১৯৯৬ৰ অসম বিধানসভা নিৰ্বাচন

বিধানসভা নিৰ্বাচন

১৯৯৬ৰ অসম বিধানসভা নিৰ্বাচন অসমৰ ১০ম বিধানসভা গঠন কৰিবলৈ অনুষ্ঠিত হয়। ভোটদানৰ হাৰ আছিল ৭৮.৯২%। এইটো নিৰ্বাচনত মুঠ ১৭ গৰাকী মহিলা প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰে আৰু ইয়াৰে ৬ গৰাকীয়ে বিজয়ী হয়। প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীৰ সংখ্যা ওদালগুৰি সমষ্টিত আটাইতকৈ কম আছিল, ২জন আৰু আটাইতকৈ বেছি আছিল বৰপেটা সমষ্টিত, মুঠ ২৮জন। অসম গণ পৰিষদে ৫৯খন আসনত জয় লাভ কৰি প্ৰথম স্থানত থাকে। ভাৰতীয় জাতীয় কংগ্ৰেছে ৩৪টা সমষ্টিৰ পৰা বিজয়ী হৈ প্ৰধান বিৰোধী দলৰ আসনত বহে। প্ৰফুল্ল কুমাৰ মহন্তই নগাওঁ আৰু বৰহমপুৰ দুটা বিধানসভা সমষ্টিৰ পৰা বিজয়ী হৈ আহিছিল।[1] পিছত তেওঁ নগাঁও আসনখন এৰি দিয়ে আৰু তাৰপৰা উপ-নিৰ্বাচনত অসম গণ পৰিষদ দলৰ গিৰিন্দ্ৰ চন্দ্ৰ বৰুৱা জিকি আহে।[2][3] চি.পি.আই. আৰু চি.পি.আই.(এম)ৰ সমৰ্থনত প্ৰফুল্ল কুমাৰ মহন্তৰ মুখ্যমন্ত্ৰিত্বত অগপই চৰকাৰ গঠন কৰে। চি.পি.আয়ে মন্ত্ৰীসভাত অংশ লয় যদিও চি.পি.আই.(এম)-এ বাহিৰৰ পৰা চৰকাৰক সমৰ্থন দিয়ে।

অসম বিধানসভা নিৰ্বাচন, ১৯৯৬
ভাৰত
১৯৯১ ←
→ ২০০১

অসম বিধানসভাৰ সমগ্ৰ ১২৬টা সমষ্টি
সংখ্যাগৰিষ্ঠতাৰ বাবে ৬৪ খন আসনৰ প্ৰয়োজন
ভোটদানৰ হাৰ ৭৮.৯২%
  সংখ্যাগৰিষ্ঠ দল সংখ্যালঘিষ্ঠ দল
 
নেতা প্ৰফুল্ল কুমাৰ মহন্ত তৰুণ গগৈ
দল অগপ কংগ্ৰেছ
নেতা হৈছে ১৯৮৫
নেতাৰ আসন বৰহমপুৰ মাৰ্ঘেৰিটা

