৭ আগষ্ট

তাৰিখ
(আগষ্ট ৭ৰ পৰা পুনঃনিৰ্দেশিত)
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

৭ আগষ্ট (ইংৰাজী: 7 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৯তম (অধিবৰ্ষত ২২০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪৬টা দিন বাকী থাকে। এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

উল্লেখযোগ্য ঘটনাৱলী সম্পাদনা কৰক

  • ১৪৬১ - মিং ৰাজবংশৰ আৰু চীনা সৈন্য়বাহিনীৰ সেনাপতি চাও কীনে চিয়ানচান সাম্ৰাজ্য়ৰ বিৰুদ্ধে থিয় দিয়ে।
  • ১৮৬৯ - আমেৰিকাৰ পৰা পূৰ্ণগ্ৰাহ সূৰ্যগ্ৰহণৰ প্ৰথম ফটো লোৱা হৈছিল।
  • ১৯০৫ - বংগ বিভাজন ঘটিছিল।
  • ১৯০৫ - ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছে ব্ৰিটিছ বস্তু বহিষ্কাৰৰ আহ্বান জনায়।
  • ১৯৫৯ - লুণা-৩ৰ দ্বাৰা চন্দ্ৰৰ অদৃশ্য ফালটোৰ ফটো লোৱা হৈছিল।
  • ১৯৬০ - পশ্চিম আফ্ৰিকাৰ দেশ আইভৰী কষ্টে স্বাধীনতা লাভ কৰে।
  • ১৯৯৬ - নাছাই মংগল গ্ৰহত জীৱ থকা আৰু বসবাস কৰিব পৰা সম্ভাৱনা ব্যক্ত কৰে।
  • ২০০৭ - শ্যাম বেনেগাললৈ ২০০৫ চনৰ দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।
  • ২০২১ - নীৰজ চোপ্ৰাই '২০২০-গ্ৰীষ্মকালীন অলিম্পক'ত এথলেটিকছৰ পুৰুষৰ জেভলীন দলিওৱাত সোণৰ পদক পাই প্ৰথম ভাৰতীয় হিচাপে ইতিহাস সৃষ্টি কৰে। তেওঁ ২০২০ টকিঅ' অলিম্পিকত ৮৭.৫৮ মিটাৰ দূৰত্বলৈ জেভলীন দলিয়াই সোণৰ পদক লাভ কৰিছিল।

জন্ম সম্পাদনা কৰক

  • ১৮৭৬ - মাতা হাৰি (ইংঃ Mata Hari), প্ৰকৃত নাম মাৰ্গাৰেটা গিৰট্ৰুইডা (গ্ৰিইৎজ) মেকলিঅ'ড জেলে এজনী নেডাৰলেণ্ডৰ নৰ্তকী আৰু গুপ্তচৰ। প্ৰথম বিশ্ব যুদ্ধত জাৰ্মানীৰ হৈ গুপ্তচৰ কৰা অভিযোগত ফ্ৰান্সে মৃত্যুদণ্ড প্ৰদান কৰিছিল।
  • ১৮৯৯ - ডিম্বেশ্বৰ নেওগ, প্ৰথিতযশা অসমীয়া সাহিত্যিক।
  • ১৯২৫ - এম এছ স্বামীনাথন, ভাৰতীয় কৃষি বিজ্ঞানী আৰু ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃপুৰুষ।
  • ১৯৬৬ - জিম্মী ৱেলছ, আমেৰিকান ইণ্টাৰনেট শিল্পদ্যোগী।

মৃত্যু সম্পাদনা কৰক

  • ১১০৬ - চতুৰ্থ হেনৰী, জাৰ্মানীৰ সম্ৰাট।
  • ১৮৪৮ - জনজ জেকব বাৰ্জেলিয়াছ, ছুইডেনৰ ৰসায়ন বিজ্ঞানী।
  • ১৯৪১ - কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, সাহিত্যত ন'বেল বঁটা বিজয়ী ভাৰতীয় সাহিত্যিক।
  • ১৯৫৭ - অলিভাৰ হাৰ্ডি, আমেৰিকান কৌতুক অভিনেতা, 'ল'ৰেল এণ্ড হাৰ্ডি' কথাছবিৰ বাবে জনাজাত।
  • ২০১৮ - এম কৰুণানিধি, তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।

দিৱস সম্পাদনা কৰক

  • গণতন্ত্ৰ দিৱস (আইভৰী ক’ষ্ট)
  • বিশ্ব স্বাস্থ্য সংস্থা(WHO) আৰু ৰাষ্ট্ৰসংঘৰ শিশুৰ নিধিৰ (UNICEF)ৰ বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ সপ্তম তথা অন্তিম দিন। (১ আগষ্টৰ পৰা ৭ আগষ্টলৈ)

বাহ্যিক সংযোগ সম্পাদনা কৰক