নগেন শইকীয়া

অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক, শিক্ষাবিদ আৰু সমালোচক
(নগেন শ‍ইকীয়াৰ পৰা পুনঃনিৰ্দেশিত)

নগেন শইকীয়া (জন্ম:১৯৩৯ - )একাধাৰে গল্পকাৰ, ঔপন্যাসিক, শিক্ষাবিদ, সমালোচক, সম্পাদক আৰু অধ্যাপক। 'মিত-ভাষ' নামৰ এক শ্ৰেণীৰ নতুন ৰচনাশৈলীৰে তেওঁ অসমীয়া সাহিত্যক নতুনত্ব প্ৰদান কৰে। তেখেতে অসম সাহিত্য সভাৰ ১৯৯৭ চনৰ বিলাসীপাৰা অধিৱেশন আৰু ১৯৯৮ চনৰ হাওৰাঘাট অধিৱেশনত সভাপতিত্ব কৰিছিল।[2] তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰপৰা অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে৷

ড॰ নগেন শইকীয়া

অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা মুহূৰ্তত
জন্ম ১১ ফেব্ৰুৱাৰী, ১৯৩৯
হাতীয়েখোৱা, গোলাঘাট
পেচা অধ্যাপক, কবি, গল্পকাৰ, ঔপন্যাসিক, সমালোচক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা এম.এ, পি.এইচ.ডি
ধৰণ অসমীয়া সাহিত্য
উল্লেখনীয় কৰ্মৰাজি মিত-ভাষ (১৯৯৫)
উল্লেখযোগ্য বঁটা অসম সাহিত্য সভাৰ সভাপতি (১৯৯৭-৯৮),
সাহিত্য অকাডেমি বঁটা লাভ (১৯৯৭)[1]
দাম্পত্যসংগী লাৱণ্য শইকীয়া

জন্ম সম্পাদনা কৰক

১৯৩৯ চনৰ ১১ ফেব্ৰুৱাৰীত গোলাঘাট জিলাৰ ওচৰৰ হাতীয়েখোৱা নামৰ ঠাইত জন্ম। পিতৃ উমাৰাম শইকীয়া আৰু মাতৃ হেমপ্ৰভা শইকীয়া।

শিক্ষা সম্পাদনা কৰক

গাঁৱৰে বৰকাঠনি এল পি স্কুলত প্ৰাথমিক শিক্ষা লাভৰ অন্তত কাকডোঙা এম ই স্কুল আৰু ঢেকীয়াল হাইস্কুলৰ পৰা ক্ৰমে মধ্য ইংৰাজী আৰু প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ। তাৰপাছত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা আই এ (১৯৫৯), গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা বি এ (১৯৬১) আৰু ১৯৬৪ চনত প্ৰাইভেটকৈ এম এ পৰীক্ষাত উত্তীৰ্ণ। ১৯৮১ চনত অসমীয়া সাহিত্য বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ। (গৱেষণাৰ বিষয় : এ ক্ৰিটিকেল ষ্টাডি অব্ দা ছ'চিয়েল এণ্ড ইণ্টেলেকচুৱেল বেকগ্ৰাউণ্ড অব্ মডাৰ্ণ আছামিজ লিটাৰেচাৰ, ১৮২৬-১৯০৩)।[3]

বৈবাহিক জীৱন সম্পাদনা কৰক

১৯৬৫ চনৰ ১১ মে'ত ঢেকীয়ালৰ লাৱণ্য শইকীয়াৰ লগত বিবাহ আৰু কালক্ৰমত দুটি পুত্ৰ সন্তান আৰু এটি কন্যা সন্তানৰ পিতৃ।[4]

কৰ্ম জীৱন সম্পাদনা কৰক

হাতীয়েখোৱা আৰু ঢেকীয়াল হাইস্কুলত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ। মাজতে কিছুদিন 'অসম বাতৰি'ৰ সহকাৰী সম্পাদকৰূপে কাৰ্যনিৰ্বাহ। ইয়াৰ পিছত ক্ৰমে ডিফু কলেজ, যোৰহাটৰ নিউ যোৰহাট কলেজ, আৰু দেৱীচৰণ বৰুৱা মহাবিদ্যলয়ত অধ্যাপনা। ১৯৭২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়অসমীয়া বিভাগত অধ্যাপকৰূপে যোগদান আৰু ২০০২ চনত উক্ত বিভাগৰ প্ৰাধ্যাপক (সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসন) ৰূপে অৱসৰ গ্ৰহণ। ২০০৩ চনত কেইমাহমানৰ বাবে 'নতুন দৈনিক' কাকতৰ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ। ২০০৪-০৬ বৰ্ষত 'আমাৰ অসম' কাকতৰ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ। ১৯৮৬ চনৰ পৰা ১৯৯২ চনলৈ ৰাজ্যসভাৰ সদস্য।[5]

সাহিত্যিক জীৱন সম্পাদনা কৰক

সুদীৰ্ঘ দিন ধৰি অসম সাহিত্য সভাৰ লগত ঘনিষ্ঠভাৱে জড়িত। বহু ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সংগঠনৰ লগত বিশেষভাৱে জড়িত। ইয়াৰ ভিতৰত উল্লেখযোগ্য কৰ্মৰাজি হ'ল:

অসম সাহিত্য সভা

  • সহ-সম্পাদক (১৯৬৬-৭০),
  • ভাষাজ্ঞান পৰীক্ষা আৰু প্ৰকাশনৰ সচিব (১৯৭০-৭১),
  • কোষাধক্ষ্য (১৯৭৭-৭৮),
  • প্ৰধান সম্পাদক (১৯৭৩-৭৬),
  • প্ৰধান সম্পাদক (১৯৮০-৮৫),
  • শিশু জ্ঞানকোষৰ সদস্য,
  • গ্ৰন্থ বাছনি সমিতি,
  • জাতীয় ন্যাস সমিতি,
  • পত্ৰিকা সম্পাদনা,
  • সাহিত্য বঁটা সমিতি,
  • পৰিকল্পনা আৰু কাৰ্যসূচী সমিতিৰ সদস্য।

অসম প্ৰকাশন পৰিষদ

  • কাৰ্যনিবাহক সমিতি,
  • বিশ্বকোষ প্ৰণয়ন সমিতি,
  • বঁটা নিৰ্বাচক সমিতি,
  • গ্ৰন্থ পৰিকল্পনা সমিতি,
  • প্ৰশাসনীয় সংস্কাৰ সমিতিৰ সদস্য। লগতে

সাহিত্য অকাডেমিৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ সদস্য (১৯৭৫-৮৫, ১৯৯৩-৯৮, ২০০৩-০৮), সাধাৰণ পৰিষদৰ সদস্য (১৯৯৩-৯৮)। ভাৰতীয় লেখক সংঘৰ সদস্য (১৯৭৪), ভাৰতীয় ভাষা সমিতি, সৰস্বতী সন্মানৰ সদস্য আৰু আহ্বায়ক (১৯৯১-৯৪), উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ কৰ্টৰ সদস্য (১৯৯৩-৯৬), ডিব্ৰুগড় বিশ্ববিদ্যালয়টাই ভাষা শিক্ষাৰ সদস্য (১৯৯২-২০০৩), ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য (১৯৮৬-৯১), প্ৰকাশ আলোচনী সম্পাদনা সমিতিৰ উদ্দেশ্য, সংজ্ঞা আলোচনীৰ সম্পাদনা সমিতিৰ সদস্য (১৯৭৫-৭৮), কাব্যালোচনী সাম্প্ৰতিকৰ সম্পাদক (১৯৭১), ব্ৰহ্মপুত্ৰ আলোচনীৰ মুখ্য সম্পাদক (১৯৮৫), নাটকমৰ সভাপতি (১৯৬৬-৬৮), ৰাজ্যিক সংহতি পৰিষদৰ সভাপতি (১৯৮৭-৯০), শিশু ভাৰতীৰ সভাপতি (১৯৮৭-২০০১), শংকৰী সংগীত বিদ্যাপীঠৰ সভাপতি(১৯৯৭)। ইয়াৰ উপৰিও তেওঁ বহুতো অনুষ্ঠান-প্ৰতিষ্ঠান তথা অসম চৰকাৰৰ বিভিন্ন বিভাগৰ সন্মানীয় পদবীৰ আসন শুৱনি কৰিছিল।

প্ৰকাশিত পুথি সম্পাদনা কৰক

  • মিতভাষ (১৯৯৫) (হিন্দী, ইংৰাজী আৰু নেপালী ভাষালৈ অনূদিত)
  • স্বপ্ন-স্মৃতি-বিষাদ (১৯৯৭)

গৱেষণামূলক সম্পাদনা কৰক

  • Background Of Modern Assamese Literature (১৯৮৮)
  • চিন্তা আৰু চিন্তামূলক চৰ্চা (১৯৮০)
  • উনবিংশ শতিকাত অসমীয়া ভাষাৰ সংকট (১৯৮৮)
  • ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু অন্যান্য ৰচনা (১৯৯৩)
  • অগ্নিগৰ্ভা অসম (১৯৯৩)
  • অসমীয়া কবিতা আৰু অন্যান্য বিষয় (১৯৯৬)
  • গৱেষণা পদ্ধতি পৰিচয় (১৯৯৬)
  • তুলনামূলক সাহিত্য বিচাৰ (১৯৯৬)
  • অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ (১৯৯৭-৯৮)
  • সাংবাদিকতাঃ এটি গধুৰ আৰু পৱিত্ৰ দায়িত্ব (২০০০)
  • এজন সন্ত তাঁতীৰ জীৱন (২০০১)
  • ব্যক্তিত্বৰ ভাস্কৰ্যৰ
  • অসমীয়া বৰ্ণমালাৰ (২০০১)
  • মহেশ্বৰ নেওগ
  • আনন্দ চন্দ্ৰ বৰুৱা
  • শঙ্কৰদেৱ

গল্পপুথি সম্পাদনা কৰক

  • কুবেৰ হাতীবৰুৱা (১৯৬৭)
  • ছবি আৰু ফ্ৰেম (১৯৬৯)
  • বন্ধ কোঠাত ধুমুহা (১৯৭১)
  • মাটিৰ চাকি (১৯৭৬)
  • অস্তিত্বৰ শিকলি (১৯৭৬)
  • অপাৰ্থিৱ পাৰ্থিৱ (১৯৮২)
  • আন্ধাৰত নিজৰ মুখ (১৯৯৫) (বঙালী আৰু হিন্দী ভাষালৈ অনূদিত)
  • হেমন্ত কালৰ এটি গধূলি (২০০১)

ভ্ৰমণ কাহিনী সম্পাদনা কৰক

  • আমেৰিকাত দহ দিন (১৯৮৮)
  • মহাচীনৰ দিনলিপি (১৯৯৪)

আত্মজীৱনীমূলক গ্ৰন্থ-

  • স্বপ্ন আৰু স্মৃতিৰ (প্ৰথম খণ্ড)
  • ধূলিৰ ধেমালি (২০০২)

সম্পাদিত গ্ৰন্থ সম্পাদনা কৰক

  • অসম বন্ধু (১৯৮৪)
  • চন্দ্ৰধৰ বৰুৱা ৰচনাৱলী- প্ৰথম খণ্ড (১৯৭৫)
  • অসমীয়া গল্প কৌমুদী (১৯৭৪)
  • সাহিত্যৰ বাদ বৈচিত্ৰ্য (২০০৩)
  • প্ৰবন্ধ সঞ্চয়ন (১৯৭৮)
  • অধ্যয়ন পৰিচয় (১৯৭৮)
  • আধুনিক অসমীয়া সাহিত্যৰ অভিলেখ (১৯৭৭)
  • আধুনিক অসমীয়া কবিতা মঞ্জৰী (১৯৮৫)
  • শ্ৰীশ্ৰী শংকৰদেৱ (১৯৮৫)
  • আমাৰ লিপি সমস্যা (১৯৭৫)
  • অধ্যয়ন চক্ৰ (১৯৭৫)
  • কীৰ্তন ঘোষা (১৯৭৫)
  • সংগীত সাধনা (১৯৮৬)
  • শিক্ষা সমস্যাত আলোকপাত (১৯৭১)
  • সেউজী পাতৰ মাজে মাজে (১৯৬৬)
  • হিতেশ্বৰ বৰুৱা স্মৃতিমাল্য (১৯৭৬)
  • অভিনয় শেষ হ’ল (১৯৮৫)
  • সৰ্বানন্দ সিংহ নগৰৰ অভিজ্ঞান (১৯৮১)
  • পদ্মনাথ গোহাঞি বৰুৱা স্মৃতিগ্ৰন্থ (১৯৭১)
  • জোনাকী (২০০১)
  • চন্দ্ৰ কুমাৰৰ কবিতা সমগ্ৰ (১৯৯৩)
  • স্নাতক কবিতা চয়ন (১৯৯৩)
  • মহেশ্বৰ নেওগ ৰচনাৱলীঃ তৃতীয় থণ্ড (১৯৯৬)
  • বেজবৰুৱা নিৰ্বাচিত ৰচনা (১৯৯৮)
  • চিঠি পালো পঢ়ি চালো (২০০১)
  • বকুল বনৰ গীত (২০০২)
  • আমাৰ ঐতিহ্য আৰু ভণ্ডামি (২০০৭)
  • মণিৰাম দেৱানৰ বুৰঞ্জী বিবেক ৰত্ন (২০০২)
  • জটায়ু (২০০৩)
  • অসমৰ সাংস্কৃতিক ঐতিহ্য (২০০৫)
  • বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ৰামধেনুৰ সম্পাদকীয় (২০০৭)
  • দেৱদত্ত দেৱ চৰিত্ৰ (২০০৩)
  • বৰগীত (২০০৩)
  • Assam And The Assamese Mind (1991)
  • Gramitical Notes Of The Assamese Language by Dr. Nathan Brown, Revised P H Moore
  • লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাৱলীক ছয়টা খণ্ডত প্ৰকাশ। (২০১১)

অনুবাদ সাহিত্য সম্পাদনা কৰক

  • Kashavsut by P. Machewe ( Sahitya Akademi) 1978 by S N Desai (National Book Trust)

বৃহৎ কৰ্ম সম্পাদনা কৰক

  • অসমীয়া মানুহৰ ইতিহাস (প্ৰায় দুহেজাৰ পৃষ্ঠা) গৰিয়সীত প্ৰকাশিত। বৰ্তমান কথা প্ৰকাশনৰ দ্বাৰা গ্ৰন্থাকাৰে প্ৰকাশিত হৈছে।
  • বঙালী-অসমীয়া অভিধান

ইয়াৰ উপৰিও আৰু বহুতো প্ৰবন্ধ তথা গৱেষণা পত্ৰ আদি অসমীয়া সাহিত্যলৈ তেওঁৰ উল্লেখযোগ্য অৱদান।

বঁটা আৰু সন্মান সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২. 
  2. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা Archived 2013-01-29 at the Wayback Machine অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  3. সংক্ষিপ্ত অসমীয়া বিশ্বকোষ (Vol 2), শান্তনু কৌশিক বৰুৱা, জ্যোতি প্ৰকাশন, গুৱাহাটী, অক্টোবৰ ২০০৯, তথ্য সংগ্ৰহৰ সময়-২৮ ছেপ্তেম্বৰ ২০১১
  4. সংক্ষিপ্ত অসমীয়া বিশ্বকোষ (Vol 2), শান্তনু কৌশিক বৰুৱা, জ্যোতি প্ৰকাশন, গুৱাহাটী, অক্টোবৰ ২০০৯, তথ্য সংগ্ৰহৰ সময়-২৮ ছেপ্তেম্বৰ ২০১১
  5. সংক্ষিপ্ত অসমীয়া বিশ্বকোষ (Vol 2), শান্তনু কৌশিক বৰুৱা, জ্যোতি প্ৰকাশন, গুৱাহাটী, অক্টোবৰ ২০০৯, তথ্য সংগ্ৰহৰ সময়-২৮ ছেপ্তেম্বৰ ২০১১

প্ৰসঙ্গ পুথি সম্পাদনা কৰক

  • জানানে, শান্তনু কৌশিক বৰুৱা, ২০০৬
  • সংক্ষিপ্ত অসমীয়া বিশ্বকোষ (Vol 2), শান্তনু কৌশিক বৰুৱা, জ্যোতি প্ৰকাশন, গুৱাহাটী, অক্টোবৰ ২০০৯
  • প্ৰজ্ঞাৰ্ণৱ –ড॰ নগেন শইকীয়াৰ সম্বৰ্দ্ধনা সভা উপলক্ষে জ্যোতি শাখা সাহিত্য সভা, ঢেকীয়ালৰ দ্বাৰা প্ৰকাশিত। সম্পাদনা- অনিল শইকীয়া। ১৯ এপ্ৰিল ২০০৮ , পৃষ্ঠা- ৩৬-৪০।