লাটুমণি লতা (বৈজ্ঞানিক নাম: Abrus precatorius; আন নাম: Gunja, Jequirity, Crab's Eye, Rosary Pea, John Crow Bead, Precatory bean, Indian Licorice, Akar Saga, Giddee Giddee বা ত্ৰিনিদাদ আৰু টবেগ'ৰ Jumbie Bead)[1] এজোপা পাতল, চিৰহৰিৎ লতা গছ। ই বৃক্ষ, জোপোহা আদি গছত বগায়। ই এবিধ ছিৰা ফল (legume) যুক্ত, দীঘলীয়া যৌগিক পত্ৰযুক্ত (pinnate-leafleted) উদ্ভিদ।

লাটুমণি লতা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Fabales
পৰিয়াল: Fabaceae
গণ: Abrus
প্ৰজাতি: A. precatorius
বৈজ্ঞানিক নাম
Abrus precatorius
L., 1753

গছজোপাৰ গুটিবোৰ দেখাত অত্যন্ত আকৰ্ষণীয় আৰু কেতিয়াবা ইয়াক পাৰকিউশ্যন বাদ্যযন্ত্ৰত (percussion instruments) ব্যৱহাৰ কৰা হয়। এব্ৰিন (abrin) অৰ উপস্থিতিৰ হেতুকে এইবোৰ বিষাক্ত। ই ইন্দোনেছিয়াৰ স্থানীয় আৰু ক্ৰান্তীয় জলবায়ুত গজে। ই প্ৰায়েই অপতৃণ হৈ উঠাৰ প্ৰৱণতাসম্পন্ন।

বিষক্ৰিয়া

সম্পাদনা কৰক

এব্ৰিন (abrin) নামৰ বিষাক্ত যোগবিধ এবিধ (protein dimer), ইয়াৰ A আৰ B নামৰ দুটা প্ৰটিন (protein) উপাংশ (Protein subunit) আছে। B শিকলি (chain) ডালে কোষ বেৰৰ (cell membrane) কোনো কোনো (transport protein) লগত বন্ধনীযুক্ত হৈ বিষবিধক কোষৰ ভিতৰলৈ পৰিবাহিত কৰায়। কোষৰ ভিতৰত সোমোৱাৰ পাছত A শিকলিডালে ৰাইব'জমৰ (ribosome) 26S উপাংশক নিষ্ক্ৰিয় কৰি কোষৰ প্ৰটিন ছিন্থেছিছ (protein synthesis) ব্যাহত কৰে। এব্ৰিনৰ এটা অণুৱেই ১,৫০০ পৰ্য্যন্ত ৰাইব'জমক নিষ্ক্ৰিয় কৰিব পাৰে।

বিষক্ৰিয়াৰ লক্ষণসমূহ ৰিচিন (ricin) ’ৰ সৈতে একে, প্ৰভেদ এয়ে যে এব্ৰিন প্ৰায় দুগুণ বেছি শক্তিশালী। এব্ৰিনৰ মাৰক পৰিমাণ ৰিচিনতকৈ প্ৰায় ৭৫ গুণ কম। মানুহৰ ক্ষেত্ৰত এই পৰিমাণ ০.১-১ মাইক্ৰগ্ৰাম/কিল’ গ্ৰাম। গুটি গোটকৈয়ে খালে হোৱা বিষক্ৰিয়াৰ প্ৰত্যক্ষ প্ৰমাণ (clinical finding) নাথাকে, কাৰণ ডাঠ খোলাৰ গুটিবোৰ পাচনতন্ত্ৰৰ মাজেৰে তেনেকৈয়ে পাৰ হৈ যায়।[2]

তামিল ভাষাkudri mani আৰু তেলুগু ভাষাguru ginja বোলা Abrus precatoriusসিদ্ধ ঔষধত (Siddha medicine) হিচাবে পুৰণি কালৰে পৰা ব্যৱহৃত হৈ আহিছে। তামিল সিদ্ধসকলে (Siddhars) উদ্ভিদৰ বিষ আৰু ইহঁতৰ বিভিন্ন শুদ্ধিকৰণ (suththi seythal) প্ৰক্ৰিয়াৰ বিষয়ে জানিছিল।

২০১২ চনৰ মাৰ্চত ইডেন প্ৰজেক্ট (Eden Project)-ৰ দ্বাৰা ইংলেণ্ডত লাটুমণি গুটি ব্যৱহাৰ কৰা কিছুমান ব্ৰেচলেট ওভোটাই লোৱা হয়।[3]

গছবিধ ঘোঁৰাৰ বাবেও বিষযুক্ত।

 
লাটুমণি লতাৰ উজ্জ্বল ৰঙা বীজবোৰ অলংকাৰ হিচাপে ব্যৱহাৰ কৰা হয়

লাটুমণি গুটিৰ আকৰ্ষণীয় ৰঙৰ বাবে কোনো কোনো আদিবাসীয়ে ইয়াক অলংকাৰত ব্যৱহাৰ কৰে। গুটিবোৰ সাধাৰণতে লেডীবাগ (ladybug) পোকটোৰ দৰে উজ্জ্বল ৰঙা আৰু ক'লা বৰণীয়া। লাটুমণি গুটিৰ অলংকাৰ তৈয়াৰ কৰাও বিপদজনক হ'ব পাৰে, মালাৰ বাবে গুটি ফুটা কৰোঁতে খোঁচ খাই কাৰিকৰৰ বিষক্ৰিয়া হৈ মৰাৰো উদাহৰণ আছে। [উদ্ধৃতিৰ প্ৰয়োজন]

ত্ৰিনিডাডত লাটুমণি গূটিৰ মালা দেও-ভুত খেদাবলৈ আৰু মুখ নালাগিবলৈ (mal-yeux) বা (evil eye) হাত আৰু ভৰিৰ সৰুগাঁঠিত পিন্ধা হয়। তামিলসকলেও লাটুমণি গুটি ব্যৱহাৰ কৰে।

লাটুমণি গুটিৰ ওজন সকলো গুটিৰে ক্ষেত্ৰত প্ৰায় সমান আৰু সোণাৰীসকলে ইয়াৰ ওজনক "ৰতি" বুলি ব্যৱহাৰ কৰে। (৮ ৰতি = ১ মাশ্বা (Masha), ১২ মাশ্বা = ১ তোলা, ১ তোলা = প্ৰায় ১১.৬ গ্ৰাম)

উত্তৰ ভাৰতত শালগ্ৰাম পূজাত "স্মৃতি ৰাধাৰাণী"ক প্ৰতিনিধিত্ব কৰি লাটুমণি গুটি ব্যৱহাৰ কৰা হয়। গৌড়ীয় বৈষ্ণৱ কথামতে শ্ৰী চৈতন্য মহাপ্ৰভুৱে ইয়াক ৰাধাৰ ভৰিৰ লগত তুলনা কৰিছিল।[4]

পৰম্পৰাগত ঔষধ

সম্পাদনা কৰক

সিদ্ধ আয়ুৰ্বেদত বগা লাটুমণি গুটিৰ তেলক যৌন উত্তেজক বুলি দাবী কৰা হয়।[5] গছৰ পাতৰ চাহপানী (উতলোৱা পানী) জ্বৰ, কাহ আৰু পানীলগাৰ দৰব হিচাবে ব্যৱহাৰ কৰা হয়।[6] বিশাক্ত গুটিবোৰ বিশুদ্ধিকৰণৰ পাচতহে ব্যৱহাৰ কৰা হয়।[7]

নিষ্কাশ সমূহৰ পৰীক্ষাগাৰ অধ্যয়ন

সম্পাদনা কৰক

পৰীক্ষাগাৰত এন্দুৰৰ ওপৰত লাটুমণিৰ বিভিন্ন নিষ্কাশৰ পৰীক্ষা কৰা হৈছে যদিও মানুহৰ ওপৰত ইয়াৰ প্ৰভাৱৰ অধ্যয়নৰ তথ্য নাই।

  • ইয়াৰ এক এলক'হলযুক্ত (ইথানল) নিষ্কাশৰ এণ্টি অক্সিডেণ্ট, এণ্টি ইনফ্লেমেটৰী আৰু এনালজেচিক হোৱাৰ সম্ভাবনা পোৱা গৈছে।[8]
  • গুটিৰ মিথানলযুক্ত নিষ্কাশে স্পাৰ্গ-ডাউলী এন্দুৰৰ প্ৰজননক্ষমতা ব্যাহত কৰে।[9]
  • গুটিৰ মিথানলযুক্ত নিষ্কাশে গিনিপিগৰ ওপৰতো প্ৰভাৱ পেলায়।[10]

বিভিন্ন ভাষাৰ নাম

সম্পাদনা কৰক

বিভিন্ন ভাৰতীয় Abrus precatorius-ক বিভিন্ন নামেৰে জনা যায়:[11]

চিত্ৰ ভঁৰাল

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Mendes (1986), p. 79.
  2. Jang D.H., Hoffman R.S., Lewis L.S. "Attempted suicide, by mail order: Abrus precatorius".Clinical Toxicology. Conference: 2010 International Congress of the European Association of Poisons Centres and Clinical T oxicologists Bordeaux France. Conference Start: 20100511 Conference End: 20100514. Conference Publication: (var.pagings). 48 (3) (pp 308),
  3. "আৰ্কাইভ কপি". Archived from the original on 2012-10-06. https://web.archive.org/web/20121006163203/http://www.hoax-slayer.com/eden-project-bracelet-recall.shtml। আহৰণ কৰা হৈছে: 2012-10-06. 
  4. (Sri Chaitanya Charitamrita Adi-lila 17-279.), (Sri Chaitanya Charitamrita Madhya-lila 14:204.), CC Antya 6.307.
  5. Raamachandran, J. "Herbs of Siddha medicines: The First 3D Book on Herbs", page 2.
  6. Mendes (1986), p. 79.
  7. Verma D., Tiwari S.S., Srivastava S., Rawat A.,"Pharmacognostical evaluation and phytochemical standardization of Abrus precatorius L. seeds." Natural Product Sciences. 17 (1) (pp 51-57), 2011
  8. Arora R., Gill N.S., Kaur S., Jain A.D.,"Phytopharmacological evaluation of ethanolic extract of the seeds of Abrus precatorius linn." Journal of Pharmacology and Toxicology. 6 (6) (pp 580-588), 2011.
  9. Okoko I.I., Osinubi A.A., Olabiyi O.O., Kusemiju T.O., Noronha C.C., Okanlawon A.O."Antiovulatory and anti-implantation potential of the methanolic extract of seeds of Abrus precatorius in the rat". Endocrine practice : official journal of the American College of Endocrinology and the American Association of Clinical Endocrinologists. 16 (4) (pp 554-560), 2010
  10. Mensah A.Y., Bonsu A.S., Fleischer T.C."Investigation of the bronchodilator activity of abrus precatorius". International Journal of Pharmaceutical Sciences Review and Research. 6 (2) (pp 9-13), 2011
  11. Dr. K. M. Nadkarni's Indian Materia Medica, Volume 1, Edited by A. K. Nadkarni, Popular Prakashan, Bombay, 1976, pp. 5.

অন্যান্য

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক