জন্মেজয়
জন্মেজয় বা জনমেজয় (ইংৰাজী: Janamejaya) পাণ্ডৱ বংশৰ পৰীক্ষিত ৰজাৰ পুতেক।[1] তেওঁৰ মাক আছিল মাদ্ৰৱতী। তেওঁৰ পিতৃ পৰীক্ষিত ৰজাক তক্ষক নাগে দংশি মাৰে।[2] জনমেজয়ৰ পিতৃ পৰীক্ষিত ৰজা আছিল অৰ্জুনৰ পুত্ৰ অভিমন্যু আৰু উত্তৰাৰ পুত্ৰ। শুকে তেওঁৰ (পৰীক্ষিত) আগত মহাভাগৱত কৈছিল।[2]
জন্মেজয় | |
---|---|
ব্যাস আৰু ৰজা জন্মেজয় | |
নিবাস | ভাৰতীয় |
গ্ৰহ | পৃথিৱী |
পিতৃ-মাতৃ | পৰীক্ষিত (পিতৃ) মাদ্ৰৱতী (মাতৃ) |
সন্তান | Satáníka Sankukarna |
অঞ্চল | ভাৰত |
ৰাজসিংহাসন
সম্পাদনা কৰকএদিন পৰীক্ষিত ৰজাই মৃগয়া কৰিবলৈ বনলৈ যায় আৰু পিয়াহ লগাত পানী বিচাৰি শমিক মুনিৰ আশ্ৰম পায়গৈ। শমিক মুনি তেতিয়া চকু মুদি ধ্যানমগ্নহৈ আছিল। ৰজা পৰীক্ষিতে ধ্যান কৰা ভাও জুৰি মুনিয়ে তেখেতক অৱজ্ঞা কৰা বুলি ভাবি, খঙত ওচৰতে পৰি থকা মৰা সাপ এডাল মুনিৰ ডিঙিত মেৰিয়াই দি থৈ যায়।
ৰজাই মুনিৰ ডিঙিত সাপ মেৰিয়াই থৈ যোৱা বাৰ্তা পাই শমীক মুনিৰ পুত্ৰ শৃংগীয়ে খঙত অগ্নিশৰ্মাহৈ কৌষিকী নদীৰ পানী স্পৰ্শ কৰি ৰজাক সাত দিন পিছত তক্ষক সাপে দংশন কৰিব বুলি অভিশাপ দিয়ে। অৱশেষত তক্ষক সাপে তেওঁক দংশন কৰে।[3]
উল্লেখ আছে যে মৃত্যুৰ আগমুহূৰ্তত শুকে তেওঁৰ আগত মহাভাগৱতৰ কথা কৈছিল।[3]
শমিক মনিৰ পুত্ৰ শৃংগী মুনিৰ অভিশাপত ৰজাৰ সাতদিনত মৃত্যু হোৱাৰ পিছত জন্মেজয়ে ৰাজসিংহাসনত বহে। তেওঁৰ কাশীৰাজ সুবৰ্ণবৰ্মাৰ কন্যা বপুষ্টমাৰ সৈতে বিবাহ হয়।
বংশলতা
সম্পাদনা কৰকসাংকেতিক চিহ্ন