পৰাগধৰ চলিহা

ভাৰতীয় ৰাজনীতিবিদ

পৰাগধৰ চলিহা (ইংৰাজী: Paragdhar Chaliha; ১৯২৩-১৯৯৯) এগৰাকী শিক্ষাবিদ হোৱাৰ লগতে অভিনেতা আৰু সংগীতজ্ঞও আছিল। চলিহা একাধাৰে কবি, গীতিকাৰ, সংগীতজ্ঞ, নাট্যকাৰ, সাহিত্যিক, অভিনেতা পৰিচালক, সমাজ সংগঠক, সাংবাদিক, ক্ৰীড়াবিদ, ক্ৰীড়া সংগঠক, প্ৰশাসক তথা ৰাজনীতিবিদ। ১৯২৩ চনৰ ১৩ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ আমোলাপট্টিত পৰাগ চলিহাৰ জন্ম হয়। তেওঁ পিয়লি ফুকন, সোণ-ৰূপ নেওচি, শোণিত কুঁৱৰী আদি মঞ্চ নাটত অভিনয় কৰাৰ উপৰিও অপৰাজেয়, এণ্টনি মোৰ নাম, ছিৰাজ আদি বোলছবিত অভিনয় কৰি সুনাম আৰ্জিছিল। তেখেত সেউজ কোঁৱৰ নামেৰে জনাজাত আছিল। ইয়াৰোপৰি তেওঁ তীব্ৰ জাতীয়তাবোধ সম্পন্ন মানুহ আছিল। জাতীয়তাবোধেই তেওঁক ৰাজনীতিত নামিবলৈ উদ্বুদ্ধ কৰিছিল।[1]

পৰাগধৰ চলিহা
জন্ম ১৩ ছেপ্টেম্বৰ, ১৯২৩
অসম
মৃত্যু ২১ জুন, ১৯৯৯ (৭৫ বছৰ)
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
পিতৃ-মাতৃ পদ্মধৰ চলিহা

সংক্ষিপ্ত জীৱনী সম্পাদনা কৰক

১৯২৩ চনৰ ১৩ ছেপ্টেম্বৰত পৰাগধৰ চলিহাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম পদ্মধৰ চলিহা। তেওঁৰ পিতৃ আছিল শিৱসাগৰ কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ, মুক্তিযুঁজাৰু, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ফুলনিৰ কবি ৰূপে প্ৰখ্যাত পদ্মধৰ চলিহা আৰু মাতৃ ডিব্ৰুগড়ৰ বিখ্যাত দুৱৰা পৰিয়ালৰ সুপ্ৰভা চলিহা পৰাগ চলিহাৰ আজোককাক ফণীধৰ চলিহা বৰুৱা কায়স্থ বংশৰ ব্যক্তি আছিল। তেখেতৰ দুগৰাকী পত্নী আছিল। প্ৰথম গৰাকী বংশীধৰ নামতিয়াল বৰুৱাৰ বৰ জীয়ৰী সাবিত্ৰী চলিহা বৰুৱানী। তেওঁৰ দুই পুত্ৰ ক্ৰমে প্ৰেমধৰ চলিহা আৰু কুলধৰ চলিহা। দ্বিতীয়গৰাকী হ'ল দামোদৰ নামতিয়াল বৰুৱাৰ মাজু জীয়ৰী গুণদা চলিহা বৰুৱানী। এইগৰাকীৰ পুত্ৰ হ'ল পদ্মধৰ চলিহা, পুণ্যধৰ চলিহা, পুষ্পধৰ চলিহা, বুদ্ধধৰ চলিহা আৰু বিদ্যাধৰ চলিহা। উল্লেখযোগ্য যে এখেতসকলৰ মাতৃ গুণদা চলিহা আছিল শ্বহীদ মণিৰাম দেৱানৰ জীয়েকৰ জীয়েক, অৰ্থাৎ নাতিনীয়েক। শিৱসাগৰৰ বিখ্যাত চলিহা পৰিয়ালৰ সন্তান ফণীধৰ চলিহাই ঊনবিংশ শতিকাত শিৱসাগৰত শিক্ষা আৰু জ্ঞানৰ পোহৰ বিলোৱাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ফণীধৰ চলিহাৰ সন্তান পদ্মধৰ চলিহা আৰু পদ্মধৰ চলিহাৰ একমাত্ৰ সন্তান হ'ল পৰাগধৰ চলিহা। শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা আৰু কটন কলেজৰ পৰা বি এ পাছ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ উপাধি গ্ৰহণ কৰে।[কেতিয়া ?] ১৯৪৭ চনত পিতৃৰ দ্বাৰা প্ৰতিষ্ঠিত শিৱসাগৰ কলেজত প্ৰবক্তাৰূপে যোগ দিয়ে। ১৯৮৫ চনত ইয়াৰ অধ্যক্ষৰূপে অৱসৰ লয়। পৰৱৰ্তী কালত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপেও কিছুকাল কাৰ্যনিৰ্বাহ কৰে। শিৱসাগৰ কলেজক অসমৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানৰূপে গঢ়ি তোলাত বিশেষ অৱদান আছে।[1]



১৯৪৬-৪৭ চনত উজনি অসমত উচ্চ শিক্ষা লাভৰ বাবে জে বি আৰু কানৈ কলেজৰ বাহিৰে আন কলেজ নাছিল। গতিকে পিতৃ পদ্মধৰ চলিহাই শিৱসাগৰত এখন মহাবিদ্যালয় স্থাপন কৰিবৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। পিতৃ পদ্মধৰ চলিহা আছিল ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী। গতিকে, পিতা-পুত্ৰ আৰু স্থানীয় শিক্ষানুৰাগী ব্যক্তিসকলৰ সবল প্ৰচেষ্টাত ১৯৪৭ চনৰ ২ নৱেম্বৰত শিৱসাগৰ -চহৰৰ মাজমজিয়াৰ 'কালীপ্ৰসাদ স্মৃতিভৱন ত শিৱসাগৰ কলেজ প্ৰতিষ্ঠা হ'ল। পিতৃ পদ্মধৰ চলিহাই অধ্যক্ষৰ দায়িত্ব লৈ পুত্ৰ পৰাগ চলিহাৰ ওপৰত উপাধ্যক্ষৰ দায়িত্ব দিয়ে। ৰাইজে জোকাৰিলে নৈ বা সত্যতা প্ৰমাণ কৰি ১৯৫২ চনত শিৱসাগৰ কলেজখন অ স্থানান্তৰিত হ'ল। ১০৫ বিঘা মাটিৰে আগুৰা ঠাইখিনিত তেতিয়া মাৰ ছাত্ৰ যাত্ৰী বাবে দুটা নিবাস, অধ দুজনৰ বাবে দুটা আবাসগৃহ আৰু কলা শাখাৰ মূল এটা নিৰ্মাণ কৰা হৈছিল। নেতিবাচক চিন্তাৰ এচামে উপলুতা কৰি মন্তব্য কৰিলে— আগতে জয়সাগৰলৈ গৰু বিচাৰি যাওঁ, এতিয়া পোহৰ বিচাৰি যাব লাগে। 'অসমৰ ভূতপূৰ্ব ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে নতুন ভৱনৰ দ্বাৰ উদ্বোধন কৰিলে। নতুন স্থানত শিৱসাগৰ কলেজ লাহে লাহে ঠন ধৰি উঠিল। দুবছৰ সুকলমে চলি থকা কলেজখন জয়সাগৰৰ পৰা তুলি আনিবলৈ এদল বিৰোধী লোক ওলাল। শিৱসাগৰ নগৰত ৰাজহুৱা সভা, তুমুল বাক-বিতণ্ডা, উত্তেজনাৰ মাজত সেই অধ্যায়ৰ সমাপ্ত হ'ল।

কলেজখনত লাগি থাকোঁতেই ১৯৬৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া পৰা বিভাগৰ মুৰব্বীৰ দায়িত্বৰ বাবে আহ্বান আহিছিল। ১৯৬৮ চনত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত বিভাগীয় প্ৰধান হিচাপে যোগদান কৰিলে আৰু 'সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অধ্যাপক' আসনত অধিষ্ঠিত হ'ল। চলিহাই হ'ল এই সন্মানীয় আসনৰ প্ৰথমগৰাকী অধ্যাপক।

উল্লেখযোগ্য যে এইজনা কৃতবিদ্য কাণ্ডাৰীয়ে নিজে আগভাগ লৈ সজাই তোলা শিৱসাগৰৰ মাজমজিয়াত স্থাপিত শিৱসাগৰ নাট্য মন্দিৰটিৰ নিৰ্মাণকাৰ্য ১৯৯৬ চনত সম্পূৰ্ণ হয়। সেই শুভ উদ্বোধনী সভাতেই পৰাগ চলিহাক প্ৰদান কৰা হয় ‘সেউজ কোঁৱৰ’উপাধি। সেউজ কোঁৱৰ উপাধিটোৰ আঁৰৰ মানুহজন হ'ল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী, কথাশিল্পী ইমৰান শ্বাহ একালৰ পৰাগ চলিহাৰ ছাত্ৰ আৰু পাছলৈ সহকৰ্মী। শিৱসাগৰ নাট্য মন্দিৰ আৰু অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানে একগোট হৈ পৰাগ চলিহাক এটা উপাধি দিবৰ বাবে থিৰাং কৰিলে। উপাধিটো ঠিক কৰি দিবলৈ ইমৰান শ্বাহক দায়িত্ব দিয়া হ'ল। এসময়ত 'সেউজীয়া' নামৰ আলোচনী সম্পাদনা কৰা চলিহাই কলিকতাৰ পৰা সেউজীয়া ঘাঁহ আনি কলেজত ৰোৱাইছিল। তদুপৰি, ‘সেউজীয়া সমাজ সংগীত বিদ্যালয়' তেওঁৰে সৃষ্টি দেখাত কঠোৰ মানুহজনৰ মনৰ মাজত অনেক সেউজীয়া ৰং। গতিকে, ইমৰান শ্বাহৰ সেই 'সেউজ কোঁৱৰ নামকৰণ যথাযথ বুলি গৃহীত কৰা হ'ল আনুষ্ঠানিকভাৱে চলিহাক প্ৰদান কৰা হ'ল ‘সেউজ কোঁৱৰ' উপাধি।

অভিনৱ মনৰ মানুহজনৰ অনৱৰতেই অভিনৱ চিন্তাৰ টৌ। তেখেতৰ জীৱনৰ আন এক অৱদান - হ'ল অ' এন জি চিৰ অনা-অসমীয়া মানুহখিনিক লৈ অসমীয়া, বঙালী, হিন্দী কবিতা ৰচনা আৰু চৰ্চাৰ উদ্দেশ্যে ‘অভিব্যক্তি' নামৰ এটি মনোমোহা অনুষ্ঠানৰ আয়োজন কৰা।

কিছুদিনৰ বাবে তেওঁ অসম গণ পৰিষদ দলৰ ভাৰপ্ৰাপ্ত সভাপতিৰ পদত আছিল। ১৯৯৫-৯৯ কালচোৱাত ৰাজ্যসভাৰ সাংসদ ৰুপে তেওঁ অসমক প্ৰতিনিধিত্ব কৰিছিল।[2]

১৯৯৯ চনৰ ২১ জুন তাৰিখে তেওঁৰ মৃত্যু হয়।[1]

সাহিত্যৰাজি সম্পাদনা কৰক

  • অ মোৰ আপোনাৰ দেশ (আলেখ্য)
  • চাৰিহেজাৰ বছৰৰ অসম (আলেখ্য)
  • মহা মানৱৰ মহা প্ৰয়াণ (আলেখ্য)
  • চিত্ৰ বিচিত্ৰ (১৯৮৭)
  • অসমীয়া সংস্কৃতি আৰু সাহিত্য (১৯৭৩)
  • অসমীয়া সংস্কৃতিৰ সুভাণ্ড[1]

বিষয়বাব সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 বৰ্মণ, শিৱনাথ (২০০৯). অসমীয়া জীৱনী অভিধান, তৃতীয় সংস্কৰণ. পৃষ্ঠা. ১২৬, ১২৭. 
  2. India. Parliament. Lok Sabha (1986). Lok Sabha Debates. Lok Sabha Secretariat.. পৃষ্ঠা. 73–. https://books.google.com/books?id=mkxPAQAAMAAJ&pg=PA73.