চাওফা চুত্যিণ্‌ফা বা চ্যু-ত্যিণ-ফা ১৬৪৪ খ্ৰীষ্টাব্দত চুৰাম্‌ফাৰ পিছত ৰাজপাটত উঠিছিল। স্বাস্থ্য ভালে নথকা বাবে এওঁক নৰিয়া ৰজা বুলিছিল। এওঁৰ প্ৰায়েই নৰিয়া আছিল বাবে বৰপুতেক লাপলুপ গোহাঁইয়ে নিজকে নিজে ৰজা ঘোষণা কৰি ৰজাৰ দৰে ফুৰা-চকা কৰিবলৈ আৰম্ভ কৰিছিল। লাপলুপৰ মাক বৰৰাণী আছিল। ৰজাৰ আন জনী ৰাণী বুঢ়াগোহাঁইৰ জীয়েক আছিল। এইজনী ৰাণীৰ মন্ত্ৰণাত নৰিয়া ৰজাই লাপলুপ আৰু বৰপাত্ৰক বধ কৰাইছিল। তাৰ পিছত লাপলুপৰ মাকক বৰৰাণী গুচাই বুঢ়াগোহাঁইৰ জীয়ককে বৰৰাণী পাতিছিল। এইগৰাকী ৰাণীয়ে খহুৱা খোৱা গোহাঁই নামৰ ৰজাৰ আন এজন পুতেককো মৰাবলৈ চেষ্টা কৰোৱাইছিল।[1]

চুত্যিণ্‌ফা
চাওফা

অসমৰ ৰজা
১৬৪৪ – ১৬৪৮ খ্ৰীষ্টাব্দ
চুৰাম্‌ফা
উত্তৰাধিকাৰী চুতাম্লা
সম্পূৰ্ণ নাম
চাওফা চ্যু-ত্যিণ-ফা
বাসগৃহ ছ্যু ফৈদ , আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম
আহোম ৰাজবংশ
চ্যু-কা-ফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ চুতাম্লা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লমফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰেম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিংফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিংফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯

ৰাজত্ব কাল

সম্পাদনা কৰক
ডফলাৰ লগত বিৰোধ

এইজন ৰজাৰ দিনত ডফলা সকলৰ লগত বিৰোধ ঘটিছিল। বুঢ়াগোহাঁই আৰু বৰপাত্ৰ গোহাঁইক ডফলাক দমাবলৈ নৰিয়া ৰজাই পঠিয়ায় দিছিল। কিন্তু এওঁলোকে ডফলা সকলক দমাব সক্ষম হোৱা নাছিল। তেতিয়া ৰজাই তেওঁলোকক বিষয়া ভাগি অইনক বিষয়া পাতি পুনৰ ডফলাৰ বিৰুদ্ধে অভিযান চলায়। সেইবাৰ ডফলাসকল ৰজাৰ বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল।[1]

কছাৰীৰ লগত বিৰোধ

কছাৰী সকলৰ লগত এইজন ৰজাৰ দিনত বিৰোধ ঘটিছিল। পিছে আহোম ৰাজকন্যা এজনী কছাৰী ৰজালৈ দিবলৈ স্বীকাৰ কৰি নৰিয়া ৰজাই কছাৰীৰ লগত সম্প্ৰীতি স্থাপন কৰিছিল। সেই সময়ত কছাৰী ৰজা আছিল বীৰ দৰ্পনাৰায়ণ।[1]

ৰজা ভগাৰ কাৰণ

সম্পাদনা কৰক

চুত্যিন্‌ফাৰ ৰাণী বুঢ়াগোহাঁইৰ জীয়েকৰ কুকুৰে খোৱা গোহাঁই নামৰ পুতেক এজন আছিল। তেওঁ বৰ নৈতিকতাহীন, দাম্ভিক আৰু অত্যাচাৰী আছিল। তেওঁৰ ব্যৱহাৰত ডা-ডাঙৰীয়াৰ লগতে ৰাজ্যৰ বহুত মানুহ অসন্তুষ্ট হৈছিল। ৰজায়ো শাসন কৰিব নোৱাৰিছিল। তেতিয়া ৰাজ্যৰ সকলোৱে মিলি কুকুৰে খোৱা গোহাঁইক আৰু তেওঁৰ মাকক মাৰি পেলাইছিল। ইয়াৰ পিছত তেওঁলোকে চুত্যিন্‌ফাক ৰজা ভাগি তেওঁৰ পুতেক চুতাম্লাক ৰজা পাতিছিল।[1]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 ভূপেন্দ্ৰনাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. প্ৰকাশক গুৱাহাটী: শ্ৰী খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা; লয়াৰ্ছ বুক ষ্টল, পাণবজাৰ, গুৱাহাটী. পৃষ্ঠা. ৬৫, ৬৬ পৃষ্ঠা.