১৯৮৫ৰ অসম বিধানসভা নিৰ্বাচন

১৯৮৫ৰ অসম বিধানসভা নিৰ্বাচন ৮ম বিধানসভাৰ ১২৬খন আসনৰ সদস্য নিৰ্বাচন কৰিবলৈ দুটা স্তৰত অনুষ্ঠিত হৈছিল।[1][2] নিৰ্বাচনত অসম গণ পৰিষদে ৬৪খন আসন লাভ কৰি প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত চৰকাৰ গঠন কৰিছিল। অসম গণ পৰিষদ আছিল এক নতুনকৈ গঠিত দল।[3] নিৰ্বাচনৰ পিছতহে অগপই ৰাজনৈতিক দল হিচাপে ভাৰতৰ নিৰ্বাচনী আয়োগৰ স্বীকৃতি পায়। সেয়েহে ১৯৮৫ত একেলগে অনুষ্ঠিত হোৱা অসমৰ লোকসভা আৰু বিধানসভা নিৰ্বাচনত অগপই হাতীৰ নিৰ্বাচনী চিহ্ন লৈ নিৰ্দলীয় ৰূপে অৱতীৰ্ণ হৈছিল৷[উদ্ধৃতিৰ প্ৰয়োজন]

অসম বিধানসভা নিৰ্বাচন, ১৯৮৫
ভাৰত
১৯৮৩ ←
১৯৮৫
→ ১৯৯১


নিৰ্বাচনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী

হিতেশ্বৰ শইকীয়া
কংগ্ৰেছ

মুখ্যমন্ত্ৰী

প্ৰফুল্ল কুমাৰ মহন্ত
অগপ

প্ৰেক্ষাপট সম্পাদনা কৰক

ছয় বছৰ ধৰি চলা অসম আন্দোলনৰ পৰিসমাপ্তি ঘটাবলৈ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে প্ৰচেষ্টা হাতত লয়। ১৯৮৫ চনৰ ১৫ আগষ্টৰ মাজনিশা প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ উপস্থিতিত কেন্দ্ৰীয় চৰকাৰ আৰু অসম আন্দোলনৰ নেতৃবৃন্দৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। কেন্দ্ৰীয় চৰকাৰে তদানিন্তন বিধানসভাখন ভঙ্গ কৰি নতুনকৈ নিৰ্বাচন পাতিবলৈও সন্মত হয়। সেই মৰ্মে ১৮ আগষ্টত অসম বিধানসভা ভঙ্গ কৰি দিয়া হয়। আগন্তুক নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ আন্দোলনৰ নেতৃবৃন্দই এটা নতুন ৰাজনৈতিক দল খোলাৰ যো-যা কৰে। গোলাঘাটত অনুষ্ঠিত হোৱা এখন ৰাজনৈতিক অভিবৰ্তনত ১৫ অক্টোবৰত প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসম গণ পৰিষদ নামেৰে এটা নতুন দল খোলা হয়। অসম আন্দোলনৰ অংশীদাৰ পূৰ্বাঞ্চলীয় লোক পৰিষদ আৰু গণ সংগ্ৰাম পৰিষদে নিজৰ সুকীয়া অস্তিত্ব বিলিন কৰি নতুন ৰাজনৈতিক দলত যোগ দিয়ে।[3]

ইফালে অসম চুক্তিৰ বিৰোধিতা কৰি সেই একে বছৰতে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা, নাগৰিক অধিকাৰ সংৰক্ষণ কমিটি (CRPC) তথা কিছুমান ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু সংগঠনৰ উদ্যোগত কালিপদ সেনৰ সভাপতিত্বত সংযুক্ত সংখ্যালঘু মৰ্চ্চা, অসম (UMFA) নামেৰে এটা নতুন ৰাজনৈতিক দলৰো জন্ম হয়। এই দলটোৱে মূলত বাংলাভাষী হিন্দু আৰু পূৰ্ববঙ্গীয় মূলৰ মুছলমানসকলৰ সমৰ্থন লাভ কৰিছিল।[4]

১৬ ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত হয়। ২৪ ডিচেম্বৰত নেহৰু ষ্টেডিয়ামত প্ৰফুল্ল মহন্তৰ চৰকাৰে শপত গ্ৰহণ কৰে।[3]

নিৰ্বাচনত অংশগ্ৰহণকাৰী দল সম্পাদনা কৰক

ভাৰতৰ নিৰ্বাচনী আয়োগৰ স্বীকৃতিপ্ৰাপ্ত ৭টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰু ২টা ৰাজ্যিক পৰ্যায়ৰ ৰাজনৈতিক দলে অংশগ্ৰহণ কৰে।

  1. ভাৰতীয় জনতা পাৰ্টী (BJP)
  2. ভাৰতীয় জাতীয় কংগ্ৰেছ (INC)
  3. ভাৰতৰ কমিউনিষ্ট পাৰ্টী (CPI)
  4. ভাৰতৰ কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী) (CPM)
  5. ভাৰতীয় কংগ্ৰেছ (সমাজবাদী) (ICS)
  6. জনতা পাৰ্টী (JNP)
  7. লোকদল (LKD)
  8. অসম ভৈয়াম জনজাতি পৰিষদ (ৰাজ্যিক পৰ্যায়ৰ) (PTC)
  9. ৰিভ'লুচনাৰী ছোচিয়েলিষ্ট পাৰ্টী (ৰাজ্যিক পৰ্যায়ৰ) (RSP)

ইয়াৰে ভাৰতীয় জাতীয় কংগ্ৰেছে ২৫খন, সমাজবাদী কংগ্ৰেছে ৪খন, ভৈয়াম জনজাতি পৰিষদে ৩খন আৰু মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টীয়ে ২খন আসনত বিজয় সাব্যস্ত কৰে। বাকী ৫টা স্বীকৃতিপ্ৰাপ্ত দলে এখনো আসন লাভ কৰা নাছিল[1]

১৯৮৫ৰ নিৰ্বাচনত নৱগঠিত অসম গণ পৰিষদ আৰু সংযুক্ত সংখ্যালঘু মৰ্চা, অসমেও নিৰ্দলীয় ৰূপে, কিন্তু নিজা দলীয় প্ৰতীক চিহ্নৰে নিৰ্বাচনত অৱতীৰ্ণ হয়। নিৰ্বাচন হৈ যোৱাৰ পিছতহে এই দুয়োটা দলে নিৰ্বাচনী আয়োগৰ স্বীকৃতি লাভ কৰে। ৬৪খন[3] আসন লাভ কৰি অগপই চৰকাৰ গঠন কৰে। সংযুক্ত সংখ্যালঘু মৰ্চ্চাই লাভ কৰা আসনৰ সংখ্যা ১৭খন।[3]

বিজয়ী প্ৰাৰ্থীসকল[1] সম্পাদনা কৰক

সমষ্টি নং সমষ্টিৰ নাম বিধায়কৰ নাম ৰাজনৈতিক দল দ্বিতীয় স্থানৰ প্ৰাৰ্থীৰ সৈতে ভোট ব্যৱধান
ৰাতাবাৰী
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
কুমাৰী ৰবিদাস ভাৰতীয় জাতীয় কংগ্ৰেছ
পাঠৰকান্দি মণিলাল গোৱালা ভাৰতীয় জাতীয় কংগ্ৰেছ
কৰিমগঞ্জ উত্তৰ চিৰাজুল হক চৌধুৰী নিৰ্দলীয়
কৰিমগঞ্জ দক্ষিণ আব্দুল মুকদ্দিৰ চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
বদৰপুৰ ৰমেন্দ্ৰ দে ভাৰতৰ কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী)
হাইলাকান্দি আব্দুল মুহিব মজুমদাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
কাটলিচেৰা গৌতম ৰয় ভাৰতীয় জাতীয় কংগ্ৰেছ
আলগাপুৰ চহিদুল আলম চৌধুৰী নিৰ্দলীয়
শিলচৰ কৰ্ণেন্দু ভট্টাচাৰ্য ভাৰতীয় জাতীয় কংগ্ৰেছ
১০ সোণাই আব্দুল ৰব লস্কৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১১ ধলাই
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
দিগেন্দ্ৰ পুৰকায়স্থ ভাৰতীয় জাতীয় কংগ্ৰেছ
১২ উদৰবন্দ জয়প্ৰকাশ তেৱাৰী নিৰ্দলীয়
১৩ লক্ষীপুৰ দিনেশ প্ৰসাদ গোৱালা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৪ বৰখলা আলতাফ হুছেইন মজুমদাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৫ কাটিগড়া আব্দুল মুহিব মজুমদাৰ ভাৰতীয় কংগ্ৰেছ (সমাজবাদী)
১৬ হাফলং
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
গোবিন্দ চন্দ্ৰ লাংথাচা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৭ বোকাজান
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ৰাজেন টিমুং ভাৰতীয় জাতীয় কংগ্ৰেছ
১৮ হাওৰাঘাট
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
খৰচিং ইংতি নিৰ্দলীয়
১৯ ডিফু
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
চামচিং হানচে নিৰ্দলীয়
২০ বৈঠালংচু
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
হলিৰাম টেৰাং নিৰ্দলীয়
২১ মানকাচৰ আমিনুল ইচলাম নিৰ্দলীয়
২২ শালমাৰা দক্ষিণ দেৱান জয়নাল আবেদিন নিৰ্দলীয়
২৩ ধুবৰী মচিৰুদ্দিন শ্বেখ ভাৰতীয় জাতীয় কংগ্ৰেছ
২৪ গৌৰীপুৰ অনুৰুদ্ধ সিং চৌধুৰী নিৰ্দলীয়
২৫ গোলোকগঞ্জ ডালিম ৰয় নিৰ্দলীয়
২৬ বিলাসীপাৰা পশ্চিম ইউচুফ আলি আহমেদ নিৰ্দলীয়
২৭ বিলাসীপাৰা পূব শৰৎ চন্দ্ৰ সিংহ ভাৰতীয় কংগ্ৰেছ (সমাজবাদী)
২৮ গোসাইগাঁও মিথিয়াচ টুডু ভাৰতীয় জাতীয় কংগ্ৰেছ
২৯ কোকৰাঝাৰ পশ্চিম
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
অমৃত লাল বসুমতাৰী ভাৰতীয় কংগ্ৰেছ (সমাজবাদী)
৩০ কোকৰাঝাৰ পূব
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
চৰণ নাৰ্জাৰী অসম ভৈয়াম জনজাতি পৰিষদ
৩১ চিদলী জনেন্দ্ৰ বসুমতাৰী অসম ভৈয়াম জনজাতি পৰিষদ
৩২ বঙাইগাঁও ফণী ভূষণ চৌধুৰী নিৰ্দলীয়
৩৩ বিজনী গণেশ বৰা অসম ভৈয়াম জনজাতি পৰিষদ
৩৪ অভয়াপুৰী উত্তৰ মকবুল হুছেইন নিৰ্দলীয়
৩৫ অভয়াপুৰী দক্ষিণ
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
ৰত্নেশ্বৰ সৰকাৰ নিৰ্দলীয়
৩৬ দুধনৈ
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
অকণ ৰাভা নিৰ্দলীয়
৩৭ গোৱালপাৰা পূব মজিৰুদ্দিন আহমেদ নিৰ্দলীয়
৩৮ গোৱালপাৰা পশ্চিম শ্বেখ চমন আলি নিৰ্দলীয়
৩৯ জলেশ্বৰ আফজালুৰ ৰহমান নিৰ্দলীয়
৪০ সৰভোগ হেমেন দাস ভাৰতৰ কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী)
৪১ ভবানীপুৰ সুৰেন্দ্ৰনাথ মেধি নিৰ্দলীয়
৪২ পাটাচাৰকুচি পবিন চন্দ্ৰ ডেকা নিৰ্দলীয়
৪৩ বৰপেটা কুমাৰ দীপক দাস নিৰ্দলীয়
৪৪ জনীয়া এ. এফ. গোলাম ওচমানী নিৰ্দলীয়
৪৫ বাঘবৰ শ্বেখ এ. হামিদ নিৰ্দলীয়
৪৬ সৰুক্ষেত্ৰী দীনবন্ধু চৌধুৰী নিৰ্দলীয়
৪৭ চেঙা মুখতাৰ হুছেইন নিৰ্দলীয়
৪৮ বকো
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
গোপীনাথ দাস নিৰ্দলীয়
৪৯ ছয়গাঁও কমলা কলিতা নিৰ্দলীয়
৫০ পলাশবাৰী ।যতীন মালী নিৰ্দলীয়
৫১ জালুকবাৰী ভৃগু কুমাৰ ফুকন নিৰ্দলীয়
৫২ দিশপুৰ অতুল বৰা নিৰ্দলীয়
৫৩ গুৱাহাটী পূব বিৰাজ কুমাৰ দাস নিৰ্দলীয়
৫৪ গুৱাহাটী পশ্চিম ৰমেন্দ্ৰ নাৰায়ণ কলিতা নিৰ্দলীয়
৫৫ হাজো কামাখ্যা চৰণ চৌধুৰী নিৰ্দলীয়
৫৬ কমলপুৰ ময়িদুল ইচলাম বৰা নিৰ্দলীয়
৫৭ ৰঙিয়া থানেশ্বৰ বড়ো নিৰ্দলীয়
৫৮ তামুলপুৰ ভবেন নাৰ্জী নিৰ্দলীয়
৫৯ নলবাৰী নগেন শৰ্মা নিৰ্দলীয়
৬০ বৰক্ষেত্ৰী পুলকেশ বৰুৱা নিৰ্দলীয়
৬১ ধৰ্মপুৰ চন্দ্ৰমোহন পাটোৱাৰী নিৰ্দলীয়
৬২ বৰমা
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ৰেখাৰাণী দাসবড়ো নিৰ্দলীয়
৬৩ চাপাগুৰি
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
সুৰেন স্বৰ্গীয়াৰী নিৰ্দলীয়
৬৪ পানেৰী দুৰ্গাদাস বড়ো নিৰ্দলীয়
৬৫ কলাইগাঁও মহেন্দ্ৰ মোহন ৰায়চৌধুৰী নিৰ্দলীয়
৬৬ ছিপাঝাৰ জয়নাথ শৰ্মা নিৰ্দলীয়
৬৭ মঙ্গলদৈ নীলমণি শৰ্মা নিৰ্দলীয়
৬৮ দলগাঁও আব্দুল জব্বৰ নিৰ্দলীয়
৬৯ ওদালগুৰি বিনাই খুংগুৰ বসুমতাৰী নিৰ্দলীয়
৭০ মাজবাট চিলভিয়াচ কন্দপান ভাৰতীয় জাতীয় কংগ্ৰেছ
৭১ ঢেকিয়াজুলি হিৰণ্য বৰা ভাৰতীয় জাতীয় কংগ্ৰেছ
৭২ বৰচলা প্ৰফুল্ল গোস্বামী নিৰ্দলীয়
৭৩ তেজপুৰ বৃন্দাবন গোস্বামী নিৰ্দলীয়
৭৪ ৰঙাপৰা গোলোক ৰাজবংশী ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৫ চটিয়া ৰবীন শইকীয়া নিৰ্দলীয়
৭৬ বিশ্বনাথ পদ্মনাথ কৈৰী নিৰ্দলীয়
৭৭ বিহালী স্বৰূপ উপাধ্যায় ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৮ গহপুৰ গণেশ কুটুম নিৰ্দলীয়
৭৯ জাগীৰোড মতি দাস নিৰ্দলীয়
৮০ মৰিগাঁও হৰেন্দ্ৰ বৰা নিৰ্দলীয়
৮১ লাহৰিঘাট আব্দুল জলিল ভাৰতীয় কংগ্ৰেছ (সমাজবাদী)
৮২ ৰহা উমেশ চন্দ্ৰ দাস নিৰ্দলীয়
৮৩ ধিং চহিদুল ইচলাম নিৰ্দলীয়
৮৪ বটদ্ৰবা দিগেন চন্দ্ৰ বৰা নিৰ্দলীয়
৮৫ ৰূপহীহাট ৰচিদুল হক নিৰ্দলীয়
৮৬ নগাঁও প্ৰফুল্ল কুমাৰ মহন্ত নিৰ্দলীয়
৮৭ বঢ়মপুৰ গিৰিন্দ্ৰ কুমাৰ বৰুৱা নিৰ্দলীয়
৮৮ চামগুৰি আব্দুল হুছেইন সৰকাৰ নিৰ্দলীয়
৮৯ কলিয়াবৰ প্ৰফুল্ল কুমাৰ মহন্ত নিৰ্দলীয়
৯০ যমুনামুখ আব্দুল জলিল ৰাগিবী নিৰ্দলীয়
৯১ হোজাই শান্তি ৰঞ্জন দাসগুপ্ত নিৰ্দলীয়
৯২ লামডিং অৰ্দ্ধেন্দু কুমাৰ দে নিৰ্দলীয়
৯৩ বোকাখাট বলোৰাম তামুলী নিৰ্দলীয়
৯৪ সৰুপথাৰ বিনোদ গোৱালা নিৰ্দলীয়
৯৫ গোলাঘাট দেৱেশ্বৰ বৰা নিৰ্দলীয়
৯৬ খুমটাই প্ৰবীন কুমাৰ গগৈ নিৰ্দলীয়
৯৭ দেৰগাঁও ভবেন্দ্ৰ নাথ নিৰ্দলীয়
৯৮ যোৰহাট অভিজিত শৰ্মা নিৰ্দলীয়
৯৯ মাজুলি পদ্মেশ্বৰ দলে নিৰ্দলীয়
১০০ তিতাবৰ দেৱকুমাৰ বৰা নিৰ্দলীয়
১০১ মৰিয়নি নৰেন তাঁতী নিৰ্দলীয়
১০২ টিয়ক ললিত চন্দ্ৰ ৰাজখোৱা নিৰ্দলীয়
১০৩ আমগুৰি প্ৰদীপ হাজৰিকা নিৰ্দলীয়
১০৪ নাজিৰা হিতেশ্বৰ শইকীয়া ভাৰতীয় জাতীয় কংগ্ৰেছ
১০৫ মাহমৰা পদ্ম আৰন্ধৰা নিৰ্দলীয়
১০৬ সোণাৰি ভদ্ৰেশ্বৰ বুঢ়াগোহাঁই নিৰ্দলীয়
১০৭ থাওৰা বাৰ্কী প্ৰসাদ তেলেংগা নিৰ্দলীয়
১০৮ শিৱসাগৰ প্ৰদীপ গগৈ নিৰ্দলীয়
১০৯ বিহপুৰীয়া কেশৰাম বৰা নিৰ্দলীয়
১১০ নাওবৈচা জগত হাজৰিকা নিৰ্দলীয়
১১১ লক্ষীমপুৰ উৎপল দত্ত নিৰ্দলীয়
১১২ ঢকুৱাখনা ভৰত চন্দ্ৰ নৰহ নিৰ্দলীয়
১১৩ ধেমাজী দিলীপ কুমাৰ শইকীয়া নিৰ্দলীয়
১১৪ জোনাই ফণীৰাম টায়েং নিৰ্দলীয়
১১৫ মৰাণ কিৰণ কুমাৰ গগৈ নিৰ্দলীয়
১১৬ ডিব্ৰুগড় কেশৱ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
১১৭ লাহোৱাল দ্বীপেন তাঁতী নিৰ্দলীয়
১১৮ দুলিয়াজান অমিয়া গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
১১৯ টিংখং অতুল চন্দ্ৰ কোঁচ নিৰ্দলীয়
১২০ নাহৰকটীয়া কুসুম্বৰ টাইৰাই গগৈ নিৰ্দলীয়
১২১ চাবুৱা ভুৱন বৰুৱা নিৰ্দলীয়
১২২ তিনিচুকীয়া শিৱশম্ভু ওঝা ভাৰতীয় জাতীয় কংগ্ৰেছ
১২৩ ডিগবৈ ৰামেশ্বৰ ধানোৱাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১২৪ মাৰ্ঘেৰিটা কুলবাহাদুৰ চেত্ৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
১২৫ ডুমডুমা দিলেশ্বৰ তাঁতী ভাৰতীয় জাতীয় কংগ্ৰেছ
১২৬ শদিয়া জ্যোৎস্না সোণাৱাল নিৰ্দলীয়

