নিৰ্বাচিত প্ৰবন্ধ
|
---|
নিপন গোস্বামী (ইংৰাজী: Nipon Goswami, ১৯৪২—২০২২) এগৰাকী অসমীয়া চলচ্চিত্ৰ আৰু নাট্যভিনেতা আছিল। মঞ্চত অভিনয় জীৱন আৰম্ভ কৰি তেখেতে পাছলৈ চিনেমাত নায়কৰ অভিনয় কৰিবলৈ লয়। অসমীয়া চলচ্চিত্ৰৰ মুষ্টিমেয় তাৰকা অভিনেতাসকলৰ মাজত নিপন গোস্বামী অন্যতম। তেখেতে টেলি-ফিল্ম, ভিচিডি ছবি আদিতো অভিনয় কৰাৰ উপৰিও নাট পৰিচালনাও কৰিছে। গোস্বামীয়ে প্ৰায় ৫০খন অসমীয়া ছবিত কাম কৰিছে। তেখেতে ৭খন হিন্দী ছবিৰ লগতে দুখনমান বঙালী ছবিত অভিনয় কৰিছে। পুনা ফিল্ম ইনষ্টিটিউটৰ শিক্ষা গ্ৰহণ কৰি থাকোঁতেই নিপন গোস্বামীয়ে অমৰ পাঠকৰ সংগ্ৰাম বোলছবিত অভিনয়ৰ বাবে আমন্ত্ৰণ পায়। সেই আমন্ত্ৰণমৰ্মেই নিপন গোস্বামীয়ে সংগ্ৰাম বোলছবিত প্ৰথমে নায়কৰ চৰিত্ৰত অভিনয় কৰে। কালানুক্ৰমিকভাৱে নিপন গোস্বামীৰ অভিনীত প্ৰথম ছবি আছিল ১৯৫৭ চনত মুক্তিপ্ৰাপ্ত ফণী শৰ্মাৰ দ্বাৰা পৰিচালিত পিয়লি ফুকন। পিতৃ চন্দ্ৰধৰ গোস্বামীয়ে নাম-ভূমিকাত অভিনয় কৰা এই ছবিখনৰ কেইটামান সৰু-সুৰা দৃশ্যত তেখেতে ভূমুকি মাৰিছিল। সংগ্ৰামৰ পাছতে নায়ক হিচাপে তেখেতে ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত ডক্তৰ বেজবৰুৱাত অভিনয় কৰে। তাৰ পাছৰে পৰা তেখেতে ১০০-ৰো অধিক ছবিত অভিনয় কৰিছে। ১৯৮১ চনৰ আজলী নবৌৰ পাছৰেপৰা নিপন গোস্বামীয়ে নায়কৰ লগতে চৰিত্ৰাভিনয়ো কৰিবলৈ লয়।
( ইয়াত বিতংকৈ পঢ়ক)
| আপুনি জানেনে...
|
---|
| নিৰ্বাচিত চিত্ৰ
|
---|
|
|
| মাছৰোকা (ইংৰাজী: Kingfisher) সাধাৰণতে উজ্জ্বল বৰণৰ সৰুৰ পৰা মধ্যমীয়া আকাৰৰ এবিধ চৰাইৰ গোষ্ঠী৷ সমগ্ৰ বিশ্বত এই গোষ্ঠীৰ মুঠ ৯৩ টা প্ৰজাতি পোৱা যায়৷ ভাৰতবৰ্ষত তাৰে ১২ টা স্থানীয় তথা এটা পৰিভ্ৰমী প্ৰজাতি পোৱা যায়৷ এই গোষ্ঠীৰ সকলোবোৰ প্ৰজাতিৰে বৈশিষ্ট্য হ’ল: বৃহৎ মুণ্ড, দীঘলীয়া আৰু জোঙা আকৃতিৰ ঠোঁট তথা চুটী নেজ৷ প্ৰায়বোৰ প্ৰজাতিৰে গাৰ বৰণ উজ্জ্বল হয় আৰু মতা-মাইকীৰ মাজত বিশেষ পাৰ্থক্য থকা দেখা নাযায়৷ মাছৰোকাই মাছৰ পৰা আৰম্ভ কৰি কেঁকোৰা, বিভিন্ন পোক-পৰুৱা তথা অন্য চৰাইৰ পোৱালীও চিকাৰ কৰে৷
আলোকচিত্ৰ শিল্পী: নেজিব আহমেদ পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহ – অধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...
|
|
|
|
|