এই পৃষ্ঠাখন হৈছে ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (উদ্ভাৱনশালা)ত হোৱা আলোচনাৰ সংৰক্ষিত পাঠ। অনুগ্ৰহ কৰি এই পৃষ্ঠাত একো নিলিখিব।
পূৰ্বৱতী পাঠ পৰৱৰ্তী পাঠ

অসমীয়া ৱিকিপিডিয়াৰ উদ্যোগত আয়োজন কৰিবলৈ ওলোৱা আলোকছবি আৰু প্ৰৱন্ধ প্ৰতিযোগিতাৰ নিয়মাৱলী সম্পাদনা কৰক

আলোক ছবি প্ৰতিষোগিতা (প্ৰতিযোগীৰ বাবে নিয়মাৱলীৰ খচৰা) সম্পাদনা কৰক

উদ্দেশ্য: অসমীয়া ৱিকিপিডিয়াৰ বাবে উন্নত মানৰ অসম বিষয়ক আলোক-ছবিৰ সংগ্ৰহ আৰু তাৰে উন্নত মানৰ ছবি সমূহক পুৰস্কৃত কৰা।

ভাগ লোৱাৰ নিয়ম: ছবিসমূহ ৱিকিপিডিয়াত নিজৰ নামত এটা একাউণ্ট খুলি যোগ দিব পাৰিব। অসমীয়া ৱিকিপিডিয়াৰ প্ৰথম পৃষ্ঠাতে (http://as.wikipedia.org) বাওঁফালে 'ফাইল আপলোড' বুলি অংশ এটা পাব। 'ফাইল আপলোড' পৃষ্ঠালৈ যোৱাৰ বাবে ছবি আপলোড কৰাৰ সমল পাব। তাতে থকা সাৰাংশ অংশত ছবিখনৰ সৰু বিৱৰণ এটা দিব। বিৱৰণৰ একেবাৰে আৰম্ভণিতে "(প্ৰতিযোগিতাৰ বাবে)" বুলি উল্লেখ কৰিব। ৱিকিপিডিয়াত আপলোড কৰাত অসুবিধা পালে, তলৰ ই-মেইল ঠিকনালৈ পঠিয়ালেও হ'ব। ই-মেইলত ৱিকিপিডিয়াৰ প্ৰতিযোগিতাৰ বাবে ছবি (wikipedia photo contest) বুলি উল্লেখ কৰিব।

  1. আলোকছবি সমূহ অসম সংক্ৰান্তীয় তথ্য প্ৰকাশ কৰা বিধৰ হ'ব লাগিব। অসমৰ লগত জড়তি যিকোনো বিষয়ৰ ছবি হ'ব পাৰে। (মুগা-পলুৰপৰা আৰম্ভ কৰি নয়ন-নীলিমলৈ, দীপবাহন ৰিক্সাৰপৰা আৰম্ভ কৰি সত্ৰীয়া নৃত্যৰ হস্তলৈ, বাহকা তিতাৰ পাতৰপৰা আৰম্ভ কৰি পৰশুৰাম কুণ্ডলৈ, চাং-গোহালিৰপৰা আৰম্ভ কৰি তলাতল ঘৰলৈ--- মুঠতে অসম বিষয়ক তথ্য থকা যিকোনো ছবি)
  2. ছবিত সম্বলিত বিষয়টোৰ ওপৰত চুটিকৈ অকণমান লিখি দিলে কিছুমান ক্ষেত্ৰত তথ্যৰ গুৰুত্ব বুজাত সহায়ক হয়। কিন্তু এইটো বাধ্যতামূলক নহয়।
  3. মূল উদ্দেশ্য (তথ্য প্ৰকাশ) অক্ষুণ্ণ ৰাখি শিল্পীয়ে নিজৰ সৃজনীশীলতা আৰোপ কৰাত কোনো বাধা নাই। প্ৰতিযোগিতাৰ বিচাৰত ঘাইকৈ কলাত্মক দিশটোৰহে বিচাৰ কৰা হ'ব।
  4. একোজন প্ৰতিযোগীয়ে ইচ্ছানুসাৰে যিমান ইচ্ছা ছবি দিব পাৰিব। লগতে ছবিসমূহক একোটা ছিৰিজত ভাগ কৰা, এটা বিষয়ক পূৰ্ণ ভাৱে ছবিৰে প্ৰকাশ কৰা বা আন যিকোনো নিজস্ব উদ্ভাৱনী কৌশল প্ৰয়োগ কৰি প্ৰতিযোগীয়ে ভাগ ল'ব পাৰে।
  5. ছবিসমূহত কেপছন নিদিলেও অসুবিধা নাই। থাকিলেও সেইটো বিমূৰ্ত নাম হোৱাতকৈ ছবিখনে দাঙি ধৰা তথ্যৰ ওপৰত হোৱা উচিত।
  6. ইতিকিং কৰা বিধৰ, যৌনতা সম্বলিত, গ্লেমাৰ ছবি, বিষয়ৰ ওপৰত পক্ষপাতী মত বহন কৰা ছবি বা সামাজিক ভাৱে অগ্ৰহণযোগ্য বিষয়ৰ ছবি দিব নোৱাৰিব। এনে ক্ষেত্ৰত মতান্তৰ হ'লে বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত বুলি গ্ৰহন কৰা হ'ব।
  7. ছবি ৰঙীন/ ক'লা-বগা হ'ব লাগিব। (অলপমান সন্দেহ আছে: মই এনেকৈ দিছোঁ কাৰণ অপ্ৰয়োজনীয় ৰঙৰ ব্যৱহাৰে মূল তথ্যক বিকৃত কৰিব পাৰে। যেনে, জাহাজী কলৰ ছবি এখন ছেপিয়া ৰঙেৰে তুলিলে যিমানে কলাত্মক নহ'লেও ৰঙৰ ফালৰপৰা তথ্য বিকৃত কৰা বুজাব।)
  8. চকুত পৰা ধৰণে ডিজিটেল এফেক্ট ব্যৱহাৰ কৰিব নোৱাৰিব।
  9. ছবিসমূহৰ দৃশ্যমান অংশত কোনো ৱাটাৰমাৰ্ক, কপিৰাইট মাৰ্ক, শিল্পীৰ নাম বা আন যিকোনো পোষ্ট-প্ৰডাকছ্‌নৰ সময়ত যোগ দিয়া অংশ থাকিব নোৱাৰিব। ছবিত থকা তাৰিখ আৰু সময়টোও গুচাই দিব লাগিব।
  10. ছবিসমূহৰ আকাৰ কমেও ৬৪০ পিক্সেল (দীঘ বা প্ৰস্থ) হ'ব লাগিব। ৰিজ'লিউছনৰ বাবে বিশেষ বাধ্য-বাধকতা নাই যদিও কমেও ৭২ পিক্সেল/ইঞ্চি হ'ব লাগিব। প্ৰয়োজনতকৈ ডাঙৰ আকাৰৰ ফাইল আপলোড নকৰিব। ভাল ৰিজ'লিউছনৰ ছবি বিচাৰৰ বাবে সুবিধা হয় হেতুকে প্ৰতিযোগীয়ে যিমানে ভাল ৰিজ'লিউছনৰ ছবি আপলোড কৰে, সিমানে ভাল।
  11. ছবি কম্প্ৰেছ কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰিব, যাতে প্ৰয়োজনীয় ডিটেইল্‌ছ কমি নাযায়।
  12. প্ৰতিযোগীয়ে ভাগ ল'বলৈ আগবঢ়োৱা সকলো ছবি (creative commons share alike) অনুজ্ঞাৰ অন্তৰভূক্ত হ'ব। আৰু এবাৰ আপলোড কৰাৰ পাছত প্ৰতিযোগীয়ে এই অনুজ্ঞা উঠাই ল'ব নোৱাৰিব। ছবিসমূহ ৱিকিপিডিয়াৰ চিত্ৰ ভঁৰালত থাকিব আৰু প্ৰয়োজন বোধে অসমীয়াৰ লগতে যিকোনো ভাষাৰ ৱিকিপিডিয়াত ব্যৱহাৰ হ'ব পাৰিব। (Creative Commons Share alike অনুজ্ঞাৰ অন্তৰ্গত কৰ্ম অইন ব্যক্তিয়ে বিতৰণ আৰু ব্যৱহাৰ কৰিব পাৰে। কিন্তু মূল সৃষ্টাৰ (অৰ্থাৎ আপুনোৰ) নাম উল্লেখ কৰাটো বাধ্যতামূলক। লগতে আপোনাৰ কৰ্মক অইন কাৰ্যত ব্যৱহাৰ কৰিলেও তাক একে অনুজ্ঞাৰ (Creative Commons Share Alike) আধাৰত বিতৰণ কৰিব লাগিব। অৰ্থাৎ অইন ব্যক্তিয়ে আপোনাৰ কৰ্মক নিজৰ বুলি বা অৰ্থ লাভৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰে। অৱশ্যে স্ৰষ্টাই (আপুনি) নিজৰ ইচ্ছা মতে তৃত্বীয় ব্যৱহাৰকাৰীক অইন স্বত্ব দিব পাৰে।)
  13. বিভিন্ন শিতান সাপেক্ষে শ্ৰেষ্ঠ ছবি নিৰ্বাচন কৰাৰ উপৰিও সৰ্বশ্ৰেষ্ঠ ছবিৰ বাবে বিশেষ বঁটা থাকিব। এই বিষয়ে বিচাৰকৰ মন্তব্যও ৰাজহুৱা কৰা হ'ব, (বিচাৰকৰ সন্মতি সাপেক্ষে) যাতে সকলো প্ৰতিযোগীয়ে বিচাৰকৰ মন্তব্যৰপৰা লাভবান হয়। সৰ্ব্বোচ্চ সংখ্যক তথ্যসমৃদ্ধ আৰু মান বিশিষ্ট ছবি জমা দিওঁতাৰ প্ৰতিও বিশেষ উপহাৰ থাকিব। দুষ্প্ৰাপ্য বিষয়ৰ ছবি, দুৰ্গম স্থানৰ ছবি আদিৰ বাবে প্ৰতিযোগীক বেলেগে সন্মানিত কৰা হ'ব।
  14. ছবিসমূহ ডিজিটেল কেমেৰাৰে তুলি আপলোড কৰিব পাৰে বা তোলা ফটোৰ স্কেন কৰিও দিব পাৰে। স্কেন কৰি দিলে প্ৰতিযোগীয়ে উল্লেখ কৰিলে ভাল হয়। স্কেনিঙৰ সময়ত হোৱা কিছুমান অসুবিধা তেতিয়া বিচাৰৰ সময়ত গ্ৰাহ্য কৰিব পৰা যায়।
  15. ছবিৰ মান বিচাৰৰ সম্পূৰ্ণ দায়িত্ব বিচাৰকৰ হাতত থাকিব। তেওঁলোকৰ সিদ্ধান্তই চূড়ান্ত বুলি বিবেচিত হ'ব।
  • একেবাৰে শেষত, নক'লেও হয় যদিও কৈ থৈছোঁ: ছবিসমূহ নিজে তোলা হ'ব লাগিব। ছবিখন প্ৰতিযোগিতাৰ বাবে আগবঢ়োৱা মানেই ছবিখন প্ৰতিযোগীয়ে নিজে তোলা বুলি ধৰি লোৱা হ'ব। নকল কৰা ছবি বা আনৰ ছবি নিজৰ বুলি উল্লেখ কৰাটো দৃষ্টিগোচৰ হ'লে ছবিখনক প্ৰতিযোগিতাৰপৰা আঁতৰাই দিয়া হ'ব।

উদ্দীপতালুকদাৰ (talk) 18:51, 21 এপ্ৰিল 2012 (UTC)

আলোচনা সম্পাদনা কৰক

হয়, ছবিখন তোলা তাৰিখ আৰু সময় ওলাই থাকিব নালাগিব। — গীতাৰ্থ বৰদলৈ (talk)
সমৰ্থন| আৰু লগতে আৰু অলপ নিয়ম যোগ কৰাৰ প্ৰয়োজন হ’ব যেন লাগিছে| পাছত দেখা যাব বাৰু|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 18:57, 21 এপ্ৰিল 2012 (UTC)
এইখিনি প্ৰতিযোগীৰ বাবে নিয়মহে। এইখিনিৰ বাবে বেছি সময় ৰ'ব নালাগে। কি নিয়ম আছে সোনকালে দিয়া। দুই-তিনিদিনৰ ভিতৰতে প্ৰচাৰ আৰম্ভ কৰিব পাৰিলে ভাল। কাৰণ প্ৰবন্ধ লিখা, ছবি জমা দিয়াত সময় লাগিব, আৰু প্ৰতিযোগীৰ হাতত অকল মে-মাহটোহে ৰ'বগৈ। ছবি ক'ত জমা দিব সেইটো প্ৰথমে ঠিক কৰিব লাগিব। প্ৰবন্ধ বাৰু হাতে লিখিব বা ৱিকিপিডিয়াত জমা দিব সেইটোত অসুবিধা নাই। কেৱেল শ্ৰেণী এটা সৃষ্টি কৰি প্ৰতিযোগিতাৰ প্ৰবন্ধ বুলি তাতে প্ৰতিযোগিতাৰ প্ৰবন্ধকেইটা যোগ দি গ'লে হ'ল। মোৰ মতে প্ৰবন্ধটোৰ নামটোতে "প্ৰবন্ধ অমুক (প্ৰতিযোগিতাৰ বাবে)" বুলি থাকিলেই সহজ হ'ব। পাছত ফাইনেল কৰি নতুন নামলৈ ৰি-ডাইৰেক্ট কৰি দিলেই হ'ল। আৰু প্ৰতিযোগিতা শ্ৰেষ্ঠতা বিচাৰ আদিৰ বাবে নীতি-নিয়ম অলপ দেৰীকৈ ঠিৰাং হ'লেও একো অসুবিধা নাই। প্ৰথমে প্ৰচাৰৰ বাবে বস্তুটো ওলাই যাব লাগে। তেতিয়াহে বেছিকৈ বস্তু আহিব।উদ্দীপতালুকদাৰ (talk) 19:03, 21 এপ্ৰিল 2012 (UTC)
হ’ব, তেন্তে, এইখিনি সমল লৈ আমি সুন্দৰভাৱে আগুৱাই যাব পাৰিম| বাকীবোৰ পাছলৈ থলো| এতিয়া প্ৰচাৰ কৰাত নামিলেই হ’ল| বাতৰি কাকতত আৰি ই-আলোচনীবোৰত দিব পাৰি নেকি?  বিষ্ণু শ‍ইকীয়াবাৰ্তা 19:10, 21 এপ্ৰিল 2012 (UTC)
বাতৰি-কাকতলৈ চিঠি লিখিলেই হ'ব নে? নে আৰু কিবা লাগিব? সেইটো কৰা যাওঁক। ই-আলোচনী কেইখনলৈও পঠিওৱা যাওঁক। চবেই সহায় কৰিব যেনেই লাগে দেখোন। আৰু কিছু প্ৰিণ্ট-আউট উলিয়াই বিশ্ববিদ্যালয় কেইখন, কলেজ যিমান পৰা যায় আৰু স্কুলৰ জাননী বোৰ্ডলৈও পঠিয়াব লাগে। মোৰ মতে নিজাকৈ একোখন প্ৰিণ্ট কৰি তাৰে ফটোষ্টেট উলিয়াই কলেজ আদিত বিতৰণ কৰিলে কম খৰচত হ'ব। বাহিৰলৈ যোৱাসকলক যোগাযোগৰ বাবে কি ঠিকনা দিয়া যাব?উদ্দীপতালুকদাৰ (talk) 19:17, 21 এপ্ৰিল 2012 (UTC)
চিঠি লিখিলেই হ’ব| অঞ্জলদা আৰু জ্যোতিৰ লগতে আৰু ৩ জনক প্ৰচাৰ দায়িত্ব দিয়া ভাল হ’ব নেকি? যোগাযোগৰ ঠিকনাটো কি দিবনো? অনলাইন হলেতে আমাৰ ইয়াতে প্ৰকল্প পৃষ্ঠা এটা খুলি তাতেই কাম আৰম্ভ কৰিলোহেতেন| কিন্তু বাকীবোৰ কি কৰা যায় জানো?  বিষ্ণু শ‍ইকীয়াবাৰ্তা 19:24, 21 এপ্ৰিল 2012 (UTC)

প্ৰবন্ধ প্ৰতিষোগিতাৰ নিয়মাৱালী সম্পাদনা কৰক

(মই অকল ৱিকিপিডিয়াৰ ভিতৰতে প্ৰবন্ধ লিখিব লাগিব বুলি উল্লেখ কৰিছোঁ। ৰাইজে যদি বিচাৰে, কাগজত লিখা প্ৰবন্ধও ল'ব পাৰি। মাত্ৰ তেতিয়া infox, reference আদি দিবলৈ অলপ বেলেগ নিয়ম ধাৰ্য কৰি দিব লাগিব। মন্তব্য দিবচোন। যদি কলেজ-স্কুললৈ নিব বিচৰা হয়, তেন্তে কাগজত লিখি দিয়াটো মানি ল'ব লাগিব। .... গীতাৰ্থৰ সমৰ্থন অনুযায়ী কাগজত লিখা প্ৰবন্ধও যোগ দিলোঁ।)

উদ্দেশ্য: অসমীয়া ৱিকিপিডিয়াত নতুন সদস্যৰদ্বাৰা প্ৰবন্ধ লিখাৰ উৎসাহ বৃদ্ধি কৰা আৰু প্ৰতিযোগিতাৰ নামতে অন্তত: কেইটামান ভাল প্ৰবন্ধ যোগ দিয়া। লগতে নিৰপেক্ষ আৰু যুক্তিশীল তথ্যসাহিত্য ৰচনাৰ প্ৰতি ৰাইজৰ আগ্ৰহ বৃদ্ধি কৰা।

ভাগ লোৱাৰ নিয়ম: প্ৰবন্ধসমূহ ৱিকিপিডিয়াতে লিখিবলৈ আৰম্ভ কৰি বিস্তাৰ কৰি যাব পাৰে। অৱশ্যে বিস্তাৰ কৰাৰ সময়-সীমা ৩১ মে তাৰিখলৈ। ইয়াৰ পাছত প্ৰবন্ধসমূহ আৰু সম্পাদনা কৰিব নোৱাৰা কৰি দিয়া হ'ব। ৱিকিপিডিয়াত লিখিবলৈ অসুবিধা পালে, প্ৰবন্ধটো লিখি কম্পিউটাৰত টাইপ কৰি বা হাতে লিখা প্ৰবন্ধটো স্কেন কৰি তলৰ ই-মেইল ঠিকনালৈ পঠিয়াব পাৰিব। (ইউনিকোডত টাইপ কৰিলে doc বা odt বা txt ফাইল হিচাপে পঠিয়াব। ছবিসমূহ বেলেগে দিব পাৰিব। ইউনিকোডত নহ'লে pdf ফাইল হিচাপে পঠিয়াব পাৰিব। মূল প্ৰবন্ধত সন্নিবিষ্ট থকাৰ বাহিৰেও প্ৰবন্ধত সংলগ্ন ছবি বেলেগে পঠিয়াব লাগিব।) ৱিকিপিডিয়াত লিখাৰ আগতে আপুনি লগ-ইন কৰি ল'ব। যদি ইতিমধ্যে ৱিকিপিডিয়াৰ সদস্যভুক্ত হোৱা নাই, তেন্তে http://as.wikipedia.org-লৈ গৈ প্ৰথমে সদস্যভুক্ত হৈ লওঁক। প্ৰবন্ধৰ শিৰোনামাত প্ৰবন্ধৰ নামটোৰ লগতে বন্ধনীৰ ভিতৰত (প্ৰতিযোগিতাৰ প্ৰবন্ধ) বুলি উল্লেখ কৰক, উদাহৰণ: "প্ৰবন্ধৰ নাম (প্ৰতিযোগিতাৰ বাবে)"। মেইলত পঠিয়ালে subject হিচাপে, 'article for assamese wikipedia competition' বুলি উল্লেখ কৰিব। নিজৰ নাম আৰু ঠিকনা জনাবলৈ নাপাহৰিব। হাতে-লিখা প্ৰবন্ধ ডাকযোগেও পঠিয়াব পাৰিব। ডাকযোগে প্ৰবন্ধ তলৰ ঠিকনালৈ পঠিয়াওক:

ঠিকনা:

  1. প্ৰবন্ধ প্ৰতিযোগিতা ৱিকিপিডিয়া লিখিত প্ৰবন্ধ বা প্ৰতিযোগিতাৰ বাবে বেলেগে পঠিওৱা প্ৰবন্ধক একেলগ কৰি অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত ৱিকিপিডিয়াৰ অভিজ্ঞ সদস্যসকলে (এবছৰতকৈ পুৰণি!!!) যোগ দিব নোৱাৰিব। প্ৰবন্ধৰ ভাষা অকল অসমীয়া হ'ব লাগিব। প্ৰয়োজন বোধে ইংৰাজী সংজ্ঞাবাচক শব্দ ব্যৱহাৰ কৰিব পাৰিব, কিন্তু তেনে শব্দবোৰ অসমীয়া আখেৰেৰে লিখিব লাগিব আৰু বন্ধনীৰ ভিতৰত ইংৰাজী বানানটো যোগ কৰি দিব লাগিব। সচৰাচৰ ব্যৱহাৰ নোহোৱা অসমীয়া সংজ্ঞাবাচক শব্দৰ বাবে মূল ইংৰাজী শব্দটো বন্ধনীৰ ভিতৰত উল্লেখ কৰি দিলে ভাল।
  2. প্ৰতিযোগিতাৰ বাবে জমা দিয়া যিকোনো হাতে-লিখা প্ৰবন্ধও ৱিকিপিডিয়াৰ অংশ বুলি বিবেচিত হ'ব আৰু তাক সম্পাদনা কৰি ৱিকিপিডিয়াত যোগ দিয়া হ'ব।
  3. শ্ৰেষ্ঠ প্ৰবন্ধৰ উপৰিও শিতান বিশেষে অইন পুৰস্কাৰ থাকিব।
  4. প্ৰবন্ধৰ বিষয়বস্তু নিৰ্দিষ্ট নহয়। মাত্ৰ লিখাৰ আগতে সেই বিষয়ক প্ৰবন্ধ ৱিকিপিডিয়াত ইতিমধ্যে আছে নেকি নিশ্চিত কৰি ল'ব, অসুবিধা পালে কৰ্মকৰ্তাৰ লগত যোগাযোগ কৰি নিশ্চিত হওঁক। আগতে থকা দীঘল প্ৰবন্ধ আকৌ লিখিব নোৱাৰিব। কিন্তু 'পোখালি' বুলি উল্লেখ কৰি থোৱা প্ৰবন্ধ হাতত ল'ব পাৰে। একোটা প্ৰবন্ধ লিখাত এজনতকৈ বেছি প্ৰতিযোগী মিলি এটা গোট হিচাপেও লিখিব পাৰিব। (ৱিকিপিডিয়াৰ মূল নীতিয়েই এইটো বাবে মই গুচাব খোজা নাই।) কিন্তু আটাইকেইজন প্ৰতিযোগীৰ নাম প্ৰবন্ধ আৰম্ভ কৰাৰ আগেয়েই উল্লেখ কৰিব লাগিব। এবাৰ প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰাৰ পাছত নতুন সদস্য প্ৰতিযোগী গোটত যোগ দিব নোৱাৰিব।
  5. প্ৰবন্ধবোৰ সম্পূৰ্ণৰূপে বিশ্বকোষীয় ধাৰণাৰ হ'ব লাগিব। অৰ্থাৎ নিৰপেক্ষ, সম্যক ধাৰণা দিব পৰা, আৰু তথ্য-উৎসৰ উল্লেখ (reference) থাকিব লাগিব। ৱিকিপিডিয়াৰ সম্পাদনাৰ কাৰিকৰী খুঁটিনাটি ঠিক কৰিবলৈ প্ৰতিযোগীয়ে অভিজ্ঞ সদস্যৰ সহায় ল'ব পাৰিব। কিন্তু তেনে সদস্যই মাত্ৰ টেবুল সজাই দিয়া, ৰেফাৰেন্স সঠিক স্থানত বহুওৱা, তথ্য-পেৰা কেনেকৈ যোগ দিব লাগে দেখুৱাই দিয়া, ছবি কেনেকৈ যোগ দিব লাগে দেখুৱাই দিয়া আদিৰ দৰে কাৰিকৰী কামত সহায়হে কৰিব পাৰিব। অভিজ্ঞ সদস্যই মূল লিখিত অংশত কোনো ধৰণৰ সালসলনি কৰিব নোৱাৰিব।
  6. হাতে-লিখা প্ৰবন্ধসমূহ ৱিকিপিডিয়াৰ সদস্যই ৱিকিপিডিয়াত সংযোগ কৰি দিব। হাতে লিখা/কাগজত লিখা প্ৰবন্ধত ৰেফাৰেন্স দিয়া অংশত নম্বৰ দি ৰেফাৰেন্সটো তলত উল্লেখ কৰিব লাগিব। উদাহৰণৰ বাবে সংযোগী 'আৰ্হি' (sample) চাওঁক। (sample খন বেলেগে সন্নিবিষ্ট কৰিব লাগিব।)
  7. প্ৰবন্ধ লিখোঁতাসকলে ইতিপূৰ্বে থকা যিকোনো ছবি ব্যৱহাৰ কৰিব পাৰিব। প্ৰয়োজন বোধে নিজে তোলা ছবি বা অঁকা ৰেখা-চিত্ৰ আদি আপলোড কৰি ব্যৱহাৰ কৰিব পাৰিব। নিজে তুলি দিয়া তেনে ছবি ছবি প্ৰতিযোগিতাৰ বাবেও মান্য হ'ব। অইন উৎসৰপৰা অনা ছবি যেনে বাতৰি-কাকত, আলোচনী আদিৰপৰা কটা ছবি ব্যৱহাৰ কৰিব নোৱাৰিব।
  8. কৰ্মকৰ্তাই ধাৰ্য কৰি দিয়া নিৰ্দিষ্ট এটা দিনৰ পাছত আৰু বিচাৰকে চাই নিজৰ মন্তব্য নিদিয়া পৰ্যন্ত প্ৰবন্ধটো সম্পাদনা কৰিব নোৱৰিব। অৱশ্যে তাৰ পাছত প্ৰবন্ধটো ৱিকিপিডিয়াৰ অইন প্ৰবন্ধৰ দৰে একেই বুলি বিবেচিত হ'ব আৰু সম্পাদনা আদি আন প্ৰবন্ধৰ দৰেই চলি থাকিব।
  9. সকলো প্ৰবন্ধ ৱিকিপিডিয়াৰ নিয়ম অনুসৰি Creative Commons Attribution-Share Alike অনুজ্ঞাৰ অধীন হ'ব আৰু প্ৰতিযোগিতাৰ পাছতো ৱিকিপিডিয়াত জমা কৰি ৰখা হ'ব।
  10. প্ৰবন্ধ এটা সম্পূৰ্ণ ৰূপে বা একোটা অংশ অইন উৎসৰপৰা নকল কৰা বুলি প্ৰমাণিত হ'লে প্ৰবন্ধটো প্ৰতিযোগিতাৰপৰা বাহিৰ কৰাৰ উপৰিও ৱিকিপিডিয়াৰপৰা গুচাই দিয়া হ'ব।
  11. সকলো সিদ্ধান্তৰ ক্ষেত্ৰত বিচাৰকৰ মন্তব্যই চূড়ান্ত বুলি গ্ৰাহ্য হ'ব।

উদ্দীপতালুকদাৰ (talk) 16:55, 21 এপ্ৰিল 2012 (UTC)

আলোচনা সম্পাদনা কৰক

শুদ্ধ শব্দটো "প্ৰবন্ধ"! নিয়মখিনি বঢ়িয়া হৈছে। অভিজ্ঞ সদস্যৰ সময়সীমাটো এবছৰৰ ঠাইত ছমাহ কৰা ভাল! কাগজত লিখা প্ৰবন্ধ হ'লেও তথ্যসূত্ৰ বাবে মোটামুটি একে নিয়ম ল'ব পাৰি। প্ৰবন্ধটোৰ তলত ১,২,৩ আদিকৈ সম্পূৰ্ণ তথ্যসূত্ৰৰ তালিকা দিব লাগিব আৰু প্ৰবন্ধটোৰ যথাস্থানত শাৰীটোৰ পিছে পিছে বন্ধনীৰ ভিতৰত ১,২,৩ আদিবোৰ লিখি দিলেই হ'ল। — গীতাৰ্থ বৰদলৈ (talk) 18:28, 21 এপ্ৰিল 2012 (UTC)
ঠিক আছে তেন্তে। কিন্তু কাগজত দিয়াৰ নিয়মটো কৰি দিলে, আমি একোটা সৰু sample প্ৰবন্ধ দিয়াটো ভাল হ'ব নেকি? বা অকল তথ্য-সূত্ৰখিনি কেনেকৈ দিব লাগে, অন্তত: কিতাপ আৰু বাতৰি-কাকতৰ কাৰণে সেইটো উল্লেখ কৰি দিব লাগিব। ছমাহ হ'লে কিছুমান নতুনকৈ আৰম্ভ কৰা কিন্তু সঘনাই লিখি নথকা মানুহ বাদ যাব নেকি!উদ্দীপতালুকদাৰ (talk) 18:51, 21 এপ্ৰিল 2012 (UTC)


ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প আলোকছবি প্ৰতিযোগিতা নামে এটা প্ৰকল্প খোলা হ’ল| এতিয়াৰে পৰা তাতেই আলোচনা আৰু অনাগত কামবোৰ চলোৱা ভাল হ’ব|  বিষ্ণু শ‍ইকীয়াবাৰ্তা

Language support group for Avaric সম্পাদনা কৰক

The Wikimedia Foundation has brought together a new team of developers who are dedicated to language support. This team is to support all the languages and consequently it is not realistic to expect that the team members can provide proper support for your language. It is for this reason that we are looking for volunteers who will make up a language support team.

This language support team will be asked to provide us with information about their language. Such information may need to be provided either to us or on a website that we will indicate to you. Another activity will be to test software that will likely have an effect on the running of the MediaWiki software. We are looking for people who clearly identify their ability. Formal knowledge is definitely appreciated.

As much of the activity will be concentrated on translatewiki.net, it will be a plus when team members know how to localise at translatewiki.net. Thanks, Gmeijssen 09:02, 15 অক্টোবৰ 2011 (UTC)



চতুৰ্থ অসমীয়া ৱিকিপিডিয়া মিটআপ সম্পাদনা কৰক

চতুৰ্থ খন অসমীয়া ৱিকিমিটআপ তথা অসমীয়া ৱিকিপিডিয়াৰ দশম বৰ্ষপুতি হিছাপে হ'বলগীয়া সভাখন জুন মাহত পাতিম বুলি ভাৱি ঠাই এটা ঠিক কৰা হৈছে। গুৱাহাটীৰ ছয় মাইলৰ সপ্তস্বহীদ পথত অৱস্থিত পংকজ নেওগ ডাঙৰীয়াৰ কাৰ্য্যালয়ৰ এটা কোঠা আমাক মিটিংৰ বাবে দিব বুলি কথা দিছে। মিটআপত আলোচ্য বিষয়সমূহ এতিয়াৰ পৰাই ঠিৰাং কৰিলে সজ হয়। সেয়ে আপোনালোকৰ মতামত বিছাৰিছো। লগতে সকলোকে অনুৰোধ জনালো এইবাৰ যেন ৱিকিপিডিয়াৰ লগত জড়িত সকলো ব্যক্তি যেনেতেনে মিটআপত উপস্থিত থাকে। তাৰ বাবে ৰাইজক তাৰিখ এটা ঠিক কৰিবলৈ অনুৰোধ কৰিলো, জুন মাহৰ যিকোনো এটা দেওঁবাৰ যেনে 3 জুন/ 10জুন/ 17 জুন/ 24জুন। লগতে আলোচিত ফটো আৰু প্ৰবন্ধ প্ৰতিযোগিতাৰ পুৰস্কাৰ আৰু ইতিমধ্যে আৰাম্ভ হোৱা ৱিকিপিডিয়া:অসমীয়া ৱিকিপিডিয়াৰ চিডি, সংখ্যা ১.০ প্ৰকল্পৰ চিডি সমূহৰ বিতৰণৰ বাবেও সেই দিনটোকে বাচনি কৰা হওক। সকলোৰে সহায় সহযোগ কামনা কৰিলো। Jyoti Prakash Nath (talk) 07:49, 21 এপ্ৰিল 2012 (UTC)

১। যিবোৰ বিষয়ত প্ৰৱন্ধৰ সংখ্যা কম আছে সেইবোৰৰ বিষয়ে লিখিবলৈ বা কাৰোবাৰ পৰা লেখা সংগ্ৰহ কৰিবলৈ দ্বায়িত্ব ভগাই লব লাগে। ২। বৰ্ণশুদ্ধি আৰু সত্যসত্যতা নিশ্চিত কৰিবলৈ কেইজন মানে দ্বায়িত্ব ভগাই লব লাগে।পংকজ নেওগ (talk) 08:22, 21 এপ্ৰিল 2012 (UTC)

আগবাঢ়ক, আমি আছো|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 18:54, 21 এপ্ৰিল 2012 (UTC)

অনুস্থিতব্য সভাৰ কাৰ্য্যাবিৱৰণী সম্পাদনা কৰক

  1. ইতিমধ্যে আৰাম্ভ হোৱা প্ৰকল্প কেইটাৰ বিষয়ে নতুন সদস্য সকলক বুজাই দি নিজৰ পচন্দ অনুসৰি বৰঙণি যগোৱাৰ দায়িত্ব দিয়া।
  2. আলোকচিত্ৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা আৰু পুৰস্কাৰ বিতৰণ।
  3. প্ৰবন্ধ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা আৰু পুৰস্কাৰ বিতৰণ।
  4. অসমীয়া ৱিকিপিডিয়াৰ চিডি, সংখ্যা ১.০ উন্মোচন আৰু বিতৰণ।

(আপোনালোকৰ মনত অহা কথাবিলাক ওপৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনালো।)Jyoti Prakash Nath (talk) 07:02, 23 এপ্ৰিল 2012 (UTC)


নতুন বেটুপাত সম্পাদনা কৰক

ৰাইজ, কিছুদিন আগতে আপোনালোকক নতুন বেটুপাতৰ ডিজাইন এটা দেখুৱাইছিলোঁ। সেইটো সামান্য সালসলনি কৰি অহা ৯ বা ১০ জুনত মুকলি কৰিম বুলি ভাবিছোঁ। সদস্য:Gitartha.bordoloi/new cover চাওক আৰু অনুগ্ৰহ কৰি মতামত আগবঢ়াওক। — গীতাৰ্থ বৰদলৈ (talk) 10:29, 5 জুন 2012 (UTC)

লাগে সম্পাদনা কৰক
  1. চালো, মোৰ পচন্দ হৈছে| ১০ তাৰিখৰ আগেয়ে এইয়া ঠিৰাং কৰা উচিত| বিষ্ণু শ‍ইকীয়া বাৰ্তা 10:47, 5 জুন 2012 (UTC)
  2. লাগে, দীপাংকৰ চেতিয়া বাৰ্তা 11:02, 5 জুন 2012 (UTC)
  3. প্ৰভাকৰ শৰ্মা নেওগ (talk) 11:29, 5 জুন 2012 (UTC)
  4. চালো, সুন্দৰ হৈছে।মূকলি কৰিব পাৰে। দ্বিজেন মহন্ত সংবাদ
  5. ভাল হৈছে। কৌশিক বৰা বাৰ্তা
  6. Jyoti Prakash Nath (talk) 08:01, 6 জুন 2012 (UTC)
  7. অম্লান বসুমতাৰী (talk) 09:44, 6 জুন 2012 (UTC)
  8. স্যামন্ত কুমাৰ গোস্বামী বাৰ্তা
নালাগে সম্পাদনা কৰক
অন্যান্য মতামত সম্পাদনা কৰক

নতুন বেটুপাতখন কটন কলেজৰ ১০ জুনৰ মীটআপৰ দিনাই ৰাইজৰ আগতে মুকলি কৰিলে কেনে হয়? এডমিন বিষ্ণু বা অম্লান তো যাবই। নহ'লে আমি সেইদিনাৰ কাৰণে পাতখন খুলি দিম, গীতাৰ্থ বা অন্য কোনোবাই ও কৰিব পাৰিব। প্ৰভাকৰ শৰ্মা নেওগ (talk) 04:07, 6 জুন 2012 (UTC)

লগতে কিন্তু ভৱিষ্যতে নিৰ্বাচিত প্ৰৱন্ধ, আপুনি জানেনে, নিৰ্বাচিত চিত্ৰ আদি আপডে'ট কৰাৰ কথাও আহিব। অম্লান/গীতাৰ্থ/বিষ্ণু আদি: কিবা চিন্তা কৰিচানে? প্ৰভাকৰ শৰ্মা নেওগ (talk) 04:16, 6 জুন 2012 (UTC)


দুয়োটা স্তম্ভ সমান সমান আকাৰৰ হ'লে আৰু ভাল লগিব। Jyoti Prakash Nath (talk) 08:03, 6 জুন 2012 (UTC)

ভাল হৈছে ৷'আপুনি জানেনে', 'নিৰ্বাচিত চিত্ৰ', 'নিৰ্বাচিত প্ৰৱন্ধ' নতুন বিষয়কেইটা ভাল লাগিছে ৷ 'আপুনি জানেনে', 'নিৰ্বাচিত চিত্ৰ', 'নিৰ্বাচিত প্ৰৱন্ধ' একেটা স্তম্ভতে ৰাখিলে ভাল লাগিব ৷ আৰু বিষয় সূচীখন অলপ ওপৰত ৰাখিলে ('সহায়'-ৰ তলতে) সুবিধা হব যেন লাগিছে ! "লগতে কিন্তু ভৱিষ্যতে নিৰ্বাচিত প্ৰৱন্ধ, আপুনি জানেনে, নিৰ্বাচিত চিত্ৰ আদি আপডে'ট কৰাৰ কথাও আহিব"-প্ৰভাকৰ শৰ্মা নেওগ ডাঙৰীয়াৰ সতে একমত ৷মৌচুমী (talk)

'আপুনি জানেনে', 'নিৰ্বাচিত চিত্ৰ', 'নিৰ্বাচিত প্ৰবন্ধ' সদস্য:Gitartha.bordoloi/cover3ৰ দৰে একেটা স্তম্ভতে ৰাখিলে অলপ উচ্চতাৰ খেলিমেলি হয় (খালী ঠাই থাকে), তেতিয়া বাকছবোৰৰ কথাবোৰ আকৌ বঢ়োৱা-কমোৱা কৰিব লাগিব। ওপৰৰ "ৱিকিপিডিয়া মুক্ত বিশ্বকোষ" ফটোখনৰ তলতে "বিষয়শ্ৰেণীসমূহ" লিংক আৰু আখৰৰ তালিকাখন দিয়া বাবে মূল বিষয় সূচীখন তলত দিয়া হৈছে। "নিৰ্বাচিত প্ৰবন্ধ" পষেকৰ মূৰত, "আপুনি জানেনে" আৰু "নিৰ্বাচিত চিত্ৰ" সপ্তাহৰ মূৰে মূৰে সলোৱাৰ কথা ভবা হৈছে। নতুন বেটুপাত ১০ তাৰিখে পুৱা মুকলি কৰা হ'ব। — গীতাৰ্থ বৰদলৈ (talk) 06:28, 7 জুন 2012 (UTC)

টেকনিকেল কথাবিলাক ইমান নাজানো ! সুবিধা অনুসাৰে আগবাঢ়ক! মৌচুমী (talk)

মই দুটা গুৰুত্বপূৰ্ণ কথা ক'বলৈ বিচাৰোঁ:

  1. নতুন বেটুপাতৰ বেনাৰখন: আগতে অসমীয়া ৱিকিপিডিয়া বুলি আছিল। consensus নোলোৱাকৈ ইয়াক সলনি কৰাটো ঠিক হোৱা নাই। এনে কাৰ্যই বেয়া উদাহৰণ প্ৰতিষ্ঠা কৰে।
  2. ১০ জুনৰ ৰাতিপুৱা কিয় সলনি কৰিব লাগে? আবেলি ৰাইজৰ আগত সলনি ক'ৰিব লাগে। এনে কৰিলে মানুহে শিকিবও, আৰু চেৰীমণিয়েলো হ'ব।

প্ৰভাকৰ শৰ্মা নেওগ (talk) 18:45, 7 জুন 2012 (UTC)

নতুন বেটুপাত ১০ জুনত সন্মিলনত মুকলি ক’ৰা হ’ল| ওপৰোক্ত আলোচনাসমূহ ইয়াতেই শেষ হ’ল| বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:40, 12 জুন 2012 (UTC)


হস্তলিখিত প্ৰবন্ধ সংগ্ৰহ সম্পাদনা কৰক

১০ জুন ২০১২ তাৰিখে ৱিকিপিডিয়াৰ জন্মবাৰ্ষিকী পাৰ কৰি আহিলো| প্ৰবন্ধ প্ৰতিযোগিতালৈ প্ৰেৰিত প্ৰবন্ধ কেইটা এতিয়াও ৱিকিপিডিয়াত লিখা হোৱা নাই, গুণমালা প্ৰবন্ধটো আধৰুৱা হৈয়ে আছে, একমাত্ৰ দেওধনী নৃত্যৰ বাহিৰে আন প্ৰবন্ধবোৰ এতিয়ালৈ ৱিকিপিডিয়াত যোগ দিয়া হোৱা নাই| সোনকালেই সেইকেইটা আচল লেখকৰ নামৰ আলোচনা পৃষ্ঠাত উদ্ধৃতি দি ৱিকিপিডিয়াত অন্তৰ্ভুক্ত কৰা | উদাহৰণ স্বৰূপে আপোনালোকে দেওধনী নৃত্যৰ আলোচনা পৃষ্ঠাখন এবাৰ চাব পাৰে| ম‍ই অনুমান কৰা মতে স্বেস্বাসেৱক দুজনমান ওলাব লাগে| আপোনালোকৰ অনুমতি পালে সেই প্ৰবন্ধসমূহ তেওঁলোকক লিখাৰ বাবে আগবঢ়াই দিব পাৰিম|

প্ৰসংগক্ৰমে

অসমীয়া ৱিকিপিডিয়াৰ বাবে আমি হাতে লিখা প্ৰবন্ধ আগলৈকো সংগ্ৰহ কৰিব পাৰিনে? মোৰ বোধে নোৱাৰাৰ কথা নাই| এটা স্থায়ী ঠিকনা আমি প্ৰদান কৰিব সক্ষম হ’লে যিসকলে ইণ্টাৰনেটৰ লগত জড়িত নহয়, তেনে ব্যক্তি বিশেষৰ পৰাও প্ৰবন্ধ সংগ্ৰহ কৰিব পাৰো| সেই প্ৰবন্ধসমূহ পাছত ৱিকিৰ নতুন সদস্য সকলৰ মাজৰ পৰা যিসকলে এনে কামৰ বাবে ইচ্ছুক তেনে সদস্যৰ মাজত ভাগ বিতৰণ কৰি ইউনিকোড ৰূপান্তৰনৰ দায়িত্ব দিব পৰা যাব|

আপোনালোকৰ মতামত জনাবচোন| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:48, 15 জুন 2012 (UTC)

ৰ'ব আন কিছুমান কামত লাগি আছোঁ। "মালিতা"টোৰ দুই পৃষ্ঠামান টাইপ কৰিবলৈ আছে। সোনকালেই কৰি দিম। হাতে লিখা প্ৰবন্ধ সংগ্ৰহ কৰিব পাৰি। কিন্তু তেনে প্ৰবন্ধৰ ৰচনাশৈলী, তথ্যসূত্ৰ ইত্যাদিৰ কথা লেখকক বুজাবলৈ টান হ'ব। প্ৰতিযোগিতাৰ বাবে অহা প্ৰবন্ধকেইটাই তাৰ প্ৰমাণ। ভালেখিনি সম্পাদনা কৰিব লাগিব। — গীতাৰ্থ বৰদলৈ (talk) 16:43, 15 জুন 2012 (UTC)
সঠিক উত্তৰটো নাপালো| তুমি "মালিতা" কৰি আছা, বুজিলো, আৰু বাকীবোৰ? আনহাতে ৰচনাশৈলী, তথ্যসূত্ৰ ইত্যাদিৰ কথা নতুনসকলক বেছিকৈ বুজাই থাকিব নালাগে| অসুবিধা পাব| অভিজ্ঞতা হোৱাৰ পাছত সকলোৱে তথ্যসূত্ৰ দিব পাৰে| ভাল প্ৰবন্ধ এটা ৱিকিলৈ আহিলে তথ্যসূত্ৰ সংগ্ৰহ কৰি প্ৰবন্ধটো ৱিকিফাই কৰিব পৰা যায়| গতিকে তোমাৰ দৃষ্টিত খাতাং সিধান্ত কি জনাবা| বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:05, 15 জুন 2012 (UTC)
নতুনকতো নুবুজাওঁ। কিন্তু অফলাইন প্ৰবন্ধ এটা ৱিকিফাই কৰাটো অলপ টান বুলিহে কৈছোঁ। বাকীকেইটা প্ৰবন্ধ টাইপ কৰিবলৈ মোৰ এতিয়া সময় নাই! দ্বিতীয় কথা, যিকোনো অফলাইন প্ৰবন্ধ আমাক নালাগে। যিবোৰ আন ৱিকি বা গুগলত নাপাওঁ, তেনেকুৱাহে লাগে। নহ'লে নতুন প্ৰবন্ধ লিখা বা আনৰ প্ৰবন্ধ টাইপ কৰা একে কথা। তৃতীয় কথা, আন কেইজনমান সদস্যইও হাতে লিখা প্ৰবন্ধ টাইপ কৰিম বুলি ক'ব লাগিব। নহ'লে লাভ নাই। (খাটাং কিবা ক'লোঁ জানো? :D) ‍‍‍— গীতাৰ্থ বৰদলৈ (talk) 17:27, 15 জুন 2012 (UTC)
খাটাং নহল আকৌ! বাৰু, বাকীবোৰ প্ৰবন্ধ ম‍ই যাক যেনেকে পাৰি টাইপ কৰিবলৈ দিওঁ| বোধহয় ইয়াত কাৰো আপত্তি নাই| আৰু প্ৰবন্ধ যিয়েই নাহক কিয়, চালি জাৰি চাই বিচাৰ ভালবোৰ সুমুৱাই থৈ বেয়াবোৰ আতৰাই থলেই হ’ল| কিজানিবা ভাল প্ৰবন্ধ হাতত আহেই| আৰু এনেবোৰ প্ৰচেষ্টাৰে ৱিকিপিডিয়া সম্পৰ্কে অন্য ৰাইজো অৱগত হোৱাৰ সুযোগ পাব বুলি ম‍ই ভাবো| বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:59, 15 জুন 2012 (UTC)


মিডিয়া যোগ সম্পাদনা কৰক

অসমীয়া ৱিকিপিডিয়াৰ নৱাগতসকলকে ধৰি সকলো সদস্যই কম-বেছি পৰিমাণে চিত্ৰ যোগ কৰাত পাৰ্গত হৈ উঠিছে। মই ভাবোঁ যে আমি এতিয়াৰ পৰা সকলো ছবি ৱিকিকমন্সতহে যোগ কৰা উচিত। মনত ৰাখিব ৱিকিপিডিয়াক আমি মিডিয়া ভঁৰাল হিচাপে ব্যৱহাৰ কৰিব নালাগে কাৰণ তাৰ বাবে ৱিকিকমন্স আছেই। পুৰণা সদস্য বা প্ৰশাসকসকলে এই ক্ষেত্ৰত চকু ৰাখিব লাগে আৰু নজনাসকলক আপল'ডৰ নিয়মবোৰ পাৰ্যমানে শিকাব লাগে। ৱিকিকমন্সত আপল'ড কৰিলে আমি কপিৰাইট ভঙ্গৰ পৰা সাৰি থাকিব পাৰিম কাৰণ সেইবোৰ ভালদৰে পৰীক্ষা কৰা হ'ব। ৱিকিকমন্সত যোগ কৰাৰ আন এটা লাভ হ'ব যে তেতিয়া এখন ছবি আমি যিকোনো ৱিকিমিডিয়া প্ৰকল্পতে ব্যৱহাৰ কৰিব পাৰিম। — গীতাৰ্থ বৰদলৈ (talk) 17:53, 1 জুন 2012 (UTC)

উচিত কথাকেই কৈছা| ইংৰাজী বা অন্য ৱিকিকিছুমানত এই কাৰণৰ বাবে আপলোড পক্ৰিয়াটো ইমান জটিল কৰি ৰাখে যতে ঘূৰি ঘূৰি গৈ মানুহে কমন্সত আপলোড কৰিবলৈ বাধ্য হয়| আনহাতে কমন্সৰ আপলোড প্ৰক্ৰিয়াটো যথেষ্ঠ সহজো| গতিকে ম‍ই আমাৰ আপ্লোড প্ৰক্ৰিয়াটো জটিল কৰি তুলিম বুলি ভাবিছো| তেনে কৰা ভাল দেখানে?  বিষ্ণু শ‍ইকীয়াবাৰ্তা 18:03, 1 জুন 2012 (UTC)
তেনে কৰিব পাৰি নেকি? কৰিলে বেয়া নহ'ব চাগে। বাকীবোৰেও মন্তব্য দিয়ক। ৰ'ব ফে'চবুকত আলোচনাৰ লিংকটো দিওঁ। — গীতাৰ্থ বৰদলৈ (talk) 18:28, 1 জুন 2012 (UTC)
মই ভাৱো নবাগত সকলে অকল প্ৰতিযোগিতাৰ বাবেহে বেছিকৈ ৱিকিত ফটো আপলোড কৰিছে আৰু এতিয়া তেঁলোকক বুজাই দিলে পিছলৈ কমন্সতে আপলোড কৰিব। আমাৰ আপলোড প্ৰক্ৰিয়াটো অলপ জটিল কৰাত মই সহমত পোষন কৰিছো। Jyoti Prakash Nath (talk) 19:48, 1 জুন 2012 (UTC)
ইংৰাজী / বাংলা আৰু হিন্দী ৱিকিপিডিয়াৰ আপলোড পক্ৰিয়াটো এবাৰ চাই মন্তব্য দিবা| অনুমতি পালে পক্ৰিয়াটো জটিল কৰিব পৰা যাব|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 20:00, 1 জুন 2012 (UTC)
আপল'ড প্ৰক্ৰীয়া জ'টিল কৰাটো মই সমৰ্থন নকৰোঁ। অসমীয়া ৱিকি এখন সৰু ৱিকি আৰু বেছি ধৰাবন্ধা কৰি থাকিলে অৱশেষত শেষ হৈ যাব। কাৰোবাৰ ফটো যদি কোনোবাই চুৰি কৰে তেন্তে আপত্তি দিলেই হ'ল, আমি প্ৰথমতে ডীলিট কৰিম আৰু বিচাৰ ক'ৰিম। বাংলা বা হিন্দী ৱিকিৰ লগত আমাৰ কোনো দিশৰপৰাই তুলনা নহয়, নকৰাই ভাল। প্ৰভাকৰ শৰ্মা নেওগ (talk) 14:52, 3 জুন 2012 (UTC)

ময়ো প্ৰভাকৰ নেওগৰ কথা সমৰ্থন কৰো।

দ্বিজেন মহন্ত সংবাদ
আপল'ড প্ৰক্ৰীয়া জ'টিল কৰা সম্পৰ্কত নকওঁ, কিন্তু মোৰ মতেও পৰা পক্ষত কমঞ্চতে আপলোড কৰিব লাগে, কমঞ্চলৈ প্ৰতিযোগীতাৰ ছবিসমূহো স্থানান্তৰ (প্ৰতিলিপি ) কৰি পেলোৱা উচিত, কমঞ্চৰ ভঁৰালত অসম সম্পৰ্কীয় ছবি বৃদ্ধি কৰিব লাগিব আমিয়েই, গতিকে এইটোৱেই ভাল উপায়, তাৰোপৰি দেখা যায় অসমীয়া ৱিকিত আপ্লোড কৰোতে, চাইপো বৰুৱাই কষ্টেৰে সজা লাইচেন্সৰ ড্ৰপ ডাউন মেনুখন (আৰু কপিৰাইটৰ সাচঁবোৰ) ব্যৱহাৰ কৰা সদস্য বৰ কম (প্ৰতিযোগীতাৰ ছবিখিনি বাদ দি), সৰু ৱিকি বুলিয়েই আমি কপিৰাইট নিয়ম ভাঙি যোৱাটো উচিত ন’হ’ব বৰ এটা। দীপাংকৰ চেতিয়া বাৰ্তা 17:16, 3 জুন 2012 (UTC)


মূল প্ৰস্তাৱটো আপল'ড প্ৰক্ৰিয়া জটিল কৰাৰ বিষয়ে নহয়, ৱিকিকমন্সত আপল'ড কৰাৰ বিষয়েহে। অসমীয়া ৱিকিপিডিয়াত বহু অনুজ্ঞাপত্ৰবিহীন চিত্ৰ (তাৰে বেছিভাগ নিজৰ সৃষ্টি নহয়) আছে যিবোৰ লাহে লাহে ৱিকিকমন্স স্কাউটৰ চকুত পৰি আছে। মই আকৌ কৈছোঁ- ৱিকিপিডিয়াক আমি মিডিয়া ভঁৰাল হিচাপে ব্যৱহাৰ কৰিব নালাগে। ৱিকিপিডিয়াত যধেমধে ছবি আপল'ড কৰাৰ বিষয়ে ইতিমধ্যে ৱিকিমিডিয়াৰ কেইবাজনো কৰ্মকৰ্তাই আপত্তি দৰ্শাইছে। আমি সময় থাকোঁতেই এইবোৰ ঠিক কৰা উচিত আৰু যিটো সঠিক পথ সেইটো অনুসৰণ কৰা উচিত। দীপাংকৰ চেতিয়াৰ সৈতে মই একমত- সৰু ৱিকি বুলিয়েই আমি কপিৰাইট নিয়ম ভাঙি যোৱা উচিত নহ'ব। — গীতাৰ্থ বৰদলৈ (talk) 17:19, 3 জুন 2012 (UTC)


অনুগ্ৰহ কৰি এইখিনি চাওক সকলোৱে চাওক আৰু মন্তব্য দিয়ক| আমি ইতিমধ্যে ৰেড এলাৰ্ট পালোৱেই.... আৰু এতিয়াও ?????  বিষ্ণু শ‍ইকীয়াবাৰ্তা 17:24, 3 জুন 2012 (UTC)
হয়, তাৰো পৰি দেখিছো দুই এজন সদস্যক ফেচবুকে ৱিকিয়ে সকলোতে মেচেজ দিয়াৰ পাছতো তেওঁলোকে লাইচেন্স চিলেক্ট নকৰে বা ইন্টাৰ্নেটৰ পৰা লোৱা (পাব্লিক ড’মেইনৰ নোহোৱা )ছবি আপ্লোড কৰে, তাৰোপৰি যোৱাবছৰৰ আগতে সৃষ্ট বহুবোৰ (প্ৰায়বোৰ) প্ৰৱন্ধত ব্যৱহৃত ছবিতো এনে সমস্যা আছে, হঠাতে এই সকলোবোৰ কিবা কাৰণত আঁতৰাই পেলালেচোন গোটেই খন আউল লাগিব, সেয়ে ইমানতে সাৱধান হোৱা ভাল, চিযুৱে ৱিকিমিটত আহোঁতে এই কথাটো কেইবাবাৰো বিষ্ণু দা আৰু মোক শুণাইছিল দীপাংকৰ চেতিয়া বাৰ্তা 17:37, 3 জুন 2012 (UTC)
বৰ্তমানৰ ছবিবোৰ অতি সোনকালে বৰ্ননা সহকাৰে সম্পূৰ্ণ কৰি তুলিব লাগে|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 17:40, 3 জুন 2012 (UTC)
Just looking at the first few photos on that page, I see several problems with automatically transferring these files to Commons:
All of these files would be deleted if uploaded to Commons in that state. I also noticed that the Assamese Wikipedia is hosting a lot of files under fair use claims despite not being listed as one of the projects that accept non-free content and despite not having an Exemption Doctrine Policy as required by the Wikimedia Foundation to do so. Several of these non-free files were even tagged for transfer to Commons! Personally, I'd strongly recommend disabling local uploads on the Assamese Wikipedia, as the project is clearly lacking the ability to manage the responsibility. LX (talk, contribs) 12:48, 3 June 2012 (UTC)
ৱিকিকমন্সত আপলোড কৰাটো মই সদায়ে সমৰ্থন কৰোঁ। আমাৰ ৱিকিৰ ফাইল আপলোড পৃষ্ঠাখনত যিহেতু তিনিটা অপচন হে দিব লাগে (লক্ষ্য ফাইলৰ নাম, সাৰাংশ, আৰু অনুজ্ঞাপত্ৰ) আৰু তাৰ মাজৰ লক্ষ্য ফাইলৰ নামটোহে কেৱল বাধ্যতামূলক, সেয়ে মই ভাবোঁ upload form খনত উৎস, স্বতাধিকাৰী, অনুমতি আদি দিব পৰাকৈ text field দিব লাগে। লগতে এইবোৰ বাধ্যতামূলক কৰি দিব লাগে, যাতে খালি ৰাখিলে ফাইল আপলোড নহয়।--অম্লান বসুমতাৰী (talk) 17:46, 3 জুন 2012 (UTC)
অম্লানৰ মত ১০০% গ্ৰহনযোগ্য| তেনে এটা পক্ৰিয়া বনাবলৈ মোক অম্লানে অলপ সহায় কৰিবানে?  বিষ্ণু শ‍ইকীয়াবাৰ্তা 17:50, 3 জুন 2012 (UTC)
অম্লানৰ কথা (আচলতে সকলোৰে কথা) ঠিকেই আছে, মিডিয়াৰ মূল সৃষ্টিকৰ্তাই উপযুক্ত সন্মান বা মাননী পোৱা উচিত। আমিতো মাননী দিব নোৱাৰোঁ, তেন্তে attribution দিম। এতিয়া মোৰ কথাটো হৈছে নতুন ৱিকিপিডিয়ানক এই লাইচেন্সৰ কথাটো কেনেকৈ বুজাম য'ত মই নিজেই licence issue বোৰ বুজি নেপাওঁ? (মই সঁচাকৈ সম্পূৰ্ণৰূপে বুজি নেপাওঁ)। সেয়ে মোৰ প্ৰস্তাব যে যেয়ে যেনেকৈ পাৰে, যি লাইচেন্সতে আপল'ড কৰি থাকক। পাচত মূল সৃষ্টিকৰ্তাই আপত্তি কৰিলে দেখা যাব। মই এই লাইচেন্সৰ কথাটো ইমান গুৰুত্বসহকাৰে - বিশেষকৈ অসমীয়া ৱিকিত - যি জীয়াই থাকিবলৈ যুজ কৰি আছে - লোৱাটো ভাল পোৱা নাই। এজন নতুন লেখকে লেখিবই, নে লাইচেন্সৰ কথা জানিবলৈ ৱিকিৰ আইন পঢ়ি থাকিব? ৰাইজ, প্ৰেক্টিকেল হওক। প্ৰভাকৰ শৰ্মা নেওগ (talk) 23:19, 3 জুন 2012 (UTC)


প্ৰস্তাৱটো দিয়াৰ দহদিন পাৰ হৈছে আৰু বেছিভাগ সদস্যই ইয়াক সমৰ্থন কৰিছে। গতিকে এইটোক অসমীয়া ৱিকিপিডিয়াৰ মিডিয়া নীতি হিচাপে ধৰি লোৱা যাওক আৰু আন ঠাইত লিপিবদ্ধ কৰা হওক। — গীতাৰ্থ বৰদলৈ (talk) 05:29, 12 জুন 2012 (UTC)
"মিডিয়া নীতি" বুলি ক’লে সঠিক কি হ’ব বুজা নাই, যিহেতু আমি এতিয়াও চুড়ান্ত সিদ্ধান্তত উপনীত হ’ব পৰা নাই| যদি পাৰি "মিডিয়া নীতি" হিচাপে কেইটামান নিয়ম প্ৰস্তুত কৰা উচিত| বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:43, 12 জুন 2012 (UTC)


"মিডিয়া নীতি" মানে ওপৰৰ প্ৰস্তাৱৰ কথাখিনিকে বুজাইছোঁ যে সকলো ছবি বা ভিডিঅ' ৱিকিকমন্সত আপল'ড কৰিব লাগে। আজিও স্যামন্ত দাই ভেকুলী বিয়াৰ এখন ছবি আপল'ড কৰিছে য'ত উত্‍স বা অনুজ্ঞাপত্ৰৰ উল্লেখ নাই। আমি আমাৰ "পোখালি নীতি", এইটো আদিবোৰ বেলেগ পৃষ্ঠা এখন কৰি সাঁচি থোৱা ভাল নেকি? আৰু এটা প্ৰস্তাৱ আছে, তথ্যসূত্ৰ বিষয়ক। সেইদিনা নুপুৰ আৰু বাকীবোৰৰ লগত আলোচনা হৈছিল। এইটো হেস্তনেস্ত হ'লেই সেইটো ইয়াত দিম। — গীতাৰ্থ বৰদলৈ (talk) 14:53, 12 জুন 2012 (UTC)
ঠিক আছে| সাৰাংশ উদ্ধাৰ কৰি প‍ইণ্ট হিচাপে বনাব লাগিব তেনে| দ্বিতীয় প্ৰস্তাৱটো ম‍ই সমৰ্থন কৰিছো| সকলোৱে বুজি পোৱাকৈ আৰু হাতে পোৱাতে এনে নীতিসমূহ সাঁচি থ’লে ভাল হয়| বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:57, 12 জুন 2012 (UTC)
A good discussion. We do have a page মেডিয়াৱিকি:Licenses that should have taken care of this, but for some reason, it is not working on as-wiki. I don't know why. The idea is to make sure the uploaders conform to Wikipedia's licensing requirements. Some information is available here: http://www.mediawiki.org/wiki/Manual:Image_Administration চাইপাও 11:12, 14 জুন 2012 (UTC)
কাম কৰা নাই মানে? ফাইল আপল'ডৰ সময়ত অনুজ্ঞাপত্ৰৰ ড্ৰপ-ডাউন মেনুখনেতো কাম কৰি আছে। — গীতাৰ্থ বৰদলৈ (talk)
hmm...true, gitartha. what we need is the interface that is currently implemented on en-wiki. চাইপাও 19:13, 14 জুন 2012 (UTC)

আলোচনাৰ সাৰাংশ:

  • অসমীয়া ৱিকিপিডিয়াত ব্যৱহাৰ কৰিবলগীয়া সকলো ছবি বা ভিডিঅ' ৱিকিকমন্সত আপল'ড কৰিব লাগে (ইয়াৰ লাভালাভ ওপৰত কোৱা হৈছে)।
  • যদি কেতিয়াবা কিবা কাৰণত অসমীয়া ৱিকিপিডিয়াতে ছবি আপল'ড কৰিবলগীয়া হয় তেন্তে সদস্যজনে সঠিক উত্‍স, লেখক আৰু অনুজ্ঞাপত্ৰ উল্লেখ কৰিব লাগিব।
  • ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা ছবি বুলি গম পালে প্ৰশাসকে টেগ কৰিব আৰু উত্তৰ নাপালে বিলোপ কৰিব।

(* অসমীয়া ৱিকিপিডিয়াৰ আপল'ড প্ৰপত্ৰখনত সকলো তথ্য উল্লেখ কৰা বাধ্যতামূলক হ'ব লাগে আৰু উল্লেখ নকৰিলে যাতে আপল'ড নহয় তেনে ব্যৱস্থা কৰিব লাগে।)

  • সকলো ন-পুৰণি সদস্যক ৱিকিকমন্সত আপল'ড কৰাৰ বিষয়ে জনাব লাগে।

— গীতাৰ্থ বৰদলৈ (talk) 15:17, 12 জুন 2012 (UTC)


ৱিকিপিডিয়া:আপল’ড আৰু সাঁচ:UploaderHints দুটা বনাইছো, আৰু বহুত কাম বাকী আছে... এই পৃষ্ঠা দুটা পৰীক্ষা কৰি দোষ ক্ৰুটি কিবা আছে নেকি ব্যক্ত কৰিবা| বিষ্ণু শ‍ইকীয়া বাৰ্তা 20:20, 15 জুন 2012 (UTC)

ভোটদান সম্পাদনা কৰক

আপল’ড প্ৰক্ৰিয়া সংস্কাৰৰ বাবে ওপৰত কৰা আলোচনা মৰ্মে 38245 নামৰ এটা বাগ্‌ ৰিকুৱেষ্ট পঠিয়াইছিলোঁ। তেওঁলোকৰ পৰামৰ্শ মতে এই সিদ্ধান্তত ভোটিঙৰ প্ৰয়োজন হৈছে। অনুগ্ৰহ কৰি সকলোৱে চাইচিতি সোনকালে ভোট দিব।

হয় (Yes)
  1. বিষ্ণু শ‍ইকীয়া বাৰ্তা 13:39, 24 জুলাই 2012 (UTC)
  2. সমৰ্থন। লগতে অসমীয়া ৱিকিপিডিয়াত আপলোড কৰিব পৰাৰ specific নিৰ্দেশাৱলী থাকিব লাগে, যে, অকল এইকেইটা ক্ষেত্ৰতহে অসমীয়া ৱিকিপিডিয়াত আপলোড কৰিব পৰা হ'ব, অন্যথা কমন্সত দিব লাগিব।উদ্দীপতালুকদাৰ (talk) 14:24, 24 জুলাই 2012 (UTC)
  3. দীপাংকৰ চেতিয়া বাৰ্তা 14:57, 24 জুলাই 2012 (UTC)
  4. বিকাশ শৰ্মা (বাৰ্তা) 08:00, 25 জুলাই 2012 (UTC+5:30)
  5. Jyoti Prakash Nath (talk) 17:50, 29 জুলাই 2012 (UTC)
  6. — গীতাৰ্থ বৰদলৈ (talk) 10:35, 30 জুলাই 2012 (UTC)
  7. Mouchumi (talk) 10:52, 30 জুলাই 2012 (UTC)
  8. ভগৎ লাল দত্ত 12:28, 30 জুলাই 2012 (UTC)
  9. Anjal Borah (talk) 12:40, 30 জুলাই 2012 (UTC)
  10. Manjil Konwar (talk) 13:05, 30 জুলাই 2012 (UTC)
  11. মৌচুমী(talk)


নহয় (No)


সদস্যসকলক ধন্যবাদ জনালোঁ। 38245 বাগ্‌টো ডেভেলপাৰসকলে সমাধান কৰিলে। এতিয়াৰপৰা আপোনালোকে ৱিকিপিডিয়াৰ পৃষ্ঠাৰ বাওঁফালে সা-সঁজুলিত থকা "ফাইল আপল’ড কৰক" লিংকটো ক্লিক কৰিলে "ৱিকিপিডিয়া:ফাইল আপল’ড বিশেষজ্ঞ" পৃষ্ঠাখন পাব। পৃষ্ঠাখনৰ অনুবাদ সোনকালেই শেষ কৰা হ'ব।

— গীতাৰ্থ বৰদলৈ (talk) 16:51, 30 জুলাই 2012 (UTC)