সীতাৰাম য়েচুৰী

ভাৰতীয় ৰাজনীতিবিদ

সীতাৰাম য়েচুৰী (ইংৰাজী: Sitaram Yechury; ১২ আগষ্ট ১৯৫২ – ১২ ছেপ্টেম্বৰ ২০২৪) এগৰাকী ভাৰতীয় মাৰ্ক্সবাদী ৰাজনীতিবিদ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (মাৰ্ক্সবাদী) সাধাৰণ সম্পাদক আছিল। তেওঁ ১৯৯২ চনৰ পৰা চিপিআই(এম)ৰ পলিট ব্যুৰোৰ সদস্য আছিল। ইয়াৰ আগতে তেওঁ ২০০৫ চনৰ পৰা ২০১৭ চনলৈ পশ্চিম বংগৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

সীতাৰাম য়েচুৰী

২০১৩ চনত সীতাৰাম য়েচুৰী
ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সাধাৰণ সম্পাদক
কাৰ্যকাল
১৯ এপ্ৰিল ২০১৫ – ১২ ছেপ্টেম্বৰ ২০২৪
পূৰ্বসূৰী প্ৰকাশ কৰাত
ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ পলিট ব্যুৰো (মাৰ্ক্সবাদী)ৰ সদস্য
কাৰ্যকাল
১০ জানুৱাৰী ১৯৯২ – ১২ ছেপ্টেম্বৰ ২০২৪
ৰাজ্যসভাৰ সাংসদ
কাৰ্যকাল
১৯ আগষ্ট ২০০৫ – ১৮ আগষ্ট ২০১৭
পূৰ্বসূৰী অৱনী ৰায়
উত্তৰসূৰী শান্তা ছেত্ৰী
সমষ্টি পশ্চিম বংগ
ব্যক্তিগত তথ্য
জন্ম ১২ আগষ্ট, ১৯৫২
মাদ্ৰাজ, মাদ্ৰাজ ষ্টেট, ভাৰত
(বৰ্তমান চেন্নাই, তামিল নাডু, ভাৰত)
মৃত্যু ১২ ছেপ্টেম্বৰ, ২০২৪ (৭২ বছৰ)
নতুন দিল্লী, India
ৰাজনৈতিক দল ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
দাম্পত্যসঙ্গী সীমা চিষ্টি
সমন্ধ মোহন কান্দা (মামা)
শিক্ষানুষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (এমএ)
ছেইণ্ট ষ্টিফেনছ কলেজ (বিএ)

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

সম্পাদনা কৰক

১৯৫২ চনৰ ১২ আগষ্ট তাৰিখে মাদ্ৰাজ ষ্টেটৰ এক তেলেগু পৰিয়ালত সীতাৰাম য়েচুৰীৰ জন্ম হয়।[1] তেওঁৰ পিতৃ সৰ্বেশ্বৰ সোমায়াজুলা য়েচুৰী আৰু মাতৃ কল্পকাম য়েচুৰী অন্ধ্ৰ প্ৰদেশৰ কাকিনাড়াৰ থলুৱা বাসিন্দা আছিল। তেওঁৰ পিতৃ অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক পথ পৰিবহণ নিগমৰ অভিযন্তা আৰু মাতৃ এগৰাকী চৰকাৰী বিষয়া আছিল।[2][3]

য়েচুৰীয়ে হায়দৰাবাদত ডাঙৰ-দীঘল হৈছিল আৰু দশম মানলৈকে হায়দৰাবাদৰ অল চেণ্টছ হাইস্কুলত অধ্যয়ন কৰিছিল।[4] ১৯৬৯ চনৰ তেলেংগানাৰ আন্দোলনৰ সময়ত তেওঁ দিল্লীলৈ যায়।[5] তেওঁ নতুন দিল্লীৰ প্ৰেচিডেণ্টছ এষ্টেট স্কুলত যোগদান কৰে আৰু কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ডৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম স্থান লাভ কৰে।[6] ইয়াৰ পিছত তেওঁ বি.এ. (অনাৰ্ছ) পঢ়িবলৈ দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ অৰ্থনীতি বিভাগত যোগদান কৰে।[7] তাৰপিছত তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। দুয়োটাতে তেওঁ প্ৰথম শ্ৰেণী লাভ কৰিছিল। তাৰপিছত তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগত গৱেষণাৰ বাবে পিএইচডিত নামভৰ্তি কৰে। অৱশ্যে জৰুৰীকালীন অৱস্থাৰ তেওঁক গ্ৰেপ্তাৰ কৰা বাবে তেওঁৰ পিএইচডিসম্পূৰ্ণ কৰা নহ'ল।[8]

ৰাজনৈতিক জীৱন

সম্পাদনা কৰক

১৯৭৪ চনত য়েচুৰীয়ে ভাৰতীয় ছাত্ৰ ফেডাৰেচন (এছএফআই)ত যোগদান কৰে। এবছৰৰ পিছত তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ত যোগদান কৰে।[9]

১৯৭৫ চনত জে এন ইউৰ ছাত্ৰ হৈ থকাৰ সময়তে জৰুৰীকালীন অৱস্থাত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰৰ পূৰ্বে তেওঁ কিছুদিন লুকাই জৰুৰীকালীন অৱস্থাৰ প্ৰতিৰোধৰ আয়োজন কৰিছিল। জৰুৰীকালীন অৱস্থাৰ পিছত তেওঁ এবছৰৰ ভিতৰত (১৯৭৭–৭৮) তিনিবাৰকৈ জে এন ইউ ছাত্ৰ সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হয়।[10] প্ৰকাশ কাৰাটৰ সৈতে য়েচুৰীয়ে জেএনইউত এটা বাওঁপন্থী ইউনিট গঠন কৰে।[11]

১৯৭৮ চনত য়েচুৰীয়ে এছ এফ আইৰ সৰ্বভাৰতীয় যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হয়। তাৰ পিছত এছ এফ আইৰ সৰ্বভাৰতীয় সভাপতি হয়। তেওঁ এছ এফ আইৰ প্ৰথম সভাপতি আছিল কেৰালা বা বংগৰ নাছিল।[3] ১৯৮৪ চনত তেওঁ চি পি আই (এম)ৰ কেন্দ্ৰীয় সমিতিলৈ নিৰ্বাচিত হয়। ১৯৮৫ চনত দলৰ সংবিধান সংশোধন কৰা হয় আৰু পলিটব্যুৰোৰ নিৰ্দেশনা আৰু নিয়ন্ত্ৰণত কাম কৰিবলৈ তেওঁ, প্ৰকাশ কাৰাট, সুনীল মৈত্ৰ, পি ৰামচন্দ্ৰন আৰু এছ. ৰামচন্দ্ৰন পিল্লাইক লৈ গঠিত পাঁচ জনীয়া কেন্দ্ৰীয় সচিবালয় নিৰ্বাচিত হয়।[11] ১৯৮৬ চনত তেওঁ এছ এফ আই ত্যাগ কৰে। তাৰ পিছত ১৯৯২ চনত চতুৰ্দশ কংগ্ৰেছত পলিটব্যুৰোলৈ নিৰ্বাচিত হয়[12] আৰু ২০১৫ চনৰ ১৯ ​​এপ্ৰিলত বিশাখাপট্টনমত অনুষ্ঠিত হোৱা দলৰ ২১ সংখ্যক দলীয় কংগ্ৰেছত চি পি আই (এম)ৰ পঞ্চম সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয়। তেওঁ আৰু পলিটব্যুৰো সদস্য এছ ৰামচন্দ্ৰ পিল্লাই এই পদৰ বাবে আগশাৰীৰ আছিল যদিও পিল্লাই প্ৰত্যাহাৰ কৰিবলৈ বাছি লোৱাৰ পিছত প্ৰথমজনক সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰা হয়।[13] ২০০৫ চনৰ পৰা ২০১৫ চনলৈকে একেৰাহে তিনিটা কাৰ্যকালৰ বাবে এই পদত অধিষ্ঠিত হোৱা প্ৰকাশ কাৰাটৰ পিছত তেওঁ ২০১৮ চনৰ এপ্ৰিল মাহত হায়দৰাবাদত অনুষ্ঠিত ২২ সংখ্যক দলীয় কংগ্ৰেছত পুনৰ চিপিআই(এম)ৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয়।[14] ২০২২ চনৰ এপ্ৰিল মাহত কেৰালাৰ কান্নুৰত অনুষ্ঠিত হোৱা ২৩ সংখ্যক দলীয় কংগ্ৰেছত তেওঁ তৃতীয়বাৰৰ বাবে চিপিআই(এম)ৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয়।[15]

য়েচুৰীয়ে প্ৰাক্তন সাধাৰণ সম্পাদক হৰকিষণ সিং সুৰজিতৰ মিত্ৰজোঁট নিৰ্মাণৰ উত্তৰাধিকাৰ ৰক্ষা কৰা বুলি বিবেচিত হৈছিল। ১৯৯৬ চনত তেওঁ পি চিদাম্বৰমৰ সৈতে চৰকাৰৰ বাবে ইউনাইটেড ফ্ৰণ্টৰ উমৈহতীয়া ন্যূনতম কাৰ্যসূচীৰ খচৰা প্ৰস্তুত কৰিছিল আৰু ২০০৪ চনত সংযুক্ত প্ৰগতিশীল মৰ্চা (ইউপিএ) চৰকাৰ গঠনৰ সময়ত মিত্ৰজোঁট নিৰ্মাণ প্ৰক্ৰিয়া সক্ৰিয়ভাৱে আগবঢ়াই লৈ গৈছিল।[16][17]

য়েচুৰীয়ে দলৰ আন্তঃৰাষ্ট্ৰীয় বিভাগৰ মুৰব্বী আছিল আৰু দলটোৱে তেওঁক বেছিভাগ সমাজবাদী দেশৰ দলীয় সন্মিলনত ভ্ৰাতৃত্ববোধৰ প্ৰতিনিধি হিচাপে নিযুক্তি দিছিল।[18] এজন লেখক হিচাপে তেওঁ বহুতো গ্ৰন্থ লিখিছিল আৰু হিন্দুস্তান টাইমছৰ বাবে পষেকীয়া স্তম্ভ লেফ্ট হেণ্ড ড্ৰাইভ লিখিছিল।[19] তেওঁ ২০ বছৰ ধৰি দলৰ পষেকীয়া কাকত পিপলছ ডেম'ক্ৰেচি সম্পাদনা কৰিছিল।[20]

ৰাজ্যসভাৰ সাংসদ

সম্পাদনা কৰক
 
য়েচুৰীয়ে ২০১৭ চনত শ্ৰেষ্ঠ সাংসদ বঁটা (ৰাজ্য সভা) গ্ৰহণ কৰা মুহূৰ্ত

২০০৫ চনৰ জুলাই মাহত য়েচুৰীয়ে পশ্চিম বংগৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হয়।[21] কেইবাটাও জনপ্ৰিয় বিষয় সংসদৰ দৃষ্টিগোচৰ কৰা আৰু গুৰুত্বপূৰ্ণ বিষয়ত প্ৰশ্ন উত্থাপন কৰাৰ বাবে তেওঁ পৰিচিত আছিল। সংসদৰ কাৰ্যসূচী সঘনাই বিঘ্নিত হোৱাৰ বাবে শাসকীয় দলে দোষাৰোপ কৰাৰ সন্দৰ্ভত তেওঁ কয় যে সঘনাই বিঘ্নিত হোৱাৰ বাবে বিৰোধীক দোষাৰোপ কৰি চৰকাৰে নিজৰ দায়িত্বৰ পৰা সাৰি যাব নোৱাৰে। তেওঁ সংসদত বিঘিনি ঘটাক গণতন্ত্ৰৰ বৈধ প্ৰক্ৰিয়া বুলি অভিহিত কৰি ন্যায্যতা প্ৰদান কৰিছিল।[22]

ভাৰত-আমেৰিকাৰ পাৰমাণৱিক চুক্তিৰ আলোচনাৰ সময়ত য়েচুৰীয়ে ৰাজ্যসভাত চুক্তিখনৰ বাবে চিপিএম-এ বিচৰা সকলো চৰ্ত তালিকাভুক্ত কৰিছিল। মনমোহন সিং চৰকাৰে সকলো চৰ্ত পূৰণ কৰাৰ পিছত তেওঁক প্ৰকাশ কাৰাটে বাতিল কৰে আৰু দাবী কৰে যে এই চুক্তিখনে এতিয়াও চিপিএমৰ “স্বাধীন বৈদেশিক নীতি”ৰ ধাৰণা উলংঘা কৰিছে। কোৱা হৈছিল যে ইয়াৰ ফলত য়েচুৰী "অসন্তুষ্ট আৰু অসহায়" হৈ পৰিছিল।[23]

২০১৫ চনৰ ৩ মাৰ্চত সংসদৰ অধিৱেশনৰ সময়ত য়েচুৰীয়ে সংসদৰ বাজেট অধিৱেশনৰ উদ্বোধনী দিনটোত ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ ভাষণৰ সংশোধনী প্ৰস্তাৱ আগবঢ়ায়। এই কথা ৰাজ্যসভাত ভোট বিভাজনেৰে গৃহীত কৰা হৈছিল আৰু মোদী চৰকাৰৰ বাবে ই এক লজ্জাজনক ঘটনা আছিল। সংসদীয় পৰিক্ৰমা মন্ত্ৰী ভেংকাইয়া নাইডুৱে য়েচুৰীৰ উদ্বেগ লক্ষ্য কৰা হৈছে বুলি উল্লেখ কৰি সংশোধনীৰ সৈতে আগবাঢ়ি নাযাবলৈ অনুৰোধ জনায় কাৰণ এয়া কোনো অধিৱেশন নাছিল। য়েচুৰীয়ে কয় যে সাধাৰণতে তেওঁ এনে অনুৰোধ মানি লহেঁতেনে কিন্তু তেওঁ সংশোধনীৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল কাৰণ চৰকাৰে কোনো বিকল্প এৰি দিয়া নাছিল। ইয়াৰ মূল কাৰণ আছিল যে ১৪ ঘণ্টাৰ বিতৰ্কৰ অন্ততো বিৰোধীক প্ৰধানমন্ত্ৰীৰ উত্তৰৰ ওপৰত স্পষ্টীকৰণ বিচৰাৰ সুযোগ দিয়া হোৱা নাছিল। ৰাজ্যসভাৰ ইতিহাসত চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদৰ প্ৰস্তাৱৰ বিৰোধীয়ে প্ৰস্তাৱ কৰা সংশোধনী গৃহীত হৈছিল।[24][25]

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্কে ধাৰণা

সম্পাদনা কৰক

সীতাৰাম য়েচুৰী আমেৰিকাৰ বৈদেশিক নীতিৰ কঠোৰ সমালোচক আছিল। ২০১৫ চনৰ গণৰাজ্য দিৱসৰ পেৰেডৰ মুখ্য অতিথি হিচাপে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ ভ্ৰমণকো তেওঁ সমালোচনা কৰিছিল।[26]

ইছলামিক মৌলবাদৰ উত্থানৰ বাবে আমেৰিকাক দোষাৰোপ কৰি তেওঁ কয়,

পশ্চিম এছিয়াত আমেৰিকাৰ সামৰিক হস্তক্ষেপে সম্পূৰ্ণ অনিশ্চয়তাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। সামৰিক হস্তক্ষেপে সদায় মৌলবাদৰ উত্থানৰ জন্ম দিছে, যি আজি আমি আইছিছে সৃষ্টি কৰা ভাবুকিৰ মাজত দেখিবলৈ পাইছো। তেওঁলোকে এনে প্ৰৱণতাৰ জন্ম দিছে।[26]

