১৪ আগষ্ট

তাৰিখ
(আগষ্ট ১৪ৰ পৰা পুনঃনিৰ্দেশিত)
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

১৪ আগষ্ট (ইংৰাজী: 14 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৬তম (অধিবৰ্ষত ২২৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩৯টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী সম্পাদনা কৰক

  • ১৮৩২ - লাপছি চুক্তি অনুসৰি বৰ অসমৰ ডিমাছা-কছাৰী ৰাজ্যৰ দক্ষিণ অংশ ব্ৰিটিছৰ শাসনৰ অধীনলৈ যায়।
  • ১৮৬২ - বোম্বাই উচ্চ ন্যায়ালয় মুকলি হয়।
  • ১৮৯৩ - পেৰিছত বিশ্বৰ প্ৰথম মটৰগাড়ীত নম্বৰ প্লেট লগোৱাৰ ৰীতি আৰম্ভ হয়।
  • ১৯৪১ - চাৰ্চিল আৰু ৰুজভেল্টৰ দ্বাৰা ‘‘আটলান্তিক চুক্তি’’ স্বাক্ষৰিত হৈছিল।
  • ১৯৪৫ - মিত্ৰশক্তিৰ ওচৰত জাপানে আত্মসমৰ্পণ কৰে আৰু দ্বিতীয় মহাযুদ্ধৰ অৱসান ঘটে।
  • ১৯৪৭ - ভাৰত বিভাজনৰ প্ৰস্তাৱ গৃহীত হয় আৰু স্বতন্ত্ৰ ৰাষ্ট্ৰৰূপে পাকিস্তানৰ জন্ম হয়। সেয়ে এই দিনটো পাকিস্তানৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।
  • ১৯৫৬ - কেৰালাৰ মালায়ালম ভাষাৰ উৎকৃষ্ট সাহিত্যৰাজি প্ৰকাশ কৰা আৰু শ্ৰেষ্ঠ গ্ৰন্থাকাৰলৈ বঁটা প্ৰদান কৰা, ভাষা-সাহিত্যৰ গৱেষণাৰ বাবে উৎসাহ প্ৰদানৰ উদ্দেশ্যে কেৰালা সাহিত্য গঠন হয়।
  • ১৯৮৮ - মোৰাৰজী দেশাইলৈ পাকিস্তান চৰকাৰৰ সৰ্বোচ্চ নাগৰিক সন্মান প্ৰদান কৰা হয়।
  • ১৯৮৯ - ব্ৰহ্মপুত্ৰ নদৰ উত্তৰ পাৰে অৱস্থিত অসমৰ ধেমাজি জিলাৰ গঠন অসম চৰকাৰে ঘোষণা কৰে।

জন্ম সম্পাদনা কৰক

মৃত্যু সম্পাদনা কৰক

দিৱস সম্পাদনা কৰক

  • পাকিস্তানৰ স্বাধীনতা দিৱস।

অনান্য সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক