সুৰজাপুৰী ভাষা

ভাৰতীয়-আৰ্য ভাষা পৰিয়ালৰ অসমীয়া-বাঙালী উপ-গোটৰ অন্তৰ্গত ভাৰতৰ ভাষা

সুৰজাপুৰী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি অসমীয়া-বাঙালী উপ-গোটৰ অন্তৰ্গত। এই ভাষা মুখ্যতঃ ভাৰতৰ পূব দিশে ব্যৱহাৰ কৰা হয়, উত্তৰ বংগ, পশ্চিমবংগ আৰু বিহাৰৰ পূব ভাগৰ বংগাঞ্চল বা পূৰ্ণিয়াত। তদুপৰি, নেপালঝপ জিলা আৰু অসমগোৱালপাৰা জিলাতো এই ভাষা কোৱা হয়। এই ভাষা ভাষী লোকে কেতিয়াবা এই ভাষাক দেশী ভাষা বুলিও অভিহিত কৰে।

Surjapuri
Sura, Deshi Bhasa
सुरजापुरी, সুৰজাপুৰী

'Surjapuri' in Bengali & Devanagari scripts
থলুৱা অঞ্চল India, Nepal, Bangladesh
অঞ্চল Bihar, West Bengal
স্থানীয় ভাষিক
2,256,228 (2011 census)[1]
Census results conflate some speakers with Hindi.[2]
ভাষা পৰিয়াল
লিখন প্ৰণালী Devanagari, Bengali
ভাষা সংকেত
ISO 639-3 sjp

অসমীয়া-বাঙালী উপগোটৰ ভিতৰতো এই ভাষা কামৰূপী ভাগত পৰে, অৰ্থাৎ বাঙালী ভাষাতকৈ সুৰজাপুৰী অসমীয়া ভাষাৰহে অধিক নিকটৱৰ্তী।

ভৌগোলিক বিতৰণ

সম্পাদনা কৰক

সুৰজাপুৰী ভাষা কোৱা সৰু জনসংখ্যা তিনিখন দেশত বিভক্ত: ভাৰত (বিশেষকৈ পশ্চিম বংগ আৰু বিহাৰ), বাংলাদেশ আৰু নেপাল। সুৰজাপুৰী মুখ্যতঃ সুৰজাপুৰী বাঙালী নামেৰে বিহাৰত কোৱা হয় পূৰ্ণিয়া বিভাগত (কিষণগঞ্জ, কটিহাৰ, পূৰ্ণিয়া আৰু আৰাৰিয়া)।[3] পশ্চিম বংগত এই ভাষা কোৱা হয় উত্তৰ দিনাজপুৰ, দক্ষিণ দিনাজপুৰ, উত্তৰ মালদা আৰু চিলিগুৰীত। বাংলাদেশত এই ভাষা ব্যৱহাৰ কৰা হয় ঠাকুৰগাঁৱত। নেপালৰ ঝপ আৰু মৰাং জিলাতো এই ভাষা কোৱা হয়।

সম্পৰ্কিত ভাষাসমূহ

সম্পাদনা কৰক

বৰ্তমানে এই ভাষাৰ বিকাশ সীমিত হোৱাৰ বাবে এই ভাষা ভাষী লোকে চুবুৰীয়া অধিক বিকশিত ভাষা গ্ৰহণ কৰিব ধৰিছে, যেনে বিহাৰত হিন্দী ভাষা আৰু পশ্চিম বংগত বাংলা ভাষাবাংলাদেশত বাংলা আৰু উৰ্দু ভাষাই এই ভাষাৰ স্থান লৈছে। এই ভাষা কোনো আনুষ্ঠানিক বা শিক্ষাগত কৰ্মত ব্যৱহাৰ কৰা নহয়। এই ভাষাৰ কোনো আধুনিক ব্যাকৰণ, অভিধান আদিও প্ৰস্তুত কৰা হোৱা নাই। ভাষাটোৰ সুৰ আৰু বাক্য গাঁথনি অঞ্চলভেদে সলনি হয়।

সূৰজাপুৰী ভাষা অসমীয়া, বাংলা আৰু মৈথিলীৰ দৰে বৃহৎ জনসংখ্যা থকা ভাষাৰ উপৰিও চুবুৰীয়া কমতাপুৰী (কোচ ৰাজবংশী আৰু ৰংপুৰী) ভাষাৰ[4] সৈতে বহু দূৰ মিল থকা ভাষা।

উপনামসমূহ[5]

সম্পাদনা কৰক
Singular Plural
nominative oblique nominative oblique
1st person mũi mo- hāmrā hāmsā-, hāmcā-
2nd person tũi to- tumrā, tomrā tumsā-, tomsā-
3rd person proximal yāhāy yahā- emrā, erā ismā-, isā-
distal wahā̃y wahā- amrā, worā usmā-, usā-

সুৰজাপুৰী ভাষাত হেলনীয়া প্ৰত্যয় দেখা যায়: যেনে সা (হামসা-, তোমসা-) আৰু স্মা (যেনে ইস্মা-, উস্মা-)। এই বিশেষত্ব পুৰণি অসমীয়া ভাষাতো দেখা গৈছিল, যেনে সা (আমাসা-, তোমাসা-) আৰু সম্ব (এসম্ব-, তেসম্ব-)। এই প্ৰত্যয়সমূহৰ ব্যৱহাৰো পুৰণি অসমীয়া আৰু সুৰজাপুৰীত একেধৰণৰ।

  1. "Statement 1: Abstract of speakers' strength of languages and mother tongues - 2011". Office of the Registrar General & Census Commissioner, Indiawww.censusindia.gov.in. http://www.censusindia.gov.in/2011Census/Language_MTs.html। আহৰণ কৰা হৈছে: 2018-07-07. 
  2. "Statement 1: Abstract of speakers' strength of languages and mother tongues – 2001". Office of the Registrar General & Census Commissioner, India. http://www.censusindia.gov.in/Census_Data_2001/Census_Data_Online/Language/Statement1.aspx। আহৰণ কৰা হৈছে: 30 May 2017. 
  3. Kumāra, Braja Bihārī (1998). Small States Syndrome in India. পৃষ্ঠা. 146. ISBN 9788170226918. https://books.google.com/books?id=nKqF_AgDd4gC&q=Mithila+India+state&pg=PA148। আহৰণ কৰা হৈছে: 16 February 2017. 
  4. The Handbook of Historical Sociolinguistics. John Wiley & Sons. 15 February 2012. ISBN 9781118257265. https://books.google.com/books?id=zc77I8CMgTYC&pg=PA508। আহৰণ কৰা হৈছে: 5 March 2018. 
  5. (Toulmin 2006)

প্ৰবন্ধসমূহ

সম্পাদনা কৰক

 

  • Bez, Gitanjali (2012). Grammatical Categories in Madhav Kandali's Ramayana (Ph.D.). Gauhati University. 

অধিক পঢ়া

সম্পাদনা কৰক