তেওঁ আমেৰিকাৰ আধিপত্যবাদী মনোভাৱৰ বাবেও দোষাৰোপ কৰে বুলিও তেওঁ কয়,

এতিয়া তেওঁলোকৰ (আমেৰিকা) বিশ্বৰ আধিপত্যৰ সন্ধানত তেওঁলোকে বিশ্বৰ শক্তি সম্পদসমূহ দখল কৰিবলৈ চেষ্টা কৰিছে। তেওঁলোকে বিশ্বৰ শক্তি হস্তান্তৰ বা বাণিজ্যৰ সমগ্ৰ প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে। আৰু এই কাৰণেই তেওঁলোকৰ সামৰিক হস্তক্ষেপেও পেলেষ্টাইনীসকলক গৃহভূমিৰ বৈধ অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে।[26]

জম্মু-কাশ্মীৰত ৩৭০ আৰু ৩৫এ অনুচ্ছেদ বাতিলৰ ক্ষেত্ৰতো তেওঁ কঠোৰ সমালোচক আছিল।[27]

২০২০ চনৰ ১২ ছেপ্টেম্বৰত যোগেন্দ্ৰ যাদৱ আদিৰ সৈতে তেওঁৰ নাম দিল্লী আৰক্ষীয়ে পৰিপূৰক চাৰ্জশ্বীটত ২০২০ চনৰ দিল্লী সংঘৰ্ষক উচটোৱাৰ অভিযোগত নাম উল্লেখ কৰিছিল।[28][29] এই বিষয়ে য়েচুৰীয়ে উত্তৰ দিছিল যে ভাৰতীয় জনতা পাৰ্টিয়ে বিৰোধীক লক্ষ্য কৰি ক্ষমতাৰ অপব্যৱহাৰ কৰিছে।[30]

ব্যক্তিগত জীৱন

সম্পাদনা কৰক

সাংবাদিক সীমা চিষ্টিৰ সৈতে সীতাৰাম য়েচুৰীয়ে বিবাহপাশত আৱদ্ধ হৈছিল। সীমা সৃষ্টি দ্য ৱায়াৰৰ সম্পাদক আৰু ইয়াৰ পূৰ্বে বিবিচি হিন্দী চাৰ্ভিচৰ দিল্লী সম্পাদক আছিল।[31] তেওঁ দিল্লীৰ ইণ্ডিয়ান এক্সপ্ৰেছৰ ৰেচিডেণ্ট এডিটৰ আছিল। য়েচুৰীয়ে স্কুপহুপৰ এটা খণ্ডত কৈছিল যে তেওঁৰ পত্নীয়ে তেওঁক আৰ্থিকভাৱে সহায় কৰে।[32] ইয়াৰ আগতে তেওঁৰ বীণা মজুমদাৰৰ কন্যা ইন্দ্ৰানী মজুমদাৰৰ সৈতে বিবাহ হৈছিল। তেওঁলোকৰ এগৰাকী কন্যা আৰু এজন পুত্ৰ আছিল।[33] তেওঁৰ কন্যা অখিলা য়েচুৰীয়ে এডিনবাৰ্গ বিশ্ববিদ্যালয় আৰু ছেইণ্ট এণ্ড্ৰুজ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে।[3][34] ২০২১ চনৰ ২২ এপ্ৰিল তাৰিখে তেওঁৰ পুত্ৰ আশিস য়েচুৰীৰ ক'ভিড-১৯ৰ বাবে ৩৪ বছৰ বয়সত মৃত্যু হয়।[35] অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্য সচিব ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া মোহন কান্দা য়েচুৰীৰ মোমায়েক।[2]

অসুস্থতা আৰু মৃত্যু

সম্পাদনা কৰক

চিপিআই(এম)ৰ এক বিবৃতিত কোৱা হৈছে যে ২০২৪ চনৰ ১৯ ​​আগষ্টত য়েচুৰীক এইমছ দিল্লীৰ জৰুৰীকালীন চিকিৎসা বিভাগত ভৰ্তি কৰা হৈছিল আৰু ছেপ্টেম্বৰ মাহত তেওঁৰ অৱস্থা সংকটজনক হোৱাৰ পিছত তেওঁক শ্বাস-প্ৰশ্বাসৰ সহায়ত ৰখা হৈছিল।[36][37] তেওঁৰ দেহত নিউমোনিয়াৰ দৰে বুকুৰ সংক্ৰমণৰ লক্ষণ দেখা যায় আৰু ১২ ছেপ্টেম্বৰত ৭২ বছৰ বয়সত তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।[38][39][40] তেওঁৰ মৃতদেহ তেওঁৰ পৰিয়ালে পাঠদান আৰু গৱেষণাৰ উদ্দেশ্যে এইমছক দান কৰে।[41]

  1. "Sitaram Yechury: Suave, Soft-Spoken and Dynamic". NDTV. 19 April 2015. http://www.ndtv.com/india-news/sitaram-yechury-suave-soft-spoken-and-dynamic-756280. 
  2. 2.0 2.1 "S.S. Yechury memorial office building opened" (en-IN ভাষাত). The Hindu. 2011-07-24. ISSN 0971-751X. https://www.thehindu.com/todays-paper/tp-national/tp-andhrapradesh/ss-yechury-memorial-office-building-opened/article2291622.ece. 
  3. 3.0 3.1 3.2 Mukul, Akshaya (2015-04-20). "1969 Telangana agitation brought Sitaram Yechury to Delhi". The Economic Times. ISSN 0013-0389. https://economictimes.indiatimes.com/news/politics-and-nation/1969-telangana-agitation-brought-sitaram-yechury-to-delhi/articleshow/46984164.cms. 
  4. Venkateshwarlu, K. (19 November 2005). "All Saints High School in select group". The Hindu. http://www.thehindu.com/2005/11/10/stories/2005111017220200.htm. 
  5. "Sitaram Yechury". 28 August 2009. https://www.cpim.org/content/sitaram-yechury. 
  6. "Detailed Profile - Shri Sitaram Yechury - Members of Parliament (Rajya Sabha) - Who's Who - Government: National Portal of India". india.gov.in. http://www.archive.india.gov.in/govt/rajyasabhampbiodata.php?mpcode=1989. 
  7. "Biography of Sitaram Yechuri". winentrance.com. 14 March 2011. Archived from the original on 16 July 2023. https://web.archive.org/web/20230716060004/http://www.winentrance.com/general_knowledge/sitaram-yechuri.html। আহৰণ কৰা হৈছে: 30 November 2014. 
  8. "Comrade Yechury, an idealist who smiled, fought and survived the darkest times - CNBC TV18" (en ভাষাত). CNBCTV18. 2024-09-12. https://www.cnbctv18.com/obituary/obituary-comrade-sitaram-yechuri-a-man-of-revolution-and-a-song-saira-shah-halim-19475317.htm। আহৰণ কৰা হৈছে: 2024-09-14. 
  9. "Sitaram Yechury passes away" (en ভাষাত). Deshabhimani. https://www.deshabhimani.com/english/news/national/sitaram-yechury-passes-away/9170। আহৰণ কৰা হৈছে: 2024-09-14. 
  10. "Sitaram Yechury - Communist Party of India". Communist Party of India. 28 August 2009. https://cpim.org/content/sitaram-yechury। আহৰণ কৰা হৈছে: 2019-09-20. 
  11. 11.0 11.1 Pillai, Sreedhar (1989-01-31). "13th party congress of CPI(M) in Trivandrum one of the most significant in its history" (en ভাষাত). India Today. https://www.indiatoday.in/magazine/special-report/story/19890131-13th-party-congress-of-cpim-in-trivandrum-one-of-the-most-significant-in-its-history-815722-1989-01-30। আহৰণ কৰা হৈছে: 2024-09-12. 
  12. "Party Congress". Cpimkerala.org. Archived from the original on 2020-10-25. https://web.archive.org/web/20201025112604/https://www.cpimkerala.org/eng/conferences-6.php?n=1। আহৰণ কৰা হৈছে: 2015-04-23. 
  13. Joshua, Anita (2015-04-19). "Yechury is new CPI(M) chief". The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/yechury-set-to-become-next-cpim-general-secretary/article7118990.ece. 
  14. "Sitaram Yechury re-elected as CPI(M) general secretary". Archived from the original on 29 April 2018. https://web.archive.org/web/20180429143335/http://www.newindianexpress.com/nation/2018/apr/22/sitaram-yechury-re-elected-as-cpim-general-secretary-1804905.html। আহৰণ কৰা হৈছে: 14 September 2024. 
  15. "Yechury re-elected CPI(M) general secretary" (en-IN ভাষাত). The Hindu. 10 April 2022. https://www.thehindu.com/news/national/yechury-re-elected-cpim-general-secretary/article65309045.ece/amp/। আহৰণ কৰা হৈছে: 27 June 2023. 
  16. Ramachandran, Rajesh (2015-04-20). "Sitaram Yechury: A fine combination of pleasant personality, interpersonal skills & flair for negotiation". The Economic Times. ISSN 0013-0389. https://economictimes.indiatimes.com/news/politics-and-nation/sitaram-yechury-a-fine-combination-of-pleasant-personality-interpersonal-skills-flair-for-negotiation/articleshow/46981752.cms. 
  17. Joshua, Anita (2015-04-19). "Yechury has an unenviable task on hand" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/Yechury-has-an-unenviable-task-on-hand/article60329405.ece. 
  18. Mahaprashasta, Ajoy Ashirwad. "A Fighter and a Thinker, Sitaram Yechury Leaves Behind a Towering Legacy" (en ভাষাত). The Wire. https://thewire.in/politics/remembering-sitaram-yechury-communist-cpim-leader। আহৰণ কৰা হৈছে: 2024-09-12. 
  19. "Latest News, India,  Cricket, Sports, Bollywood". Hindustan Times. Archived from the original on 2013-01-25. https://archive.today/20130125144653/http://www.hindustantimes.com/StoryPage/FullcoverageStoryPage.aspx?id=3b5fdfc7-66bb-428e-8948-e312d3dacba0Nucleardealimbroglio_Special&MatchID1=4574&TeamID1=8&TeamID2=2&MatchType1=1&SeriesID1=1147&PrimaryID=4574&Headline=N-deal+a+threat+to+sovereignty:+Yechury। আহৰণ কৰা হৈছে: 2024-09-14. 
  20. Chatterji, Saubhadra (19 April 2015). "From an activist to CPI-M general secretary: Sitaram Yechury's journey". Hindustan Times. https://www.hindustantimes.com/india/sitaram-yechury-s-journey-from-an-activist-to-cpi-m-general-secretary/story-MhfGHIZqXbenWkhXUK3BtM.html। আহৰণ কৰা হৈছে: 13 September 2024. 
  21. "National : Yechury, Brinda Karat take oath". The Hindu. 23 August 2005. Archived from the original on 14 February 2006. https://web.archive.org/web/20060214042002/http://www.hindu.com/2005/08/23/stories/2005082306871200.htm. 
  22. "Government can't blame Opposition for bedlam in Parliament: Sitaram Yechury". timesofindia-economictimes. Archived from the original on 2015-04-03. https://web.archive.org/web/20150403015519/http://articles.economictimes.indiatimes.com/2015-01-08/news/57838285_1_parliament-disruptions-sitaram-yechury-opposition-parties। আহৰণ কৰা হৈছে: 2024-09-14. 
  23. Baru, Sanjaya (2014). The Accidental Prime Minister: The Making and Unmaking of Manmohan Singh. Penguin India. পৃষ্ঠা. 226–227. ISBN 9789351186380. 
  24. "Opposition gets amendment passed in Rajya Sabha embarrassing government". The Hindu. 2015-03-03. ISSN 0971-751X. https://www.thehindu.com/news/national/opposition-gets-amendment-passed-in-rajya-sabha-embarrassing-government/article6955737.ece. 
  25. "Embarrassment for Modi: Rajya Sabha amends note on President's speech". intoday.in. 3 March 2015. http://indiatoday.intoday.in/story/president-speech-rajya-sabha-amends-modi-government/1/422077.html. 
  26. 26.0 26.1 26.2 "Yechury criticises govt for inviting Obama on Republic Day". Zee News. 14 January 2015. http://zeenews.india.com/news/india/yechury-criticises-govt-for-inviting-obama-on-republic-day_1530033.html. 
  27. "Sitaram Yechury sees a fascistic project in Kashmir". The Hindu. 23 August 2019. https://www.thehindu.com/news/national/sitaram-yechury-sees-a-fascistic-project-in-kashmir/article29225607.ece. 
  28. "'Politics of BJP's Leadership': Yechury, Others Hit Out at Riots Probe, Delhi Police Responds". The Wire. https://thewire.in/rights/delhi-police-riots-sitaram-yechury। আহৰণ কৰা হৈছে: 2020-09-13. 
  29. Staff Reporter (2020-09-12). "Police link Sitaram Yechury, Yogendra Yadav to Delhi riots" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/cities/Delhi/police-link-sitaram-yechury-yogendra-yadav-to-delhi-riots/article32590263.ece. 
  30. "BJP misusing power to target Opposition: Sitaram Yechury hits out at Centre over Delhi riots chargesheet" (en ভাষাত). India Today. September 13, 2020. https://www.indiatoday.in/india/story/bjp-misusing-power-target-opposition-sitaram-yechury-hits-out-centre-delhi-riots-chargesheet-1721317-2020-09-13। আহৰণ কৰা হৈছে: 2020-09-13. 
  31. "Seema Chishti Joins The Wire as Editor". The Wire. 2 January 2023. https://thewire.in/media/seema-chishti-joins-the-wire-as-editor. 
  32. (en ভাষাত) Off The Record Ep. 06 ft, Sitaram Yechury, General Secretary, CPI(M), pp. 3:08, https://www.youtube.com/watch?v=I5URqXwco1E?t=188, আহৰণ কৰা হৈছে: 2021-12-26, "Luckily my wife financially sustains me" 
  33. Mukul, Akshay (2010-06-23). "Vina Mazumdar, the fighter". The Times of India. ISSN 0971-8257. https://timesofindia.indiatimes.com/life-style/people/Vina-Mazumdar-the-fighter/articleshow/6014253.cms. 
  34. "Dr Akhila Yechury: BA (Hons.), MA (Delhi), M.Phil (JNU), PhD (Cantab)". University of St. Andrews. http://www.st-andrews.ac.uk/history/staff/akhilayechury.html। আহৰণ কৰা হৈছে: 21 April 2015. 
  35. "Sitaram Yechury's son Ashish dies of Covid-19 in Gurugram hospital - Times of India" (en ভাষাত). 22 April 2021. https://timesofindia.indiatimes.com/city/gurgaon/sitaram-yechurys-son-dies-of-covid-19-in-gurugram-hospital/articleshow/82191001.cms. 
  36. "Sitaram Yechury of CPI(M) 'critical', on respiratory support at AIIMS Delhi". Hindustan Times. https://www.hindustantimes.com/india-news/sitaram-yechury-of-cpi-m-critical-on-respiratory-support-at-aiims-delhi-101725949761814.html। আহৰণ কৰা হৈছে: September 10, 2024. 
  37. "Veteran CPM leader Sitaram Yechury passes away". The Times of India. 2024-09-12. ISSN 0971-8257. https://timesofindia.indiatimes.com/india/veteran-cpm-leader-sitaram-yechury-passes-away/articleshow/113291264.cms. 
  38. "Sitaram Yechury: Indian communist leader dies after illness" (en-GB ভাষাত). 2024-09-12. https://www.bbc.com/news/articles/cnvy4djelvpo. 
  39. "Sitaram Yechury, CPI(M) general secretary, passes away" (en ভাষাত). The Indian Express. 2024-09-12. https://indianexpress.com/article/india/sitaram-yechury-dead-9563945/। আহৰণ কৰা হৈছে: 2024-09-12. 
  40. "Veteran CPI(M) leader Sitaram Yechury passes away at 72: Party and hospital sources". Telegraph India. 12 September 2024. https://www.telegraphindia.com/india/veteran-cpim-leader-sitaram-yechury-passes-away-at-72/cid/2047540. 
  41. "Left Veteran Sitaram Yechury Dies At 72 After Battling Respiratory Illness". NDTV.com. https://www.ndtv.com/india-news/sitaram-yechury-dies-at-72-after-battling-respiratory-illness-6548707। আহৰণ কৰা হৈছে: 2024-09-12. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক