১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০ ৩১  

২ ডিচেম্বৰ (ইংৰাজী: 2 December) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৩৬তম (অধিবৰ্ষত ৩৩৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

  • ১৮০৪ - নেপোলিয়ন বোনাৰ্পাট ফ্ৰান্সৰ একচ্ছত্ৰী সম্ৰাট হিচাপে পৰিগণিত হয়।
  • ১৯১১ – জৰ্জ পঞ্চম আৰু ৰাণী মেৰী ভাৰত ভ্ৰমণ কৰা প্ৰথম ব্ৰিটিছ ৰাজপৰিয়ালৰ সদস্য হিচাপে পৰিগণিত হয়। তেওঁলোকৰ আগমণৰ উদ্দেশ্য বোম্বাইত (বৰ্তমান মুম্বাইত) গেটৱে অৱ ইণ্ডিয়া নিৰ্মাণ কৰা হৈছিল।
  • ১৯৫৫ - ফণী শৰ্মা পৰিচালিত আৰু ভূপেন হাজৰিকা প্ৰযোজিত ছাৰ্টিফিকেট অব মেৰিট লাভ কৰা প্ৰথম অসমীয়া ছবি পিয়লী ফুকন বোলছবিয়ে মুক্তি লাভ কৰে।
  • ১৯৫৭ - কাশ্মীৰ সংঘাত সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ ১২৬ গৃহীত হয়। কাশ্মীৰ সংঘাত হৈছে কাশ্মীৰ অঞ্চলক লৈ দুখন দেশৰ মাজত হোৱা সংঘাত মুখ্যতঃ ভাৰত আৰু পাকিস্তানৰ মাজত, চীনে তৃতীয় পক্ষৰ ভূমিকা পালন কৰে। ১৯৪৭ চনত ভাৰত বিভাজনৰ পিছত এই সংঘাত আৰম্ভ হয় কিয়নো ভাৰত আৰু পাকিস্তান দুয়োপক্ষই পূৰ্বৰ ৰাজকীয় ৰাজ্য জম্মু-কাশ্মীৰ নিজৰ নিজৰ বুলি দাবী কৰিছিল।
  • ১৯৬১ - ৰাষ্ট্ৰীয় ভাৱে সম্প্ৰচাৰিত এক ভাষণত কিউবাৰ নেতা ফিদেল কাষ্ট্ৰই ঘোষণা কৰে যে তেওঁ এজন মাৰ্ক্সবাদী-লেনিনবাদী আৰু কিউবাই সাম্যবাদ গ্ৰহণ কৰিব।
  • ১৯৮৮ - বেনাজিৰ ভূট্টোৱে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে। যি মুছলমান সংখ্যাগৰিষ্ঠ দেশ এখনৰ চৰকাৰৰ মুৰব্বী হোৱা প্ৰথম গৰাকী মহিলাৰূপে পৰিগণিত হয়।
  • ১৯৮৯ - ভাৰতৰ প্ৰধানমন্ত্ৰীৰূপে ৰাজীৱ গান্ধীয়ে দপ্তৰৰ কাৰ্যকাল সামৰিছিল।
  • ১৯৯১ – ছোভিয়েট ইউনিয়নৰ পৰা ইউক্ৰেইনৰ স্বাধীনতাক স্বীকৃতি দিয়া কানাডা আৰু পোলেণ্ড প্ৰথম ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয়।
  • ২০০১ - সংক্ষিপ্ত অসমীয়া বিশ্বকোষৰ প্ৰথম খণ্ড প্ৰকাশিত হয়।
  • ১৮৯৮ - ইন্দ্ৰ লাল ৰয়, প্ৰথম ভাৰতীয় যুদ্ধ বিমান পাইলট। ৰয়েল ফ্লাইং কৰ্পছ আৰু ইয়াৰ উত্তৰাধিকাৰী ৰয়েল এয়াৰ ফৰ্চত সেৱা আগবঢ়োৱাৰ সময়ত তেওঁ দহটা আকাশী বিজয় দাবী কৰিছিল কিয়নো ১৭০ ঘণ্টাৰ ভিতৰত তেওঁ পাঁচখন বিমান ধ্বংস কৰিছিল (এখন বিমান অন্য এজনৰ সৈতে লগ হৈ ধ্বংস কৰিছিল) আৰু পাঁচখন বিমান নিয়ন্ত্ৰণৰ বাহিৰলৈ লৈ যোৱা হৈছিল (এখন বিমান অন্য এজনৰ সৈতে লগ হৈ নিয়ন্ত্ৰণৰ বাহিৰলৈ নিছিল)। মৃত্যু ২২ জুলাই, ১৯১৮।
  • ১৯১২ - বামিৰেড্ডী নাগী ৰেড্ডি চমুকৈ বি নাগী ৰেড্ডি, এজন ভাৰতীয় চলচ্চিত্ৰ, মুখ্যতঃ তেলেগু চলচ্চিত্ৰৰ প্ৰযোজক আৰু পৰিচালক আছিল। তেওঁ চেন্নাইত বিজয়া বাউহিনী ষ্টুডিঅ' স্থাপন কৰে, যি সেইসময়ত এছিয়াৰ আটাইতকৈ ডাঙৰ চলচ্চিত্ৰ ষ্টুডিঅ' আছিল। বি নাগী ৰেড্ডিৰ দ্বাৰা প্ৰযোজিত কেইখনমান চলচ্চিত্ৰৰ ভিতৰত আছে — পাতাল ভৈৰৱী (১৯৫১), মিছাম্মা (১৯৫৫), মায়া বজাৰ (১৯৫৭), গুণ্ডাম্মা কথা (১৯৬২), মাদুৱে মদিনোডু (১৯৬৫-কানাড়া), ইঙ্গা ভেতু পিল্লাই (১৯৬৫), ৰাম ঔৰ শ্যাম (১৯৬৭), শ্ৰীমান শ্ৰীমতী (১৯৮২), জুলি (১৯৭৫), আৰু স্বৰ্গ নৰক (১৯৭৮), নাম নাদু (১৯৬৯) ইত্যাদি। ৰেড্ডিয়ে ১৯৬০-৬১ আৰু ১৯৬২-৬৩ চনত দুবাৰকৈ ফিল্ম ফেডাৰেচন অৱ ইণ্ডিয়াৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। ১৯৮৬ চনত ভাৰতীয় চলচ্চিত্ৰৰ সৰ্ব্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটা লাভ কৰে। মৃত্যু ২৫ ফেব্ৰুৱাৰী, ২০০৪।
  • ১৯৩৭ - মনোহৰ যোশী প্ৰকৃত নাম মনোহৰ গজু যোশী। ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এজন বিশিষ্ট ৰাজনীতিবিদ। তেওঁ ১৯৯৫ চনৰ পৰা ১৯৯৯ চনলৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু ২০০২ চনৰ পৰা ২০০৪ চনলৈ লোকসভাৰ অধ্যক্ষ আছিল। তেওঁ শিৱসেনাৰ এজন বিশিষ্ট নেতা। তেওঁ চাৰিখন আইনসভাৰ সকলোলৈ নিৰ্বাচিত হোৱা দ্বিতীয় ভাৰতীয়।
  • ১৯৫৯ - বোমান ইৰাণী, এজন ভাৰতীয় অভিনেতা, ফটোগ্ৰাফাৰ আৰু কণ্ঠ শিল্পী যি মুখ্যতঃ হিন্দী চলচ্চিত্ৰত কাম কৰে তেওঁ তামিল, তেলেগু, কানাড়া আৰু মালায়ালম চলচ্চিত্ৰতো কাম কৰিছে। তেওঁ তেওঁৰ কেৰিয়াৰত ১০০ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে।
  • ১৯৬০ - বিজয়লক্ষ্মী ৱেডলাপেটলা, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী, যাৰ জনপ্ৰিয় নাম চিল্ক স্মিতা।
  • ১৯৬০ - জগত প্ৰকাশ নাড্ডা চমুকৈ জে পি নাড্ডা, এজন ভাৰতীয় অধিবক্তা আৰু ৰাজনীতিবিদ। তেওঁ জুন ২০১৯ৰ পৰা ২০২০ চনৰ জানুৱাৰীলৈকে বিজেপিৰ কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ২০ জানুৱাৰী ২০২০ৰ পৰা বিজেপিৰ ৰাষ্ট্ৰীয় দলৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
  • ১৯৯১ - চানুভান্দা কুশালাপ্পা উথাপ্পা চমুকৈ এছ কে উথাপ্পা, ভাৰতীয় পেছাদাৰী হকী খেলুৱৈ যি ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ বাবে আক্ৰমণকাৰী মিডফিল্ডাৰ হিচাপে আৰু হকী ইণ্ডিয়া লীগত কলিঙ্গ লেন্সাৰ(উৰিষ্যাৰ এটা হকী দল যি হকী ইণ্ডিয়া লীগত খেলে। ই যুটীয়াভাৱে উৰিষ্যা ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগম (আইডিচিঅ') আৰু মহানদী কোলফিল্ড লিমিটেড (এমচিএল)ৰ মালিকানাধীন)ৰ খেলুৱৈ হিচাপে খেলে। এছ কে উথাপ্পাই ২০১২ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰিছিল আৰু তেতিয়াৰ পৰা তেওঁ বৰ্তমানলৈকে ৰাষ্ট্ৰীয় দলৰ হৈ ১০০ তকৈও অধিক গ'ল দিছে। তেওঁ ২০১৬ চনৰ চেম্পিয়নছ ট্ৰফীত ৰূপৰ পদক জয় কৰা দলটোৰ এটা অংশ আছিল।
  • ১৮৮১ - জেনী মাৰ্ক্স, কাৰ্ল মাৰ্ক্সৰ পত্নী।
  • ১৯৯১ - বিমল মিত্ৰ, প্ৰসিদ্ধ বঙালী ঔপন্যাসিক। চাহেব বিবি গোলাম তেওঁৰ প্ৰসিদ্ধ উপন্যাস।
  • ২০০৯ - শুচিব্ৰতা ৰায়চৌধুৰী, অসমীয়া সাহিত্যিক, কবি আৰু অসম প্ৰশাসনিক সেৱাৰ বিষয়া। অসামৰিক সেৱাৰ বিষয়া হিচাপে অসমৰ প্ৰথম মহিলা ন্যায়িক দণ্ডাধীশ আছিল। তেওঁ ২০০১ চনত সুভিৰা জয়ছোৱালৰ— "ভাৰতত বৈষ্ণৱ ধৰ্মৰ উৎপত্তি আৰু বিকাশ" অনুবাদ কৰাৰ বাবে সাহিত্য অকাডেমি অনুবাদ বঁটা লাভ কৰিছিল। এগৰাকী সমাজকৰ্মী হিচাপে তেওঁ অম্বিকাগিৰি মেম'ৰিয়েল ট্ৰাষ্ট আৰু অন্যান্য প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিছিল। তেওঁক দিনবান্ধৱী ("দৰিদ্ৰৰ বন্ধু") হিচাপে সন্মান প্ৰদান কৰা হৈছিল।
  • অসম দিৱস বা চুকাফা দিৱস (অসম, ভাৰত)। সমগ্ৰ ১৯৮৭ চনৰ পৰা অসমবাসীয়ে অসম দিৱস বা চুকাফা দিৱস হিচাপে পালন কৰি আহিছে।
  • ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ দিৱস(ভাৰত)। প্ৰদূষণ আৰু ইয়াৰ বিপদজনক প্ৰভাৱৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ ২ ডিচেম্বৰ ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ দিৱস হিচাপে পালন কৰা হয়। ভূপাল গেছ দুৰ্যোগত প্ৰাণ হেৰুওৱা লোকসকলৰ স্মৃতি মনত ৰাখিবলৈ এই দিনটো উদযাপন কৰা হয় যাক আটাইতকৈ ডাঙৰ ঔদ্যোগিক দুৰ্যোগ হিচাপে গণ্য কৰা হয়।
  • সশস্ত্ৰ বাহিনী দিৱস (কিউবা)।
  • ৰাষ্ট্ৰীয় দিৱস (সংযুক্ত আৰৱ আমিৰাত)।

বাহ্যিক সংযোগ

সম্পাদনা কৰক