মহাভাৰতৰ আখ্যানমতে কুন্তী (সংস্কৃত: कुन्ती) বা পৃথ্বা মথুৰাৰৰ যাদৱবংশীয় ৰজা শূৰসেনৰ কন্যা,[1] আৰু ৰজা কুন্তীভোজৰ তোলনীয়া কন্যা।[2] তেওঁ বাসুদেৱৰ ভনীয়েক আছিল। হস্তিনাপুৰৰ ৰজা পাণ্ডুলৈ তেওঁৰ বিয়া হৈছিল[3] আৰু কৰ্ণৰ লগতে প্ৰথম তিনিজন পাণ্ডৱৰ মাতৃ হৈছিল।[4] সম্পৰ্কত তেওঁ কৃষ্ণ, বলৰাম আৰু সুভদ্ৰাৰ পেহীয়েক। নকুল আৰু সহদেৱকো তুলি-তালি ডাঙৰ কৰিছিল। কুন্তীক মহাভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰ হিচাপে গণ্য কৰা হয়।

কুন্তী

পতি পাণ্ডুৰ সৈতে কুন্তী
তথ্য
দাম্পত্যসঙ্গী পাণ্ডু
সন্তান
আত্মীয় গান্ধাৰী, ভীষ্ম, কৃষ্ণ, কৌৰৱ, পাণ্ডৱ, বিদুৰ, সত্যৱতী

জন্ম আৰু প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

কুন্তীৰ দেউতাক যাদৱ বংশৰ ৰজা শূৰসেন। তেওঁৰ আচল নাম আছিল পৃথ্বা। দেউতাকে সম্পৰ্কীয় ভায়েক কুন্তীভোজ সন্তানহীন হোৱা বাবে কুন্তীকে ডাঙৰ-দীঘল কৰিবলৈ দিয়ে।

এবাৰ দুৰ্বাসা মুনি কুন্তীভোজৰ ঘৰলৈ আহিল। কুন্তীয়ে তেওঁক কৰা সেৱা-শুশ্ৰূষাত মুনি সন্তুষ্ট হ'ল। তেওঁক কুন্তীক এটা মন্ত্ৰ শিকালে যাৰ সহায়ত কুন্তীয়ে যিকোনো দেৱতাক আহ্বান কৰি তেওঁৰ পৰা সন্তান লাভ কৰিব পাৰিব।

কৌতূহলী কুন্তীয়ে এদিন সেই মন্ত্ৰৰে ভগৱান সূৰ্যক আহ্বান কৰিলে। সূৰ্যই কুন্তীৰ লগত সহবাস কৰি এটা সন্তান দিলে আৰু লগতে কুন্তীৰ সতীত্বও পুনৰ প্ৰদান কৰিলে। এইমতেই কৰ্ণৰ জন্ম হয়। সমাজৰ ৰোষত পৰাৰ ভয়ত কুন্তীয় সন্তানটোক নৈত উটুৱাই দিয়ে।

পাণ্ডুৰ সৈতে বিবাহ সম্পাদনা কৰক

কুন্তীভোজে কুন্তীৰ স্বয়ম্বৰ আয়োজন কৰিলে। স্বয়ম্বৰত কুন্তীয়ে হস্তিনাপুৰৰ ৰজা পাণ্ডুক বৰণ কৰে। ইয়াৰ পাছত ৰাজ্য বঢ়োৱাৰ সংক্ৰান্তত পাণ্ডুৱে মদ্ৰৰ কুঁৱৰী মাদ্ৰীক বিয়া কৰায়।

এদিন পাণ্ডুৱে অৰণ্যত চিকাৰ কৰি থাকোঁতে ভুলতে সংগমত লিপ্ত মৃগয়াৰূপী ঋষি কিন্দম আৰু তেওঁৰ পত্নীক কাঁড় মাৰি হত্যা কৰে। মৃত্যুৰ আগে আগে ঋষিয়ে ৰজাক অভিশাপ দিয়ে যে ৰজাই যেতিয়াই সংগম কৰি তেতিয়াই তেওঁৰ মৃত্যু হ'ব। ইয়াৰ পাছত পাণ্ডুৱে ৰাজ্য পৰিত্যাগ কৰি দুইগৰাকী পত্নীৰে সৈতে বনবাসলৈ প্ৰস্থান কৰে।

কেইজনমান মুনিয়ে পাণ্ডুক কয় যে সন্তানহীন হৈ থাকিলে তেওঁ স্বৰ্গ লাভ কৰিব নোৱাৰিব। এই কথা পাণ্ডুৱে কুন্তীক জনাই কোনো সুপুৰুষৰ পৰা সন্তান লাভ কৰিবলৈ তেওঁক পৰামৰ্শ দিয়ে। কুন্তীয়ে তেতিয়া দুৰ্বাসাৰ পৰা পোৱা মন্ত্ৰ খটুৱাই তিনিজন পুত্ৰৰ মাতৃ হয়— যম দেৱতাৰ পৰা যুধিষ্ঠিৰ, বায়ুৰ পৰা ভীম আৰু ইন্দ্ৰৰ পৰা অৰ্জুন[5] কুন্তীয়ে মাদ্ৰীকো সেই মন্ত্ৰ শিকাই দিয়াত মাদ্ৰীয়ে অশ্বিন দেৱতা দুজনৰ পৰা নকুল আৰু সহদেৱ নামৰ যঁজা পুত্ৰদ্বয় লাভ কৰে।

এদিন পাণ্ডুৱে হিতাহিত জ্ঞান দেৰুৱাই মাদ্ৰীৰ লগত সংগম কৰিব খোজাত তেওঁৰ মৃত্যু হয়। ৰজাৰ মৃত্যুৰ কাৰণ হোৱা বুলি মাদ্ৰী সতী হৈ প্ৰাণ ত্যাগ কৰে। ইয়াৰ পাছত কুন্তীয়ে পাঁচোজন পুত্ৰক লৈ হস্তিনাপুৰ যায়গৈ।

বনবাস সম্পাদনা কৰক

পাণ্ডৱসকল হস্তিনাপুৰলৈ ঘূৰি অহাৰ পাছত সিংহাসন লৈ বিবাদৰ আৰম্ভ হয়। দুৰ্যোধনে নিজকে উত্তৰাধিকাৰী গণ্য কৰিছিল কিন্তু ধৃতৰাষ্ট্ৰই যুধিষ্ঠিৰক যুৱৰাজ ঘোষণা কৰে। তেতিয়া মোমায়েক শকুনিৰ মন্ত্ৰণামতে দুৰ্যোধনে পাণ্ডৱক জতুগৃহত জ্বলাই মাৰিবলৈ পৰিকল্পনা কৰে। বিদুৰৰ সহায়ত পাণ্ডৱসকল ইয়াৰ পৰা সাৰে ব্ৰাহ্মণ বেশ ধৰি নানা ঠাই ভ্ৰমণ কৰে।

ছদ্মবেশত থাকোঁতেই পাঞ্চাল ৰাজ্যৰ কুঁৱৰী দ্ৰৌপদীৰ স্বয়ম্বৰত অৰ্জুনে জয়লাভ কৰে। পঁজালৈ ঘূৰি গৈ পাণ্ডৱসকলে মাকক উপহাৰ অনা বুলি কয়। ভুল বুজি কুন্তীয়ে যি আনিছে আটাইকেইজনক ভগাই ল'বলৈ পৰামৰ্শ দিয়ে। মাকৰ বচন খণ্ডাব নোৱাৰি পাঁচোজন পাণ্ডৱে দ্ৰৌপদীক একেলগে বিয়া কৰায়।

প্ৰত্যাৱৰ্তন আৰু পাশা খেল সম্পাদনা কৰক

পাণ্ডৱসকল হস্তিনাপুৰলৈ ঘূৰি যোৱাৰ পাছত যুধিষ্ঠিৰক ইন্দ্ৰপ্ৰস্থ ৰাজ্য প্ৰদান কৰা হয়। কিন্তু আকৌ এদিন শকুনিৰ ষড়যন্ত্ৰত পাশা খেলত পৰাস্ত হৈ পাণ্ডৱসকল বাৰ বছৰ বনবাস আৰু এবছৰ অজ্ঞাতবাস খাটিবলগীয়াত পৰে। এইবাৰ কুন্তী বনলৈ নগৈ বিদুৰৰ ঘৰতে থাকে।

কুৰুক্ষেত্ৰ যুদ্ধ সম্পাদনা কৰক

কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ আগতে কুন্তীয়ে মনে মনে কৰ্ণক লগ ধৰি তেওঁ পাণ্ডৱৰ ফলীয়া হ'বলৈ অনুৰোধ কৰে। কিন্তু কৰ্ণই বন্ধু দুৰ্যোধনক প্ৰতাৰণা কৰিব নুখুজি এই অনুৰোধ প্ৰত্যাখ্যান কৰে। কিন্তু তেওঁ কুন্তীক কথা দিয়ে অৰ্জুনৰ বাহিৰে আন কোনো পাণ্ডৱক তেওঁ হত্যা নকৰে। কৰ্ণই মাকক যুদ্ধৰ পাছলৈকে তেওঁলোকৰ সম্পৰ্ক গোপনে ৰাখিবলৈ কয় আৰু কয় যে যুদ্ধ শেষ হোৱাৰ পাছতো কুন্তীৰ পাঁচজন পুত্ৰই থাকিব- পঞ্চমজন হয় কৰ্ণ নহয় অৰ্জুন। যুদ্ধৰ সময়ছোৱাত কুন্তীয়ে কৌৰৱৰ শিবিৰত গান্ধাৰীৰ লগত থাকে।

মৃত্যু সম্পাদনা কৰক

কুৰুক্ষেত্ৰ যুদ্ধৰ পাছত কুন্তীয়ে বিদুৰ, ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ লগত হিমালয়ৰ ওচৰত এখন অৰণ্যত বাস কৰিবলৈ লয়। এদিন তাতে বনজুই লাগি আটাইকেইজনৰ মৃত্যু হয়।[6][7]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Studies of Mahabharata". Archived from the original on 2013-11-09. https://web.archive.org/web/20131109192413/http://gyanpedia.in/Portals/0/Toys%20from%20Trash/Resources/books/yuganta.pdf। আহৰণ কৰা হৈছে: 2019-02-17. 
  2. KUNTI (also called Pritha and Parshni)
  3. A classical dictionary of Hindu mythology and religion, geography, history, and literature by Dowson, John (1820-1881)
  4. Mahabharata
  5. Edward Delavan Perry, Indra in the Rig-Veda. Journal of the American Oriental Society vol. 11.1885. পৃষ্ঠা. 121. 
  6. "Kunti" (pdf). Manushi India Organization. http://www.manushi-india.org/pdfs_issues/PDF%20143/05%20Panchkanya%2025-33%20%202-9.pdf। আহৰণ কৰা হৈছে: 10 January 2013. 
  7. Mani pp.442-3

বাহ্যিক সংযোগ সম্পাদনা কৰক