বেল
বেল (ইংৰাজী: Wood apple, Bael, বৈজ্ঞানিক নাম: Aegle Marmetos) এবিধ ফল। বঙালী আৰু হিন্দী ভাষাতো এই ফলবিধক বেল বুলিয়ে কয়। সংস্কৃত ভাষাত বিল্ব বুলি কোৱা হয়। এবিধ পুষ্টিকৰ ফল। হিন্দু ধৰ্মী লোকসকলে পূজা-অৰ্চনাত বেল গছৰ পাত ব্যৱহাৰ কৰে।
বেল | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Sapindales |
পৰিয়াল: | Rutaceae |
উপপৰিয়াল: | Aurantioideae |
গোত্ৰ: | Clauseneae |
গণ: | Aegle Corrêa |
প্ৰজাতি: | A. marmelos |
বৈজ্ঞানিক নাম | |
Aegle marmelos (L.) Corr.Serr. |
আকাৰ সম্পাদনা কৰক
বেল এবিধ ঘূৰণীয়া আকৃতিৰ ফল। কেঁচা অৱস্থাত সেউজীয়া বৰণৰ হয় আৰু পকিলে হালধীয়া বৰণ ধৰে। গছজোপা জোপোহা আৰু কিছু ওখ হয়।
খাদ্যপ্ৰাণ সম্পাদনা কৰক
প্ৰতি ১০০ গ্ৰামৰ খাদ্যগুণ:[1]
পানী | ৬৯.৫ গ্ৰাম |
প্ৰটিন | ৭.৩ গ্ৰাম |
চৰ্বী | ০.৬ গ্ৰাম |
আঁহ | ৫.২ গ্ৰাম |
শৰ্কৰা | ১৫.৫ গ্ৰাম |
কেলছিয়াম | ০.১১ গ্ৰাম |
ফছফৰাছ | ০.১৩ গ্ৰাম |
লৌহ পদাৰ্থ | ০.৬ মিলিগ্ৰাম |
খাদ্যপ্ৰাণ 'খ' | ০.৮ মিলিগ্ৰাম |
খাদ্যপ্ৰাণ 'গ' | ৩মিলিগ্ৰাম |
খাদ্যপ্ৰাণ 'ক' | ৬১ মাইক্ৰগ্ৰাম |
শক্তি (কেলৰি) | ৯৭ কেল |
ঔষধি গুণ সম্পাদনা কৰক
- বেলৰ চৰবত এক শীতলীকৰণ পানীয়ৰূপে ব্যৱহাৰ কৰিব পাৰি। ফলত ই শৰীৰ শীতল কৰি ৰাখে আৰু প্ৰস্ৰাৱৰ জ্বলন দূৰ কৰে।
- Peptic Ulcer, Acidity থকা ৰোগীয়ে বেলৰ চৰবত খাব পাৰে।
- পায়খানা খোলোচা ৰাখে।
- বেল পাতৰ ৰস আৰু জালুক মিহলাই খাই চৰ্দি লগা কমাব পাৰি।
- আধা পকা বেল গ্ৰহণী বা পুৰণা (cronic) গ্ৰহণীৰ (dysentary) পৰম ঔষধ।[1]
স্থানীয় নাম সম্পাদনা কৰক
- দক্ষিণ-পূব এছিয়া
- ভাৰতবৰ্ষ
- অসমীয়া: বেল
- হিন্দী: बेल (Sirphal)
- গুজৰাটী: બીલી
- উৰ্দু: (Bael)بیل, (Sirphal) سری پھل
- ওড়িয়া: ବେଲ Baela
- বঙালী: বেল
- কন্নড়: ಬೇಲದ ಹಣ್ಣು (edible variety)
- কন্নড়: bilva (sacred variety)
- কোংকণী: gorakamli
- মালয়ালম: കൂവളം (koo-valam)
- মাৰাঠী: बेल বা कवीठ (Kaveeth)
- পঞ্জাবী: Beel
- সংস্কৃত: बिल्व
- সিন্ধী: ڪاٺ گدرو
- সিংহল: බෙලි (Beli)
- তামিল: வில்வம் (Vilvam)
- তেলেগু: మారేడు (maredu)