এই পৃষ্ঠাখন হৈছে ৱিকিপিডিয়া:প্ৰশাসক পদৰ বাবে আবেদনত হোৱা আলোচনাৰ সংৰক্ষিত পাঠ। অনুগ্ৰহ কৰি এই পৃষ্ঠাত একো নিলিখিব।
পূৰ্বৱতী পাঠ পৰৱৰ্তী পাঠ
Please do not change this section. Discussion and Voting is now closed.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।

I would like to nominate Priyankoo for admin access.--Eukesh ১৬:৫৩, ১৫ May ২০০৭ (UTC)

(+) সমৰ্থন সম্পাদনা কৰক

  1. --Eukesh ১৬:৫১, ১৫ May ২০০৭ (UTC)
  2. --Sangeeta ০৮:০৭, ১৬ May ২০০৭ (UTC)
  3. --Jose77 ২১:৪৯, ১৬ May ২০০৭ (UTC)
  4. --উত্তম সিংহ ২২:৪৫, ৫ জুন ২০০৭ (UTC)

(-) বিৰোধ সম্পাদনা কৰক

( ) দুইদোমাজা সম্পাদনা কৰক

সিধান্ত সম্পাদনা কৰক

Please do not change this section. Discussion and Voting is now closed.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।

I am an Assamese and deeply interested to work with Assamese wikipedia and wish to be an administrator of the Assamese wikipedia.

(+) সমৰ্থন সম্পাদনা কৰক

  1. --Anjal Borah ০৮:১৬, ২৩ ফেব্ৰুৱাৰী ২০১১ (UTC)

(-) বিৰোধ সম্পাদনা কৰক

( ) দুইদোমাজা সম্পাদনা কৰক

সিধান্ত সম্পাদনা কৰক

অসমীয়া ৱিকিপিডিয়াত নতুন সক্ৰিয় প্ৰশাসকৰ প্ৰয়োজন সম্পাদনা কৰক

Please do not change this section. Discussion and Voting is now closed.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।

অসমীয়া ৱিকিপিডিয়াত এতিয়া সক্ৰিয় প্ৰশাসক বুলিবলৈ তিনিজন আছে। বিষ্ণু শইকীয়া, প্ৰভাকৰ শৰ্মা নেওগ আৰু চাইপু বৰুৱা। কিন্তু বৰ্তমান অসমীয়া ৱিকিপিডিয়াত বাঢ়ি অহা সদস্য সংখ্যাৰ অনুপাতত এইখিনি প্ৰশাসক কম যেন অনুভৱ হয়। যিহেতু সদস্যসকল নতুন, সেয়ে তেওঁলোকে ভুল-ভ্ৰান্তি কৰাটো স্বাভাৱিক। আন সদস্কিয্ন্তই ভুলখিনি আঙুলিয়াই দিব পাৰে, কিন্তু ভুলকৈ সৃষ্টি কৰা প্ৰৱন্ধ আদি যিমান পাৰি সোনাকালে গুচাই দিবলৈ প্ৰশাসকসকল লাগে। ভুল আদি যিমান পাৰি সোনকালে কৰাটো এইবাবেই বাঞ্চনীয় যে যিমানে দেৰীকৈ আমি সদস্যসকলক ভুলবিলাক আঙুলিয়াই দিম, সিমানেই বেছি সময় সেইখিনি ৱিকিত ৰৈ থাকিব আৰু নতুন সদস্যসকলে ভুল ধাৰণা পাই গৈ থাকিব। সেয়ে আমাক সক্ৰিয় প্ৰশাসকৰ বৰ প্ৰয়োজন।

ৱিকিপিডিয়াত মুঠ ছয়গৰাকী প্ৰশাসক আছে। ওপৰত উল্লেখিত তিনিগৰাকীৰ বাহিৰে, সংগীতা, সমুজ্জ্বল আৰু প্ৰিয়াংকু। ৱিকিপিডিয়াৰ চালুকীয়া অৱস্থাৰেপৰা এওঁলোকে নিজৰ বহুমূলীয়া সময় দি ৱিকিপিডিয়াক সমৃদ্ধ কৰি গৈছে, আৰু তাৰ কাৰণে আমি এওঁলোকৰ ওচৰত পৰম কৃতাৰ্থ। কিন্তু কিছুবছৰ ধৰি এওঁলোক নিস্ক্ৰিয় হৈ আছে। সংগীতা আৰু সমুজ্জ্বল-ৰ শেষ সম্পাদনাৰ তাৰিখ আছিল ২০০৯ চনত আৰু প্ৰিয়াংকু-ৰ ২০১১ চনত। ৱিকিপিডিয়াৰ নীতি অনুসৰি এবছৰতকৈ বেছি সময় নিস্ক্ৰিয় হৈ থাকিলে প্ৰশাসক পদৰপৰা অব্যাহতি দিব পাৰি। ইমান দিনে সক্ৰিয় প্ৰশাসকসকলেই নিয়াৰিকৈ চলাই ৰাখিছিল বাবে একো অসুবিধা হোৱা নাছিল। কিন্তু এতিয়া বাঢ়ি অহা সদস্য সংখ্যা আৰু সক্ৰিয় সদস্যসকলে দিব পৰা সময়ৰ অসুবিধা হোৱাৰ বাবে (চাইপু বৰুৱা আৰু বিষ্ণু শইকীয়াই জনোৱা মতে) অকণমান বেমেজালি হোৱা বুলি বিষ্ণু শইকীয়াই জনাইছে। সেয়ে মই ভাবোঁ যে, নিস্ক্ৰিয় হৈ থকা প্ৰশাসক সকলক সদ্যহতে অব্যাহতি দি নতুন প্ৰশাসকৰ বাবে আহ্ববান জনাব লাগে। ৱিকিপিডিয়াৰ নীতি অনুসৰি অসমীয়াৰ দৰে সৰু ৱিকিপিডিয়াৰ বাবে ৬ গৰাকীতকৈ বেছি প্ৰশাসক নিযুক্তি দিব নোৱাৰি, সেয়ে পুৰণি প্ৰশাসকে অব্যাহতি নললে, নতুন প্ৰশাসক নিযুক্ত হ'ব নোৱাৰিব। অন্যথা পুৰণি প্ৰশাসকসকলক অব্যাহতি নিদিয়াকৈও আমি সমস্যাটো সমাধান কৰিব পৰিলোঁহেঁতেন। এই বিষয়ৰ প্ৰতি ৰাইজৰ মতামত আশা কৰিলোঁ। ৱিকিপিডিয়াৰ নীতি অনুসৰিয়েই নিস্ক্ৰিয় হৈ থকা প্ৰশাসকসকল উভতি আহিব বিচাৰিলে তেওঁলোকক আকৌ প্ৰশাসক হিচাপে নিযুক্তি দিব পাৰি। অৱশ্যে অসমীয়া ৱিকিপিডিয়াৰ ক্ষেত্ৰত এইটো সম্ভৱ হ'ব নে নহয়, সেইটো লৈ মই খাটাং নহয়। কাৰণ আমাৰ প্ৰশাসকৰ সংখ্যা সীমিত।

ওপৰৰ কথাখিনিৰ ভিত্তিৰ মই প্ৰস্তাৱ ৰাখোঁ যে এবছৰতকৈ বেছি সময়ৰ বাবে নিস্ক্ৰিয় হৈ থকা প্ৰশাসকদ্বয় সমুজ্জ্বল আৰু সংগীতা-ক প্ৰশাসকৰ পদৰপৰা অব্যাহতি দিয়াৰ বাবে ল'ব লগা প্ৰস্তুতি আৰম্ভ কৰিব লাগে। আৰু তেওঁলোকৰ ঠাইত নতুন প্ৰশাসক নিযুক্তি দিয়াৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে।

নিস্ক্ৰিয় হৈ থকা প্ৰশাসকক অব্যাহতি দিয়াৰ নিৰ্দেশনা এই লিংকত পাব পাৰি। উদ্দীপতালুকদাৰ (talk) 10:24, 22 জুলাই 2012 (UTC)

নিশ্চয় নিশ্চয় ভাল প্ৰস্তাব

Yes (হয়) সম্পাদনা কৰক

  1. উক্ত প্ৰস্তাৱটি সাদৰেৰে সমৰ্থন কৰিলো। ভগৎ লাল দত্ত 18:04, 22 জুলাই 2012 (UTC)
  2. প্ৰস্তাৱটিত মোৰ সমৰ্থন আছে। যদিহে প্ৰশাসকৰ সংখ্যা সীমিত আৰু সীমিত সংখ্যকৰ ভিতৰৰে কেইজনমান নিস্ক্ৰিয় তেতিয়াহ’লে তেওঁলোকক অব্যাহতি দি ৱিকিপিডিয়াক আগবঢ়াই নিয়াটোহে সমীচিন হ’ব। তথাপি অব্যাহতি দিয়াৰ আগতে প্ৰত্যেক প্ৰশাসককে এবাৰ কাণ চোৱালে ভাল হয়। বিৰাজ কুমাৰ কাকতি (talk) 20:51, 22 জুলাই 2012 (UTC)
  3. প্ৰস্তাৱটি সাদৰেৰে সমৰ্থন কৰিলোঁ। সদায় লাগি থাকিব পৰা সক্ৰিয় সদস্যক এনে দায়িত্ব দিয়া উচিত৷ Anjal Borah (talk) 05:40, 23 জুলাই 2012 (UTC)
  4. ময়ো সমৰ্থন কৰিলো, কিছুমান কাম লগে লগেই কৰি যাব পৰা মানুহ আমাক লাগিব‍ই দীপাংকৰ চেতিয়া বাৰ্তা 16:17, 23 জুলাই 2012 (UTC)
  5. প্ৰস্তাৱটি সমৰ্থন কৰিলোঁ। নেকিব আহমেদ 16:21, 23 জুলাই 2012 (UTC)
  6. হয়, আমি নতুন সদস্য সকলে অলপ অসুবিধাৰ সন্মুখিন হৈছো, কেইবাটাওঁ প্ৰবন্ধ লিখি উলিওৱাৰ পাছত তাত ফটো কেনেকৈ সংযোগ কৰিব লাগিব সেই বিষয়ে বিষ্ণু শইকীয়া কেইদিনমান নথকাত বিশেষকৈ সেই প্ৰবন্ধ কেইটা মই আধৰুৱা কৰি ৰাখিব লগিয়া হৈছে, সকলো সময়তে নহলেও বেছি ভাগ সময়তে বা ৰাতিভাগত সহায় পোৱাকৈ কোনো প্ৰশাসক থাকিলে ভাল হয়। সহজে বুজাই দিব পৰা বিষ্ণু শইকীয়া দেৱৰ সলাগ নলৈ নোৱাৰিলো, বাকী প্ৰশাসক সকলক মই ব্যক্তিগত ভাবে নাজানো বা যোগাযোগ হোৱা নাই বাবে কেতিয়াবা কেতিয়াবা বৰ অসুবিধাৰ সন্মুখিন হৱ লগিয়া হয়। নিতুল বৰা (talk) 23:40, 23 জুলাই 2012 (UTC)
  7. নতুন প্ৰশাসকৰ প্ৰয়োজন অনুভৱ কৰিছো, প্ৰস্তাবটো মই সমৰ্থন কৰিছো। Jyoti Prakash Nath (talk) 18:09, 23 জুলাই 2012 (UTC)
  8. জোৰদাৰ সমৰ্থন। — গীতাৰ্থ বৰদলৈ (talk) 06:51, 24 জুলাই 2012 (UTC)
  9. সমৰ্থন, উদ্দীপদাই জাননী এখন প্ৰস্তুত কৰি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰক| তেওঁলোকে প্ৰশাসক পদ বাদ দিয়াৰ পাছতেই আমি নতুন প্ৰশাসক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিম| (অ’ প্ৰস্তাৱটো সঠিক ঠাইত লিখা হোৱা নাই অৰ্থাত ৱিকিপিডিয়া বাৰ্তা:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ), পাছত বেলেগলৈ নিব লাগিব) বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:02, 24 জুলাই 2012 (UTC)
  10. মোৰ নিস্ক্ৰিয়তাৰ বাবে সদস্যসকলে সম্মুখীন হোৱা সমস্যাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী। আপোনালোকে মোক প্ৰশাসক পদৰ পৰা অবিলম্বে অব্যাহতি দিব পাৰে। অসমীয়া ৱিকিপিডিয়াৰ বৰ্তমানৰ সুন্দৰ ৰেহ-ৰূপ আপোনালোকৰ অক্লান্ত চেষ্টাৰ ফল। আপোনালোকলৈ মোৰ শুভকামনা থাকিল। Samuzzal (talk) 05:33, 6 আগষ্ট 2012 (UTC)
  11. # মই যদিও আগতে "হয়"ত ভোট দিছিলোঁ, এতিয়া বিষয়টো দ কৈ ভাবি চোৱাৰ পাচত, আৰু অভিজ্ঞ অসমীয়া আৰু আন্তৰ্জাতিক ৱিকিপিডিয়ান কেইজনমানৰ লগত আলোচনা কৰাৰ পাচত মই মোৰ সন্মতি সাময়িকভাবে উঠাই লৈছোঁ। এই প্ৰস্তাবটোৰ ওপৰত অধিক আলোচনাৰ প্ৰয়োজন আছে, অনুগ্ৰহ কৰি তলৰ "আলোচনা" অনুচ্ছেদ টো চাওক। প্ৰভাকৰ শৰ্মা নেওগ (talk) 21:29, 31 অক্টোবৰ 2012 (UTC)
  12. প্ৰস্তাৱটিত সমৰ্থন জনাইছো। পংকজ জ্যোতি মহন্ত (talk) 16:27, 1 নৱেম্বৰ 2012 (UTC)

No (নহয়) সম্পাদনা কৰক

অধিক আলোচনাৰ প্ৰয়োজন সম্পাদনা কৰক

বস্তুতঃ ওপৰোক্ত প্ৰস্তাবত দুটা বিষয় সন্নিহিত আছে:

  1. পুৰণি নিষ্ক্ৰিয় প্ৰশাসকৰ অব্যাহতি আৰু
  2. নতুন প্ৰশাসকৰ অন্তৰ্ভুক্তি।

মই ২ নং বিষয়টোৰ ওপৰত আলোকপাত কৰিবলৈ বিচাৰিছোঁ।

ৱিকিপিডিয়াৰ প্ৰশাসক বা এডমিন বা ৱিকিপিডিয়াৰ ভাষাত "sysop" ভূমিকাটো সম্পৰ্কে যাতে আমি সকলোৱে এক সাধাৰণ ধাৰণা গঢ়ি ল'ব পাৰোঁ তাৰ বাবে ইংৰাজী ৱিকিপিডিয়াৰ এডমিন আৰু এডমিনৰ কাম সম্পৰ্কীয় প্ৰবন্ধকেইটা, বিশেষকৈ Wikipedia:Administrators আৰু Wikipedia:What adminship is not আগতে চকু ফুৰাই চাই লওঁ আহক।

অভিজ্ঞ ৱিকিপিডিয়ানসকলৰ লগত আলোচনাৰ পাচত দেখা গ'ল যে নতুন এডমিনিষ্ট্ৰেটৰ এগৰাকী অন্তৰ্ভুক্ত কৰাৰ আগতে আমি কেইটামান কথা পৰ্য্যালোচনা কৰি লোৱা উচিত।

  1. অসমীয়া ৱিকিপিডিয়াৰ এজন প্ৰশাসকৰ কাম কি কি? ইয়াত সকলোৱে কৰিব পৰা কামখিনি নধৰিব, যেনে নতুন সদস্যক আদৰণি জনোৱা, সম্পাদনাত সহা্য় কৰা আদি। প্ৰশাসকৰ কামৰ আওঁতাত অন্য সম্পাদকে কৰিব নোৱাৰা কাম, যেনে, প্ৰবন্ধ এটা সুৰক্ষিত কৰা আদিহে পৰিব।
  2. বৰ্তমান সক্ৰিয় হৈ থকা প্ৰশাসকসকলে সেই কাম সুচাৰুৰূপে কৰিব পাৰিছেনে নাই?
  3. নতুন প্ৰশাসক নিযুক্ত কৰিলে ৱিকিৰ বা বৰ্তমানৰ প্ৰশাসক কেইজনৰ কি কি সুবিধা/অসুবিধা হ'ব?

পলমকৈ হ'লেও ৰাইজক বিষয়টো আলোচনা কৰিবলৈ আহ্বান জনালোঁ।

প্ৰভাকৰ শৰ্মা নেওগ (talk) 21:29, 31 অক্টোবৰ 2012 (UTC)

১ নং বিষয়ত বোধকৰো আপত্তি কাৰো নাই।

২ নং বিষয়ৰ ক্ষেত্ৰত ক’ব বিচাৰো, পুৰণি দুজন নিষ্ক্ৰিয় প্ৰশাসকে অব্যাহতি পালে নতুন দুজন প্ৰশাসক নিযুক্তি দিয়াত কোনো দ্বিমত থাকিব নালাগে, অসমীয়া ৱিকিপিডিয়া এখন সৰু ৱিকিপিডিয়া তাতোতকৈ ডাঙৰ কথা কম সদস্যৰ ৱিকিপিডিয়া, গতিকে ইংৰাজী ৱিকিৰ দৰে নহৈ আমাৰ ৱিকিপিডিয়াৰ প্ৰশাসক সকলে প্ৰশাসকৰ সাধাৰণ কামৰ (আনে কৰিব নোৱৰা) উপৰিও আনেও কৰিব পৰা কিন্তু কিছুমান নিয়মিত ভাবে কৰিব লগা কাম কৰিব লগা হয়, যেনে নিয়মিত চাফাই কাৰ্য, পোখালি বোৰৰ চোৱা চিতা, এইবোৰৰ গোটকৰণ, সাচঁ সমূহৰ প্ৰতিপাল আৰু কিছুমান এনে ধৰণৰ কাম (আমাৰ সৰু ৱিকিপিডিয়া খনত এই সময়ত এইবোৰ গুৰুত্বপূৰ্ণ কামেই) যিবোৰ আন সদস্যও কৰিব পাৰে যদিও সীমিত সংখ্যাক এনে সদস্যই নিজে সম্পাদনা কৰি থকা প্ৰবন্ধটো বাদ দি কমেইহে এইখিনি আমাৰ ইয়াত কৰা দেখা যায়, গতিকে এনে বোৰ ৱিকিপিডিয়া খনক শৃংখলিত কৰি ৰাখিব পৰা সৰু সৰু কাম (যিবোৰ বিষ্ণু দাই দিনে ৰাতিয়ে কৰি থাকে, আৰু অকলে এইবোৰ কৰিব লগা হোৱাৰ বাবে মাজে মাজে তেখেতে আক্ষেপো কৰে), কৰিবলৈ আন দুজন নতুন সহযোগী নিয়োগ কৰিবলৈ আমি উ‍তসাহী হোৱাহে উচিত। এটা কথা হয় সেইখিনি কাম সেই এজন বা দুজন ব্যক্তিয়ে প্ৰশাসক নোহোৱাকৈও কৰিব পাৰিব, কিন্তু প্ৰশাসক হোৱাৰ পাছত সেইখিনি কৰিবৰ বাবে তেওঁলোকে নিশ্ছয়কৈ অধিক দায়বদ্ধ হ’ব। নহ’লে অকল প্ৰশাসকীয় কাম কাজ (আনে কৰিব নোৱৰা) খিনিৰ বাবে আমাৰ ৱিকিপিডিয়াত এজনমান প্ৰশাসকেই যতেষ্ঠ দেখোন। আৰু নতুন প্ৰশাসক নিযুক্ত হ’লে পুৰণা সকলৰ সুবিধাৰ বাহিৰে অসুবিধা হোৱাৰ সম্ভাৱনা দেখা নাই। যেতিয়া আমাৰ ৱিকিপিডিয়াখন ডাঙৰ হ’ব তেতিয়া প্ৰশাসক সকলৰ কামৰ পৰিসৰ আৰু ক্ষেত্ৰ নিশ্ছয়কৈ এতিয়াতকৈ বেলেগ হ’ব, কিন্তু এই মুহূৰ্তত আমি ইংৰাজী ৱিকিলৈ নোচোৱাই ভাল।

দীপাংকৰ চেতিয়া? 15:51, 1 নৱেম্বৰ 2012 (UTC)

প্ৰশাসক নিযুক্তি দিয়াৰ ক্ষেত্ৰত দ্বিমত থকা উচিতো নহয়, কাৰণ দীপাংকৰ চেতিয়াই ক'বৰ দৰেই অসমীয়া ৱিকিপিডিয়া এখন কম (সক্ৰিয়) সদস্যৰ সৰু ৱিকিপিডিয়া। দৰাচলতে আৰু এখোজ আগলৈ গৈ ক'ব পাৰি যে পৰাপক্ষত গুৰুত্বপূৰ্ণ সিদ্ধান্তবিলাক আনকি ১০০% সহমততহে গ্ৰহণ কৰা উচিত। ই অসম্ভবো নহয়, কাৰণ কম সদস্য হোৱা হেতুকে আমাৰ সুবিধা হৈছে যে কম সদস্যৰ গোটৰ মাজত সহজে ভাল বুজাবুজি আৰু নেটৱৰ্কিং গঢ়ি তুলিব পাৰি। দৰাচলতে আমি একাধিক ক্ষেত্ৰত এনে কৰিচোঁও আৰু ইয়াৰ সুফলো পাইচোঁ।
প্ৰশাসক (sysop) আৰু সম্পাদক (editor)-অৰ ভূমিকা (role) দুটা সানমিহলি কৰিব নালাগে। আমি একমত হ'ব লাগে যে প্ৰশাসকৰ কাম হৈছে অন্য সদস্যই কৰিব নোৱাৰা কামখিনি কৰা। (ইয়াতো আমি মনত ৰাখিব লাগিব যে প্ৰশাসকেও কিছুমান কাম কৰিব নোৱাৰে, যাৰ বাবে ষ্টুৱাৰ্ড আৰু বুৰ'ক্ৰেট সকল আছে। ) যেতিয়ালৈকে আমি আনুষ্ঠানিক ভাবে গ্ৰহণ নকৰোঁ যে "পোখালি চোৱা", "কপি এডিটিং" আদি সকলোৱে কৰিব পৰা কামবোৰো প্ৰশাসকৰ দায়িত্বত পৰে, তেতিয়ালৈকে এইবোৰ প্ৰশাসকৰ দায়বদ্ধতাৰ ভিতৰত লোৱা অনুচিত হ'ব। বা প্ৰশাসক এজনে এনে কামবোৰ কৰিলেও তেওঁ সেইখিনি প্ৰশাসক হিচাপে নহয়, সম্পাদক হিচাপে লিখিছে বুলিহে ধৰি লোৱা উচিত।
সদস্য এজনক প্ৰশাসকৰ দায়িত্ব দি "যিহেতু তেওঁ এতিয়া প্ৰশাসক, তেওঁ বেচি কাম কৰিব" বুলি ভবাতো অনুচিত, কাৰণ ৱিকিপিডিয়াত সকলো স্বেচ্ছাসেৱকহে, তেওঁলোকে নিজৰ ব্যক্তিগত আৰু সামাজিক জীৱন বৰ্তাই ৰাখি যেনেকৈ সুবিধা হয়, তেনেকৈহে কাম কৰাতো বাঞ্ছনীয়। আনকি কোনোবাই উৎসাহতে ব্যক্তিগত জীৱনত প্ৰভাব পৰাকৈ বেচিকৈ কাম কৰিলেও সতীৰ্থ সকলে তেওঁক বাৰণ কৰাহে উচিত, তেওঁৰ ভালৰ বাবেই। (বিষ্ণুক মই কেইবাবাৰো "ঘৰত সময় দিবলৈ" সঁকিয়াই দিব লগা হৈছে। তদুপৰি প্ৰশাসক এজনৰ ওপৰত তেওঁৰ প্ৰশাসক ক্ষমতা উপযোগ কৰি পালন কৰিবলগীয়া দায়িত্বখিনিৰ উপৰিও প্ৰশাসক ভূমিকাটোৰ কাৰণেই অন্য সদস্যসকলে বিতৰ্ক হোৱাৰ ভয়ত নিজে কৰিব পৰা কামখিনিও নকৰি (যেনে অন্যই লিখা প্ৰবন্ধত হাত ফুৰাবলৈ ভয় কৰা) অন্য এজন সতীৰ্থলৈ ঠেলি দিয়াতো কেৱল অনুচিতেই নহয়, স্বাৰ্থপৰতাও।
এই কথাখিনি মই এই সুযোগতে এইকাৰণেই উলিয়ালোঁ এইকাৰণেই যে কেৱল আমাৰ ৱিকিতে নহয়, অন্যান্য ৱিকিতো আৰু আনকি ফেচবুক গ্ৰুপ, মেইলিং লিষ্ট আদিৰ প্ৰশাসকসকলৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়, কোম্পানী আদিতো এটা সাধাৰণ ধাৰণা আছে যে প্ৰশাসক হোৱাতো এটা ডাঙৰ সন্মান। এনে তো নহয়েই, আনকি বহুত সময়ত কামত ভুল-ত্ৰুটি হ'লে প্ৰশাসকজনে গালিহে খাব লাগে। সেয়ে প্ৰশাসক এজন নিৰ্বাচন কৰোঁতে হ'বলগা প্ৰশাসকজনকে ধৰি নিৰ্বাচন কৰা সকলেও এইখিনি কথা গুৰুত্বসহকাৰে বুজি বাজি লোৱা উচিত। ফেচবুকৰ গ্ৰুপ আদিত এডমিন হৈ পোৱাসকলে নিশ্চয় অনুধাবন কৰিব পাৰিব যে প্ৰশাসক হোৱা কেৱল শাৰীৰিকেই নহয়, মানসিক কষ্টৰো কাম। ৱিকিপিডিয়াৰ দৰে গুৰুত্বপূৰ্ণ কামৰ বাবে ই আৰু অধিক।
সেয়ে, আগন্তুক প্ৰশাসক নিৰ্বাচনৰ আগে আগে সকলোকে বিষয়টোত আপাতদৃষ্টিত চকুত নপৰা এই কথাখিনি দ কৈ বুজি লৈ, নতুনকৈ আহিবলগা প্ৰশাসক প্ৰাৰ্থীসকলৰ নাম প্ৰস্তাব কৰে যেন, যাতে প্ৰশাসকৰ অতিৰিক্ত কামৰ বাবে তেওঁৰ ওপৰত বেচি চাপ নপৰে। লগতে প্ৰাৰ্থীসকলেও নিজৰ আহিবলগীয়া গুৰু দায়িত্ব পালন কৰোঁতে হ'বলগীয়া বিতৰ্ক, অতিৰিক্ত কাম আদিৰ বাবে প্ৰস্তুত হৈ লয় যেন। আগতীয়া শুভেচ্ছা থাকিল।

প্ৰভাকৰ শৰ্মা নেওগ (talk) 07:11, 3 নৱেম্বৰ 2012 (UTC)

Your community's request to remove administration rights for these users
  • Priyankoo
  • Sangeeta
  • Samuzzal
has been done. m:Special:PermanentLink/5196657 Billinghurst (talk) 22:25, 3 ফেব্ৰুৱাৰী 2013 (UTC)

Voting for new sysop সম্পাদনা কৰক

The discussion shows there is a clear need in the community for more active admins. Please vote for an admin here চাইপাও 11:46, 9 জানুৱাৰী 2013 (UTC)

Nominating myself for the administrative post সম্পাদনা কৰক

Please do not change this section. Discussion and Voting is now closed.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।

I was active in English Wikipedia and I have recently joined Assamese Wikipedia. I really want to be an administrator and want to contribute. Jogesh 69 (বাৰ্তা) 12:30, 8 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

(-) বিৰোধিতা সম্পাদনা কৰক

  1. I think at present there have enough administrators for maintaining the Assamese wiki projects, and from my view point, Assamese Wikipedia has much senior and skilled members for this requirement.--Nayan j Nath (বাৰ্তা) 14:16, 8 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. সম্প্ৰতি অসমীয়া ৱিকিপিডিয়াৰ প্ৰশাসক কেইগৰাকী যথেষ্ট সক্ৰিয় আৰু সুদক্ষ। গতিকে অতিৰিক্ত প্ৰশাসকৰ প্ৰয়োজন নেদেখোঁ‌। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 16:53, 8 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. সম্প্ৰতি অসমীয়া ৱিকিপিডিয়াৰ প্ৰশাসক কেইগৰাকী যথেষ্ট সক্ৰিয় আৰু সুদক্ষ। লগতে আৱেদন কৰা সদস্যজনে অসমীয়া ৱিকিপিডিয়াৰ ক্ষতি কৰাহে পৰিলক্ষিত হৈছে। সেয়ে তেখেতৰ আৱেদন অপ্ৰয়োজনীয়, অযুক্তিকৰ আৰু অসংগত বুলি ক'ম। ধন্যবাদ। অনামিকা(চুমু) বড়া (বাৰ্তা) 06:38, 9 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]