অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৫ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে।[1] 'ম'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ম' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'ম'-ক এনেদৰে ⠍ (braille pattern dots-134) লিখা যায়।[2]

স্বৰবৰ্ণৰ লগত যোগ হ'লে সম্পাদনা কৰক

স্বৰবৰ্ণ 'ম'ৰ লগত যোগ হ'লে
মা
মি
মী
মু
মূ
মৃ
মে
মৈ
মো
মৌ

যুক্তবৰ্ণ (ম যোগ) সম্পাদনা কৰক

ম + ন = ম্ন = নিম্ন
ম + প = ম্প = চম্পা
ম + ফ = ম্ফ = গুম্ফা
ম + ব = ম্ব = অম্বৰ
ম + ভ = ম্ভ = স্তম্ভ
ম + ম = ম্ম = জম্মু
ম + য = ম্য = কাম্য
ম + ৰ = ম্ৰ = নম্ৰ
ম + ল = ম্ল = ম্লান

'ম'ৰে আৰম্ভ শব্দ সম্পাদনা কৰক

  • মই
  • মৌ
  • মেল
  • মৃগ
  • মৰম
  • মৰমজান
  • মৈ
  • মাৰ্ক্স
  • মৌ-মাখি
  • মৌল
  • মকৰা
  • মেজ
  • মাদুৰী
  • মৌৰ্য
  • মইনাজান
  • মূৰ
  • মেকুৰী আদি।

ইউনিক’ড সম্পাদনা কৰক

চিহ্ন ইউনিক’ড ক’ড নম্বৰ ইউনিক’ডত বিৱৰণ[3]
U+09AE U+09AE BENGALI LETTER MA

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. xobdo.org search result of ব্যঞ্জন বৰ্ণ
  2. World Braille Usage, UNESCO, 2013
  3. বঙালী ইউনিক’ড তালিকা (পি.ডি.এফ.)