কামদেৱ (সংস্কৃত: कामदेव, কাম বা মন্মথ বা মদন হৈছে হিন্দুসকলৰ প্ৰেম[2] আৰু বাসনাৰ দেৱতা। তেওঁক সততে সংগীনি ৰতিৰ সৈতে চিত্ৰায়িত কৰা হয়। কামদেৱ হৈছে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পুত্ৰ। বিষ্ণুৰ অৱতাৰ কৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্নৰ ৰূপত তেওঁ অৱতাৰ ধাৰণ কৰা বুলি বিশ্বাস কৰা হয়।[2]

কামদেৱ
প্ৰেম আৰু বাসনাৰ দেৱতা
Kamadeva1.jpg
কামদেৱ
অন্য নাম মদন
দেৱনাগৰী कामदेव
সম্পৰ্ক দেৱতা
নিবাস বৈকুণ্ঠ
মন্ত্ৰ काम (কাম)[1]
অস্ত্ৰ কুঁ‌হিয়াৰৰ ধনু আৰু পুষ্পবাণ
সঙ্গী ৰতি
পিতৃ-মাতৃ ব্ৰহ্মা
সন্তান হৰ্ষ আৰু যশ
আসন/বাহন ভাটৌ

নামৰ ব্যুৎপত্তিসম্পাদনা কৰক

কামদেৱৰ আক্ষৰিক অৰ্থ হৈছে প্ৰেমৰ দেৱতা। কাম শব্দৰ অৰ্থ দৈহিক কামনা বা বাসনা। কামদেৱৰ নাম ঋকবেদত উল্লেখ আছে।[3] বিষ্ণুপুৰাণ আৰু ভাগৱত পুৰাণত বিষ্ণু, কৃষ্ণ আৰু শিৱকো কামদেৱ আখ্যা দিয়া হৈছে। অথৰ্ববেদঅগ্নিকো কাম নামেৰে উল্লেখ কৰা হৈছে।

কামদেৱৰ অন্যান্য নামসমূহ হৈছে:

  • মন্মথ
  • অতনু
  • ৰাগবৃন্ত
  • অনঙ্গ
  • কন্দৰ্প
  • মদন[3][4]
  • মানসিজ
  • ৰতিকান্ত
  • পুষ্পৱান
  • পুষ্পধন
  • কুসুমশৰ
  • অভিপুৰ[5])
  • কাম

চিত্ৰায়নসম্পাদনা কৰক

কামদেৱক ধনু আৰু বাণ চলোৱা এজন যুৱ তথা সুন্দৰ ব্যক্তি হিচাপে চিত্ৰায়িত কৰা হয়। তেওঁৰ ধনু কুঁহিয়াৰেৰে তৈয়াৰী আৰু তেওঁৰ কাড়বোৰ পাঁচ প্ৰকাৰৰ সুগন্ধি ফুলেৰে সজোৱা।[6][7] এই পাঁচবিধ ফুল হৈছে বগা পদুম, অশোক গছৰ ফুল, আম গছৰ ফুল, খঁ‌ৰিকাজাই আৰু নীলা পদুম। সংস্কৃতত এই ফুলবোৰৰ নাম হৈছে অৰবিন্দ, অশোক, চুটা (Choota), নৱমল্লিকা, আৰু নীলোৎপল। কামদেৱৰ এটা প্ৰাচীন টেৰাকোটাৰ মূৰ্তি ভাৰতৰ উত্তৰ প্ৰদেশৰ মথুৰা সংগ্ৰহালয়ত ৰখা হৈছে।[8]

কুলি চৰাই, ভাটৌ, গুণগুণাই থকা মৌমাখি, বসন্ত ঋতু আৰু মৃদু বতাহ হৈছে কামদেৱৰ সঙ্গী।

সাহিত্যত উল্লেখসম্পাদনা কৰক

 
শিৱলৈ পুষ্পবাণ নিক্ষেপ কৰা অৱস্থাত কামদেৱ।

কামদেৱ পুৰাণৰ কাহিনীসমূহৰ পৰা অধিক পৰিচিত যদিও তেওঁৰ বিষয়ে চিত্ৰ আৰু আখ্যানসমূহ ঋকবেদ আৰু অথৰ্ববেদৰ শ্লোকৰ পৰা পোৱা যায়।[6]

শিৱ পুৰাণৰ মতে কামদেৱ ব্ৰহ্মাৰ এজন পুত্ৰ বা তেওঁৰ সৃষ্টি। স্কন্দ পুৰাণৰ দৰে অন্যান্য উৎসৰ মতে কামদেৱ হৈছে প্ৰসূতিৰ ভ্ৰাতৃ আৰু তেওঁলোক দুয়ো ব্ৰহ্মাই সৃষ্টি কৰা শতৰূপাৰ সন্তান। পৰৱৰ্তী কালৰ কাহিনীসমূহে তেওঁক বিষ্ণুৰ পুত্ৰ বুলিও বৰ্ণনা কৰিছে। [9] মৎস্য পুৰাণৰ মতে, বিষ্ণু-কৃষ্ণ আৰু কামদেৱৰ এক ঐতিহাসিক সম্পৰ্ক আছে।[7] হৰিবংশৰ মতে তেওঁৰ মাতৃ হৈছে লক্ষ্মী দেৱী[10]

দ্বাদশ শতিকাৰ জাভাদেশৰ কবিতা স্মৰদাহনতো কামদেৱৰ উল্লেখ আছে য'ত শিৱৰ দ্বাৰা কামদেৱ ভস্মীভূত হোৱা আৰু স্বৰ্গৰ পৰা পৃথিৱীলৈ পতিত পৌৰাণিক কাহিনী বৰ্ণনা কৰা হৈছে। কাকাৱিন কবিতা আৰু পৰৱৰ্তী কালৰ ৱায়াং সাহিত্যত কামদেৱ আৰু তেওঁৰ সহধৰ্মিনী ৰতিক কামজায়া আৰু কামৰতি বুলি উল্লেখ কৰা হৈছে।

আখ্যানসমূহসম্পাদনা কৰক

কামদেৱে দক্ষৰ ঘামৰপৰা সৃষ্ট জীয়ৰী ৰতিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। কামদেৱৰ সৈতে জড়িত বহুতো পৰম্পৰাগত নাটকত ৰতি হৈছে এক সৰু চৰিত্ৰ আৰু কোনো কোনো ক্ষেত্ৰত তেওঁ মাত্ৰ এটা গুণকহে প্ৰতিনিধিত্ব কৰে।[11] কামদেৱৰ সঙ্গী বসন্ত দেৱী তেওঁৰ হতাশাৰ নিশ্বাসৰ পৰা নিৰ্গত বুলি বিশ্বাস কৰা হয়।[12] কামদেৱে প্ৰায়ে তেওঁৰ সৈন্যসকলৰ সৈতে পুৰাণবৰ্ণিত যুদ্ধসমূহত অংশগ্ৰহণ কৰে।[13]

জন্মসম্পাদনা কৰক

কামদেৱৰ জন্মৰ সম্পৰ্কে বিভিন্ন পুৰাণত কেইবাটাও আখ্যান আছে।[14] মহাভাৰতৰ সংস্কৰণত[15] ধৰ্ম নামৰ এজন প্ৰজাপতিয়ে ব্ৰহ্মাৰ সোঁ বক্ষৰ পৰা জন্মগ্ৰহণ কৰে আৰু তেওঁ তিনিজন পুত্ৰ ক্ৰমে সম, কাম আৰু হৰ্ষৰ জন্ম দিয়ে। [16] কিছুমান সংস্কৰণৰ মতে কামদেৱ সৃষ্টিকৰ্তা দেৱতা ব্ৰহ্মাৰ মানসপুত্ৰ।[17] কোনো কোনো সময়ত কামদেৱক ইন্দ্ৰৰ সেৱাত নিয়োজিত থকা বুলিও কোৱা হয়[18] আৰু সেয়ে তেওঁৰ এটা নাম হৈছে "ইন্দ্ৰৰ আজ্ঞাকাৰী"। কামদেৱৰ সহধৰ্মিনীৰ নাম ৰতি যাৰ মূল হৈছে বাসনা। তেওঁ এক চক্ৰ বা মণ্ডল আৰু পদুম ফুল ধাৰণ কৰে। ৰতিৰ দুয়োবাহুক পদুমৰ ঠাঁ‌ৰিৰ সৈতে তুলনা কৰা হয়।[19]

শিৱৰদ্বাৰা ভস্মীভূতসম্পাদনা কৰক

কামদেৱ সম্পৰ্কীয় এটা মুখ্য পৌৰাণিক কাহিনী হৈছে মদন-ভস্ম (কাম দহন) অৰ্থাৎ শিৱৰ দ্বাৰা কামদেৱক ভস্মীভূত কৰা। মৎস্য পুৰাণত ইয়াৰ সবাতোকৈ বিস্তৃত বৰ্ণনা আছে (শ্লোক ২২৭-২৫৫)।[20] অৱশ্যে শিৱ পুৰাণ আৰু অন্যান্য পুৰাণতো বিভিন্নধৰণে এই আখ্যানৰ পুনৰাবৃত্তি হৈছে। [21]

এই আখ্যানমতে ইন্দ্ৰ আৰু দেৱতাসকলে তাৰকাসুৰ নামৰ অসুৰ হাতত লাঞ্ছিত হয় যাক শিৱৰ পুত্ৰৰ বাহিৰে আনে পৰাজিত কৰিব নোৱাৰে। ব্ৰহ্মাই পৰামৰ্শ দিয়ে যে পাৰ্বতীয়ে শিৱৰ সৈতে লগ হৈ এক পবিত্ৰ পূজা সম্পন্ন কৰিব লাগে কিয়নো তেওঁলোকৰ সন্তানেহে তাৰকাসুৰক পৰাজিত কৰিবলৈ সক্ষম হ'ব। ইন্দ্ৰই কামদেৱক শিৱৰ ধ্যান ভাঙিবলৈ আমন্ত্ৰণ কৰে। এক ৰমণীয় পৰিৱেশৰ সৃষ্টি কৰিবলৈ কামদেৱে এক অকাল বসন্তৰ সৃষ্টি কৰে। তেওঁ সুগন্ধি দক্ষিণা-বতাহৰ ৰূপ লৈ শিৱৰ ৰক্ষী নন্দীৰ চকুৰ আঁ‌ৰ হৈ শিৱৰ বাসগৃহত প্ৰৱেশ কৰে।

তেওঁ পুষ্পবাণেৰ প্ৰহাৰেৰে শিৱৰ ধ্যান ভংগ কৰে আৰু শিৱ ক্ৰোধান্বিত হৈ তেওঁৰ তৃতীয় নয়নেৰে অগ্নিবৰ্ষণ কৰি মদন অৰ্থাৎ কামদেৱক তৎক্ষণাৎ ভস্মীভূত কৰে। ইয়াৰ পিছত শিৱই পাৰ্বতীলৈ লক্ষ্য কৰে আৰু তেওঁক সুধে যে শিৱই তেওঁক কেনেদৰে সহায় কৰিব পাৰে। পাৰ্বতীয়ে তেওঁক কামদেৱক পুনৰুজ্জীৱিত কৰিবলৈ কয়। শিৱ এই কথাত সন্মত হয় যদিও এক শৰীৰহীন ৰূপত কামদেৱক জীয়াই তোলে। সেয়েহে কামদেৱক অনঙ্গ (অন = অবিহনে; অঙ্গ = শৰীৰ), বা অতনু (অ = অবিহনে; তনু = শৰীৰ) বুলিও কোৱা হয়। পৰৱৰ্তী সময়ত শিৱ আৰু পাৰ্বতীৰ পূজাৰ ফলস্বৰূপে কাৰ্তিকৰ জন্ম হয় আৰু তেওঁ তাৰকাসুৰক পৰাজিত কৰিবলৈ আগবাঢ়ে।[22]

