চুখাংফা
(চ্যু-খাং-ফাৰ পৰা পুনঃনিৰ্দেশিত)
চুখাংফা বা চ্যু-খাং-ফা মৌঙ ডুন চোন খাম বা আহোম ৰাজ্যৰ চতুৰ্থজন স্বৰ্গদেউ বা চাওফা আছিল। তেখেত চাওলুং চুবিণ্ফাৰ বৰ পুতেক আছিল। তেখেত ১২৯৩ চনত ৰাজপাটত বহে।
চাওলুং চ্যু-খাং-ফা | |
---|---|
চাওলুং আহোম ভাষা | |
চাওলুং চ্যু-খ্ৰাম্-ফা | |
সম্পূৰ্ণ নাম | |
চাওলুং চ্যু-খাং-ফা | |
বাসগৃহ | ছ্যু ফৈদ , আহোম ৰাজবংশ |
ধৰ্ম | আহোম ধৰ্ম |
|
চুখাংফাই কমতাপুৰ ৰাজ্য আক্ৰমণ কৰে আৰু কমতাপুৰৰ ৰজা দুৰ্ল্লভ নাৰায়ণে যুদ্ধ পৰাজিত হৈ সন্ধি প্ৰস্তাব দি নিজ কন্যা ৰাজনীক স্বৰ্গদেউলৈ বিয়া দিয়ে।
চুখাংফাই ৩৯ বছৰ কাল ৰাজত্ব কৰি ১৩৩২ চনত মৃত্যুবৰণ কৰে ।
এখেতৰ ৰাজত্ব কালত বুঢ়াগোঁহাই পদত কোনো নাছিল আৰু বৰগোঁহাই পদত চাওপাংবণ্ডুক আছিল।