চুতণফা
চুতণফা (ৰাজত্বকাল ১৭১৪-১৭৪৪) স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ প্ৰথম পুত্ৰ। ৰুদ্ৰ সিংহৰ মৃত্যুৰ পিছত তেওঁ স্বৰ্গদেউ শিৱ সিংহ নাম লৈ আহোম ৰাজপাটত উঠে।
চাওফা চুতণফা | |
---|---|
ৰাজত্ব | ১৭১৪-১৭৪৪ |
উত্তৰসূৰী | চুণেণফা |
সম্পূৰ্ণ নাম | |
স্বৰ্গদেউ শিৱ সিংহ | |
বাসগৃহ | ছ্যু ফৈদ , আহোম ৰাজবংশ |
পিতৃ | চুখ্ৰংফা |
ধৰ্ম | হিন্দু ধৰ্ম |
|
ৰাজত্বকালসম্পাদনা কৰক
স্বৰ্গদেউ ৰুদ্ৰ সিংহয়ে তেওঁৰ মৃত্যুসজ্জাত তেওঁৰ জ্যেষ্ঠ পুত্ৰ শিৱ সিংহয়ে ৰাজপাট আৰোহণ কৰাটো বিচাৰিছিল। তেওঁ পিতৃৰ বংগক আক্ৰমণ কৰা ইচ্ছা ত্যাগ কৰিছিল। কিন্তু তেওঁ পিতৃৰ ইচ্ছানুসাৰে পশ্চিম বংগৰ নৱদ্বীপৰ শাক্ত পুৰোহিত কৃষ্ণৰাম ভট্টাচাৰ্য্যৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। তেওঁ কৃষ্ণৰাম ভট্টাচাৰ্য্যক কামাখ্যা মন্দিৰৰ ব্যৱস্থাপনা অৰ্পণ কৰিছিল। তাৰপিছত কৃষ্ণৰাম ভট্টাচাৰ্য নীলাচল পাহাৰৰ শিখৰত বাস কৰিবলৈ লয়। সেয়ে তেওঁক পৰ্বতীয়া গোহাঁই বুলিও জনা গৈছিল। শিৱ সিংহয়ে তেওঁক আহোম ৰাজ্যৰ ৰাজকীয় গুৰু মানিছিল আৰু বহুতো মন্দিৰ আৰু ব্ৰাহ্মণক ভূমিদান কৰিছিল।
ডফলা অভিযানসম্পাদনা কৰক
তেওঁৰ সুদীৰ্ঘ ৩০ বছৰকাল শান্তিপূৰ্ণ ভাবে ৰাজত্ব কৰিছিল। কেৱল ১৭১৭ খ্ৰীষ্টাব্দৰ জানুৱাৰী মাহত তেওঁ উত্তৰৰ পাহাৰীয়া অঞ্চলৰ ডফলা সকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। ডফলা সকলে ভৈয়ামলৈ আহি স্থানীয় লোকৰ সা-সম্পত্তি লুট কৰাৰ বাবে তেওঁ এই অভিযান হাতত লৈছিল। ডফলা সকলক দমন কৰাৰ পিছত তেওঁ পাহাৰৰ নামনিত স্থানীয় লোকক তেওঁলোকৰ ভৱিষ্যতৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ এটা গড় বন্ধোৱাইছিল।
মৃত্যুসম্পাদনা কৰক
১৭৪৪ খ্ৰীষ্টাব্দত স্বৰ্গদেউ শিৱ সিংহৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পিছত ৰুদ্ৰ সিংহৰ দ্বিতীয় পুত্ৰ তথা শিৱ সিংহৰ ভাতৃ প্ৰমত্ত সিংহ ৰাজ সিংহাসনত অধিষ্ঠিত হয়।