চুপিম্ফা
চাওফা চ্যু-পিম্-ফা ১৪৯৩ চনৰ পৰা ১৪৯৭ চনলৈ আহোম ৰাজ্য শাসন কৰা স্বৰ্গদেউ আছিল। পিতৃ চুহেনফাৰ হত্যাকাৰীৰ প্ৰতিশোধ ল'বলৈ তেওঁ উচ্চ আৰু নিম্ন বৰ্গৰ লোকৰ ওপৰত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। সাধাৰণ ভুলৰ বাবে তেওঁ নিজৰ এগৰাকী গৰ্ভৱতী পত্নীক নগা পাহাৰলৈ নিৰ্বাসন দিছিল। ৰাণীয়ে কন্ছেং নামৰ পুত্ৰ সন্তানৰ জন্ম দিয়ে যি পাছত আহোম ৰাজ্যৰ প্ৰথম বৰপাত্ৰগোহাঁই হিচাপে বিচক্ষণতাৰ পৰিচয় দিছিল।
চাওফা চ্যু-পিম্-ফা | |
---|---|
চাওফা | |
১৪৯৩ চনৰ পৰা ১৪৯৭ চনলৈ | |
সম্পূৰ্ণ নাম | |
চাওফা চ্যু-পিম্-ফা | |
বাসগৃহ | ছ্যু ফৈদ , আহোম ৰাজবংশ |
ধৰ্ম | আহোম ধৰ্ম |
|
সিংহাৰোহণসম্পাদনা কৰক
চুপিম্ফা ৰজা চুহেনফাৰ জ্যেষ্ঠ পুত্ৰ আছিল। ১৪৯৩ চনত পিতাকৰ মৃত্যুৰ পাছত চুপিম্ফা স্বৰ্গদেউ হিচাপে শিঙৰি ঘৰত উঠে।
ৰাজত্বকালসম্পাদনা কৰক
চুহেনফাৰ হত্যাকাৰীৰ শাস্তিসম্পাদনা কৰক
শাসনভাৰ লৈয়েই চুপিম্ফাই পিতাক চুহেনফাৰ হত্যাকাৰীক বিচাৰিবলৈ মানুহ লগায়। লন্তৰুবন আৰু তেওঁৰ দুজন পুত্ৰ টাওফ্ৰং আৰু খুন্তাওক ধৰি মৃত্যুদণ্ড বিহা হয়।[1] আন ষড়যন্ত্ৰকাৰীসকলকো শাস্তি দিয়া হয়। খুংলুং বুঢ়াগোহাঁইক চুহেনফাৰ হত্যাত সন্দেহ কৰা হৈছিল। ৰজাৰ শাস্তিত ভয়ত বুঢ়াগোহাঁই পলাই যায়।[2] চুপিম্ফাই লগে লগে লুংলুং খাম্পেঙক নতুন বুঢ়াগোহাঁই পাতে। পাছত খুংলুং বুঢ়াগোহাঁই ধৰা পৰে যদিও আন বিষয়াসকলৰ অনুৰোধত তেওঁ মৃত্যুদণ্ডৰ পৰা সাৰে। তেওঁৰ সম্পত্তি বাজেয়াপ্ত কৰি তেওঁক গাঁৱৰ ঘৰলৈ নিৰ্বাসন দিয়া হয়।[3]
ৰাণীৰ নিৰ্বাসন আৰু কন্ছেঙৰ জন্মসম্পাদনা কৰক
চুহেনফাৰ দিনৰে পৰা নগাসকলে আহোম ৰাজ্যৰ লগত মিত্ৰতা বজাই ৰাখিছিল। প্ৰতি বছৰে তেওঁলোক আহোম ৰাজধানীলৈ আহি উপঢৌকন দিছিল। এজন নগা দলপতিয়ে চুপিম্ফাৰ পত্নী এগৰাকীৰ দেখা পাই ৰজাৰ সন্মুখতে তেওঁৰ সৌন্দৰ্যৰ প্ৰশংসা কৰে। ৰজাই খঙতে নগাজনৰ গাঁৱলৈ পত্নীক নিৰ্বাসন দিয়ে। ৰাণী সেই সময়ত গৰ্ভৱতী আছিল আৰু কিছু দিন পাছত এটি পুত্ৰ সন্তানৰ জন্ম দিয়ে।[4] তেওঁ কন্ছেং নামেৰে জনাজাত হয়। চুপিম্ফাৰ উত্তৰসূৰী চুহুন্মুঙে কন্ছেঙৰ কথা জানিব পাৰি তেওঁক অনাই বুঢ়াগোহাঁই আৰু বৰগোঁহাই সমপৰ্যায়ৰ বৰপাত্ৰগোহাঁই পদ সৃষ্টি কৰি নিয়োগ কৰে।[5] কন্ছেং বৰপাত্ৰগোহাঁয়ে চুহুন্মুঙৰ বাবে কেইবাখনো যুঁজত অংশ লয় আৰু তেওঁৰ নেতৃত্বত আহোম সেনাই পুৰণি কামৰূপ ৰাজ্যৰ পশ্চিম সীমা কৰতোৱালৈকে যায়।[6][7]
মৃত্যুসম্পাদনা কৰক
চমু ৰাজত্বকালত চুপিম্ফাই তেওঁৰ পিতাকৰ হত্যাৰ প্ৰতিশোধৰ বাবে বহু লোকক পৰিয়ালৰ লগতে শাস্তি আৰু মৃত্যুদণ্ড বিহে। বিষয়াসকল এই কামত সন্ত্ৰস্ত হৈ পৰিছিল। এনে অভিযান চলি থাকোঁতেই হঠাতে ১৪৯৭ চনত ৰজাৰ মৃত্যু হয়। মৃত্যুৰ কাৰণ কিছুমান বুৰঞ্জীয়ে প্ৰাকৃতিক আৰু কিছুমানে হত্যা বুলি ক'ব খুজে। অসমীয়া ইতিহাসবিদ আৰু লেখক গুণাভিৰাম বৰুৱা মতে চুহেনফাৰ মৃত্যুৱে জনতাৰ মাজত উত্তেজনা আৰু ভয়ৰ সৃষ্টি কৰিছিল। সেইবাবে বিষয়াসকলে চুপিম্ফাক হত্যা কৰি প্ৰকৃত কথা লুকুৱাই ৰাখে আৰু ৰজাৰ মৃত্যু প্ৰাকৃতিকভাৱে হোৱা বুলি প্ৰচাৰ কৰে।[8][9] চুপিম্ফাৰ পাছত তেওঁৰ পুত্ৰ চুহুন্মুং ৰাজপাটত উঠে।
টোকাসম্পাদনা কৰক
- ↑ (Barbaruah 1981, পৃষ্ঠা 43)
- ↑ (Gait 1926, পৃষ্ঠা 85)
- ↑ (Barbaruah 1981, পৃষ্ঠা 43)
- ↑ (Gait 1926, পৃষ্ঠা 86)
- ↑ (Gait 1926, পৃষ্ঠা 90)
- ↑ (Barua 2008, পৃষ্ঠা 61)
- ↑ (Gait 1926, পৃষ্ঠা 95)
- ↑ (Barua 2008, পৃষ্ঠা 59)
- ↑ (Barbaruah 1981, পৃষ্ঠা 45)
তথ্যসূত্ৰসম্পাদনা কৰক
- Barbaruah, Hiteswar (1981) (Assamese ভাষাত). Ahomar-Din or A History of Assam under the Ahoms (1 সম্পাদনা). প্ৰকাশক Guwahati: Publication Board of Assam.
- Barua, Gunaviram (2008). Assam Buranji or A History of Assam (4 সম্পাদনা). প্ৰকাশক Guwahati: Publication Board of Assam.
- Gait, E A (1926). A History of Assam (2 সম্পাদনা). প্ৰকাশক Calcutta: Thackar, Spink and Co.