অসম বিধানসভাৰ সমষ্টিসমূহ

নিৰ্বাচনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী

হিতেশ্বৰ শইকীয়া
কংগ্ৰেছ

নিৰ্বাচিত মুখ্যমন্ত্ৰী

প্ৰফুল্ল কুমাৰ মহন্ত
অগপ

প্ৰেক্ষাপট সম্পাদনা কৰক

১৯৯৬ৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাজনৈতিক দৃশ্যপটত বহুতো লক্ষণীয় পৰিবৰ্তন দেখা গৈছিল। শাসক দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিৰুদ্ধে দুৰ্নীতি, ৰাজ্যখনৰ বিদ্ৰোহী কাৰ্যকলাপ ৰোধ কৰিবলৈ চৰকাৰী যন্ত্ৰটোৰ, বিশেষকৈ আৰক্ষী সশস্ত্ৰ বাহিনীৰ নিৰ্বিচাৰ ব্যৱহাৰ আদিৰ বাবে জন-ৰোষে গা কৰি উঠিছিল। ইফালে নতুন অসম গণ পৰিষদ দলে অসম গণ পৰিষদৰ সৈতে চামিল হয় আৰু স্বাভাৱিকতে এইটোৱে আঞ্চলিক ৰাজনীতিক শক্তিশালী কৰি তুলিছিল। কংগ্ৰেছক প্ৰতিহত কৰাৰ উদ্দেশ্যে অগপই চি.পি.আই, চি.পি.আই (এম) আদি কংগ্ৰেছ বিৰোধী দলৰ সৈতে জোটবন্ধন কৰে আৰু ইয়াৰ সু-ফল নিৰ্বাচনৰ ফলাফলত দেখা যায়।[3]

নিৰ্বাচনত অংশগ্ৰহণকাৰী দল সম্পাদনা কৰক

১৯৯৬ৰ বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৭টা, ৰাজ্যিক পৰ্যায়ৰ ৫টা আৰু ৬টা পঞ্জীভূক্ত, কিন্তু অস্বীকৃত ৰাজনৈতিক দলে অংশগ্ৰহণ কৰে। ইয়াৰে ১০টা ৰাজনৈতিক দলে এখনো আসনত বিজয়ী নহ’ল। নিৰ্বাচনটোত ১১জন নিৰ্দলীয় সদস্য বিধানসভালৈ বিধায়ক ৰূপে নিৰ্বাচিত হৈ আহে।[1]

ক্ৰমিক নং দলৰ নাম দলৰ স্থিতি প্ৰতিদ্বন্দ্বিতা কৰা আসন লাভ কৰা আসন লাভ কৰা ভোটৰ শতাংশ প্ৰতিদ্বন্দ্বিতা কৰা আসনৰ ভোটৰ শতাংশ
অল ইণ্ডিয়া ইন্দিৰা কংগ্ৰেছ (তিৱাৰী) ৰাষ্ট্ৰীয় দল ১০৮
ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় দল ১১৭
ভাৰতৰ কমিউনিষ্ট পাৰ্টি ৰাষ্ট্ৰীয় দল ১১
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) ৰাষ্ট্ৰীয় দল ১০
ভাৰতীয় জাতীয় কংগ্ৰেছ ৰাষ্ট্ৰীয় দল ১২২ ৩৪
জনতা দল ৰাষ্ট্ৰীয় দল ৩৪
জনতা পাৰ্টি ৰাষ্ট্ৰীয় দল
অসম গণ পৰিষদ ৰাজ্যিক দল ৯৬ ৫৯
স্বায়ত্বশাসিত ৰাজ্য দাবী সমিতি ৰাজ্যিক দল
১০ ভাৰতীয় কংগ্ৰেছ (সমাজবাদী) ৰাজ্যিক দল ১০
১১ অখিল ভাৰতীয় শিৱসেনা- ৰাষ্ট্ৰীয়তাবাদী ৰাজ্যিক দল
১২ সমাজবাদী পাৰ্টি ৰাজ্যিক দল ১২
১৩ আমৰা বাঙালী পঞ্জীভূক্ত (অস্বীকৃত) দল
১৪ ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেলিনবাদী) (লিবাৰেচন) পঞ্জীভূক্ত (অস্বীকৃত) দল
১৫ ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি (ৰসিত ভাটী) পঞ্জীভূক্ত (অস্বীকৃত) দল
১৬ ছোচিয়েল একচন পাৰ্টি পঞ্জীভূক্ত (অস্বীকৃত) দল
১৭ সংযুক্ত সংখ্যালঘূ মৰ্চা অসম পঞ্জীভূক্ত (অস্বীকৃত) দল ২০
১৮ আৰ্মকা পঞ্জীভূক্ত (অস্বীকৃত) দল
২৭ নিৰ্দলীয় ৬৫১ ১১

বিজয়ী প্ৰাৰ্থীসকল[1] সম্পাদনা কৰক

সমষ্টি নং সমষ্টিৰ নাম বিধায়কৰ নাম ৰাজনৈতিক দল প্ৰাপ্ত ভোটৰ সংখ্যা দ্বিতীয় স্থানৰ প্ৰাৰ্থীৰ ভোট সংখ্যা
ৰাতাবাৰী
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
শম্ভূসিং মাল্লা ভাৰতীয় জনতা পাৰ্টি
পাঠৰকান্দি সুখেন্দু শেখৰ দত্ত ভাৰতীয় জনতা পাৰ্টি
কৰিমগঞ্জ উত্তৰ চিৰাজুল হক চৌধুৰী অসম গণ পৰিষদ
কৰিমগঞ্জ দক্ষিণ আব্দুল মুকদ্দিৰ চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
বদৰপুৰ আবু চালেহ নিজামুদ্দিন ভাৰতীয় জাতীয় কংগ্ৰেছ
হাইলাকান্দি আব্দুল মুহিব মজুমদাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
কাটলিচেৰা গৌতম ৰয় ভাৰতীয় জাতীয় কংগ্ৰেছ
আলগাপুৰ চহিদুল আলম চৌধুৰী অসম গণ পৰিষদ
শিলচৰ বিমলাংশু ৰয় ভাৰতীয় জনতা পাৰ্টি
১০ সোণাই আনোৱাৰ হুছেইন লস্কৰ অসম গণ পৰিষদ
১১ ধলাই
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
গিৰিন্দ্ৰ মল্লিক ভাৰতীয় জাতীয় কংগ্ৰেছ
১২ উদৰবন্দ জগন্নাথ সিংহ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৩ লক্ষীপুৰ দীনেশ প্ৰসাদ গোৱালা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৪ বৰখলা মিচবাহুল ইছলাম লস্কৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৫ কাটিগড়া কালি ৰঞ্জন দেৱ ভাৰতীয় জনতা পাৰ্টি
১৬ হাফলং
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
সমৰজিৎ হাফলংবাৰ স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি
১৭ বোকাজান
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
জগত সিং ইংতি স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি
১৮ হাওৰাঘাট
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
চন্দ্ৰকান্ত টেৰং স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি
১৯ ডিফু
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
হামসিং টিছো স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি
২০ বৈঠালংচু
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
হলিৰাম টেৰাং স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি
২১ মানকাচৰ আমিনুল ইছলাম অসম গণ পৰিষদ
২২ শালমাৰা দক্ষিণ ৱাজেদ আলি চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
২৩ ধুবৰী নাজিবুল ওমৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
২৪ গৌৰীপুৰ বনেন্দ্ৰ কুমাৰ মুছাহাৰী নিৰ্দলীয়
২৫ গোলোকগঞ্জ আলাউদ্দিন সৰকাৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টি
২৬ বিলাসীপাৰা পশ্চিম আলি আকবৰ মিঞা অল ইণ্ডিয়া ইন্দিৰা কংগ্ৰেছ (তিৱাৰী)
২৭ বিলাসীপাৰা পূব প্ৰশান্ত কুমাৰ বৰুৱা অসম গণ পৰিষদ
২৮ গোসাইগাঁও ৰাজেন্দ্ৰ মুছাহাৰী অসম গণ পৰিষদ
২৯ কোকৰাঝাৰ পশ্চিম
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
হেমেন্দ্ৰনাথ ব্ৰহ্ম নিৰ্দলীয়
৩০ কোকৰাঝাৰ পূব
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
প্ৰমিলা ব্ৰহ্ম নিৰ্দলীয়
৩১ চিদলী
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
এণ্ড্ৰিয়াছ হাজোৱাৰী নিৰ্দলীয়
৩২ বঙাইগাঁও ফণীভূষণ ৰয় অসম গণ পৰিষদ
৩৩ বিজনী মোহিনী বসুমতাৰী নিৰ্দলীয়
৩৪ অভয়াপুৰী উত্তৰ ভূপেন ৰায় অসম গণ পৰিষদ
৩৫ অভয়াপুৰী দক্ষিণ
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
ৰবিন বানিক্য অসম গণ পৰিষদ
৩৬ দুধনৈ
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
অকণ ৰাভা অসম গণ পৰিষদ
৩৭ গোৱালপাৰা পূব জ্যোতিষ দাস অসম গণ পৰিষদ
৩৮ গোৱালপাৰা পশ্চিম আবু বক্কৰ চিদ্দিক জোটদাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
৩৯ জলেশ্বৰ আফজালুৰ ৰহমান ভাৰতীয় জাতীয় কংগ্ৰেছ
৪০ সৰভোগ হেমেন দাস ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
৪১ ভবানীপুৰ সুৰেন্দ্ৰ নাথ মেধি অসম গণ পৰিষদ
৪২ পাটাচাৰকুচি মোহন দাস অসম গণ পৰিষদ
৪৩ বৰপেটা ইছমাইল হুছেইন অল ইণ্ডিয়া ইন্দিৰা কংগ্ৰেছ (তিৱাৰী)
৪৪ জনীয়া আব্দুৰ ৰৌফ সংযুক্ত সংখ্যালঘূ মৰ্চা, অসম
৪৫ বাঘবৰ শেখ আব্দুল হামিদ সংযুক্ত সংখ্যালঘূ মৰ্চা, অসম
৪৬ সৰুক্ষেত্ৰী নিজামুদ্দিন খান ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
৪৭ চেঙা চুকুৰ আলি ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৮ বকো
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
জ্যোতি প্ৰসাদ দাস অসম গণ পৰিষদ
৪৯ ছয়গাঁও কমলা কলিতা অসম গণ পৰিষদ
৫০ পলাশবাৰী যতীন মালী অসম গণ পৰিষদ
৫১ জালুকবাৰী ভৃগু কুমাৰ ফুকন অসম গণ পৰিষদ
৫২ দিশপুৰ অতুল বৰা
৫৩ গুৱাহাটী পূব চিত্ত ৰঞ্জন পাটোৱাৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
৫৪ গুৱাহাটী পশ্চিম ৰমেন্দ্ৰ নাৰায়ণ কলিতা অসম গণ পৰিষদ
৫৫ হাজো নুৰুল হুছেইন অসম গণ পৰিষদ
৫৬ কমলপুৰ ময়দুল ইছলাম বৰা অসম গণ পৰিষদ
৫৭ ৰঙিয়া থানেশ্বৰ বড়ো অসম গণ পৰিষদ
৫৮ তামুলপুৰ দেৰহাগ্ৰা মুছাহাৰী নিৰ্দলীয়
৫৯ নলবাৰী নগেন শৰ্মা অসম গণ পৰিষদ
৬০ বৰক্ষেত্ৰী পুলকেশ বৰুৱা অসম গণ পৰিষদ
৬১ ধৰ্মপুৰ চন্দ্ৰমোহন পাটোৱাৰী অসম গণ পৰিষদ
৬২ বৰমা
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ৰেখাৰাণী দাসবড়ো অসম গণ পৰিষদ
৬৩ চাপাগুৰি
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
জগমোহন বসুমতাৰী নিৰ্দলীয়
৬৪ পানেৰী কুমুদ চন্দ্ৰ দাস নিৰ্দলীয়
৬৫ কলাইগাঁও মহেন্দ্ৰ মোহন চৌধুৰী অসম গণ পৰিষদ
৬৬ ছিপাঝাৰ জয়নাথ শৰ্মা অসম গণ পৰিষদ
৬৭ মঙ্গলদৈ হীৰেন কুমাৰ দাস অসম গণ পৰিষদ
৬৮ দলগাঁও আব্দুল জব্বৰ অসম গণ পৰিষদ
৬৯ ওদালগুৰি দেবাকান্ত ৰামচিয়াৰী নিৰ্দলীয়
৭০ মাজবাট চিলভিয়াচ কন্দপান ভাৰতীয় জাতীয় কংগ্ৰেছ
৭১ ঢেকিয়াজুলি যোছেফ তপ্প অসম গণ পৰিষদ
৭২ বৰচলা প্ৰফুল্ল গোস্বামী অসম গণ পৰিষদ
৭৩ তেজপুৰ বৃন্দাবন গোস্বামী অসম গণ পৰিষদ
৭৪ ৰাঙাপাৰা ভীমানন্দ তাঁতী ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৫ চটিয়া পদ্ম হাজৰিকা অসম গণ পৰিষদ
৭৬ বিশ্বনাথ প্ৰবীন হাজৰিকা অসম গণ পৰিষদ
৭৭ বিহালী বৰ্ণবাস তাঁতী ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৮ গহপুৰ গণেশ কুটুম অসম গণ পৰিষদ
৭৯ জাগীৰোড
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
বুবুল দাস অসম গণ পৰিষদ
৮০ মৰিগাঁও মুনীন মহন্ত ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
৮১ লাহৰিঘাট নজৰুল ইছলাম ভাৰতীয় জাতীয় কংগ্ৰেছ
৮২ ৰহা গহীন চন্দ্ৰ দাস অসম গণ পৰিষদ
৮৩ ধিং মোস্তাফা ছহিদুল ইছলাম ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৪ বটদ্ৰবা দীগেন চন্দ্ৰ বৰা অসম গণ পৰিষদ
৮৫ ৰূপহীহাট ৰচিদুল হক ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৬ নগাঁও প্ৰফুল্ল কুমাৰ মহন্ত অসম গণ পৰিষদ
৮৭ বঢ়মপুৰ প্ৰফুল্ল কুমাৰ মহন্ত অসম গণ পৰিষদ
৮৮ চামগুৰি অতুল কুমাৰ শৰ্মা অসম গণ পৰিষদ
৮৯ কলিয়াবৰ গুনীন হাজৰিকা অসম গণ পৰিষদ
৯০ যমুনামুখ খলিলুৰ ৰহমান চৌধুৰী অসম গণ পৰিষদ
৯১ হোজাই অৰ্ধেন্দু কুমাৰ দে ভাৰতীয় জাতীয় কংগ্ৰেছ
৯২ লামডিং হাজী আব্দুৰ ৰৌফ অসম গণ পৰিষদ
৯৩ বোকাখাট ভূপেন নাথ ভূঞা ভাৰতীয় জাতীয় কংগ্ৰেছ
৯৪ সৰুপথাৰ বিনোদ গোৱালা অসম গণ পৰিষদ
৯৫ গোলাঘাট অতুল বৰা অসম গণ পৰিষদ
৯৬ খুমটাই প্ৰবীন গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
৯৭ দেৰগাঁও
(অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
সুশীলা হাজৰিকা অসম গণ পৰিষদ
৯৮ যোৰহাট হীতেন্দ্ৰ নাথ গোস্বামী অসম গণ পৰিষদ
৯৯ মাজুলি
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
কৰুণা দত্ত অসম গণ পৰিষদ
১০০ তিতাবৰ হেমন্ত কলিতা অসম গণ পৰিষদ
১০১ মৰিয়নি ৰূপম কুৰ্মী ভাৰতীয় জাতীয় কংগ্ৰেছ
১০২ টিয়ক ৰেণুপমা ৰাজখোৱা অসম গণ পৰিষদ
১০৩ আমগুৰি প্ৰদীপ হাজৰিকা অসম গণ পৰিষদ
১০৪ নাজিৰা হেমপ্ৰভা শইকীয়া ভাৰতীয় জাতীয় কংগ্ৰেছ
১০৫ মাহমৰা হিৰণ্য কুমাৰ কোঁৱৰ অসম গণ পৰিষদ
১০৬ সোণাৰি শৰৎ বৰকটকী ভাৰতীয় জাতীয় কংগ্ৰেছ
১০৭ থাওৰা দেৱানন্দ কোঁৱৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১০৮ শিৱসাগৰ প্ৰমোদ গগৈ ভাৰতৰ কমিউনিষ্ট পাৰ্টি
১০৯ বিহপুৰীয়া কেশৰাম বৰা অসম গণ পৰিষদ
১১০ নাওবৈচা মণি কুমাৰ চুব্বা ভাৰতীয় জাতীয় কংগ্ৰেছ
১১১ লক্ষীমপুৰ উৎপল দত্ত অসম গণ পৰিষদ
১১২ ঢকুৱাখনা
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
ভৰত চন্দ্ৰ নৰহ ভাৰতীয় জাতীয় কংগ্ৰেছ
১১৩ ধেমাজী
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
দিলীপ কুমাৰ শইকীয়া অসম গণ পৰিষদ
১১৪ জোনাই
(অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
প্ৰদান বৰুৱা অসম গণ পৰিষদ
১১৫ মৰাণ জয়চন্দ্ৰ নাগবংশী ভাৰতীয় জাতীয় কংগ্ৰেছ
১১৬ ডিব্ৰুগড় কল্যাণ কুমাৰ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
১১৭ লাহোৱাল পৃথ্বী মাঝি ভাৰতীয় জাতীয় কংগ্ৰেছ
১১৮ দুলিয়াজান অমিয় গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
১১৯ টিংখং এটোৱা মুণ্ডা ভাৰতীয় জাতীয় কংগ্ৰেছ
১২০ নাহৰকটীয়া প্ৰণতি ফুকন ভাৰতীয় জাতীয় কংগ্ৰেছ
১২১ চাবুৱা ভবেন বৰুৱা অসম গণ পৰিষদ
১২২ তিনিচুকীয়া সুদাংশু কুমাৰ দে চিৰকাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১২৩ ডিগবৈ ৰামেশ্বৰ ধানোৱাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১২৪ মাৰ্ঘেৰিটা তৰুণ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
১২৫ ডুমডুমা দিলেশ্বৰ তাঁতী ভাৰতীয় জাতীয় কংগ্ৰেছ
১২৬ শদিয়া জগদীশ ভূঞা অসম গণ পৰিষদ

উপনিৰ্বাচন সম্পাদনা কৰক

প্ৰফুল্ল কুমাৰ মহন্তই নগাঁও আৰু বৰহমপুৰ, দুখন আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয় আৰু দুয়োখন আসনৰ পৰাই জিকি আহে। সেয়েহে তেওঁ নগাঁওৰ আসনখন এৰি দিয়াত তাত উপনিৰ্বাচন অনুষ্ঠিত হয়। উপনিৰ্বাচনত নগাঁও বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ গিৰিন্দ্ৰ চন্দ্ৰ বৰুৱাই জয়লাভ কৰে।

১৯৯৮ৰ লোকসভা নিৰ্বাচন তৰুণ গগৈয়ে কলিয়াবৰ আসনৰ পৰা বিজয়ী হোৱাত মাৰ্ঘেৰিটা বিধানসভা আসনখন এৰি দিয়ে আৰু তাতো উপনিৰ্বাচন অনুষ্ঠিত হয়। উপনিৰ্বাচনত জয়লাভ কৰে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ।[4]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "STATISTICAL REPORTS OF GENERAL ELECTION TO STATE LEGISLATIVE ASSEMBLY (VIDHANSABHA)". Election Commission of India. https://eci.gov.in/statistical-report/statistical-reports/। আহৰণ কৰা হৈছে: 11 মে' 2021. 
  2. "Assam Legislative Assembly - Members 1996-2001". Assam Legislative Assembly Official Site. http://assamassembly.gov.in/ala-since-1937.html। আহৰণ কৰা হৈছে: 12 মে' 2021. 
  3. 3.0 3.1 "The Journey of Congress in Assam: Post Independence Period". International Journal of Humanities and Social Science Invention (IJHSSI). http://www.ijhssi.org/papers/vol8(9)/Series-3/G0809034649.pdf। আহৰণ কৰা হৈছে: 11 মে' 2021. 
  4. "Margherita (Assam) Assembly Constituency Elections". elections.in/. http://www.elections.in/assam/assembly-constituencies/margherita.html। আহৰণ কৰা হৈছে: 13 মে' 2021.