বাহন (সংস্কৃত: वाहन) হৈছে একপ্ৰকাৰৰ জান্তৱ আৰোহণ যাৰ আক্ষৰিক অৰ্থ হৈছে যি কঢ়িয়াই নিয়ে। ই এনে কিছু দৈৱিক জীৱ বা জন্তুক সূচায় যাৰ ওপৰত হিন্দু দেৱ-দেৱীসকলে আৰোহণ কৰে। দেৱ-দেৱীসকলক প্ৰায়েই তেওঁলোকৰ নিজা বাহনসমূহত আৰোহিত অৱস্থাত চিত্ৰিত কৰা হয়। কেতিয়াবা বাহনসমূহ দেৱ-দেৱীসকলৰ কাষত থিয় দি থাকে। বাহনসমূহক প্ৰায়েই দেৱ-দেৱীৰ অভিন্ন সংগীৰূপে গণ্য কৰা হয়।[1] হিন্দু দেৱ-দেৱীসকলক তেওঁলোকৰ বাহনসমূহত হাওদাৰ ওপৰত বা মুক্তভাৱে বহি অথবা থিয় হৈ থকা দেখা যায়।[2] সংস্কৃত ভাষাবহ শব্দৰ অৰ্থ হৈছে পিঠিত উঠি ঘূৰা

বাহন
Ashta-Matrika.jpg

মাতৃকাসকলে আৰোহণ কৰা গড়ুৰ, ময়ূৰ, বৃষভ নন্দী, হংস, মহিষ, হস্তী আৰু সিংহ
দেশ ভাৰত
ধৰ্ম হিন্দুধৰ্ম

প্ৰতীকীসম্পাদনা কৰক

বাহনসমূহে তেওঁলোকে কঢ়িয়াই নিয়া দেৱ-দেৱীসকলৰ যোগাত্মক দিশসমূহক প্ৰতিনিধিত্ব কৰে। উদাহৰণস্বৰূপে, শিৱৰ বাহন নন্দীয়ে শক্তি আৰু পৌৰষক বুজায়, গণেশৰ বাহন এন্দুৰে বেগ আৰু তীক্ষ্ণতা বুজায়। একেদৰে স্কন্দৰ বাহন ময়ূৰে সৌন্দৰ্য আৰু মহিমাক আৰু সৰস্বতীৰ বাহন হংসই জ্ঞান, অনুগ্ৰহ আৰু সৌন্দৰ্যক প্ৰতিনিধিত্ব কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]

অৱশ্যে বাহনসমূহে দেৱ-দেৱীসকলে প্ৰভুত্ব কৰা অশুভ শক্তিসমূহকো সূচায়। উদাহৰণস্বৰূপে, ময়ূৰৰ ওপৰত আৰোহিত স্কন্দই অহংকাৰৰ ওপৰত প্ৰভুত্ব চলায়। গণেশে সেই অপ্ৰয়োজনীয় চিন্তাসমূহ বিনষ্ট কৰে যি তেওঁৰ বাহন এন্দুৰ/নিগনিৰ দৰে অন্ধকাৰত বৃদ্ধি পায়। সম্পত্তিৰ ৰক্ষাকৰ্তা হিচাপে শনিৰ বাহন হৈছে শগুণ বা কাউৰী যি চৌৰ্যবৃত্তিক প্ৰতিনিধিত্ব কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]

অন্যান্য সংস্কৃতিসমূহৰ সৈতে ৰিজনিসম্পাদনা কৰক

হিন্দু বাহনসমূহৰ সৈতে গ্ৰীক আৰু ৰোমান আখ্যান বা এটা নিৰ্দিষ্ট প্ৰাণীক এক নিৰ্দিষ্ট দেৱতাৰ সৈতে সংযুক্ত কৰি ৰখা অন্যান্য ধৰ্মবিশ্বাসৰ সামঞ্জস্য প্ৰায়েই নাথাকে। উদাহৰণস্বৰূপে হিন্দুসকলৰ দেৱী লক্ষ্মীৰ বাহন হৈছে হাতী বা ফেঁচা বা পদুম ফুল। প্ৰাচীন গ্ৰীচৰ দেৱী এথেনাৰো তেওঁৰ প্ৰতীকী পৰিচিত হিচাপে এটা ফেঁচা আছিল। কিন্তু এই দুয়োটা ধৰ্মবিশ্বাসত ফেঁচাৰ উপস্থিতিৰ অৰ্থ একে নহয় অথবা ফেঁচাৰ সৈতে পাৰস্পৰিক সম্পৰ্ক থকা স্বত্বেও দুয়োগৰাকী দেৱীৰ সাদৃশ্য নাই।

