অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩য় আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।[1] 'গ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'গ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'গ'-ক এনেদৰে ⠛ (braille pattern dots-1245) লিখা যায়।[2]

স্বৰবৰ্ণৰ লগত যোগ হ'লে সম্পাদনা কৰক

স্বৰবৰ্ণ 'গ'ৰ লগত যোগ হ'লে
গা
গি
গী
গ‌ু/গু
গূ
গৃ
গে
গৈ
গো
গৌ

যুক্তবৰ্ণ (গ যোগ) সম্পাদনা কৰক

গ + ধ = গ্ধ = মুগ্ধ
গ + ন = গ্ন = ৰুগ্ন
গ + ম = গ্ম = যুগ্ম
গ + য = গ্য = ভাগ্য
গ + ৰ = গ্ৰ = গ্ৰহ
গ + ল = গ্ল = গ্লানি

'গ'ৰে আৰম্ভ শব্দ সম্পাদনা কৰক

  • গৰম
  • গৰল
  • গঁড়
  • গৰু
  • গাধ
  • গছ
  • গান আদি।

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. xobdo.org search result of ৱ্যঞ্জন বৰ্ণ
  2. World Braille Usage, UNESCO, 2013