আঁহত
আঁহত (ইংৰাজী: Sacred Fig, বৈজ্ঞানিক নাম: Ficus religiosa) হৈছে মোৰেচি পৰিয়ালৰ অন্তৰ্গত এবিধ ডিমৰু জাতীয় গছ।[1][2] এই গছজোপাৰক অন্য বহুতো নাম যেনে বোধি (bodhi tree)[3] পিপল (pippala, peepul,[1] peepal) বা অশ্বত্থ (ashwattha) আদিৰে জনা যায়।[4] এই গছজোপাই ভাৰত উপমহাদেশত জন্ম হোৱা তিনিটা প্ৰধান ধৰ্ম বৌদ্ধধৰ্ম, হিন্দুধৰ্ম আৰু জৈনধৰ্মত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। এই উদ্ভিদবিধ ভাৰত, বাংলাদেশ, নেপাল, পাকিস্তান, শ্ৰীলংকা, দক্ষিণ-পশ্চিম চীন আৰু ইন্দোনেছিয়া আদি দেশত স্থানীয়ভাৱে পোৱা যায়।[5][6]
আঁহত | |
---|---|
Leaves and trunk of a Sacred Fig. Note the distinctive leaf shape. | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Rosales |
পৰিয়াল: | Moraceae |
গণ: | Ficus |
প্ৰজাতি: | F. religiosa |
বৈজ্ঞানিক নাম | |
Ficus religiosa L. | |
সমাৰ্থক | |
|
বিৱৰণ
সম্পাদনা কৰকআঁহত বৃক্ষজাতীয় উদ্ভিদ। আহঁত এবিধ পৰ্ণপাতী বা পাৰ্শ্বীয় চিৰসেউজীয়া উদ্ভিদ। এই গছজোপাৰ উচ্চতা ৩০মিটাৰ পৰ্য্যন্ত আৰু ব্যাস তিনি মিটাৰ পৰ্য্যন্ত হ'ব পাৰে। এই গছৰ পাতবোৰ সৰু পাণৰ আকৃতিৰ হয়। গুৰিভাগ খাঁজ নকটা ঘূৰণীয়া আৰু আগৰফালে ক্ৰমান্বয়ে সৰু হৈ গৈ দীঘলনেজীয়া ৰূপ ধৰে।[7] পাতৰ দৈৰ্ঘ্য প্ৰায় ১০-১৭ ছে:মি: আৰু পৃস্থ ৮-১২ ছে: মি: হয়।
আহঁত গছৰ ফলবোৰ সৰু, বৰণ কেঁচাতে সেউজীয়া আৰু পকিলে বেঙুণীয়া হৈ পৰে।
আহঁতৰ জীৱনকাল দীঘলীয়া। এই গছৰ গড় আয়ুস ৯০০-১৫০০ বছৰ। কিছুমান ঠাইত এই গছ ৩০০০ বছৰ পৰ্য্যন্ত জীয়াই থকাৰো তথ্য পোৱা যায়।[8][9]
সংস্কৃতিত
সম্পাদনা কৰকআঁহত গছক হিন্দু, জৈন আৰু বৌদ্ধ ধৰ্মত পবিত্ৰ বুলি গণ্য কৰা হয়। শ্ৰীলংকাত থকা বোধি বৃক্ষক মানুহে ৰোৱা আটাইতকৈ পুৰণি গছ বুলি অনুমান কৰা হয়।
স্থানীয় নাম
সম্পাদনা কৰক- সংস্কৃত: অশ্ৱত্থঃ, aśvatthaḥ, vṛksha, pippala vṛksha (vṛksha means tree)
- তামিল: அரச மரம் arasa maram (literally King or King's Tree. Arasu or Arasan is Tamil for King)
- তেলেগু: రావి Raavi
- কন্নড়: ಅರಳಿ ಮರ araLi mara
- কোংকণী: Pimpalla Rook/jhadd
- মালয়ালম: അരയാല് Arayal
- গুজৰাটী: પિપળો (Pipdo)
- পঞ্জাবী: Pippal
- মাৰাঠী: पिंपळ pimpaL (where L stands for the German ld sound, used in for example Nagold)
- ওড়িয়া: ଅଶ୍ୱତ୍ଥ (Ashwatth)
- পালি: assattha; rukkha
- নেপালী: पीपल
- সিংহল: බෝ bo, ඇසතු esathu
- থাই: โพธิ์ (Pho)
- ভিয়েটনামিজ: bồ-đề
- উৰ্দু: پیپل peepal
- বঙালী: পিপুল pipul
ব্যৱহাৰ
সম্পাদনা কৰকপৰম্পৰাগতভাৱে আঁহতৰ বিভিন্ন অংশ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। তথ্য অনুসৰি প্ৰায় ৫০ বিধ সৰু-বৰ ৰোগ যেনে বহুমূত্ৰ, এজমা, ডায়েৰিয়া, হৃদযন্ত্ৰৰ বিভিন্ন বিসংগতি আদিত এই উদ্ভিদ ব্যৱহৃত হয়।[10][11] আয়ুৰ্বেদীয় চিকিৎসা পদ্ধতিতো আঁহত গছৰ বিভিন্ন অংশৰ বহুলভাৱে ব্যৱহাৰ কৰা হয়।
আলোকচিত্ৰৰ ভঁৰাল
সম্পাদনা কৰক-
The Bodhi Tree at the Mahabodhi Temple. Propagated from the Sri Maha Bodhi, which in turn is propagated from the original Bodhi Tree at this location
-
উত্তৰ ভাৰতীয় চহৰৰ এক বিশাল আঁহত গছ
-
Ficus religiosa young trunk in Hong Kong
-
Ficus religiosa young leaves
-
Coppersmith Barbet Megalaima haemacephala feeding on its figs in Hyderabad, India
-
A 200 year old, 50 feet circumference Peepal tree in Nepal
-
Black-hooded Oriole Oriolus xanthornus feeding on its figs in Kolkata, WB.
-
Trunk of Sacred Fig at Flamingo Gardens, Davie, Florida
-
Fruits of Sacred Fig at Flamingo Gardens,Davie, Florida
-
Leaves of Sacred Fig at Flamingo Gardens,Davie, Florida
-
The Bodhi Tree in Bodhgaya
-
Nature printed leaf, showing shape and venation
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 Chisholm, Hugh, ed. (1911). "Peepul". Encyclopædia Britannica. 21 (11th ed.). Cambridge University Press. p. 45.
- ↑ USDA, ARS, Germplasm Resources Information Network. 'Ficus religiosa' in the Germplasm Resources Information Network (GRIN), U.S. Department of Agriculture Agricultural Research Service. Accessed on 29 January 2017.
- ↑ Oxford English Dictionary, Oxford University Press, 1971, p. 1014
- ↑ "Ficus religiosa — Peepal". Flowers of India. Archived from the original on February 14, 2012. https://web.archive.org/web/20120214150730/http://www.flowersofindia.in/catalog/slides/Peepal.html। আহৰণ কৰা হৈছে: November 3, 2011.
- ↑ Oxford English Dictionary, Oxford University Press, 1971, p.1014
- ↑ "Ficus religiosa — Peepal". Flowers of India. http://www.flowersofindia.in/catalog/slides/Peepal.html। আহৰণ কৰা হৈছে: November 3, 2011.
- ↑ 'অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭
- ↑ "Ficus religiosa (sacred fig tree)". CABIInvasive Species Compendium. https://www.cabi.org/isc/datasheet/24168। আহৰণ কৰা হৈছে: 23 July 2018.
- ↑ Stephen Forbes (25 December 2016). "The oldest historical tree in the world". Mediummedium.com. https://medium.com/@StephenJForbes/the-oldest-historical-tree-in-the-world-566fcee32605। আহৰণ কৰা হৈছে: 23 July 2018.
- ↑ Singh D, Singh B, Goel RK "Traditional uses, phytochemistry and pharmacology of Ficus religiosa: a review." J Ethnopharmacol. February 2, 2011
- ↑ "Journal of Ethnopharmacology : Traditional uses, phytochemistry and pharmacology of Ficus religiosa: A review". ScienceDirect. http://www.sciencedirect.com/science?_ob=ArticleURL&_udi=B6T8D-523CDP7-1&_user=10&_coverDate=04%2F12%2F2011&_rdoc=1&_fmt=high&_orig=gateway&_origin=gateway&_sort=d&_docanchor=&view=c&_acct=C000050221&_version=1&_urlVersion=0&_userid=10&md5=b28956819f4c2a37db22414cbf670516&searchtype=a। আহৰণ কৰা হৈছে: 2012-01-05.
- Keith and Macdonell. 1912. Vedic Index of Names and Subjects.
- Plaksa description
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত আঁহত সম্পৰ্কীয় মিডিয়া ফাইল আছে। |