২৪ আগষ্ট
তাৰিখ
(আগষ্ট ২৪ৰ পৰা পুনঃনিৰ্দেশিত)
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
২০২৪ |
২৪ আগষ্ট (ইংৰাজী: 24 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩৬তম (অধিবৰ্ষত ২৩৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২৯টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
সম্পাদনা কৰক- ১৬০৮ - ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথমখন জাহাজ চুৰাট উপকূলত প্ৰবেশ কৰে।[1][2]
- ১৮১৪ - ব্ৰিটিছ বাহিনীয়ে ৱাশ্বিংটন, ডি চি দখল কৰে আৰু বহুতো ৰাজহুৱা অনুষ্ঠান ধ্বংস কৰে। (বাৰ্নি অৱ ৱাশ্বিংটন বা ১৮১২ৰ যুদ্ধ)
- ১৯৬৯ - বৰাহগিৰি ভেংকট গিৰি ভাৰতৰ চতুৰ্থ ৰাষ্ট্ৰপতি ৰূপে অধিষ্ঠিত হয় আৰু ১৯৭৪ চনৰ একে তাৰিখত কাৰ্যকাল শেষ হয়।
- ১৯৭৪ - ফখৰুদ্দিন আলি আহমেদ ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি ৰূপে অধিষ্ঠিত হয়।
- ১৯৯১ - ইউক্ৰেইনে ছোভিয়েট সংঘৰ পৰা পৃথক হৈ নতুন ৰাষ্ট্ৰৰ সৃষ্টি কৰে।
- ২০০৮ - বেইজিংত ২৯তম অলিম্পিক ক্ৰীড়াৰ সামৰণি পৰে।
জন্ম
সম্পাদনা কৰক- ১৮৪৬ - হেনৰী গেনেট (Henry Gannett), আমেৰিকান ভূগোল বিজ্ঞানী আৰু কাৰ্ট'গ্ৰাফাৰ।
- ১৯০৮ - ৰাজগুৰু, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ১৯৪২ - কাৰেণ কেছকুল্লা উলেনবেক, এবেল বঁটা বিজয়ী প্ৰথমগৰাকী মহিলা গণিতজ্ঞ।
- ১৯৪৪ - ৰকি জনছন, মল্লযুঁজাৰু, হলীউডৰ অভিনেতা আৰু মল্লযুঁজাৰু ডৱেন "দ্য ৰক" জনছনৰ পিতৃ।
- ১৯৪৫ - ভিন্স মেকমাহন, ডব্লিউ ডব্লিউ ইৰ (WWE) মুৰব্বী, মল্লযুঁজাৰু।
- ১৯৬৩ - হিডৌ ক'জিমা, ভিডিঅ' গেমৰ নিৰ্মাতা।
- ১৯৬৫ - মাৰ্লি মেটলিন, অমেৰিকান অভিনেত্ৰী, অস্কাৰ বিজয়ী একমাত্ৰ বধিৰ শিল্পী।
- ১৯৬৯ - মুকেশ তিৱাৰী, অভিনেতা।
- ১৯৮৬ - শান্তনু ভাগ্যৰাজ, প্ৰসিদ্ধ তামিল চলচ্চিত্ৰ অভিনেতা।
- ১৯৮৮ - পদ্মনাভ বৰদলৈ, ভাৰতীয় গায়ক, গীতিকাৰ, সংগীত পৰিচালক আৰু অনুষ্ঠান পৰিচালক।
- ১৯৯০ - এলিজাবেথ ডেবিকি, ফৰাচী অভিনেত্ৰী।
- ১৯৯৭ - এলান ৱাকাৰ, জনপ্ৰিয় সংগীত নিৰ্মাতা আৰু ডি জে (DJ)।
মৃত্যু
সম্পাদনা কৰক- ১৮৮৮ - ৰুডল্ফ ক্ল'ছিয়াছ (ইংঃ Rudolf Clausius), জাৰ্মান পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ, তাপগতি বিজ্ঞানৰ দ্বিতীয় সূত্ৰ (second law of thermodynamics) আৰু এনট্ৰ'পি (entropy) সূত্ৰৰ আৱিষ্কাৰক।
- ১৯২৫ - ৰামকৃষ্ণ গোপাল ভাণ্ডাৰকৰ, সমাজ সংস্কাৰক।
- ১৯৮৯ - ষ্টেন বৰুৱা ওৰফে হৰি বৰুৱা, বিপ্লৱী, কমিউনিষ্ট পাৰ্টিৰ সশস্ত্ৰ সংগ্ৰামী।
- ২০১৪ - ৰিছাৰ্ড এটেনবৰ', ব্ৰিটিছ আভিনেতা, অস্কাৰ বিজয়ী গান্ধী কথাছবিৰ নিৰ্মাতা আৰু পৰিচালক।
- ২০১৯ - অৰুণ জেটলী, ভাৰতীয় ৰাজনীতিবিদ আৰু আইনজ্ঞ।
- ২০২০ - জীৱেশ্বৰ ডেকা, অসমৰ এগৰাকী প্ৰবীণ মঞ্চ অভিনেতা।
দিৱস
সম্পাদনা কৰক- স্বাধীনতা দিৱস (ইউক্ৰেইন)।
- পতাকা দিৱস (লাইবেৰিয়া)।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ২৪ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ When and why did the British first choose to invade India?. India Today. https://www.indiatoday.in/education-today/gk-current-affairs/story/when-and-why-british-first-came-to-india-1591166-2019-08-24.
- ↑ 24th August 1608: The First Representative of the East India Company Lands in Surat. Maps of India. https://www.mapsofindia.com/on-this-day/24th-august-1608-the-first-representative-of-the-east-india-company-lands-in-surat.