লক্ষ্মী হৈছে মূলতঃ ধনৰ দেৱী আৰু তেওঁৰ বাহন ফেঁচা হৈছে অবিশ্বাস আৰু বিচ্ছিন্নতাবাদ, আনকি স্বাৰ্থপৰতাৰ বিৰুদ্ধে এক সতৰ্কবাণী। এথেনা সমৃদ্ধিৰ দেৱী হ'লেও প্ৰাথমিকভাৱে তেওঁ জ্ঞানৰহে দেৱী আৰু তেওঁৰ সৈতে থকা ফেঁচা গুপ্ত জ্ঞান আৰু বৃত্তিৰ প্ৰতীক। সম্ভৱতঃ গ্ৰীকো-ৰোমান আৰু ৰোমান-কেথলিক প্ৰতীকীসমূহত ভৌগোলিক মিল থকাৰ কাৰণে নিউ টেষ্টামেণ্টৰ সম্পাদনাৰ বাবে জনাজাত ছেইণ্ট জেৰোমক প্ৰায়ে (সদায় নহয়) জ্ঞান আৰু বৃত্তিৰ প্ৰতীক হিচাপে ফেঁচাৰ সৈতে চিত্ৰিত কৰা হয়।[3] জনজাতিৰ ওপৰত নিৰ্ভৰ কৰি স্থানীয় আমেৰিকান ধৰ্মীয় প্ৰতীকীসমূহে আইনু আৰু ৰাছিয়ান সংস্কৃতিৰ দৰে ফেঁচাক ইতিবাচক আৰু নেতিবাচক দুয়োধৰণৰ বিভিন্ন গুণাগুণ প্ৰদান কৰে। কিন্তু লক্ষ্মীৰ ঐশ্বৰিক বাহন হিচাপে ফেঁচাই চিহ্নিত কৰা গুণবোৰৰ সৈতে কাৰোৰে মিল নাই।[4]

বাহনসমূহৰ তালিকাসম্পাদনা কৰক

বাহন দেৱ-দেৱী চিত্ৰ
নিগনি/এন্দুৰ গণেশ  
ঘোঁৰা কল্কি , ৰেৱন্ত, চন্দ্ৰ (দহটা ঘোঁৰাই টনা ৰথ), ইন্দ্ৰ (উচ্চৈশ্ৰৱা নামৰ ঘোঁৰাই টনা ৰথ), সূৰ্য (সাতটা বা সপ্তমুখী ঘোঁৰাই টনা ৰথ), খাণ্ডৱ  
গৰুড় বিষ্ণু, কৃষ্ণ, বৈষ্ণৱী  
ছাগলী অগ্নি, মঙ্গল  
বৃষভ নন্দী শিৱ, মহেশ্বৰী, ঈশান  
ময়ূৰ কাৰ্তিক, কৌমাৰী  
কুকুৰ ভৈৰৱ  
হংস/ৰাজহংস ব্ৰহ্মা[2] ব্ৰাহ্মণী, সৰস্বতী, গায়ত্ৰী, বিশ্বকৰ্মা  
মকৰ গংগা, বৰুণ  
বাঘ চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, দুৰ্গা, আয়াপ্পান  
সিংহ চন্দ্ৰঘণ্টা, কাত্যায়নী, পাৰ্বতী, বুধ, ৰাহু, মৰিয়ম্মন, কামাখ্যা, নৰসিংহী, জগদ্ধাত্ৰী  
হাতী ইন্দ্ৰ (ঐৰাৱত নামৰ হাতী), লক্ষ্মী, শচী, দেৱতা  
ভাটৌ মিনাক্ষী, কামদেৱ  
শৰপহু চন্দ্ৰ, বায়ু  
ম'হ যম, বৰাহী  
মেকুৰী[5] ষষ্ঠী  
গাধ কালৰাত্ৰি, শীতলা, কলি, অলক্ষ্মী  
ফেঁ‌চা লক্ষ্মী[2][6]  
শগুন কেতু  
কাউৰী শনি, ধূমাৱতী  
কচ্ছপ যমুনা  
কুক্কুট বহুচৰ মাতা  
গৰু শৈলপুত্ৰী, মহাগৌৰী, ভূদেৱী (সাতটা গৰুৰ ৰথ)  
সৰ্প মনসা  
প্ৰেত চামুণ্ডা  
নেউল কুবেৰ  
নৰ নিৰ্তী  

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. Accoutrement = "that which accompanies".
  2. 2.0 2.1 2.2 Glossary: Vahana. Undated. Accessed August 10, 2007.
  3. The Collection: St. Jerome Archived 2012-10-22 at the Wayback Machine, gallery of the religious art collection of New Mexico State University, with explanations. Accessed August 10, 2007.
  4. Owl and Mythology, p. 3. Accessed August 10, 2007.
  5. Margaret Stutley's The Illustrated Dictionary of Hindu Iconography , p. 127
  6. Hindu Devotion: Lakshmi. Accessed August 10, 2007.