চুচেনফা
চাওফা চ্যু-চেন-ফা ১৪৩৯ চনৰ পৰা ১৪৮৮ চনলৈ আহোম ৰাজ্য শাসন কৰা স্বৰ্গদেউ। আহোম বুৰঞ্জীসমূহে তেওঁক ভাল শাসক আখ্যা দিছিল আৰু প্ৰজাসকলে সুখত জীৱন কটাইছিল। তেওঁৰ সুদীৰ্ঘ ৪৯ বছৰ ৰাজত্ব কৰিছিল। টাংছু নগাসকলৰ আক্ৰমণ তেওঁৰ শাসনকালত পোৱা একমাত্ৰ আহুকাল আছিল আৰু সেয়া বলেৰে মষিমূৰ কৰা হৈছিল।
চাওফা চ্যু-চেন-ফা | |
---|---|
চাওফা | |
১৪৩৯ চনৰ পৰা ১৪৮৮ চনলৈ | |
সম্পূৰ্ণ নাম | |
চাওফা চ্যু-চেন-ফা | |
বাসগৃহ | ছ্যু ফৈদ , আহোম ৰাজবংশ |
ধৰ্ম | আহোম ধৰ্ম |
|
পূৰ্বপুৰুষ আৰু সিংহাৰোহণসম্পাদনা কৰক
টিপমীয়া কুঁৱৰী এগৰাকীৰ ফালৰ পৰা আহোম ৰজা চুফক্ফাৰ জ্যেষ্ঠ পুত্ৰ আছিল চুচেনফা। মাক-দেউতাকে তেওঁক ত্যাওফাচুফুক নাম দিছিল। দেউতাকৰ মৃত্যুৰ পাছত ১৪৩৯ চনত তেওঁ চুচেনফা নাম লৈ শিঙৰি ঘৰত উঠে।[1]
ৰাজত্বকালসম্পাদনা কৰক
টাংছু নগাৰ বিৰুদ্ধে অভিযানসম্পাদনা কৰক
টাংছু নগাসকলে আহোম ৰাজ্যত বাৰে বাৰে আক্ৰমণ কৰি জন-ধনৰ হানি কৰিছিল। তেওঁলোকে কাষৰীয়া নগা জাতিবোৰকো আক্ৰমণ কৰিছিল। তাৰে এটা জাতি অখম্পা নগাই চুচেনফাক তৰোৱাল প্ৰদান কৰি আঁঠু লয়। তেওঁলোকে টাংছু নগাসকলৰ বিৰুদ্ধে পদক্ষেপ ল'বলৈ স্বৰ্গদেউক অনুৰোধ কৰে। চুচেনফাই ততালিকে সৈন্য সাজু কৰি নিজে নেতৃত্ব দি টাংছু নগাৰ বিৰুদ্ধে অভিযান চলায়। তুমুৰ যুদ্ধত আহোমসকলৰ ১৪০ জন সৈনিকৰ প্ৰাণ যায় যদিও শেষত তেওঁলোকে নগাসকলক পৰাস্ত কৰে।[2] আন এক সূত্ৰৰ মতে আহোমসকলে যুদ্ধত প্ৰায় পৰাজয় বৰণ কৰি পিছুৱাই গৈছিল। তেতিয়া বংৰুকিয়া গোহাঁয়ে সৈন্য গোটাই পুনৰ টাংছু নগাসকলক আক্ৰমণ কৰি পৰাস্ত কৰে। আহোমে টাংছু নগাৰ গাঁওবোৰ ধ্বংস কৰি তেওঁলোকক তলতীয়া হ'বলঐ বাধ্য কৰে।[3][4]
শংকৰদেৱৰ জন্মসম্পাদনা কৰক
চুচেনফাৰ ৰাজত্বকালতে ১৪৪৯ চনত বৈষ্ণৱ সংস্কৃতিৰ হোতা, সমাজ সংস্কাৰক শংকৰদেৱৰ নগাঁৱৰ বৰদোৱাৰ ওচৰত জন্ম হয়। তেওঁ সেই অঞ্চলৰ ভূঞাসকলৰ দলপতি কুসুম্বৰ ভূঞাৰ পুত্ৰ আছিল।[5][6]
টোকাসম্পাদনা কৰক
- ↑ (Barbaruah 1981, পৃষ্ঠা 41)
- ↑ (Barua 2008, পৃষ্ঠা 56-57)
- ↑ (Gait 1926, পৃষ্ঠা 85)
- ↑ (Barbaruah 1981, পৃষ্ঠা 41)
- ↑ (Barua 2008, পৃষ্ঠা 58)
- ↑ (Barbaruah 1981, পৃষ্ঠা 41)
তথ্যসূত্ৰসম্পাদনা কৰক
- Barbaruah, Hiteswar (1981) (Assamese ভাষাত). Ahomar-Din or A History of Assam under the Ahoms (1 সম্পাদনা). প্ৰকাশক Guwahati: Publication Board of Assam.
- Barua, Gunaviram (2008). Assam Buranji or A History of Assam (4 সম্পাদনা). প্ৰকাশক Guwahati: Publication Board of Assam.
- Gait, E A (1926). A History of Assam (2 সম্পাদনা). প্ৰকাশক Calcutta: Thackar, Spink and Co.