হাত‍ত কলম লৈ মানুহৰ কণ্ঠস্বৰক নিজৰ অনুভূতিৰে লিখি কলমৰ নিবত বহি থকা চৰাইজনীৰ জৰিয়তে জনতাক বিলাব লাগিব।

পতাকা[2] সম্পাদনা কৰক

সদৌ অসম কবি সন্মিলনৰ পতাকাৰ ৰং পাতল সেউজীয়া। পতাকাত সন্মিলনৰ প্ৰতীক অংকিত আছে আৰু পতাকাৰ অনুপাত ২:৩ ধাৰ্য কৰা হৈছে। সন্মিলনৰ প্ৰতীক আৰু পতাকা সকলো শাখাই ব্যৱহাৰ কৰাটো বাধ্যতামূলক।

কাব্যমন্ত্ৰ[1][2] সম্পাদনা কৰক

সদৌ অসম কবি সন্মিলনৰ কাব্যমন্ত্ৰটো[3] হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত নিম্নোক্ত কবিতাফাঁকি -[4]


"সুন্দৰেযে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে
সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। "


১৯৪৮ চনত শিৱসাগৰত অনুষ্ঠিত সদৌ অসম শিল্পী সংঘৰ প্ৰথম অধিবেশনত জ্যোতিপ্ৰসাদ আগৰৱালাই সভাপতিৰ অভিভাষণ প্ৰদান কৰোঁতে তেওঁৰ ৰচিত "সৌ আকাশত নিহাৰীকা উৰে / কত জীৱন কত ৰূপৰ কত গুণৰ…. "(‘শিল্পীৰ পৃথিৱীত’ প্ৰবন্ধত সন্নিবিষ্ট গীত) এই কবিতাটিৰ মধ্য অংশ সদৌ অসম কবি সন্মিলনৰ কাব্যমন্ত্ৰ হিচাপে নিৰ্বাচিত কৰি গ্ৰহণ কৰা হৈছে।

সদৌ অসম কবি সন্মিলনৰ সভাপতি-সম্পাদকসকল[1] সম্পাদনা কৰক

  • সভাপতিসকল
    নাম কাৰ্যকাল ছবি
    ৰাম গ‍গৈ ১৯৮৭-১৯‍৯৪ thumb
    চুজাউদ্দিন আহমেদ ১৯‍৯৪-১৯‍৯৮ thumb
    প্ৰেম গ‍গৈ ১৯‍৯৮-২০‍০৯ thumb
    জুলিয়ানা বেগম ২০‍০৯-২০১‍১ thumb
    আনিছ উজ্ জামান ২০১‍১-২০১২ thumb
    ড॰ মাণিক শইকীয়া ২০১২-২০১৪ thumb
    আনিছ উজ্ জামান ২০১৪-২০১৭ thumb
    নীলকান্ত শইকীয়া ২০১৭-২০১৯ thumb
    প্ৰদীপ শইকীয়া ২০১৯- বৰ্তমানলৈকে thumb
  • সম্পাদকসকল
    নাম কাৰ্যকাল ছবি
    আন‍ন্দ চন্দ্ৰ দত্ত ১৯৮৭-১৯‍৯২ thumb
    প্ৰেম গ‍গৈ ১৯‍৯৩-১৯‍৯৪ thumb
    থানেশ্বৰ গোস্বামী ১৯‍৯৪-১৯‍৯৫
    দেবজিত কুমাৰ দত্ত ১৯‍৯৫-১৯‍৯৮ thumb
    হেমনাৰায়ণ দত্ত ১৯‍৯৮-২০‍০১ thumb
    তৰুন কোঁৱৰ ২০‍০১-২০‍০৯
    পৰাগজ্যোতি মহন্ত ২০‍০৯-২০১৩ thumb
    হৰেন গ‍গৈ ২০১৩-২০১৫ thumb
    গ‍ংগা মোহন মিলি ২০১৫-২০১৭ thumb
    উজ্জ্বল পাওগাম ২০১৭-বৰ্তমানলৈকে thumb

গৱেষণা সম্পাদনা কৰক

সদৌ অসম কবি সন্মিলনৰ অধিৱেশনসমূহ সম্পাদনা কৰক

ত‍থ্য সংগ্ৰহ সম্পাদনা কৰক


  1. 1.0 1.1 1.2 1.3 1.4 1.5 "সদৌ অসম কবি সন্মিলন". ২০২০. Archived from the original on 2019-04-22. https://web.archive.org/web/20190422152542/http://www.allassampoetsassociation.com/index.php। আহৰণ কৰা হৈছে: ১৬ মে, ২০২০. 
  2. 2.0 2.1 2.2 [|সদৌ অসম কবি সন্মিলন] (২০১৭). "সদৌ অসম কবি সন্মিলনৰ সংবিধান (২৮তম দুলিয়াজান অধিৱেশন : ২০১৭ত সংশোধিত)". http://www.allassampoetsassociation.com/pdf/Sangbidan.pdf। আহৰণ কৰা হৈছে: ১৯ মে, ২০২০. [সংযোগবিহীন উৎস]
  3. "সদৌ অসম কবি সন্মিলনৰ সংবিধান". ২০১৭. p. ১৫. http://www.allassampoetsassociation.com/pdf/Sangbidan.pdf। আহৰণ কৰা হৈছে: ১৯ মে, ২০২০. 
  4. জ্যোতিপ্ৰসাদ ৰচনাৱলী (ষ‍ষ্ঠ সম্পাদনা). অসম প্ৰকাশন পৰিষদ. ডিছেম্বৰ, ২০‍০৩. পৃষ্ঠা. ৪৫৪, ৭১০. http://www.publicationboardassam.com/.