উপ-নিৰ্বাচন সম্পাদনা কৰক

১৯৮৫ৰ নিৰ্বাচনত প্ৰফুল্ল কুমাৰ মহন্তই ২খন আসনত জয়লাভ কৰাত ৮৯-কলিয়াবৰ আসনখন এৰি দিয়ে। ইফালে হিতেশ্বৰ শইকীয়া মিজোৰামৰ ৰাজ্যপাল হৈ যোৱাত ১০৪-নাজিৰা সমষ্টিৰ বিধায়কৰ পৰা পদত্যাগ কৰে। সেয়েহে এই দুটা সমষ্টিত ১৯৮৬ চনত উপ-নিৰ্বাচন অনুষ্ঠিত হয়। নাজিৰা সমষ্টিৰ পৰা তনু কোঁৱৰ আৰু কলিয়াবৰ সমষ্টিৰ পৰা গুণীন হাজৰিকা বিজয়ী হয়।[2] দুয়োগৰাকী অসম গণ পৰিষদৰ প্ৰাৰ্খী আছিল।

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "STATISTICAL REPORTS OF GENERAL ELECTION TO STATE LEGISLATIVE ASSEMBLY (VIDHANSABHA)". Election Commission of india. https://eci.gov.in/statistical-report/statistical-reports/। আহৰণ কৰা হৈছে: 28 November 2020. 
  2. 2.0 2.1 "Assam Legislative Assembly - Members 1985-91". Govt. of Assam. http://assamassembly.gov.in/mla-1985-91.html। আহৰণ কৰা হৈছে: 29 November 2020. 
  3. 3.0 3.1 3.2 3.3 3.4 দত্ত, দিলীপ (১৯৯১). খোঁচা বিন্ধা বুৰঞ্জী. অসমী প্ৰকাশন, পান বজাৰ, গুৱাহাটী. পৃষ্ঠা. ৯৪-১০০. 
  4. "Alliance in trouble". frontline.thehindu.com. https://frontline.thehindu.com/static/html/fl1809/18090340.htm। আহৰণ কৰা হৈছে: 2019-10-08. [সংযোগবিহীন উৎস]