সোণ মইনা (চলচ্চিত্ৰ)

অসমীয়া চলচ্চিত্ৰ (১৯৮৫)

সোণ মইনা (ইংৰাজী: Son Moina) ১৯৮৫ত মুক্তি পোৱা এখন অসমীয়া ড্ৰামা চলচ্চিত্ৰ। পৰিচালনা কৰিছে শিৱ প্ৰসাদ ঠাকুৰে। আৰ বি প্ৰডাকচন্সৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে আৰ বি মেহতা, এন পি এন নায়াৰ, শিৱ প্ৰসাদ ঠাকুৰে[1] [2]ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য ৰঞ্জন ৰয়ৰ এখন বাংলা অঁনাতাৰ নাটৰ আধাৰত ৰচনা কৰা হৈছে।[3] উল্লেখযোগ্য যে এটা নাটখনৰ আধাৰত বাংলা আৰু হিন্দী ভাষাত ক্ৰমে ১৯৮১ আৰু ১৯৮৫ চনত সাহেব শীৰ্ষক দুখন ছবিও নিৰ্মাণ হৈছে।[3][4]

সোণ মইনা
Son Moina

সোণ মইনা ছবিৰ এটা দৃশ্যত প্ৰাঞ্জল শইকীয়া আৰু জৱা ভূঞা
পৰিচালক শিৱ প্ৰসাদ ঠাকুৰ
চিত্ৰনাট্য শিৱ প্ৰসাদ ঠাকুৰ
প্ৰযোজক আৰ বি মেহতা, এন পি এন নায়াৰ, শিৱ প্ৰসাদ ঠাকুৰ
অভিনয়ত প্ৰাঞ্জল শইকীয়া
মঞ্জুলা বৰুৱা
সুৰেণ মহন্ত
চিত্ৰগ্ৰহণকাৰী ইন্দুকল্প হাজৰিকা
সম্পাদনা ৰাস বিহাৰী সিনহা
সংগীত পৰিচালক বসন্ত-মাণিক
মুক্তি
১৯৮৫
দৈৰ্ঘ্য
১৩৫ মিনিট
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনী সম্পাদনা কৰক

সোণ মইনা এটা মধ্যমবৰ্গীয় পৰিয়ালৰ আটাইতকৈ সৰু ল’ৰা সন্তান; নিবনুৱা আৰু পঢ়া-শুনাত সিমান ভাল নহয়। সকলোকে সহায় কৰাৰ মানসিকতাৰ বাবে ওচৰ-চুবুৰীয়াৰ মাজত জনপ্ৰিয়। সি ভাল ক্ৰিকেট খেলে আৰু এজন শ্ৰেষ্ঠ খেলুৱৈ হিচাপে খ্যাতি লাভ কৰিবলৈ ইচ্ছা কৰে।[1]

মইনাৰ ভনীয়েকৰ বিয়া ঠিক হয়। বাপেকে সংস্থাপন থকা পুতেককেইটাক মাতি আৰ্থিক সহায় বিচাৰে যদিও তেওঁলোক অমান্তি হয়। পুতেকহঁতে টকা নিদিলে বাপেকে ঘৰটো বেছি হ’লেও বিয়াৰ টকাৰ যোগাৰ কৰিব।[1]

বাতৰি কাকতত মইনাই পঢ়িব পালে যে কোনোবা এজন ধনী ব্যক্তিৰ ছোৱালীৰ দুয়োটা কিডনীয়ে নষ্ট হৈ গৈছে আৰু ছোৱালীজনীৰ বাবে এটা কিডনী লাগে। বিনিময়ত বহুত টকা দিব। মইনাই তুৰন্তে তেওঁৰ চিনাকী ডাক্তৰজনৰ ওচৰলৈ গৈ খবৰ ল’লে যে মানুহে এটা কিডনী লৈয়ো সাধাৰণ জীৱন-যাপন কৰিব পাৰে; কেবল কঠোৰ পৰিশ্ৰম কৰিব নোৱাৰিব।[1]

এতিয়া মইনাৰ সন্মুখত দুটাই পথ খোলা থাকিল, হয় তেওঁ এজন শ্ৰেষ্ঠ খেলুৱৈ হ’ব, নহয়তো এটা কিডনী দি ঘৰখনক সহায় কৰিব। অৱশেষত মইনাই ঘৰখনৰ অ়জ্ঞাতেই নিজৰ কিডনী এটা দান দি নিজৰ কেৰিয়াৰৰ সপোন সমূলঞ্চে ত্যাগ কৰিলে।[1]

