১৭ অক্টোবৰ
তাৰিখ
অক্টোবৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২৩ |
১৭ অক্টোবৰ (ইংৰাজী: 17 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯০তম (অধিবৰ্ষত ২৯১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭৫টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
ঘটনাৱলী সম্পাদনা কৰক
- ১৮৩১ - ইংৰাজ বিজ্ঞানী মাইকেল ফেৰাডেই ডাইনামো আৱিষ্কাৰ কৰে।
- ১৯১৯ - ভাৰতত খিলাফৎ দিৱস উদযাপন কৰা হয়।
- ১৯২০ - ভাৰতবৰ্ষত কমিউনিষ্ট পাৰ্টী প্ৰতিষ্ঠা কৰা হয়।
- ১৯৩৭ - মুছলিম লীগৰ পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
- ১৯৪০ - মহাত্মা গান্ধীৰ নেতৃত্বত সত্যাগ্ৰহ আৰম্ভ হয়।
- ১৯৭৯ - মাদাৰ টেৰেছালৈ শান্তিৰ নোবেল পুৰস্কাৰ আগবঢ়োৱা হয়।
- ২০০১ - দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেট অধিনায়ক হান্সি ক্ৰ'নিয়েৰ খেলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হয়।
- ২০০৩ - শ্ৰীহৰিকোটাৰ পৰা PSLV-5 ৰ উৎক্ষেপণ কৰা হয়।
জন্ম সম্পাদনা কৰক
- ১৮১৭ - ছাৰ চৈয়দ আহমেদ খাঁৰ জন্ম হয়। তেওঁ আলিগড়ত মহমেদান এংলো অৰিয়েণ্টেল কলেজ স্থাপন কৰে। এইখন কলেজেই পৰৱৰ্তী কালত আলিগড় মুছলিম বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয়।
- ১৯০০ - ৰাধাগোবিন্দ বৰুৱা, অসমীয়া সিংহ পুৰুষ।
- ১৯৭০ - অনিল কুম্বলে, ভাৰতীয় ক্ৰিকেটাৰ।
মৃত্যু সম্পাদনা কৰক
- ১৯৮৯ - যুগল দাস, অসমীয়া শিল্পী।
দিৱস সম্পাদনা কৰক
- অসম ক্ৰীড়া দিৱস।
- ৰাষ্ট্ৰীয় আৰক্ষী দিৱস (থাইলেণ্ড)।