ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২২/উল্লেখনীয় কাম
- অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১০,৫৭৬ টালৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৪১৫ খনলৈ বৃদ্ধি পালে।
- জুন মাহৰ ২০ তাৰিখৰ পৰা আৰম্ভ হোৱা কুৰি শতিকাৰ শ্ৰেষ্ঠ অসমীয়া এডিটাথন ২০২২ নামৰ সম্পাদনা মেলাৰো ৯ জুলাই অন্ত পৰে। এই মেলাত ৱিকিপিডিয়ানসকলে গৰীয়সী আলোচনীৰ ২০০০ চনৰ জানুৱাৰী সংখ্যাত বিংশ শতিকাৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া আৰু আন কুৰিগৰাকী শ্ৰেষ্ঠ অসমীয়াৰ তালিকাত থকা অসমীয়া ব্যক্তিসকলৰ বিষয়ে প্ৰবন্ধসমূহ উন্নীত কৰি ভাল/নিৰ্বাচিত প্ৰবন্ধৰ স্তৰলৈ নিয়াৰ বাবে বৰঙণি আগবঢ়ায়।
- জুলাই মাহত ৱিকিপ্ৰকল্পসমূহত ৱিকি লাভ্ছ লিটাৰেছাৰ ২০২২ নামৰ এক প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত ৱিকিমিডিয়ানসকলে ৱিকিপিডিয়াত শতাধিক প্ৰবন্ধ সৃষ্টি তথা বিস্তাৰ কৰাৰ লগতে ৱিকিউৎসত কেইবাখনো গ্ৰন্থৰ মুদ্ৰণ সংশোধন আৰু বৈধকৰণ কৰে। ৱিকিমিডিয়া কমন্সলৈয়ো ৱিকিমিডিয়ানসকলে বৰঙণি আগবঢ়ায়। এই সহযোগিতা মূলক প্ৰতিযোগিতাখনত অন্তৰ্ভুক্ত হোৱা প্ৰবন্ধ সমূহ হৈছে:
- লক্ষ্মীনাথ বেজবৰুৱা
- কৃষ্ণকান্ত সন্দিকৈ
- জ্যোতিপ্ৰসাদ আগৰৱালা
- গোপীনাথ বৰদলৈ
- বিষ্ণুপ্ৰসাদ ৰাভা
- বাণীকান্ত কাকতি
- অম্বিকাগিৰী ৰায়চৌধুৰী
- ৰাধাগোবিন্দ বৰুৱা
- বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
- মহেশ্বৰ নেওগ
- ভূপেন হাজৰিকা
- সূৰ্য কুমাৰ ভূঞা
- চৈয়দ আব্দুল মালিক
- বিৰিঞ্চি কুমাৰ বৰুৱা
- হেম বৰুৱা
- চন্দ্ৰপ্ৰভা শইকীয়ানী
- পদ্মনাথ গোহাঞিবৰুৱা
- তৰুণৰাম ফুকন
- নৱকান্ত বৰুৱা
- হোমেন বৰগোহাঞি
- ভবেন্দ্ৰ নাথ শইকীয়া
- অসমীয়া ৱিকিউৎসত মুদ্ৰণ সংশোধন আৰু বৈধকৰণ সমাপ্ত হোৱা গ্ৰন্থৰ তালিকা: