১৩ আগষ্ট
তাৰিখ
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
২০২৩ |
১৩ আগষ্ট (ইংৰাজী: 13 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৫তম (অধিবৰ্ষত ২২৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী সম্পাদনা কৰক
- ১৭৮৪ - ভাৰতত প্ৰশাসনিক সংস্কাৰ বাবে পিটছ ইণ্ডিয়া বিধেয়ক ব্ৰিটিছ পাৰ্লিয়ামেণ্টত গ্ৰহণ কৰা হৈছিল।
- ১৯৫৬ - লোকসভাত ৰাষ্ট্ৰীয় ঘাইপথ বিধেয়ক গৃহীত হয়।
- ২০০৪ - গ্ৰীচৰ এথেন্সত ২৮ তম অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হয়।
জন্ম সম্পাদনা কৰক
- ১৮৪৮ - ৰমেশ চন্দ দত্ত, ইংৰাজী আৰু বাংলা ভাষাৰ প্ৰসিদ্ধ লেখক আৰু ইতিহাসবিদ।
- ১৮৬৩ - গংগাপ্ৰসাদ বাৰ্মা, স্বাধীনতা সংগ্ৰামী আৰু প্ৰসিদ্ধ ভাৰতীয় ৰাজনীতিবিদ।
- ১৮৭২ - ৰিকাৰ্ড মাৰ্টিন ৱিলষ্টাটৰ, প্ৰখ্যাত জাৰ্মান বিজ্ঞানী। তেওঁ ১৯১৫ চনত ৰসায়ন বিজ্ঞানৰ নোবেল লাভ কৰিছিল।
- ১৮৮৮ - জন ল'গী বেয়াৰ্ড, টেলিভিছনৰ উদ্ভাৱক।
- ১৯১২ - ছালভাডোৰ এডৱাৰ্ড লুৰিয়া(ইংঃ Salvador Edward Luria), নোবেল বঁটা বিজয়ী আমেৰিকান চিকিৎসক।
- ১৯১৮ - ফ্ৰেডৰিক ছেংগাৰ, ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা (১৯৫৮ বৰ্ষৰ) বিজয়ী ব্ৰিটিছ ৰসায়নবিদ।
- ১৯২৭ - ফিডেল কাষ্ট্ৰো, কিউবাৰ বিপ্লৱী নেতা জননায়ক।
- ১৯৫২ - যোগিতা বালি বলিউডৰ অভিনেত্ৰী।
- ১৯৬৩ - শ্ৰীদেৱী, বলিউডৰ প্ৰথম মহিলা মহাতাৰকা (ইংঃ Superstar) অভিনেত্ৰী।
- ১৯৭৫ - ছোৱেইব আখটাৰ, ক্ৰিকেট খেলৰ বিশ্বৰ আটাইতকৈ বেগী বলাৰ, পাকিস্থানৰত জন্ম হৈছিল। ২০০৩ চনৰ ক্ৰিকেট বিশ্ব কাপত ইংলেণ্ডৰ বিপক্ষে ১৬১.৩ কিমি/ঘণ্টাত (১০০.২৩ মাইল/ঘণ্টা) বল দলিয়াই বিশ্ব ৰেকৰ্ড গঢ়িছিল।
মৃত্যু সম্পাদনা কৰক
- ১৮৯১ - টিকেন্দ্ৰজিৎ, মণিপুৰৰ সেনাপতি। ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ অপৰাধত আন দুজনৰ সৈতে ইংৰাজে ফাঁচী দিছিল।
- ১৯১০ - ফ্লোৰেন্স নাইটিংগেল, ইংৰাজ শুশ্ৰূষাকাৰী আৰু সমাজসেৱীকা।
- ১৯৪৬ - এইছ জি ৱেলছ, বিখ্যাত ইংৰাজী কল্পবিজ্ঞান কাহিনী লেখক, দুখন বিখ্যাত কিতাপ হ'ল - দা ৱাৰ অৱ দা ৱৰ্ল্ডছ আৰু দা টাইম মেছিন।
- ২০০০ - নাজিয়া তাছান, প্ৰখ্যাত গায়িকা।
- ২০০৩ - ড॰ ভবেন্দ্ৰ নাথ শইকীয়া, যশস্বী ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু বোলছবি পৰিচালক।
- ২০১৮ - সোমনাথ চেটাৰ্জী, ভাৰতৰ এগৰাকী ৰাজনীতিবিদ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ নেতা।
দিৱস সম্পাদনা কৰক
- বিশ্ব অংগ দান দিৱস।
- বিশ্ব বাওঁহতীয়া দিৱস।
অনান্য সম্পাদনা কৰক
বাহ্যিক সংযোগ সম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১৩ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |