১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০ ৩১  

৬ ডিচেম্বৰ (ইংৰাজী: 6 December) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৪০তম (অধিবৰ্ষত ৩৪১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৰাজী সম্পাদনা কৰক

  • ১৮৯৭ - লণ্ডন চহৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত টেক্সিকেব সেৱা প্ৰদান কৰা বিশ্বৰ প্ৰথমখন চহৰ হিচাপে পৰিগণিত হয়।
  • ১৯৯২ - বাবৰি মছজিদ ধ্বংস কৰা হয়। বিশ্ব হিন্দু পৰিষদ আৰু সহযোগী সংগঠনসমূহৰ এক বৃহৎ কৰ্মীৰ দ্বাৰা বাবৰি মছজিদ ধ্বংস কৰা হৈছিল। উত্তৰ প্ৰদেশঅযোধ্যা চহৰৰ ষোড়শ শতিকাৰ বাবৰি মছজিদ এক দীঘলীয়া সামাজিক-ৰাজনৈতিক বিবাদৰ বিষয় হৈ আছিল। হিন্দু জাতীয়তাবাদী সংগঠনসমূহৰ দ্বাৰা আয়োজিত এক ৰাজনৈতিক সমদল হিংসাত্মক ঘটনালৈ ৰূপ লোৱাৰ পিছত সকলোৱে ইয়াক লক্ষ্য কৰি লৈছিল। এই হিংসাত্মক ঘটনাৰ ফলত প্ৰায় ১৫০০লোকৰ মৃত্যু হৈছিল।
  • ১৯১৭ - ফিনলেণ্ড-এ ৰাছিয়ান সাম্ৰাজ্যৰ পৰা স্বাধীনতা লাভ কৰে।
  • ১৯২৯ চনৰ আজিৰ দিনটোতে তুৰস্কত প্ৰথম বাৰৰ বাবে মহিলাই ভোটাধিকাৰ লাভ কৰে।
  • ১৯১১ চনৰ আজিৰ দিনটোতে মংগোলিয়া ৰুছ নিৰাপত্তা অঞ্চলত পৰিণত হয়।
  • ১৯৮৯ চনৰ আজিৰ দিনটোতে অষ্টিন ১৯৮৯ নামৰ ধূমকেতুটোৰ আৱিষ্কাৰ হয়।
  • ২০১৭ - তদানীন্তন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰিছিল যে আমেৰিকাই জেৰুজালেমইজৰাইলৰ ৰাজধানী হিচাপে স্বীকৃতি দিব আৰু ইজৰাইলস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাস তেল আভিভৰ পৰা জেৰুজালেমলৈ স্থানান্তৰ কৰাৰ পৰিকল্পনাৰ নিৰ্দেশ দিয়ে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এই সিদ্ধান্তক আদৰণি জনায় আৰু ঘোষণাটোৰ প্ৰশংসা কৰে। ৮ ডিচেম্বৰত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব ৰেক্স টিলাৰছনে স্পষ্ট কৰি দিছিল যে ট্ৰাম্পৰ মন্তব্যই "জেৰুজালেমৰ বাবে কোনো চূড়ান্ত স্থিতি প্ৰদান কৰা নাছিল" আৰু অতি স্পষ্ট আছিল যে চূড়ান্ত স্থিতি, মীমাংসা আৰু সিদ্ধান্ত লোৱাৰ বাবে দুয়োপক্ষৰ ওপৰত এৰি দিয়া হ'ব"।
  • ২০২২ - শ্ৰীলংকাত অৱস্থিত ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰত সঞ্চালক ৰূপে যোগদান অধ্যাপক অংকুৰণ দত্তৰ৷ যশস্বী লেখক অৰূপ কুমাৰ দত্তৰ পিছত ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ অধীনত বিদেশৰ কোনো ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ মুৰব্বী হোৱা অধ্যাপক দত্ত দ্বিতীয়জন অসমীয়া৷ উল্লেখযোগ্য যে ২০০৪ চনৰ পৰা ২০০৮ চনলৈ ইণ্ডোনেছিয়াৰ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল অৰূপ কুমাৰ দত্তই৷

জন্ম সম্পাদনা কৰক

  • ১৭৩২ - ৱাৰেন হেষ্টিংছ, এজন ব্ৰিটিছ ঔপনিৱেশিক প্ৰশাসক আছিল, যি ১৭৭২-১৭৮৫ চনলৈ বংগৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ আৰু ৰবাৰ্ট ক্লাইভক ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ ভেটি স্থাপন কৰাৰ কৃতিত্ব দিয়া হয়। তেওঁ এজন উদ্যমী সংগঠক আৰু সংস্কাৰক আছিল। ১৭৭৯-১৭৮৪ চনত তেওঁ স্থানীয় ৰাজ্য আৰু ফৰাচী সকলৰ মিত্ৰজোঁটৰ বিৰুদ্ধে ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাহিনীৰ নেতৃত্ব দিয়ে। অৱশেষত, সুসংগঠিত ব্ৰিটিছ দলটোৱে নিজৰ প্ৰভূত্ব বিস্তাৰ কৰিছিল, আনহাতে ফ্ৰান্সে ভাৰতত প্ৰভাৱ হেৰুৱাইছিল। ১৭৮৭ চনত তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আৰোপ কৰা হয় আৰু তেওঁক অপসাৰণ কৰা হয়, কিন্তু ১৭৯৫ চনত এক দীঘলীয়া বিচাৰৰ পিছত নিৰ্দোষ সাব্যস্ত কৰা হয়। তেওঁক ১৮১৪ চনত এজন প্ৰিভি কাউন্সিলাৰ কৰা হৈছিল। মৃত্যু ২২ আগষ্ট, ১৮১৮।
  • ১৮২৩ - মেক্স মূলাৰ, জাৰ্মান ভাষাতত্ত্ববিদ আৰু প্ৰাচ্যতত্ত্ববিদ। তেখেতে জীৱনৰ বেছিভাগ সময় ব্ৰিটেইনত বাস কৰিছিল আৰু অধ্যয়ন কৰিছিল। তেওঁ ভাৰতীয় অধ্যয়ন আৰু ধৰ্মীয় অধ্যয়নৰ পশ্চিমীয়া শৈক্ষিক শাখাৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। মূলাৰৰ বিচাৰধাৰাসমূহ পাণ্ডিত্যপূৰ্ণ আৰু জনপ্ৰিয়‌ হৈছিল। তেওঁৰ নিৰ্দেশনাত প্ৰাচ্যৰ পবিত্ৰ গ্ৰন্থ নামেৰে এছিয়াৰ ধৰ্ম গ্ৰন্থসমূহ একত্ৰিত কৰি ইংৰাজী অনুবাদ কৰি ৫০টা খণ্ডত কিতাপ প্ৰস্তুত কৰি উলিওৱা হৈছিল। তেওঁ ভাষাৰ এটা তুৰানিয়ান পৰিয়ালৰ ধাৰণাটো প্ৰচাৰ কৰিছিল। মৃত্যু ২৮ অক্টোবৰ, ১৯০০।
  • ১৮৫৩ - হৰপ্ৰসাদ শাস্ত্ৰী, যাক হৰপ্ৰসাদ ভট্টাচাৰ্য বুলিও জনা যায়। এগৰাকী ভাৰতীয় শিক্ষাবিদ, সংস্কৃত পণ্ডিত আৰু বাংলা সাহিত্যৰ ইতিহাসবিদ আছিল। তেওঁ বাংলা সাহিত্যৰ প্ৰাচীনতম চৰ্যাপদ আৱিষ্কাৰ কৰাৰ বাবে সৰ্বাধিক জনাজাত। মৃত্যু ১৭ নৱেম্বৰ, ১৯৩১।
  • ১৮৯৬ - কৃষ্ণানন্দ ব্ৰহ্মচাৰী, অসমৰ সমাজসেৱক, সমাজ সংস্কাৰক, ধৰ্মগুৰু, আৰু স্বাধীনতা সংগ্ৰামৰ মুক্তি যুঁজাৰু।
  • ১৯৩৬ - সাৱিত্ৰী গনেশান, ভাৰতীয় অভিনেত্ৰী, গায়িকা, নৃত্যশিল্পী, পৰিচালক আৰু প্ৰযোজক।
  • ১৯৪২ - পিটাৰ হেণ্ডকে, অষ্ট্ৰিয়ান ঔপন্যাসিক, নাট্যকাৰ, চিত্ৰনাট্যকাৰ আৰু অনুবাদক।
  • ১৯৪৭ - প্ৰবীণ কুমাৰ সোবটি, ভাৰতীয় এথলেটিকছ খেলুৱৈ, অভিনেতা আৰু “সীমান্ত সুৰক্ষা বল”ৰ সৈনিক।
  • ১৯৫০ - পৱন সিং ঘাটোৱাৰ, অসমৰ এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আৰু পাঁচবাৰকৈ নিম্নসদন লোকসভালৈ নিৰ্বাচিত হৈছিল ক্ৰমে দশম লোকসভা, একাদশ লোকসভা, দ্বাদশ লোকসভা, ত্ৰয়োদশ লোকসভা আৰু পঞ্চদশ লোকসভা। তেওঁ জুলাই ২০১১ৰ পৰা মে' ২০১৪লৈ উত্তৰ-পূব অঞ্চলৰ উন্নয়ন আৰু সংসদীয় পৰিক্ৰমা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) আছিল। পাঁচবাৰকৈ প্ৰতিনিধিত্ব কৰা ডিব্ৰুগড়ৰ এইগৰাকী প্ৰাক্তন সাংসদে ১৯৯১ চনত ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে ইণ্ডিয়ান নেচনেল ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিল। য'ত তেওঁ চাহ বাগিচাৰ শ্ৰমিকসকলৰ কল্যাণৰ বাবে কাম কৰিছিল।
  • ১৯৮৫ - ৰুদ্ৰ প্ৰতাপ সিং এজন ভাৰতীয় প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ, যি টেষ্ট, এদিনীয়া আন্তঃৰাষ্ট্ৰীয় আৰু টুৱেণ্টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ ক্ৰিকেট দলৰ হৈ বাওঁহাতৰ ফাষ্ট-মিডিয়াম বলাৰ হিচাপে খেলিছিল। ২০১৮ চনৰ ছেপ্টেম্বৰত তেওঁ সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে।
  • ১৯৮৮ - ৰবীন্দ্ৰসিংহ অনিৰুদ্ধসিংহ জাদেজা, যাক সাধাৰণতে ৰবীন্দ্ৰ জাদেজা বুলি জনা যায়, এজন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। তেওঁ এজন অলৰাউণ্ডাৰ, যি বাওঁহাতেৰে বেটিং কৰে আৰু বাওঁহাতৰ অৰ্থোডক্স স্পিন বল কৰে। তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগচেন্নাই চুপাৰ কিংছৰ অধিনায়ক আছিল। তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত সৌৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰে। তেওঁক চলিত দশকৰ এজন শ্ৰেষ্ঠ ফিল্ডাৰ হিচাপে গণ্য কৰা হয়।
  • ১৯৯৪ - শ্ৰেয়াছ সন্তোষ আয়াৰ এজন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ যি সোঁহতীয়া বেটিং হিচাপে ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেলে। তেওঁ ভাৰতীয় দলৰ হৈ সকলো ফৰ্মেটত খেলিছে। আয়াৰে তেওঁৰ প্ৰথম টেষ্ট মেচত শতক আৰু ২০২১ চনৰ নৱেম্বৰত নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় ইনিংছত অৰ্ধশতক অৰ্জন কৰিছে আৰু এনে কৰা প্ৰথম ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে। আয়াৰে ঘৰুৱা ক্ৰিকেটত মুম্বাইৰ হৈ খেলে আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগকলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক। তেওঁ ২০১৪ চনৰ আইচিচি অনুৰ্ধ-১৯ ক্ৰিকেট বিশ্বকাপত ভাৰতৰ অনুৰ্ধ-১৯ ক্ৰিকেট দলৰ হৈ খেলিছিল।

মৃত্যু সম্পাদনা কৰক

  • ১৯৫৬ - ভীমৰাও ৰামজী আম্বেদকাৰ, ভাৰতীয় সংবিধান প্ৰণেতা। তাৰোপৰি তেওঁ এগৰাকী ভাৰতীয় অৰ্থনীতিবিদ, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেতা আছিল যি সংবিধান সভাৰ বিতৰ্কৰ পৰা ভাৰতৰ সংবিধান প্ৰস্তুত কৰা সমিতিৰ নেতৃত্ব দিছিল। জৱাহৰলাল নেহৰুৰ প্ৰথম মন্ত্ৰীসভাত আইন আৰু ন্যায় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, আৰু হিন্দু ধৰ্ম ত্যাগ কৰাৰ পিছত দলিত বৌদ্ধ আন্দোলনক অনুপ্ৰাণিত কৰিছিল। জন্ম ১৪ এপ্ৰিল, ১৮৯১।
  • ১৯৯৭ - জগমোহন কৌৰ, পঞ্জাবী কণ্ঠশিল্পী।
  • ১৯৮২ - ৰোচন আৰা বেগম, পাকিস্তানী শাস্ত্ৰীয় সঙ্গীতৰ কণ্ঠশিল্পী।
  • ২০০৬ - বীণা ৰায়, ভাৰতীয় চলচ্চিত্ৰ জগতৰ ক’লা-বগা যুগৰ অভিনেত্ৰী। তেওঁক আনাৰকলী (১৯৫৩), ঘুঙ্ঘট (১৯৬০), তাজমহল (১৯৬০) আদি ক্লাচিক ছবিত কৰা অভিনয়ৰ বাবে বহুল ভাবে জনা যায়। ঘুঙ্ঘট ছবিয়ে তেওঁলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা কঢ়িয়াই আনিছিল।
  • ২০১৯ - সত্যনাথ দাস, শিক্ষাবিদ, সমাজসেৱক। হাউলীবি এইচ কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ। তেখেতে এই মহাবিদ্যালয়ৰ অধ্যক্ষৰূপে ১৯৬৬ চনৰ ৯ জুলাইৰ পৰা ১৯৯৯ চনৰ ২৮ ফেব্ৰুৱাৰী লৈকে অৰ্থাৎ অৱসৰৰ দিনা লৈকে দায়িত্ব পালন কৰি এই মহাবিদ্যালয়ক উচ্চ শিখৰলৈ উন্নীত কৰি থৈ গৈছে। ১৯৩৬ চনৰ ৯ জুলাইত হাউলীৰ সমীপৱৰ্তী মৌটুপুৰী গাঁৱত জন্মগ্ৰহণ কৰা সত্যনাথ দাসক ২০১৩ চনত হাউলী ৰাস মহোৎসৱ সমিতিয়ে হাউলী বঁটা আৰু বৰপেটাৰোড সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতিয়ে বৰপেটাৰোড সমন্বয় বঁটাৰে সন্মানিত কৰিছে। ইয়াৰ উপৰিও তেখেত বহুতো অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল।
  • ২০২১ - ক্ষীৰদা কুমাৰী বৰুৱা, সু-লেখিকা, সমাজসেৱিকা। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা জয়মতী বোলছবিৰ মুখ্য চৰিত্ৰ দাঙি গদাপাণি চৰিত্ৰত অভিনয় কৰা পৰশুৰাম বৰুৱা ওৰফে ফুনু বৰুৱাৰ পত্নী আৰু সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱাৰ সৰু বোৱাৰী। ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ সময়ত ভাৰতীয় জোৱানসকলৰ বাবে ছুৱেটাৰ, গৰম কাপোৰ প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি খাদ্য প্ৰস্তুত কৰি সেনাৰ শিবিৰে শিবিৰে বিতৰণ কৰিছিল। ১৯৯৩ চনৰ পৰা ২০০৬ চনলৈ শিৱসাগৰ জিলাৰ মহিলা সমিতিৰ সভানেত্ৰী ৰূপে কাৰ্য্যনিৰ্বাহ কৰা ক্ষীৰদা বৰুৱাই "মহাত্মাৰ শতবাণী", "স্মৃতিমুখৰ ইউৰোপ", "নেপাল ভ্ৰমণ"আদি কৰি কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল। জন্ম ৩ জুন, ১৯২৩ চনত নগাঁও জিলাৰ হাতীচোং অঞ্চলত।

দিৱস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক