১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০ ৩১  

২১ ডিচেম্বৰ (ইংৰাজী: 21 December) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৫৫তম (অধিবৰ্ষত ৩৫৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

  • ১৯৩৪ - প্ৰতিমা বন্দোপাধ্যায়, কলকাতাৰ এগৰাকী বঙালী নেপথ্য গায়িকা আছিল, যি বিশেষকৈ ১৯৪০, ৫০, ৬০ৰ দশকত জনপ্ৰিয় বাংলা ভাষাৰ চলচ্চিত্ৰ আৰু অ-চলচ্চিত্ৰ গীতত কণ্ঠদান কৰিছিল। প্ৰতিমা বন্দোপাধ্যায়ৰ প্ৰথম গীতৰ বাণীবদ্ধ ১৯৪৫ চনত চেনোলা ৰেকৰ্ডছৰ জৰিয়তে প্ৰকাশ পাইছিল। আকাশবাণীৰ বিখ্যাত ৰেডিঅ' অনুষ্ঠানত ৪০ ৰ দশকৰ শেষৰ ফালে "অমলা কিৰণে" গোৱা গীতটি আৰু দ্বিজেন মুখোপাধ্যায়ৰ সৈতে এটা দ্বৈত গীত "হে চাৰুপুৰ্ণো সোমোশিখোৰিনি" ১৯৫২ চনত কণ্ঠদান কৰা গীতটি, যিয়ে তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি কৰিছিল। তেওঁ ১৯৫১ চনত বঙালী চলচ্চিত্ৰত প্লেবেক গানত আত্মপ্ৰকাশ কৰিছিল যেতিয়া তেওঁ "সুনন্দৰ বিয়া" চলচ্চিত্ৰত শ্ৰী সুধীৰলাল চক্ৰৱৰ্তীৰ সংগীত পৰিচালনাত "টোটিনি এমি, টুমি সুদুৰেৰ চান্দ" ৰেকৰ্ড কৰিছিল। তিনি দশকধৰি, তেওঁ ৬৫ খনতকৈও অধিক বাংলা চলচ্চিত্ৰ আৰু অসংখ্য অ-চলচ্চিত্ৰ গীতত কণ্ঠ দান কৰিছিল। মৃত্যু ২৯ জুলাই, ২০০৪।
  • ১৯৫৯ - কৃষ্ণমাচাৰী শ্ৰীকান্ত, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আৰু বাছনি সমিতিৰ প্ৰাক্তন অধ্যক্ষ। তেওঁ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৯৮৩ চনৰ ক্ৰিকেট বিশ্বকাপ ফাইনেলত শীৰ্ষ ৰাণ হিচাপে গুৰুত্বপূৰ্ণ ৩৮ ৰাণৰ অৱদান আগবঢ়াই অপেনাৰ হিচাপে ভাৰতৰ দলৰ বেটিং লাইন আপত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শ্ৰীকান্ত বিশ্বৰ প্ৰথম জন খেলুৱৈ আছিল যিয়ে আন্তৰ্জাতিক শতক, ৫ টা উইকেট হল, আৰু লগতে এটা ইনিংছত ৫ টা কেচ লৈ কেৰিয়াৰ কৰিছিল। আক্ৰমণাত্মক উদ্বোধনী শৈলীৰ বাবে জনাজাত তেওঁ ভাৰতীয় ঘৰুৱা ক্ৰিকেটত ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰিকেট দল আৰু তামিলনাডুক প্ৰতিনিধিত্ব কৰিছে। তেওঁ ষ্টাৰ স্পৰ্টছ তামিলৰ ভাষ্যকাৰ।
  • ১৯৬৩ - গোবিন্দা, প্ৰকৃত নাম গোবিন্দ অৰুণ আহুজা। এগৰাকী ভাৰতীয় অভিনেতা, নৃত্যশিল্পী আৰু প্ৰাক্তন ৰাজনীতিবিদ। গোবিন্দাই ১৬৫ খনতকৈও অধিক হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে আৰু নিজকে ভাৰতৰ অন্যতম জনপ্ৰিয় অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰিছে। গোবিন্দা তেওঁৰ নিজা প্ৰকাশভংগী আৰু নৃত্য দক্ষতাৰ বাবে জনাজাত। তেওঁ ১২ টা ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে আৰু দুটা ফিল্মফেয়াৰ বিশেষ বঁটা আৰু শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ এটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। ২০১৯ চনৰ জুন মাহত বিবিচি নিউজ অনলাইনৰ জৰীপৰ দ্বাৰা তেওঁক যোৱা হাজাৰ বছৰত মঞ্চ বা পৰ্দাৰ দশম সৰ্বশ্ৰেষ্ঠ তাৰকা বুলি ভোট দিয়া হয়।
  • ১৯৭১ - প্ৰীতি শ্বিনয়, ভাৰতীয় লেখিকা।
  • ১৯৭৭ - ইমানুৱেল মেক্ৰণ, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি।
  • ১৯৮১ - এলভিছ আলী হাজৰিকা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া সাঁতোৰবিদ।
  • ২০১৮ - দীপালী বৰঠাকুৰ, অসমৰ প্ৰসিদ্ধ কণ্ঠশিল্পী। যাক অসমৰ নাইটিংগেল বুলি জনা যায়। বহু অনুৰাগীয়ে বৰঠাকুৰক মৰমতে "অসমীয়া লতা মংগেশকাৰ" বুলি অভিহিত কৰিছিল। ১৯৪১ চনত অবিভক্ত শিৱসাগৰ জিলাৰ সোণাৰিত জন্মগ্ৰহণ কৰা বৰঠাকুৰে "সোণৰ খাৰু নালাগে মোক", "চেনাই মই ৰাজ দেই", "কণমান বৰশীৰে চিপ", "ডালে ডালে গাই কুলি-বুলবুলি" আদিৰ দৰে চিৰসেউজ গীতত কণ্ঠদান কৰি লাখ লাখ লোকৰ হৃদয়ত নিজৰ স্থান দখল কৰিছিল। কলাৰ ক্ষেত্ৰত তেওঁৰ অসামান্য অৱদানৰ বাবে বৰঠাকুৰক ১৯৯৮ চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল। ইয়াৰ উপৰি ২০১০ চনত ৰাজ্য চৰকাৰে (অসম) তেওঁক প্ৰদান কৰা শিল্পী বঁটা আৰু ২০১২ চনত আইদেউ সন্দিকৈ শিল্পী বঁটা তেওঁ লাভ কৰা অসংখ্য সন্মানৰ ভিতৰত অন্যতম। বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা তেওঁৰ স্বামী আছিল।
  • ২০২০ - তুলতুল বৰুৱা, অসমৰ প্ৰথমগৰাকী মহিলা অনাতাঁৰ শিল্পী। ১৯৪৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰথম মহিলা কণ্ঠশিল্পী হিচাপে গীত পৰিবেশন কৰিছিল। নিষ্ঠাৰে সাংবাদিকতাত আত্মনিয়োগ কৰা বৰুৱাই সাপ্তাহিক নীলাচলৰ সহকাৰী সম্পাদকৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰিছিল। পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ বৰুৱাই ৰচনা কৰা "ৰচনা সংকলন" অসমীয়া বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছিল। ২০১১ চনৰ ১৫ মে'ত তেওঁ ইলোৰা বিজ্ঞান মঞ্চৰ জড়িয়তে নেত্ৰদান আৰু দেহদান কৰি ইচ্ছাপত্ৰত স্বাক্ষৰ কৰিছিল। জন্ম ১৯ এপ্ৰিল, ১৯৩২ চনত শিৱসাগৰ জিলাত।
  • ২০২০ - মতিলাল ভোৰা, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। তেওঁ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে ১৩ মাৰ্চ ১৯৮৫ চনৰ পৰা ১৩ ফেব্ৰুৱাৰী ১৯৮৮ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল। পুনৰ তেওঁ ২৫ জানুৱাৰী ১৯৮৯ চনৰ পৰা ৮ ডিচেম্বৰ ১৯৮৯ চনলৈ মুখ্যমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ জন্ম ব্ৰিটিছ ভাৰতৰ যোধপুৰ ৰাজ্যৰ নিম্বি যোধাত হৈছিল। তেওঁ ১৯৯৩ চনৰ পৰা ১৯৯৬ চনলৈ উত্তৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। জন্ম ২০ ডিচেম্বৰ, ১৯২৮।

তথ্যসূত্ৰ

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক