কীৰ্তিনাথ শৰ্মা বৰদলৈ (৭ নৱেম্বৰ, ১৮৭৮ - ২৩ ফেব্ৰুৱাৰী, ১৯৫২) অসমৰ এগৰাকী সংগীতজ্ঞ। তেওঁ এগৰাকী সুৰকাৰ আৰু গীতিকাৰ।[1] শৰ্মা বৰদলৈক অসমীয়া ভাষাত অপেৰা ৰচনা কৰা প্ৰথমজন ব্যক্তি বুলি অভিহিত কৰা হয়। অসমীয়া আধুনিক গীত, লোকসংগীত আদিকে ধৰি অসমীয়া জিকিৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰতো তেখেতৰ যথেষ্ট অৱদান আছে। তেওঁৰ গীতত প্ৰকৃতিৰ সুষমা-বৰ্ণনা, জাতীয়তাবাদ আৰু দেশপ্ৰেমৰ সুৰ শুনিবলৈ পোৱা যায়। ইংৰাজ চৰকাৰৰ সংগীত প্ৰচাৰ বিভাগৰ সঞ্চালকৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত তেওঁ অসমৰ বহুকেইগৰাকী শিল্পীক প্ৰতিষ্ঠিত হোৱাত সহায় কৰিছিল।[2]

কীৰ্তিনাথ শৰ্মা বৰদলৈ
জন্ম ৭ নৱেম্বৰ, ১৮৭৮ (১৪৫ বছৰ)
দৰং জিলা, অসম
মৃত্যু ২৩ ফেব্ৰুৱাৰী, ১৯৫২ (৭৩ বছৰ)
পেচা গীতিকাৰ,সুৰকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
বিষয় লোকসংগীত,আধুনিক গীত,অসমীয়া অপেৰা
উল্লেখনীয় কৰ্মৰাজি বাসন্তীৰ অভিষেক (১৯২৯)
লুইত কোঁৱৰ (১৯৩০)
সন্তান মুক্তিনাথ শৰ্মা বৰদলৈ (পুত্ৰ)

জন্ম আৰু শৈশৱ

সম্পাদনা কৰক

১৮৭৮ চনৰ ৭ নৱেম্বৰত দৰং জিলাৰ কুৰুৱা গাঁৱত কীৰ্তিনাথ শৰ্মা বৰদলৈৰ জন্ম হৈছিল। পিতৃৰ নাম আছিল দেহিৰাম শৰ্মা বৰদলৈ আৰু মাতৃ আছিল মহেশ্বৰী দেৱী। শৈশৱতেই দেউতাকক হেৰুওৱা কীৰ্তিনাথ ৰায়বাহাদুৰ মাধৱ চন্দ্ৰ বৰদলৈৰ লগত গুৱাহাটীলৈ গুচি আহে। তেওঁৰ পঢ়াশলীয়া জীৱনৰো আৰম্ভণি গুৱাহাটীতেই হয়।[2]

১৮৯৬ চনত কীৰ্তিনাথ শৰ্মা বৰদলৈয়ে প্ৰৱেশিকা পৰীক্ষা (এণ্ট্ৰেন্স পৰীক্ষা)ত উত্তীৰ্ণ হয়। তাৰপিছত এফ এ পঢ়িবলৈ কলিকতাৰ ছেইণ্ট জেভিয়াৰ্ছ কলেজলৈ যায়।[2]

সংগীতজগতত প্ৰৱেশ

সম্পাদনা কৰক

কীৰ্তিনাথ শৰ্মা বৰদলৈৰ সংগীত জীৱন মঙলদৈতে আৰম্ভ হৈছিল। সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱাৰ সান্নিধ্যত তেওঁ শাস্ত্ৰীয় সংগীতৰ শিক্ষাগ্ৰহণ কৰিছিল। ক্লৰিয়'নেটৰ পৰা আৰম্ভ কৰি নাগাৰালৈকে প্ৰায়বোৰ বাদ্য-যন্ত্ৰয়েই তেওঁ বজাব পাৰিছিল। কুৰুৱা অঞ্চলত তেওঁ নাগাৰাক জনপ্ৰিয় কৰি তুলিছিল বুলি ক'ব পাৰি। সাহিত্যিক বেণুধৰ ৰাজখুৱাই মঙলদৈত আৰম্ভ কৰা 'মঙলদৈ মজলিছ' নামৰ সভাৰ এগৰাকী অন্যতম সদস্য আছিল কীৰ্তিনাথ শৰ্মা বৰদলৈ। সেইসময়ত তেওঁ মঙলদৈ হাইস্কুলৰ শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। বেণুধৰ শৰ্মাই ৰচনা কৰা বাঁহী নামৰ সংকলনখনত সন্নিৱিষ্ট গীতবোৰত কীৰ্তিনাথ শৰ্মা বৰদলৈয়ে সুৰ সংযোজন কৰিছিল।[2]

কৰ্মজীৱন

সম্পাদনা কৰক

বাঁহীৰ পিছত বেণুধৰ ৰাজখোৱাৰ পুথি সৰু ল'ৰাৰ গানৰ গীতত তেওঁ সুৰ সংযোজন কৰে। তাৰপিছত পদ্মধৰ চলিহা, মিত্ৰদেৱ মহন্ত, ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, চন্দ্ৰধৰ বৰুৱা আদি ব্যক্তিসকলৰ কিছুমান গীত তেওঁ সুৰেৰে সজায়। চাকৰিসূত্ৰে অসমৰ বিভিন্ন ঠাই ভ্ৰমি ফুৰোঁতে তেওঁ সুৰ সংগ্ৰহ কৰিছিল আৰু সেই সুৰ অসমীয়া আধুনিক গীতত প্ৰয়োগ কৰিছিল। তেওঁৰ দ্বাৰা ৰচিত 'সুৰবিজয়' গীতি-নাটিকাখনত শৰ্মা বৰদলৈয়ে শুকনাৰায়ণী, মাহুৰ, বৰো কৌ, দুৰ্গাবৰী মালশ্ৰী আদি কেইবাটাও পুৰণি সুৰ নতুনকৈ প্ৰচলন কৰিছিল।

বাদ্যযন্ত্ৰী হিচাপেও তেখেতে সুখ্যাতি লভিছিল। ১৯০৭ চনত তেজপুৰৰ বাণ থিয়েটাৰত লক্ষ্মীনাথ বৰুৱাই আৰম্ভ কৰা আৰ্কেষ্ট্ৰা পাৰ্টিত তেওঁ বেহেলা বজাইছিল। সেই পাৰ্টিত জ্যোতিপ্ৰসাদৰ পিতৃ পৰমানন্দ আগৰৱালাকে ধৰি অসমৰ বহুকেইগৰাকী প্ৰখ্যাত শিল্পী জড়িত আছিল।[2]

কামৰূপীয় সংগীতৰ ই নৱতম ধাৰা সৃষ্টি কৰিবলৈ যত্নপৰ হোৱা কীৰ্তিনাথ শৰ্মা বৰদলৈয়ে দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত 'কামৰূপীয় সংগীত' আৰু 'সুৰ পৰিচয়' নামৰ গ্ৰন্থ দুখন লিখি উলিয়াইছিল। ইয়াৰ উপৰি তেওঁ কেইবাখনো গীতি আলেখ্যও লিখি উলিয়াইছিল। অসমীয়া ভাষাত একাধিক অপেৰা সৃষ্টি কৰি তেওঁ অসমৰ সংগীত জগতলৈ নতুন চিন্তাৰ আমদানি ঘটাইছিল। তেওঁ সৃষ্টি কৰা কেইখনমান অপেৰা হৈছে-

  1. বাসন্তীৰ অভিষেক (১৯২৯)
  2. লুইত কোঁৱৰ (১৯৩০)
  3. সুৰবিজয় (১৯৩৪)
  4. মেঘাৱলী (১৯৪১)[2]

১৯৪৬ চনত তেওঁ 'জাগৰণী' নামৰ এখনি গীতৰ সংকলন উলিয়াইছিল। এইখন সংকলনত আজান ফকীৰৰ প্ৰায় একুৰি জিকিৰ সন্নিৱিষ্ট হৈছিল। তেওঁ গ্ৰাম'ফোনত ৰেকৰ্ডিং কৰা গীতসমূহত এডিথ্ আৰমিনা, ওৱালাং, চুনী মিঞা, তৰুণ হাজৰিকা, বন্দনা বৰুৱা, ৰাজবালা দেৱী, সমৰ দেকে ধৰি বহুতো শিল্পীয়ে কণ্ঠ নিগৰাইছিল।[2] তেতিয়াৰ ৰক্ষণশীল সমাজ ব্যৱস্থাৰ কঠোৰ বাধা-নিষেধক প্ৰতিহত কৰি কীৰ্তিনাথ শৰ্মা বৰদলৈয়ে অসমৰ চুকে-কোণে থকা বহুতো সাংগীতিক প্ৰতিভাক ৰাইজৰ মাজলৈ উলিয়াই আনিছিল।

গীতিকাৰ হিচাপে কীৰ্তিনাথ শৰ্মা বৰদলৈৰ অনন্য খ্যাতি আছে। তেওঁৰ গীতত প্ৰকৃতি বন্দনা, দেশপ্ৰেম, জাতীয়তাবোধ, ভ্ৰাতৃত্ববোধ আদিৰ সুৰ উজ্জ্বল ৰূপত শুনিবলৈ পোৱা যায়। সেই সময়ত আকাশবাণীযোগে প্ৰচাৰিত হোৱা ৰাইজৰ মেলঅনুষ্ঠানত তেওঁ লিখা 'ৰাইজ মোৰ ৰজা ঐ' গীতটিয়ে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। গীতটোত কণ্ঠদান কৰিছিল সাৰদা শৰ্মাই। নামে মন্দাকিনী,সৰগৰে পৰা/গায় সমীৰণে ধীৰে ধীৰে/নাচে তৰুলতা তেওঁৰ আন এটি জনপ্ৰিয় গীত। এই গীতটি তেওঁ ১৯২৬ চনত লিখিছিল। তেওঁৰ আন কেইটিমান শ্ৰুতিমধুৰ গীত হৈছে-

  1. অ' অসমীয়া বীৰ ডেকা ল'ৰা
  2. কিহেৰে পূজিম দুখানি চৰণ
  3. পৰ্বতত জুৰ পানী
  4. সুৰ মৌ-সৰগেৰে
  5. আমি ভাই নতুন যুগৰ
  6. অসমীয়া মোৰ বুকুৰ আপোন
  7. এয়া দুনীয়া দৰদী বন্ধু/গোৱা প্ৰাণখুলি নতুনৰ গান (গজল)[2]

১৯৩৭ চনত গুৱাহাটীৰ জজ ফিল্ডত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সংগীত শাখাৰ সভাপতি আছিল। পুত্ৰ মুক্তিনাথ শৰ্মা বৰদলৈৰ লগতো তেওঁ সংগীতৰ ভালেমান কাম কৰিছিল। জীৱনৰ শেষ সময়খিনি তেওঁ শদিয়াত অতিবাহিত কৰে। ১৯৫০ চনত স্থাপন হোৱা শদিয়া সংগীত মহাবিদ্যালয়ত তেওঁ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈছিল।[2]

১৯৫২ চনৰ ২৩ ফেব্ৰুৱাৰিৰ দিনা এইজনা চিৰস্মৰণীয় সংগীত শিল্পীৰ পৰলোকপ্ৰাপ্তি ঘটে।[2]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Hiranmayee Das Gogoi. "The Musicological literature of Assam". enajori.com. Archived from the original on 21 October 2019. https://web.archive.org/web/20191021050555/http://www.enajori.com/?p=710। আহৰণ কৰা হৈছে: 11 July 2019. 
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 পৰাশৰ, অনুভৱ (ডিচেম্বৰ,২০১৫). কুৰি গৰাকী মহান অসমীয়া শিল্পী. ৰেখা প্ৰকাশন. পৃষ্ঠা. ৭-১১.