চ্যু-ণেণ-ফা

(চুনেন্‌ফাৰ পৰা পুনঃনিৰ্দেশিত)

চাওফা চ্যু-ণেণ-ফা বা প্ৰমত্তসিংহ (ৰাজত্বকাল ১৭৪৪–১৭৫১) স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দ্বিতীয় পুত্ৰ। তেওঁৰ ভাতৃ শিৱ সিংহৰ মৃত্যুৰ পিছত প্ৰমত্ত সিংহ নাম লৈ আহোম ৰাজপাটত উঠে।[1] স্বৰ্গদেউ প্ৰমত্তসিংহ এগৰাকী দয়ালু ৰজা আছিল। তেওঁ ৰাজত্ব কৰা সময়ত অসমৰ দিনবোৰ বৰ সুখেৰে অতিবাহিত হৈছিল। ১৭৪৫ চনত এওঁ পুনৰায় জমিৰ জৰীপ কৰায় আৰু মানুহৰ পিয়ল কৰায়। ৰজাৰ কাৰেংঘৰ এওঁ পকী কৰে।[1] ১৭৪৬ চনত প্ৰমত্ত সিংহই ৰংপুৰৰংঘৰ নিৰ্মাণ কৰে। এই ৰংঘৰৰ সন্মুখৰ বহল পথাৰত বিহু-নাচ, ম’হ-যুঁজ, হাতী-যুঁজ আদি নানা ধৰণৰ খেল-ধেমালিৰ আয়োজন কৰা হৈছিল। ৰজা আৰু ডা-ডাঙৰীয়া সকলে ৰংঘৰৰ ওপৰৰ পৰা সেই ধেমালি উপভোগ কৰিছিল।[1]

চাওফা চ্যু-ণেণ-ফা
চাওফা
অসমৰ ৰজা
১৭৪৪–১৭৫১
সম্পূৰ্ণ নাম
চাওফা চ্যু-ণেণ-ফা
বাসগৃহ ছ্যু ফৈদ, আহোম ৰাজবংশ
ধৰ্ম হিন্দু ধৰ্ম
ৰংঘৰ
প্ৰমত্তসিংহৰ দিনৰ ৰূপৰ মুদ্ৰা

প্ৰমত্ত সিংহই ৰাজত্ব কালত বিভিন্ন দৌল আৰু অট্টালিকা নিৰ্মাণ কৰিছিল। গুৱাহাটীশুক্লেশ্বৰ দেৱালয় আৰু উত্তৰ গুৱাহাটীত ৰুদ্ৰেশ্বৰ দেৱালয় এইজন ৰজাই নিৰ্মাণ কৰিছিল।[1] ইয়াৰ উপৰিও তেওঁৰ ৰাজত্বকালত হাজোত এটা গণেশ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। ১৭৫১ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্তসিংহৰ মৃত্যু হয়।[1]

লগতে চাওক সম্পাদনা কৰক


তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৮৬. 
  • Baruah, S L (1993), Last Days of Ahom Monarchy: A History from 1769 to 1826, Munshiram Manoharlal Publishers Pvt Ltd, New Delhi.