এ. আৰ. ৰহমান
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
আল্লাহ ৰাখা ৰহমান (ইংৰাজী: Allah Rakha Rahman)ৰ জন্মতে নাম আছিল এ. এছ. দিলীপ কুমাৰ৷ তেওঁ চমুকৈ ARR(এআৰআৰ) হিচাপেও পৰিচিত৷ আল্লাহ ৰাখা ৰহমান এজন ভাৰতীয় সংগীত সুৰকাৰ, ৰেকৰ্ড প্ৰযোজক, গায়ক, গীতিকাৰ, সংগীতজ্ঞ, বহুকেইটা বাদ্যৰ বাদ্যযন্ত্ৰী, আৰু লোকহিতৈষী৷ [2]তেওঁ ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত৷ তেওঁ প্ৰধানকৈ তামিল আৰু হিন্দী ছবিৰ লগত ঘনিষ্ঠ যদিও সময়ে-সময়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবিতো কাম কৰে। তেখেতে এতিয়ালৈকে ছটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, দুটা একাডেমী বঁটা, দুটা গ্ৰেমী বঁটা, এটা বাফটা বঁটা, এটা গোল্ডেন গ্ল'ব বঁটা, ছটা তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা, পোন্ধৰটা ফিল্মফেয়াৰ বঁটা আৰু আঠাইশটা ফিল্মফেয়াৰ বঁটা-দক্ষিণ লাভ কৰিছে।[3] ২০১০ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ প্ৰদান কৰে।[4]
এ. আৰ. ৰহমান A. R. Rahman | |||||||||
---|---|---|---|---|---|---|---|---|---|
২০১৯ চনত ৰহমান | |||||||||
জন্ম | এ.এছ. দিলীপ কুমাৰ ৬ জানুৱাৰী, ১৯৬৭ (৫৮ বছৰ) মাদ্ৰাছ, মাদ্ৰাছ ৰাজ্য, ভাৰত | ||||||||
অন্য নাম |
| ||||||||
শিক্ষানুষ্ঠান | ত্ৰিনিটি কলেজ অৱ মিউজিক | ||||||||
পেচা |
| ||||||||
সক্ৰিয় হৈ থকা সময় | ১৯৯২–বৰ্তমানলৈকে | ||||||||
সংস্থা | কে এম মিউজিক কনচাৰভেটৰী | ||||||||
দাম্পত্যসঙ্গী | সাইৰা বানু (বি. ১৯৯৫; বিচ্ছেদ ২০২৪)[1] | ||||||||
পিতৃ-মাতৃ | আৰ.কে. শেখৰ | ||||||||
সন্তান | ৩ | ||||||||
বঁটা, সন্মান, পুৰস্কাৰ আদি | অস্কাৰ, গোল্ডেন গ্লোব, গ্ৰেমী ইত্যাদি | ||||||||
| |||||||||
স্বাক্ষৰ | |||||||||
চিত্ৰ:A R Rahman signature.svg | |||||||||
ৱেবছাইট | |||||||||
arrahman |
ঘৰুৱা ষ্টুডিঅ' পঞ্চথান ৰেকৰ্ড ইনৰ সৈতে ৰহমানৰ চলচ্চিত্ৰীয় সাংগীতিক কেৰিয়াৰ আৰম্ভ হয়৷ তেওঁৰ প্ৰথমখন ছবি আছিল ১৯৯০ চনৰ তামিল ছবি ৰোজা।[5] ইয়াৰ পিছত তেওঁ মণি ৰত্নমৰ বম্বে, কাধলান, থিৰুদা থিৰুদা, এছ শংকৰৰ প্ৰথম ছবি জেণ্টলমেনকে ধৰি তামিল ভাষাৰ ছবিৰ বাবে সংগীত সৃষ্টি কৰে। ৰহমানৰ প্ৰথমখন হলিউডৰ ছবি আছিল কমেডী কাপলছ ৰিট্ৰিট (২০০৯)ৰ৷ ছবিখনে শ্ৰেষ্ঠ সংগীত বিএমআই বঁটা লাভ কৰে। স্লামডগ মিলিয়নেয়াৰ (২০০৮)ৰ বাবে তেওঁ ৰচনা কৰা সংগীতে ৮১ সংখ্যক একাডেমী বঁটাত শ্ৰেষ্ঠ মৌলিক সংগীত আৰু শ্ৰেষ্ঠ মৌলিক গীত (জয় হোৰ বাবে) লাভ কৰে। ২০১০ চনৰ গ্ৰেমী বঁটাত তেওঁক শ্ৰেষ্ঠ সংকলন আৰু ভিজুৱেল মিডিয়াৰ বাবে বঁটা দিয়া হয়। তেওঁক "ইছাই পুয়াল" (সংগীতৰ ধুমুহা) আৰু "মাদ্ৰাজৰ মোজাৰ্ট" বুলি জনা যায়।[6]
ৰহমান এজন লোকহিতৈষী৷ তেওঁ কেইবাটাও কৰ্ম আৰু দাতব্য সংস্থাৰ বাবে দান কৰিছে আৰু ধন সংগ্ৰহ কৰিছে। ২০০৬ চনত বিশ্ব সংগীতৰ প্ৰতি আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে তেওঁক সন্মান জনায়।[7] ২০০৮ চনত তেওঁ মাদ্ৰাজৰ ৰটাৰী ক্লাবৰ পৰা জীৱনজোৰা সাধনাৰ বঁটা লাভ কৰে।[8] ২০০৯ চনত তেওঁক বিশ্বৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ টাইম তালিকাত অন্তৰ্ভুক্ত কৰা হয়।[9] ২০১৩ চনত তেওঁ দক্ষিণ ভাৰতীয় ছবিত ৭.১ চাৰাউণ্ড শব্দ প্ৰযুক্তিৰ প্ৰৱৰ্তন কৰে।[10] ২০১৪ চনত বাৰ্কলি কলেজ অৱ মিউজিকৰ পৰা তেওঁ সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰাও সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছে।[11]২০১৭ চনত তেওঁ লে মাস্ক ছবিখনৰ পৰিচালক আৰু লেখক হিচাপে আত্মপ্ৰকাশ কৰে।[12]
প্ৰাৰম্ভিক জীৱন
সম্পাদনা কৰকআল্লাহ ৰাখা ৰহমানে[13] ১৯৬৭ চনৰ ৬ জানুৱাৰীত তামিলনাডুৰ মাদ্ৰাজত দিলীপ কুমাৰ ৰাজাগোপাল নামেৰে জন্মগ্ৰহণ কৰিছিল।[14] তেওঁৰ পিতৃ আছিল মুদলিয়াৰ[15][16] পৰিয়ালৰ আৰ কে শ্বেখৰ৷ তেওঁ তামিল আৰু মালয়ালম ছবিৰ চলচ্চিত্ৰ সংগীতকাৰ, সুৰকাৰ আৰু পৰিচালক আছিল। ৰহমানে চাৰি বছৰ বয়সৰ পৰাই পিয়ানো শিকিবলৈ আৰম্ভ কৰে।[14] ষ্টুডিঅ’ত তেওঁ দেউতাকক সহায় কৰিছিল আৰু কিবৰ্ড বজাইছিল।
ৰহমানৰ ন বছৰ বয়সত পিতৃৰ মৃত্যু হয়৷ ইয়াৰ পিছত পিতৃৰ সংগীতৰ সঁজুলি ভাড়াত দি তেওঁলোকৰ পৰিয়ালটোৱে উপাৰ্জনৰ পথ মোকলাইছিল।[17] মাতৃ কৰিমা (জন্ম কস্তুৰী)ই ৰহমানক প্ৰতিপালন কৰিছিল৷[18] পদ্মসেশাদ্ৰী বাল ভৱনত অধ্যয়নৰত ৰহমানে পৰিয়াল পোহপাল দিবলৈ কাম কৰিবলগীয়া হৈছিল, যাৰ ফলত তেওঁ নিয়মিতভাৱে ক্লাছ ক্ষতি কৰিছিল আৰু পৰীক্ষাতো অনুত্তীৰ্ণ হৈছিল। ২০১২ চনত প্ৰদান কৰা এক সাক্ষাৎকাৰত ৰহমানে কয় যে তেওঁৰ মাকক মাতি নি কোডাম্বকমৰ ৰাজপথত ভিক্ষা খুজিবলৈ কোৱা হৈছিল আৰু ৰহমানক স্কুললৈ পঠিয়াবলৈ মানা কৰা হৈছিল।[19][20]
ৰহমানে এমচিএন নামৰ আন এখন বিদ্যালয়ত এবছৰ পঢ়িছিল[21] ৷ পিছলৈ তেওঁ মাদ্ৰাজ খ্ৰীষ্টান কলেজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোগদান কৰে, য'ত তেওঁ সংগীতৰ বাবে নামভৰ্তি কৰে আৰু হাইস্কুলৰ সহপাঠীসকলৰ সৈতে এটা বেণ্ড গঠন কৰে।[22][23] কিন্তু মাকৰ সৈতে এই বিষয়ে আলোচনা কৰি তেওঁ স্কুল এৰি পূৰ্ণকালীন সংগীতজ্ঞ হিচাপে কেৰিয়াৰ গঢ়িবলৈ মনস্থ কৰে।[24][25] ৰহমান ৰুটছৰ দৰে বেণ্ডৰ কিবৰ্ডবাদক আৰু এৰেঞ্জাৰ আছিল (শৈশৱৰ বন্ধু আৰু পাৰ্কাচনিষ্ট শিৱমণি, জন এণ্টনি, সুৰেশ পিটাৰ্ছ, জোজো আৰু ৰাজাৰ সৈতে)[26] আৰু চেন্নাইভিত্তিক ৰক গ্ৰুপ নেমেছিছ এভিনিউ প্ৰতিষ্ঠা কৰিছিল।[27] তেওঁ কিবৰ্ড, পিয়ানো, চিন্থেচাইজাৰ, হাৰমনিয়াম আৰু গীটাৰ বজাবলৈ শিকিছিল৷ চিন্থেচাইজাৰৰ প্ৰতি তেওঁ বিশেষভাৱে আগ্ৰহী আছিল কাৰণ ই আছিল "সংগীত আৰু প্ৰযুক্তিৰ আদৰ্শ সংমিশ্ৰণ"।[28]
ৰহমানে মাষ্টাৰ ধনৰাজৰ অধীনত প্ৰাৰম্ভিক সংগীত প্ৰশিক্ষণ আৰম্ভ কৰে৷[29][30] ১১ বছৰ বয়সত তেওঁ মালয়ালম সুৰকাৰ (আৰু তেওঁৰ পিতৃৰ ঘনিষ্ঠ বন্ধু) এম.কে. অৰ্জুনানৰ লগত কাম কৰে৷ অতি সোনকালেই তেওঁ আন সুৰকাৰসকলৰ সৈতেও সংযুক্ত হয়৷[31] যেনে- এম এছ বিশ্বনাথন, বিজয়া ভাস্কৰ, ইল্লায়াৰাজা, ৰমেশ নাইডু, বিজয় আনন্দ, হামছালেখা আৰু ৰাজ–কোটি[31] কেৰিয়াৰৰ প্ৰাৰম্ভিক সময়ছোৱাত ৰহমানে বহু সংগীত পৰিচালকক কিবৰ্ড আৰু চিন্থেচাইজাৰ বজোৱাত সহায় কৰিছিল। [3]উল্লেখযোগ্য ৰচনাৰ ভিতৰত অন্যতম হৈছে ১৯৮৯ চনত মুক্তি পোৱা এখন মালয়ালম ছবি ৰামজী ৰাও স্পীকিং য'ত ৰহমান আৰু শিৱমণীয়ে সংগীত পৰিচালক এছ বালকৃষ্ণনৰ বাবে "কালিকালম" নামৰ গীত এটা সংৰচনা কৰিছিল।[18]
ইছলাম ধৰ্ম গ্ৰহণ
সম্পাদনা কৰকমাদ্ৰাজত অধ্যয়ন কৰি থকা অৱস্থাত ৰহমানে বিদ্যালয়খনৰ পৰা পশ্চিমীয়া শাস্ত্ৰীয় সংগীতৰ ডিপ্লমা লাভ কৰে।[32] ১৯৮৪ চনত তেওঁৰ সৰু ভনীয়েক গুৰুতৰভাৱে অসুস্থ হৈ থকাৰ সময়তে ৰহমানক কাদিৰী তাৰিকাৰ সৈতে পৰিচয় কৰাই দিয়া হৈছিল। তেওঁৰ মাতৃ আছিল এগৰাকী হিন্দু অনুশীলনকাৰী।[33][34][35]২৩ বছৰ বয়সত তেওঁ ১৯৮৯ চনত পৰিয়ালৰ আন সদস্যসকলৰ সৈতে ইছলাম ধৰ্ম গ্ৰহণ কৰে৷ নামকৰণৰ পাছত তেওঁ আল্লাহ ৰাখা ৰহমান (এ. আৰ. ৰহমান) হৈ পৰে।[18][36][37][38][39]
ব্যক্তিগত জীৱন
সম্পাদনা কৰকএ. আৰ. ৰহমান সাইৰা বানুৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু বৰ্তমান তেওঁলোক তিনি সন্তানৰ পিতৃ-মাতৃ। সন্তানতিনিটা হ’ল ক্ৰমে খাতিজা, ৰহীমা আৰু আমিন। সম্পৰ্কত অ. আৰ. ৰহমান সংগীত পৰিচালক জি. ভি. প্ৰকাশ কুমাৰৰ খুৰাক হয়। ২০২৪ চনৰ ১৯ নৱেম্বৰত এ. আৰ. ৰহমান আৰু সাইৰা বানুৱে ত্ৰিশ বছৰীয়া দাম্পত্য জীৱনৰ অন্ত পেলাই বিবাহ-বিচ্ছেদ ঘোষণা কৰে[40]</ref>[41]
কাৰ্যক্ষেত্ৰ
সম্পাদনা কৰকমানবীয় কাৰ্য
সম্পাদনা কৰকসন্মান আৰু বঁটা
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ The TOI Entertainment Desk is a dynamic (19 November 2024). "AR Rahman Divorce News: AR Rahman's wife Saira Banu announces Separation; lawyer releases official statement". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/ar-rahmans-wife-saira-banu-announces-separation-lawyer-releases-official-statement/articleshow/115459813.cms। আহৰণ কৰা হৈছে: 20 November 2024.
- ↑ "A. R. Rahmam Biography". arrahman.com. https://arrahman.com/biography.aspx। আহৰণ কৰা হৈছে: 14 April 2023.[সংযোগবিহীন উৎস]
- ↑ 3.0 3.1 "Interview: AR Rahman reveals composing secrets". Deccan Herald. 11 December 2018. https://www.deccanherald.com/metrolife/rahman-reveals-composing-707609.html.
- ↑ "AR Rahman Feels 'Happy and Honoured' with Padma Bhushan Win". Daily News and Analysis. http://www.dnaindia.com/entertainment/report-ar-rahman-feels-happy-and-honoured-with-padma-bhushan-win-1365878.
- ↑ Ramanujam, Srinivasa; Menon, Vishal (14 August 2017). "Revisiting 'Roja', 25 years later" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/entertainment/music/revisiting-roja-25-years-later/article19491084.ece.
- ↑ Corliss, Richard (25 April 2004). "The Mozart of Madras". Time. Archived from the original on 27 October 2011. https://web.archive.org/web/20111027041354/http://www.time.com/time/magazine/article/0,9171,629407,00.html। আহৰণ কৰা হৈছে: 5 April 2011.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;arstan06
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ "A R Rahman Honored". IndiaGlitz. 4 June 2008. Archived from the original on 26 June 2008. https://web.archive.org/web/20080626115742/http://www.indiaglitz.com/channels/tamil/gallery/events/15580.html। আহৰণ কৰা হৈছে: 5 April 2011.
- ↑ "The 2009 Time 100 – A.R. Rahman". Time. 30 April 2009. Archived from the original on 17 February 2011. https://web.archive.org/web/20110217065614/http://www.time.com/time/specials/packages/article/0,28804,1894410_1893836_1894435,00.html। আহৰণ কৰা হৈছে: 24 January 2011.
- ↑ "Rahman's AM Studio introduces 7.1 technology to Kollywood". The Times of India. 27 June 2012. Archived from the original on 2013-07-07. https://web.archive.org/web/20130707035429/http://articles.timesofindia.indiatimes.com/2012-06-27/news-interviews/32440011_1_indian-film-industry-sound-technology.
- ↑ "Rahman to be conferred honorary doctorate by AMU". The Hindu (Chennai, India). 26 May 2009. http://www.hindu.com/thehindu/holnus/009200905261962.htm.
- ↑ Duttagupta, Ishani (14 May 2017). "How virtual reality pushed AR Rahman towards 'multi-sensory' filmmaking". The Economic Times. http://economictimes.indiatimes.com/magazines/panache/how-virtual-reality-pushed-ar-rahman-towards-multi-sensory-filmmaking/articleshow/58662010.cms। আহৰণ কৰা হৈছে: 13 July 2017.
- ↑ Kabir, Nasreen Munni (16 January 2015). "Why I converted: The transformation of Dilip Kumar into AR Rahman" (en-US ভাষাত). Scroll.in. http://scroll.in/article/699665/why-i-converted-the-transformation-of-dilip-kumar-into-ar-rahman। আহৰণ কৰা হৈছে: 17 July 2021.
- ↑ 14.0 14.1 "A.R. Rahman | Biography, Scores, Awards, & Facts" (en ভাষাত). Encyclopedia Britannica. https://www.britannica.com/biography/A-R-Rahman। আহৰণ কৰা হৈছে: 7 January 2021.
- ↑ "AR Rahman turns 47". photogallery.indiatimes.com. https://photogallery.indiatimes.com/celebs/music/ar-rahman-turns-47/articleshow/17900921.cms। আহৰণ কৰা হৈছে: 5 August 2020.
- ↑ Kabir, Nasreen Munni (16 January 2015). "Why I converted: The transformation of Dilip Kumar into AR Rahman" (en-US ভাষাত). Scroll.in. http://scroll.in/article/699665/why-i-converted-the-transformation-of-dilip-kumar-into-ar-rahman। আহৰণ কৰা হৈছে: 5 August 2020.
- ↑ "Rahman's childhood". hindilyrics.net. http://www.hindilyrics.net/profiles/a-r-rahman.html। আহৰণ কৰা হৈছে: 19 April 2011.
- ↑ 18.0 18.1 18.2 "A R Rahman: In tune with life". The Times of India. 30 September 2002. http://timesofindia.indiatimes.com/articleshow/23791015.cms.
- ↑ "மாணவிகளுக்கு பாலியல் தொல்லை: சர்சைக்குள்ளான தனியார் பள்ளி ஏ.ஆர்.ரஹ்மானை அவமதித்ததா?" (ta ভাষাত). Indian Express Tamil. 26 May 2021. https://tamil.indianexpress.com/entertainment/private-school-abused-ar-rahman-really-what-happens-307424/। আহৰণ কৰা হৈছে: 2 November 2021.
- ↑ ச,வி.ஶ்ரீனிவாசுலு, அழகுசுப்பையா (27 May 2021). "மாணவர் இறப்பு முதல் பாலியல் புகார் வரை - பத்ம சேஷாத்திரி பள்ளி மீதான தொடர் சர்ச்சைகள்!" (ta ভাষাত). vikatan.com/. https://www.vikatan.com/government-and-politics/politics/list-of-issues-on-psbb-school। আহৰণ কৰা হৈছে: 2 November 2021.
- ↑ Krishna Trilok (2018). Notes of a Dream: The Authorized Biography of A.R. Rahman. Penguin Random House India Private Limited. পৃষ্ঠা. 67–68. ISBN 978-93-5305-196-9. https://books.google.com/books?id=na5qDwAAQBAJ&pg=PT67.
- ↑ Kamini Mathai (2009). A.R. Rahman: The Musical Storm. Penguin Books India. পৃষ্ঠা. 39. ISBN 978-0-670-08371-8. https://books.google.com/books?id=gfCTmjEAChIC&pg=PA39.
- ↑ "Star-studded 175th b'day for MCC school". The Times of India. 7 October 2010. https://timesofindia.indiatimes.com/city/chennai/star-studded-175th-bday-for-mcc-school/articleshow/6709112.cms.
- ↑ Krishna Trilok (2018). Notes of a Dream: The Authorized Biography of A.R. Rahman. Penguin Random House India Private Limited. পৃষ্ঠা. 67. ISBN 978-93-5305-196-9. https://books.google.com/books?id=na5qDwAAQBAJ&pg=PT67.
- ↑ "Star-studded 175th b'day for MCC school". The Times of India. 7 October 2010. http://timesofindia.indiatimes.com/articleshow/6709112.cms। আহৰণ কৰা হৈছে: 7 October 2018.
- ↑ "Biography". hummaa.com. http://www.hummaa.com/music/artist/A+R+Rahman/24। আহৰণ কৰা হৈছে: 20 April 2011.
- ↑ Ganti, T. (2004). Bollywood: A Guidebook to Popular Hindi Cinema. Psychology Press. পৃষ্ঠা. 112. ISBN 0-415-28854-1. https://archive.org/details/bollywoodguidebo0000gant/page/112.
- ↑ "The Secret behind the Allure of A. R. Rahman". Khabar. http://www.khabar.com/magazine/entertainment/the_secret_behind_the_allure_of_a._r._rahman.aspx। আহৰণ কৰা হৈছে: 12 March 2014.
- ↑ "Training under dhanraj master". IndiaGlitz.com. Archived from the original on 20 June 2010. https://web.archive.org/web/20100620231004/http://www.indiaglitz.com/channels/tamil/gallery/events/22528.html। আহৰণ কৰা হৈছে: 20 April 2011.
- ↑ "Indian under spotlight". indiansinparis.com. http://www.indiansinparis.com/blog/roots/420-arrahman। আহৰণ কৰা হৈছে: 20 April 2011.
- ↑ 31.0 31.1 "Film fraternity hails Rahman, Pookutty for win". The Indian Express. প্ৰকাশক India. 23 February 2009. http://www.indianexpress.com/news/film-fraternity-hails-rahman-pookutty-for-win/427046/0। আহৰণ কৰা হৈছে: 23 February 2009.
- ↑ Wax, Emily (9 February 2009). "'Slumdog' Composer's Crescendo of a Career". The Washington Post. https://www.washingtonpost.com/wp-dyn/content/article/2009/02/18/AR2009021803790.html.
- ↑ "How AS Dileep Kumar converted to Islam to become AR Rahman". Dawn. http://www.dawn.com/news/1157419.
- ↑ "The Complete Biography of A.R.Rahman – The A.R.Rahman Page". gopalhome.tripod.com. http://gopalhome.tripod.com/arrbio.html.
- ↑ "AR Rahman turns 47". The Times of India Music. http://photogallery.indiatimes.com/celebs/music/ar-rahman-turns-47/articleshow/17900921.cms.
- ↑ Kabir, Nasreen Munni (2011). A.R. Rahman: The Spirit of Music. Om Books International. ISBN 9789380070148. https://books.google.com/books?id=Nu1BCwAAQBAJ&q=We%20had%20Hindu%20religious%20images%20on%20the%20walls%20of%20the%20Habibullah%20Road&pg=PT62। আহৰণ কৰা হৈছে: 11 March 2016.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;talkasia
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ "Time for A.R. Rahman's 'ghar wapsi', says VHP". The Hindu. 16 September 2015. http://www.thehindu.com/news/national/time-for-ar-rahmans-ghar-wapsi-says-vhp/article7659524.ece#comments.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;Rahmanrs
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ Desk, HT Entertainment (19 November 2024). "AR Rahman, wife Saira Banu announce separation after 29 years of marriage". Hindustan Times. https://www.hindustantimes.com/entertainment/music/ar-rahmans-wife-saira-banu-announces-separation-after-29-years-of-marriage-cites-insurmountable-gap-between-them-101732034344624.html। আহৰণ কৰা হৈছে: 20 November 2024.
- ↑ The Hindu Bureau (November 20, 2024 11:24 am IST). "AR Rahman and Saira Banu divorce: Children Khatija, Raheema, and Ameen react". THE HINDU. The Hindu. https://www.thehindu.com/entertainment/movies/ar-rahman-and-saira-banu-announce-separation-after-29-years-of-marriage-children-khatija-raheema-and-ameen-react/article68888658.ece। আহৰণ কৰা হৈছে: 20 November 2024.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত এ. আৰ. ৰহমান সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- আধিকাৰিক ৱেবছাইট
- এ. আৰ. ৰহমান সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।