নাৰীবাদ আৰু লোকগাথা হৈছে ৱিকিপিডিয়াত সাংস্কৃতিক বৈচিত্ৰ্য আৰু লৈংগিক সমতাৰ বাৰ্ষিক উদ্যাপন৷ এয়া হৈছে ৱিকিপিডিয়াত বিশ্বৰ বিভিন্ন অঞ্চলৰ লোক-সংস্কৃতি, লোকগাথা আৰু মহিলা বিষয়ক সমল বৃদ্ধিৰ উদ্দেশ্যে প্ৰতি বছৰে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আয়োজিত এক আন্তঃৰাষ্ট্ৰীয় অনলাইন প্ৰবন্ধ ৰচনা প্ৰতিযোগিতা। এই প্ৰতিযোগিতাই অৱদানকাৰীসকলক স্থানীয় সাংস্কৃতিক অনুষ্ঠান, লোক-সম্পৰ্কীয় কাৰ্যকলাপ, আৰু মহিলাসকলৰ সততে অৱহেলিত কিন্তু উল্লেখযোগ্য অৱদানসমূহৰ অন্তৰ্ভুক্তিকৰণৰ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। এই প্ৰতিযোগিতা ৱিকি লাভছ্ লোকগাথা (WLF) অভিযানৰ এক অবিচ্ছেদ্য অংশ। বাকীসমূহ ভাষাৰ দৰে এইবেলিও অসমীয়া ৱিকিপিডিয়াই উক্ত প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷ প্ৰতিযোগিতাখন ১ ফেব্ৰুৱাৰী ২০২৫-ৰ পৰা ৩১ মাৰ্চ ২০২৫-লৈ চলিব। বিগত বৰ্ষৰ সংস্কৰণসমূহৰ বাবে ২০২৪ আৰু ২০২৩ সংস্কৰণৰ পৃষ্ঠা চাওক।
সময়সীমা :
প্ৰতিযোগিতা আৰম্ভ হ'ব: ০০:০০ বজা, ১ ফেব্ৰুৱাৰী ২০২৫
প্ৰতিযোগিতা শেষ হ'ব: ২৩:৫৯ বজা,৩১ মাৰ্চ ২০২৫
Feminism and Folklore 2025
এই বছৰ নাৰীবাদ আৰু লোকগাথা এডিটাথনে ৱিকিপিডিয়াত ৱিকি লাভ্ছ ফকল’ৰ প্ৰকল্পৰ লোক-সংস্কৃতিৰ বিষয়ৰ সৈতে সংগতি ৰাখি লিংগ ব্যৱধান কম কৰাৰ উদ্দেশ্যেৰে নাৰীবাদ, নাৰীৰ জীৱনী আৰু লিংগ-কেন্দ্ৰিক বিষয়ৰ ওপৰত গুৰুত্ব দিব।
লোকগাথা – বিশ্বৰ বিভিন্ন অঞ্চলৰ লোকগাথা, যাৰ ভিতৰত আছে লোকউৎসৱ, লোকনৃত্য, লোকসংগীত, লোকাচাৰ, লোকখেল, লোকখাদ্য, লোক পৰিধান, সাধুকথা, লোকনাট্য, লোককলা, লোকধৰ্ম, শ্ৰুতিকথা আদি, যদিও ই এইসমূহৰ ভিতৰতে সীমাবদ্ধ নহয়।
লোকগাথাত নাৰী – যাৰ ভিতৰত আছে লোকগাথা আৰু লোক-সংস্কৃতিত নাৰী আৰু কুইয়াৰ ব্যক্তিত্ব (যেনে: লোক শিল্পী, লোক নৃত্যশিল্পী, লোক গায়ক, লোক সংগীতজ্ঞ, লোক খেলুৱৈ, উপাখ্যানত নাৰী, লোক-কাহিনীত যোদ্ধা নাৰী, ডাইনী আৰু ডাইনী হত্যা, সাধুকথা ইত্যাদি), যদিও ই এইসমূহৰ ভিতৰতে সীমাবদ্ধ নহয়।
বিস্তাৰিত প্ৰবন্ধ অথবা নতুন প্ৰবন্ধটোত কমেও ৩,০০০ বাইট নাইবা ৩০০টা শব্দ থাকিব লাগিব।
প্ৰবন্ধসমূহ যান্ত্ৰিকভাৱে অনুবাদ কৰিলেও পাছত যথোচিত সম্পাদনা কৰাটো প্ৰয়োজনীয়।
প্ৰবন্ধসমূহ ১ ফেব্ৰুৱাৰী ২০২৫-ৰ পৰা ৩১ মাৰ্চ ২০২৫ -ৰ ভিতৰত বিস্তাৰ কৰিব লাগিব অথবা সৃষ্টি কৰিব লাগিব।
প্ৰবন্ধসমূহৰ বিষয়বস্তু নাৰীবাদ,লিংগকেন্দ্ৰীক আৰু লোকগাথা বিষয়ক হ’ব লাগিব।
নতুন প্ৰবন্ধ অথবা বিস্তাৰিত প্ৰবন্ধত কোনোধৰণৰ কপিৰাইট উলংঘন তথা উল্লেখনীয় সমস্যা থাকিব নালাগিব।
প্ৰবন্ধসমূহ ৱিকিপিডিয়াৰ নীতি অনুসৰি সঠিক তথ্যসূত্ৰ সহকাৰে সৃষ্টি কৰিব লাগিব।
প্ৰবন্ধসমূহ প্ৰতিযোগিতাৰ উদ্দেশ্যে তৈয়াৰ কৰা কেম্পৱিজ বা ফাউনটেইন সঁজুলিৰ বিশেষ লিংকত জমা দিব লাগিব।
প্ৰবন্ধসমূহ প্ৰতিযোগিতাৰ উদ্দেশ্যে তৈয়াৰ কৰা কেম্পৱিজ বা ফাউনটেইন সঁজুলিৰ বিশেষ লিংকত জমা দিব লাগিব।
গোলকীয় পৰ্যায়ত
প্ৰথম পুৰস্কাৰ - ৩০০ আমেৰিকান ডলাৰ (প্ৰায় ২৬,০০০ টকা)
দ্বিতীয় পুৰস্কাৰ - ২০০ আমেৰিকান ডলাৰ (প্ৰায় ১৭,২০০ টকা)
তৃতীয় পুৰস্কাৰ - ১০০ আমেৰিকান ডলাৰ (প্ৰায় ৮,৬০০ টকা)
১০টা নিচুকনি বঁটা- ৫০ আমেৰিকান ডলাৰ (প্ৰায় ৪,৩০০ টকা)
ইণ্ডিক ৱিকি পৰ্যায়ত অসমীয়া ৱিকিৰ পুৰস্কাৰসমূহ
প্ৰথম পুৰস্কাৰ: ২৫ আমেৰিকান ডলাৰ
দ্বিতীয় পুৰস্কাৰ: ২০ আমেৰিকান ডলাৰ
তৃতীয় পুৰস্কাৰ: ১৫ আমেৰিকান ডলাৰ
স্থানীয় পৰ্যায়ত অসমীয়া ৱিকিপিডিয়াৰ বাবে নিৰ্ধাৰিত পুৰস্কাৰসমূহ
প্ৰথম পুৰস্কাৰ - ৫০০০ টকা
দ্বিতীয় পুৰস্কাৰ - ৪০০০ টকা
তৃতীয় পুৰস্কাৰ - ৩০০০ টকা
চতুৰ্থ পুৰস্কাৰ- ২০০০ টকা
সৰ্বশ্ৰেষ্ঠ প্ৰবন্ধ- ১৫০০ টকা
সৰ্বাধিক বাইটৰ প্ৰবন্ধ- ১৫০০ টকা
ইয়াৰোপৰি প্ৰতিগৰাকী বিজেতা, বিচাৰক আৰু সমন্বয়কৰ বাবে আছে একোটাকৈ টি-চাৰ্ট আৰু কলম।
অংশগ্ৰহণ কৰক
অংশগ্ৰহণকাৰীৰ তালিকা
কন্দৰ্পজিৎ কল্লোল (বাৰ্তা )
Kashyap2023 (বাৰ্তা ) 17:02, 30 January 2025 (ইউ.টি.চি.) [ উত্তৰ দিয়ক ]
Geetasree Gogoi Apte (বাৰ্তা ) 18:07, 30 January 2025 (ইউ.টি.চি.) [ উত্তৰ দিয়ক ]
Naruna Baruah (বাৰ্তা ) 22:01, 30 January 2025 (ইউ.টি.চি.) [ উত্তৰ দিয়ক ]
কুমুদ ঘোষ
BhuyanBhaskar (বাৰ্তা ) 08:03, 1 February 2025 (ইউ.টি.চি.) [ উত্তৰ দিয়ক ]
দিম্পল দাস (বাৰ্তা ) 15:20, 1 February 2025 (ইউ.টি.চি.) [ উত্তৰ দিয়ক ]
Pranamikaadhikary (বাৰ্তা ) 15:39, 1 February 2025 (ইউ.টি.চি.) [ উত্তৰ দিয়ক ]
Saddam Hussain Rahmani (বাৰ্তা ) 15:43, 1 February 2025 ( ইউ.টি.চি.)
Dipankar Das (বাৰ্তা ) 10:26, 2 February 2025 (ইউ.টি.চি.) [ উত্তৰ দিয়ক ]
বিভূতি গগৈ
পৱন বৰ্মন (বাৰ্তা ) 16:44, 2 February 2025 (ইউ.টি.চি.) [ উত্তৰ দিয়ক ]
জোনালী বৰুৱা (বাৰ্তা ) 16:59, 2 February 2025 (ইউ.টি.চি.) [ উত্তৰ দিয়ক ]
JyotiPN (বাৰ্তা ) 17:05, 2 February 2025 (ইউ.টি.চি.) JyotiPN[ উত্তৰ দিয়ক ]
Jyoti Chiring (বাৰ্তা ) 03:08, 4 February 2025 (ইউ.টি.চি.) [ উত্তৰ দিয়ক ]
হানিফ আলী (বাৰ্তা ) 05:41, 5 February 2025 (ইউ.টি.চি.) [ উত্তৰ দিয়ক ]
Ishanjyotibora (বাৰ্তা ) 11:12, 5 February 2025 (ইউ.টি.চি.) [ উত্তৰ দিয়ক ]
Mousumi.Das (বাৰ্তা ) 17:02, 5 February 2025 (ইউ.টি.চি.) [ উত্তৰ দিয়ক ]
Joli Rumi (বাৰ্তা ) 13:00, 6 February 2025 (ইউ.টি.চি.) [ উত্তৰ দিয়ক ]
দিব্য দত্ত (বাৰ্তা ) 14:05, 6 February 2025 (ইউ.টি.চি.) [ উত্তৰ দিয়ক ]
Aryan (বাৰ্তা ) 14:20, 6 February 2025 (ইউ.টি.চি.) [ উত্তৰ দিয়ক ]
KHI-LAN-TZI
প্ৰবন্ধ জমা দিবৰ বাবে কেম্পৱিজ আৰু ফাউনটেইন সঁজুলি প্ৰস্তুত কৰা হৈছে। আপুনি সৃষ্টি কৰা প্ৰবন্ধসমূহ তলৰ "প্ৰবন্ধ জমা কৰক " লিংকত ক্লিক কৰি জমা দিব পাৰিব।
তলৰ তালিকাত নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৫-ৰ বাবে কিছু প্ৰবন্ধৰ শ্ৰেণী উল্লেখ কৰা হৈছে। প্ৰতিযোগিতাখনত সৃষ্টি কৰিব পৰা প্ৰবন্ধ কেৱল এই তালিকাখনতে সীমাবদ্ধ নহয়। আপুনি এই তালিকাখনৰ পৰা বা বিষয়বস্তুৰ লগত সংগতি ৰাখি আন কোনো প্ৰবন্ধ সৃষ্টি কৰিব পাৰে বা প্ৰবন্ধৰ প্ৰস্তাব আলোচনা পৃষ্ঠাত দিব পাৰে।
এই এডিটাথনত সৃষ্টি কৰা প্ৰবন্ধসমূহ নাৰীবাদ আৰু লোকগাথা ২০২৫ নামৰ শ্ৰেণীত তালিকাভুক্ত কৰা হৈছে। বৰ্তমানলৈ প্ৰতিযোগিতাৰ অংশ হিচাপে ৬৬৪ টা প্ৰবন্ধ সৃষ্টি কৰা হৈছে।
এই প্ৰতিযোগিতাখনৰ বিচাৰকসকল হৈছে:
অধিক ফলাফলৰ বাবে মেটা-ৱিকিৰ এই পৃষ্ঠা চাওক।
নয়ন জ্যোতি নাথ
দিব্য দত্ত
অসমীয়া ৱিকিপিডিয়াৰ এডিটাথন আৰু আন প্ৰতিযোগিতাসমূহ
২০১৫ ২০১৬ ২০১৯ ২০২০ ২০২১ ২০২২ ২০২৩ ২০২৪ ২০২৫