কৃষ্ণৰ পুত্ৰৰূপে অৱতাৰসম্পাদনা কৰক

কৃষ্ণ আৰু কামদেৱৰ মাজৰ সম্পৰ্কৰ কথা প্ৰকাশ কৰিবলৈ কামদেৱ ভস্মীভূত হোৱাৰ পৌৰাণিক আখ্যান মৎস্য পুৰাণ আৰু ভাগৱত পুৰাণত উল্লেখ কৰা হৈছে।[7] ইয়াৰ বৰ্ণনা অনুসৰি শিৱৰ দ্বাৰা ভস্মীভূত হোৱাৰ পিছত কৃষ্ণৰ পত্নী ৰুক্মিণীৰ গৰ্ভত প্ৰদ্যুম্ন হিচাপে কামদেৱৰ পুনৰ্জন্ম হয়।

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. Kāṇe, Pāṇḍuraṅga Vāmana; Institute, Bhandarkar Oriental Research (1958). History of Dharmaśāstra. https://books.google.com/books?id=3uAMAAAAIAAJ&q=Kamadevaya. 
  2. 2.0 2.1 Sanford, A.W. (2005). "Shifting the Center: Yakṣas on the Margins of Contemporary Practice". Journal of the American Academy of Religion খণ্ড 73 (1): 89–110. doi:10.1093/jaarel/lfi005. 
  3. 3.0 3.1 Monier-Williams Sanskrit-English Dictionary
  4. Edgerton, F. (1912). "A Hindu Book of Tales: The Vikramacarita". American Journal of Philology খণ্ড 33 (3): 249–284. doi:10.2307/288995. 
  5. Gopal, Madan (1990). K.S. Gautam. ed. India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 61. https://archive.org/details/indiathroughages00mada. 
  6. 6.0 6.1 A study of Kamadeva in Indian story literature. http://digitalcommons.libraries.columbia.edu/dissertations/AAI9127814/। আহৰণ কৰা হৈছে: 2008-07-06. 
  7. 7.0 7.1 7.2 Sanford, A.W. (2002). "Painting words, tasting sound: visions of Krishna in Paramanand's sixteenth-century devotional poetry". Journal of the American Academy of Religion খণ্ড 70 (1): 55–81. doi:10.1093/jaar/70.1.55. 
  8. History of Indian Theatre By M. L. Varadpande. p.188. Published 1991, Abhinav Publications, আই.এচ.বি.এন. 81-7017-278-0.
  9. The Book of Hindu Imagery: Gods, Manifestations and Their Meaning By Eva Rudy Jansen p. 93
  10. Roshen Dalal (2014). Hinduism: An Alphabetical Guide. Penguin Books. ISBN 9788184752779. https://books.google.com/books?id=zrk0AwAAQBAJ.  Entry: "Kama"
  11. Benton 2006, p. 32
  12. Benton 2006, p. 33
  13. Benton 2006, p. 34
  14. Benton 2006, p. 23
  15. Adi Parva, Chapter 66, Verses 31-33
  16. Vettam Mani (1975). Puranic Encyclopaedia. Motilal Banarsidass. ISBN 978-8120805972. https://archive.org/details/puranicencyclopa00maniuoft. 
  17. Benton 2006, p. 36
  18. Benton 2006, p. 44
  19. Benton 2006, p. 31
  20. Daniel Ingalls (1968). Sanskrit poetry, from Vidyākara's "Treasury". Harvard University Press. ISBN 978-0-674-78865-7. https://books.google.com/books?id=AjEdCVZ5uoQC. , p.58
  21. Klaus Klostermaier, (2000) Hinduism: A Short History. Oxford: One World Publications.
  22. Wendy Doniger O'Flaherty, (1975) Hindu Myths: A Sourcebook Translated from the Sanskrit. London: Penguin Books, p.157-159 [1]