চুক্লেনমুং (ইংৰাজী: Suklenmong) অসমআহোম ৰাজবংশৰ এজন ৰজা। তেওঁ দিখৌ নৈৰ পাৰত ৰাজধানী পাতি নগৰৰ চাৰিওফালে গড় মাৰি বেৰ দিয়ে। সেয়ে এই নগৰৰ নাম গড়গাওঁ হয় আৰু তেওঁ গড়গঞা ৰজা নাম পায়।[2] এইজনা ৰজাৰ দিনতে গড়গাওঁ নগৰ আৰু পুখুৰী, কাঁহিকুচি আৰু চাঙ্গিনিমুখৰ মথাউৰি, নগা আলি আদি নিৰ্মাণ কৰা হয়।[2][3]

চুক্লেনমুং
অসমৰ ৰজা
ৰাজত্ব ১৬৩৯-১৫৫২[1]
অভিষেক ১৫৩৯
উত্তৰাধিকাৰী চুখাম্ফা
পিতৃ চুহুংমুং

উল্লেখনীয় কাৰ্য আৰু ঘটনা

সম্পাদনা কৰক
আহোম ৰাজবংশ
চ্যু-কা-ফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ চুতাম্লা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লমফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰেম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিংফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিংফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯

ৰাজপাটত উঠিয়েই চুক্লেনমঙে ভায়েক কেইজনক ৰজা উপাধি দি টিপাম, চাৰিং আৰু নামৰূপত স্থাপন কৰে। নিজৰ ওপৰত পিতৃহত্যাৰ ষড়যন্ত্ৰৰ সন্দেহ দূৰ কৰিবলৈ তেওঁ চুহুংমুঙৰ হত্যাৰ চক্ৰান্তত জড়িত থকাসকলক মৃত্যুদণ্ড দিয়ে।[2]

বিদ্ৰোহ দমন

সম্পাদনা কৰক

ৰজা হোৱাৰ কিছুদিন পিছত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ভূঞাসকলে উপদ্ৰৱ কৰাত গড়গঞা ৰজাই তেওঁলোকক দমন কৰে। ইয়াৰ পিছতে চুটিয়াসকলে বিদ্ৰোহ কৰাত ১৬৪২ চনত তেওঁলোককো দমন কৰে।[2]

কোচ ৰজাৰ সৈতে বিবাদ

সম্পাদনা কৰক

চুক্লেনমুঙৰ দিনতে কোচ আৰু আহোমৰ মাজত বিবাদৰ সূত্ৰপাত ঘটে। ১৫৪৬ চনত কোচ ৰজা নৰনাৰায়ণৰ আদেশমৰ্মে ভায়েক চিলাৰায়ে আহোম ৰাজ্য আক্ৰমণ কৰে। চাঙ্গিনিমুখ, দিকৰাই, কলিয়াবৰ, শলা, পিছলাপাৰ আদি ঠাইত হোৱা যুদ্ধৰ অন্তত আহোমসকল অন্তিম বিজয়ী হয় যদিও দুয়োপক্ষৰে বহু হানি হয়।[2]

১৩ বছৰ কাল ৰাজত্ব কৰাৰ পিছত ১৫৫২ চনত তেওঁৰ মৃত্যু হয়।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "History of Ancient Assam". assam.gov.in. Archived from the original on March 5, 2016. https://web.archive.org/web/20160305064959/http://online.assam.gov.in/history1?webcontentid=173375। আহৰণ কৰা হৈছে: March 24, 2013. 
  2. 2.0 2.1 2.2 2.3 2.4 ভাৰতৰ বুৰঞ্জী (১৯৮৬ চন); এম.এল. কাথবৰুৱা, নীলমণি ফুকন, হৰি প্ৰসাদ দাস, দেৱকান্ত দত্তবৰুৱা, বৰুৱা এজেন্সি, পৃষ্ঠা ১৩২, ১৩৩
  3. "টাই সংস্কৃতিৰ ৰূপৰেখা" (১৯৯৪ চন), ড° লীলা গগৈ, বনলতা প্ৰকাশন, ISBN-81-7339-079-7, পৃষ্ঠা ২২৭