অভিনয় শিল্পী সম্পাদনা কৰক

কলা-কুশলী সম্পাদনা কৰক

গীত সম্পাদনা কৰক

ছবিখনত ছটা গীত আছে। সঙ্গীত বসন্ত-মাণিক নামেৰে জনাজাত বসন্ত বৰদলৈ আৰু মাণিক বড়াই। গীত লিখিছে বসন্ত বৰদলৈ, এলি আহমেদ আৰু হেমন্ত দত্তই। কণ্ঠদান কৰিছে বসন্ত বৰদলৈ, অৰুণ দাস, সমৰ হাজৰিকা, শান্তা শৰ্মা আৰু নমিতা গোস্বামীয়ে। এটা গীতত কণ্ঠ দিছে অভিনেতা বিজু ফুকনে[5]

গীতৰ তালিকা সম্পাদনা কৰক

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
2. "ঢোল পেঁপা এৰিলি, কলাকৃষ্টি এৰিলি, নিজকে ঐ পাহৰি গ’লি, তহঁতৰ ৰংৰূপ এৰি থৈ আহ ঐ, নাচ বিহু ঐ বিহু ঐ বুলি"  বসন্ত বৰদলৈঅৰুণ দাস, বসন্ত বৰদলৈ  
3. "যদি কাৰোবাৰ চকুপানী কাৰোবাৰ হয় হাঁহি, সেই জীৱন মধুৰ জীৱন, সেউজী দুবৰী নিমাত কিয় আজি, ই যে সফল মানৱী জীৱন"  এলি আহমেদসমৰ হাজৰিকা  
4. "হাঁহি হাঁহি ঢাকি দিয়া জীৱনৰ যত বেদনা, নাচিবাগি পাহৰো আহা জীৱনৰ যত বেদনা"  হেমন্ত দত্তবিজু ফুকন, শান্তা শৰ্মা  
5. "প্ৰভাতী পখীৰ গীত শুনিছো দূৰৈত, বাৰে বৰণীয়া ৰং সানিছে মনত; ফুলিছে কতনা ফুল হাঁহিৰে আকুল, নতুন দিনৰ সুৰ কিযে সমধুৰ"  বসন্ত বৰদলৈনমিতা গোস্বামী  
6. "মই যেন এটি হলো পলাশৰে কলি, মন হিয়া পৰশিলে বিজুলীৰে হাঁহি, দেহী মোৰে চেনাই ঐ আহা কাষলৈ, মইনা দেহা জান ঐ চোৱা চকুলৈ"  বসন্ত বৰদলৈসমৰ হাজৰিকা  

বঁটা আৰু সন্মান সম্পাদনা কৰক

‘এক প্ৰেৰণাদায়ী কাহিনীৰ মাজেদি বিবৃত হোৱা এজন নিবনুৱা যুৱকৰ নিষ্ঠাক ব্যক্ত কৰাৰ যি প্ৰয়াস’ তাৰ বাবে সোণ মইনা ছবিখনক ৩২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (১৯৮৫) অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটাৰে সন্মানিত কৰা হয়। প্ৰযোজনক আৰ বি মেহতা, এন পি এন নায়াৰ আৰু শিৱ প্ৰসাদ ঠাকুৰলৈ ৰজত কমল আৰু নগদ বিশ হাজাৰ টকা; লগতে পৰিচালক ঠাকুৰলৈ ৰজত কমল আৰু নগদ দহহাজাৰ টকা আগবঢ়োৱা হয়।[1]

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 "32th National Film Festival". 1985. https://www.dff.nic.in/images/Documents/85_32ndNfacatalogue.pdf। আহৰণ কৰা হৈছে: 22-10-2019. 
  2. "Son Moina". https://www.moviebuff.com/son-moina। আহৰণ কৰা হৈছে: 22-1-2019. 
  3. 3.0 3.1 "Saheb (1981) Full Cast and Crew". https://www.imdb.com/title/tt4242438/fullcredits/?ref_=tt_ov_st_sm. 
  4. "Saaheb (1985)". https://www.imdb.com/title/tt0089952/। আহৰণ কৰা হৈছে: 22-10-2019. 
  5. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 428-432.