স্মিতা পাটিল

ভাৰতীয় অভিনেত্ৰী

স্মিতা পাতিল (ইংৰাজী: Smita Patil ; অক্টোবৰ ১৯৫৫ – ১৩ ডিচেম্বৰ ১৯৮৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ, টেলিভিচন আৰু মঞ্চ অভিনেত্ৰী। তেওঁক তেওঁৰ সময়ৰ এগৰাকী অতি দক্ষ মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী তথা সৰ্বকালৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী বুলি গণ্য কৰা হয়।[1][2] স্মিতাই মাত্ৰ এক দশকৰ কৰ্মজীৱনত হিন্দী, মাৰাঠী, গুজৰাটী, মালয়ালম আৰু কন্নড় ভাষাৰ ৮০খনতকৈও অধিক ছবিত কাম কৰিছে। শ্যাম বেনেগালৰ ছবিৰে তেওঁ চলচ্চিত্ৰ জগতত ভৰি দিছিল। তেওঁ দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু এটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। ১৯৮৫ চনত ভাৰতৰ চতুৰ্থ সৰ্বশ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰীৰে তেওঁক সন্মানিত কৰা হৈছে।[3]

স্মিতা পাতিল

২০১৩ চনত মুকলি কৰা ডাক টিকেটত স্মিতা পাতিল
জন্ম ১৭ অক্টোবৰ, ১৯৫৫
পুণে, বোম্বে ষ্টেট, ভাৰত
মৃত্যু ১৩ ডিচেম্বৰ, ১৯৮৬ (৩১ বছৰ)
বোম্বে, মহাৰাষ্ট্ৰ, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৭৪-১৯৮৬
দাম্পত্যসঙ্গী ৰাজ বব্বৰ
পিতৃ-মাতৃ শিৱাজীৰাও গিৰিধৰ পাতিল
বিদ্যাতাঈ পাতিল
সন্তান প্ৰতীক বব্বৰ

কৰ্মজীৱন সম্পাদনা কৰক

১৯৭০ৰ দশকৰ কট্টৰপন্থী ৰাজনীতি বিষয়ক চলচ্চিত্ৰৰ ধাৰাটোৰ সৈতে শক্তিশালী ৰূপত জড়িত হৈ থকা শিল্পীসকলৰ অন্যতম আছিল স্মিতা পাতিল। সমান্তৰাল ধাৰাৰ চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগাল, সত্যজিৎ ৰায়, গোবিন্দ নিহালিনী, জি অৰবিন্দ, মৃণাল সেন আদিৰ সৈতে কাম কৰাৰ উপৰিও স্মিতাই বহুতো ব্যৱসায়ধৰ্মী চলচ্চিত্ৰতো অভিনয় কৰিছে। এসময়ত তেওঁ দূৰদৰ্শনত বাতৰি পঢ়িছিল। শ্যাম বেনেগালে তেওঁক আবিষ্কাৰ কৰাৰ সময়ত তেওঁ ফটোগ্ৰাফীৰ সৈতে জড়িত আছিল।[2][4]

হিন্দী ছবি ‘ভূমিকা’ৰ (১৯৭৭) বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।[5] ৰাজ খোচলা, ৰমেশ সিপ্পি, বি.আৰ. চোপ্ৰা আদি ব্যৱসায়িক চলচ্চিত্ৰ নিৰ্মাতাৰ ছবিত তেওঁ অভিনয় কৰিছিল। ‘শক্তি’ (১৯৮২) আৰু ‘নমক হালাল’ত কৰা তেওঁৰ কামে গভীৰ বিষয়বস্তুৰ চলচ্চিত্ৰ আৰু মচলাযুক্ত হিন্দী চলচ্চিত্ৰৰ মাজৰ সীমাৰেখা একাকাৰ কৰি দিছিল। ১৯৮৪ চনত তেওঁ ‘মণ্ট্ৰিল চলচ্চিত্ৰ মহোৎসৱ’ৰ এগৰাকী জুৰী সদস্যৰ দায়িত্ব পালন কৰিছিল।[6] স্মিতাই তেওঁৰ অভিনয় জীৱনৰ অন্যতম শ্ৰেষ্ঠ বুলি বিবেচিত কৰা কেতন মেহতাৰ ‘মিৰ্ছ মচালা’ তেওঁৰ মৃত্যুৰ পিছত ১৯৮৭ চনত মুক্তি পায়। এপ্ৰিল ২০১৩ চনত ভাৰতীয় চলচ্চিত্ৰৰ শতবৰ্ষ পূৰ্তি উপলক্ষে ‘ফৰ্বচ (ভাৰত) আলোচনী’য়ে ২৫ গৰাকী মহান ভাৰতীয় অভিনয় শিল্পীৰ তালিকাত স্মিতাকো অন্তৰ্ভুক্ত কৰিছে।[7]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

ৰাজ বব্বৰৰ সৈতে তেওঁৰ যেতিয়া প্ৰেমৰ সম্পৰ্ক গঢ় উঠিছিল, বন্ধু মহল আৰু মেডিয়াত তেওঁ যথেষ্ট সমালোচিত পূৰ্বৰ পত্নী নাদিৰা বব্বৰ থকাৰ পিছতো তেওঁ স্মিতাক বিয়া কৰাইছিল। স্মিতাৰ একমাত্ৰ পুত্ৰৰ নাম প্ৰতীক বব্বৰ।[8][9]

মৃত্যু আৰু উত্তৰাধিকাৰ সম্পাদনা কৰক

সন্তান প্ৰসৱৰ সময়ত উদ্ভৱ হোৱা গভীৰ সমস্যাৰ বাবে ১৯৮৬ৰ ১৩ ডিচেম্বৰত ৩১ বছৰ বয়সত, পুত্ৰ প্ৰতীকৰ জন্মৰ দুসপ্তাহ পিছতে স্মিতাৰ মৃত্যু হয়।[2][10] দুই দশক পিছত ভাৰতৰ এজন মহান পৰিচালক মৃণাল সেণে অভিযোগ কৰে যে চিকিৎসাজনিত অৱহেলাৰ বাবে স্মিতাৰ মৃত্যু হৈছিল।[11] ২০১১ চনত ৰেডিফ ডট কমে ভাৰতৰ শ্ৰেষ্ঠ অভিনেত্ৰীসকলৰ তালিকাত নাৰ্গিছৰ পিছতে তেওঁক দ্বিতীয় স্থানত ৰাখিছে।[12]

তথ্য উৎস সম্পাদনা কৰক

  1. Subodh Kapoor (1 July 2002). The Indian Encyclopaedia: Biographical, Historical, Religious, Administrative, Ethnological, Commercial and Scientific. Indo-Pak War-Kamla Karri. Cosmo Publication. পৃষ্ঠা. 6699–. ISBN 978-81-7755-257-7. https://books.google.com/books?id=O3Lt1sOKGxwC&pg=PA6699। আহৰণ কৰা হৈছে: 29 December 2012. 
  2. 2.0 2.1 2.2 Andrew Robinson (1989). Satyajit Ray: The Inner Eye. University of California Press. পৃষ্ঠা. 258–. ISBN 978-0-520-06946-6. https://archive.org/details/satyajitrayinner00robi_0। আহৰণ কৰা হৈছে: 29 December 2012. 
  3. Gulzar; Nihalani, Govind; Chatterji, Saibal (2003). Encyclopaedia of Hindi Cinema. Popular Prakashan. পৃষ্ঠা. 601. ISBN 81-7991-066-0. 
  4. "Indian Cinema – Smita Patil", SSCnet UCLA
  5. Hena Naqvi (1 January 2007). Journalism And Mass Communication. Upkar Prakashan. পৃষ্ঠা. 202–. ISBN 978-81-7482-108-9. https://books.google.com/books?id=0aFH2KFhFOkC&pg=PA202। আহৰণ কৰা হৈছে: 29 December 2012. 
  6. "Awards of the Montreal World Film Festival – 1984". Montreal World Film Festival. Archived from the original on 13 March 2014. https://web.archive.org/web/20140313184947/http://www.ffm-montreal.org/en/awards/33-awards-of-the-montreal-world-film-festival-1984.html। আহৰণ কৰা হৈছে: 13 March 2014. 
  7. Prasad, Shishir; Ramnath, N. S.; Mitter, Sohini (27 April 2013). "25 Greatest Acting Performances of Indian Cinema". Archived from the original on 12 January 2016. https://web.archive.org/web/20160112014841/http://forbesindia.com/article/100-years-of-indian-cinema/25-greatest-acting-performances-of-indian-cinema/35125/0। আহৰণ কৰা হৈছে: 27 January 2015. 
  8. "'She was a great human being'". Rediff.com. 13 December 2006. http://www.rediff.com/movies/2006/dec/13smita.htm। আহৰণ কৰা হৈছে: 27 December 2011. 
  9. "'25 years on, a phenomenon named Smita Patil '". ibnlive.in.com. 13 December 2006. Archived from the original on 8 January 2012. https://web.archive.org/web/20120108034535/http://ibnlive.in.com/news/25-years-on-phenomenon-named-smita-patil/211601-8-66.html। আহৰণ কৰা হৈছে: 27 December 2011. 
  10. Ram Awatar Agnihotri (1998). Film stars in Indian politics. Commonwealth Publishers. ISBN 978-81-7169-506-5. https://books.google.com/books?id=_Q5lAAAAMAAJ। আহৰণ কৰা হৈছে: 29 December 2012. 
  11. "Memories from Mrinal da", Rediff.com, 2 February 2005.
  12. Sen, Raja (29 June 2011). "Readers Choice: The Greatest Actresses of all time". Rediff.com. http://www.rediff.com/movies/slide-show/slide-show-1-greatest-actresses-of-all-time/20110629.htm। আহৰণ কৰা হৈছে: 22 September 2011. 

বাহ্যিক সংযোগ সম্পাদনা কৰক