১২ ফেব্ৰুৱাৰী
তাৰিখ
ফেব্ৰুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ||
২০২৪ |
১২ ফেব্ৰুৱাৰী (ইংৰাজী: 12 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৩তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২২টা দিন (অধিবৰ্ষত ৩২৩ দিন) বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
উল্লেখযোগ্য ঘটনা
সম্পাদনা কৰক- ১৮৫৫ - মিচিগান ষ্টেট ইউনিভাৰ্ছিটি প্ৰতিষ্ঠিত হয়। বৰ্তমান সময়ত বিশ্বৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ অন্যতম এখন।
- ১৫০২ - ভাস্কো দা গামাই পৰ্তুগালৰ লিচবনৰ পৰা ভাৰতলৈ দ্বিতীয় নৌ যাত্ৰা আৰম্ভ কৰে।
- ১৯৬১ - শুক্ৰ গ্ৰহলৈ লক্ষ্য কৰি ছোভিয়েট ইউনিয়নে ভেনেৰা-১ উৎক্ষেপণ কৰে।
- ১৮৭৭ - প্ৰথম টেলিফোনত সংবাদ প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল।
- ১৯৯৩ - ভাৰতীয় ক্ৰিকেটাৰ কপিল দেৱে টেষ্ট ক্ৰিকেটত ৪০০টা উইকেট আৰু ৫০০০ ৰাণ সংগ্ৰহ কৰিছিল।
জন্ম
সম্পাদনা কৰক- ১৮০৯ - চাৰ্লছ ডাৰউইন, জীৱবিজ্ঞানী, বিৱৰ্তনবাদৰ জনক।
- ১৮০৯ - আব্ৰাহাম লিংকন, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
- ১৮২৪ - দয়ানন্দ সৰস্বতী, আৰ্য সমাজ প্ৰতিষ্ঠাতা।
- ১৯০৪ - গুৰুপ্ৰসাদ দাস, অসমীয়া বিজ্ঞানী।
- ১৯২০ - প্ৰাণ, দাদাচাহেব ফাল্কে বঁটা বিজয়ী ভাৰতীয় অভিনেতা।
- ১৯৪১ - ডেনিছ চুলিভান, আমেৰিকান গণিতজ্ঞ।
- ১৯৫০ - বদৰুদ্দিন আজমল, ভাৰতীয় ৰাজনৈতিক নেতা।
মৃত্যু
সম্পাদনা কৰক- ১৮০৪ - ইমানুয়েল কাণ্ট, জাৰ্মান দাৰ্শনিক।
দিৱস
সম্পাদনা কৰক- একতা দিৱস (ম্যানমাৰ)।
- যুৱ দিৱস (ভেনেজুৱেলা)।
- ডাৰউইন দিৱস (আন্তৰ্জাতিক)
- আন্তঃৰাষ্ট্ৰীয় মহিলাৰ স্বাস্থ্য দিৱস (International Day of Women's Health)
- ৰঙা হাত দিৱস (ৰাষ্ট্ৰসংঘ)।