লালকৃষ্ণ আদৱানী

ভাৰতীয় ৰাজনীতিবিদ
(Lal Krishna Advaniৰ পৰা পুনঃনিৰ্দেশিত)

লালকৃষ্ণ আদৱানী (ইংৰাজী: Lal Krishna Advani; জন্ম: ৮ নৱেম্বৰ ১৯২৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০০২ চনৰ পৰা ২০০৪ চনলৈ ভাৰতৰ সপ্তম উপ-প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম সহ-প্ৰতিষ্ঠাপক আৰু সোঁপন্থী হিন্দু জাতীয়তাবাদী স্বেচ্ছাসেৱী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য। ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈকে সৰ্বাধিক দীৰ্ঘদিনীয়া গৃহ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা তেখেতে লোকসভাৰ বিৰোধী দলৰ নেতা হিচাপেও দীৰ্ঘদিনীয়া কাৰ্যনিৰ্বাহ কৰিছে। ২০০৯ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত তেওঁ বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী আছিল।

লালকৃষ্ণ আদৱানী

২০০৯ চনত আদৱানী
ভাৰতৰ সপ্তম উপ-প্ৰধানমন্ত্ৰী
কাৰ্যকাল
২৯ জুন ২০০২ – ২২ মে' ২০০৪
প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ী
পূৰ্বসূৰী দেৱী লাল
উত্তৰসূৰী পদ খালী
কয়লা আৰু খনি মন্ত্ৰী
কাৰ্যকাল
১ জুলাই ২০০২ – ২৬ আগষ্ট ২০০২
প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ী
পূৰ্বসূৰী অটল বিহাৰী বাজপায়ী
উত্তৰসূৰী উমা ভাৰতী
কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰী
কাৰ্যকাল
২৯ জানুৱাৰী ২০০৩ – ২১ মে' ২০০৪
প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ী
উত্তৰসূৰী মনমোহন সিং
গৃহ মন্ত্ৰী
কাৰ্যকাল
১৯ মাৰ্চ ১৯৯৮ – ২২ মে' ২০০৪
প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ী
পূৰ্বসূৰী ইন্দ্ৰজিৎ গুপ্তা
উত্তৰসূৰী শিৱৰাজ পাটিল
তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী
কাৰ্যকাল
২৪ মাৰ্চ ১৯৭৭ – ২৮ জুলাই ১৯৭৯
প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই
পূৰ্বসূৰী বিদ্যা চৰণ শুক্লা
উত্তৰসূৰী পুৰুষোত্তম কৌশিক
লোকসভাৰ ষষ্ঠ বিৰোধী দলৰ নেতা
কাৰ্যকাল
মে' ২০০৪ – ডিচেম্বৰ ২০০৯
পূৰ্বসূৰী ছোনিয়া গান্ধী
উত্তৰসূৰী সুষমা স্বৰাজ
কাৰ্যকাল
২৪ ডিচেম্বৰ ১৯৯০ – ২৬ জুলাই ১৯৯৩
পূৰ্বসূৰী ৰাজীৱ গান্ধী
উত্তৰসূৰী অটল বিহাৰী বাজপায়ী
ৰাজ্যসভাৰ পঞ্চম বিৰোধী দলৰ নেতা
কাৰ্যকাল
২১ জানুৱাৰী ১৯৮০ – ৭ এপ্ৰিল ১৯৮০
উপ ৰাষ্ট্ৰপতি মহম্মদ হিদয়াতুল্লা
পূৰ্বসূৰী কমলাপতি ত্ৰিপাঠী
উত্তৰসূৰী পি. শিৱ শংকৰ
ৰাজ্যসভাৰ সাংসদ
কাৰ্যকাল
৩ এপ্ৰিল ১৯৭০ – ২ এপ্ৰিল ১৯৭৬
পূৰ্বসূৰী চৰ্দাৰ সন্তোষ সিং
উত্তৰসূৰী চৰণজিৎ চানানা
সমষ্টি দিল্লী
কাৰ্যকাল
৩ এপ্ৰিল ১৯৭৬ – ২ এপ্ৰিল ১৯৮২
পূৰ্বসূৰী দেৱদত্ত কুমাৰ কিকাভাই পাটেল
উত্তৰসূৰী কুমুদ বেন যোশী
সমষ্টি গুজৰাট
কাৰ্যকাল
৩ এপ্ৰিল ১৯৮২ – ২ এপ্ৰিল ১৯৮৮
পূৰ্বসূৰী চাৱাই সিং সিসোদিয়া
উত্তৰসূৰী ৰাধাকৃষ্ণণ মালৱীয়
সমষ্টি মধ্য প্ৰদেশ
কাৰ্যকাল
৩ এপ্ৰিল ১৯৮৮ – ৩০ নৱেম্বৰ ১৯৮৯
পূৰ্বসূৰী হংস ৰাজ ভাৰদ্বাজ
উত্তৰসূৰী জিতেন্দ্ৰ কুমাৰ জৈন
সমষ্টি মধ্য প্ৰদেশ
লোকসভাৰ সাংসদ
কাৰ্যকাল
২৮ ফেব্ৰুৱাৰী ১৯৯৮ – ২৩ মে' ২০১৯
পূৰ্বসূৰী বিজয় পাটেল
উত্তৰসূৰী অমিত শ্বাহ
সমষ্টি গান্ধীনগৰ
কাৰ্যকাল
২৬ নৱেম্বৰ ১৯৮৯ – ৭ মে' ১৯৯৬
পূৰ্বসূৰী কৃষ্ণ চন্দ্ৰ পণ্ট
উত্তৰসূৰী ৰাজেশ খান্না
সমষ্টি নতুন দিল্লী
দিল্লী মহানগৰ পৰিষদৰ দ্বিতীয় অধ্যক্ষ
কাৰ্যকাল
২৮ মাৰ্চ ১৯৬৭ – ১৯ এপ্ৰিল ১৯৭০
পূৰ্বসূৰী জগ প্ৰৱেশ চন্দ্ৰ
উত্তৰসূৰী শ্যাম চৰণ গুপ্তা
ভাৰতীয় জনতা পাৰ্টিৰ দ্বিতীয় অধ্যক্ষ
কাৰ্যকাল
১৯৮৬ – ১৯৯১
পূৰ্বসূৰী অটল বিহাৰী বাজপায়ী
উত্তৰসূৰী মুৰলী মনোহৰ যোশী
ব্যক্তিগত তথ্য
জন্ম
লাল কৃষ্ণ আদৱানী

৮ নৱেম্বৰ, ১৯২৭ (৯৭ বছৰ)
কৰাচী, বম্বে প্ৰেচিডেন্সি, ব্ৰিটিছ ৰাজ
(বৰ্তমান সিন্ধ প্ৰদেশ, পাকিস্তান)
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী কমলা আদৱানী (বি. ১৯৬৫; মৃ. ২০১৬)
সন্তান প্ৰতিভা আদৱানী (কন্যা)
জয়ন্ত আদৱানী (পুত্ৰ)
পুৰস্কাৰ ভাৰত ৰত্ন, ২০২৪
পদ্ম বিভূষণ, ২০১৫

আদৱানীয়ে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত কৰাচীত জন্মগ্ৰহণ কৰি ভাৰত বিভাজনৰ সময়ত ভাৰতলৈ প্ৰব্ৰজন কৰি বোম্বাইত বসতি স্থাপন কৰি তাতেই কলেজীয়া শিক্ষা সমাপ্ত কৰে। আদৱানীয়ে ১৯৪১ চনত চৈধ্য বছৰ বয়সত আৰ এছ এছত যোগদান কৰি প্ৰচাৰক ৰাজস্থান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৫১ চনত আদৱানীয়ে শ্যামা প্ৰসাদ মুখাৰ্জীয়ে প্ৰতিষ্ঠা কৰা ভাৰতীয় জনসংঘৰ সদস্য হৈ সংসদীয় পৰিক্ৰমাৰ দায়িত্ব, সাধাৰণ সম্পাদক, দিল্লী ইউনিটৰ সভাপতিকে ধৰি বিভিন্ন ভূমিকা পালন কৰে। তেওঁ ১৯৬৭ চনত প্ৰথম দিল্লী মহানগৰ পৰিষদৰ অধ্যক্ষ নিৰ্বাচিত হৈ ১৯৭০ চনলৈকে আৰ এছ এছৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৭০ চনত আদৱানীয়ে প্ৰথমবাৰৰ বাবে ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয় আৰু ১৯৮৯ চনলৈকে চাৰিটা কাৰ্যকাল ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৭৩ চনত তেওঁজন সংঘৰ সভাপতি হয় আৰু ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে জনসংঘ আৰু জনতা পাৰ্টি একত্ৰিত হয়। নিৰ্বাচনত জনতা দলৰ বিজয়ৰ পিছত আদৱানী কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী আৰু ৰাজ্যসভাত সদনৰ নেতা হয়।

১৯৮০ চনত অটল বিহাৰী বাজপেয়ীৰ সৈতে বিজেপিৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য হিচাপে তেওঁ তিনিবাৰকৈ দলৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৯ চনত তেওঁ প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল আৰু লোকসভাত তেওঁ ৭টা কাৰ্যকাল সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ দুয়োটা সদনত বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈ গৃহ মন্ত্ৰী আৰু ২০০২ চনৰ পৰা ২০০৪ চনলৈ উপ-প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা তেখেতে ২০১৯ চনলৈকে ভাৰতীয় সংসদত কাৰ্যনিৰ্বাহ কৰি বিজেপিক ভাৰতৰ অন্যতম প্ৰধান ৰাজনৈতিক দল হিচাপে উত্থানৰ কৃতিত্ব লাভ কৰে। ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০১৫ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ আৰু ২০২৪ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

সম্পাদনা কৰক

১৯২৭ চনৰ ৮ নৱেম্বৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্ভুক্ত কৰাচীৰ সিন্ধী হিন্দু পৰিয়ালত লাল কৃষ্ণ আদৱানীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ কিষণচন্দ ডি আদৱানী আৰু মাতৃ জ্ঞানী দেৱী।[1][2] তেওঁ কৰাচীৰ ছেইণ্ট পেট্ৰিক হাইস্কুলত আৰু সিন্ধৰ হায়দৰাবাদত অৱস্থিত ডি.জি. নেচনেল কলেজত তেওঁ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল।[3] ভাৰত বিভাজনৰ সময়ত তেওঁৰ পৰিয়াল ভাৰতলৈ প্ৰব্ৰজন কৰি বোম্বাইত বসতি স্থাপন কৰিবলৈ লয়। তাৰপিছত তেওঁ বম্বে বিশ্ববিদ্যালয়ৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।[4][5]

১৯৬৫ চনৰ ফেব্ৰুৱাৰী মাহত আদৱানীয়ে কমলা আদৱানীৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছে।[6] তেখেতৰ জীয়ৰী প্ৰতিভা এগৰাকী টেলিভিছন প্ৰযোজক আৰু তেওঁ পিতৃৰ ৰাজনৈতিক কাম-কাজতো সহায় কৰে।[7] ২০১৬ চনৰ ৬ এপ্ৰিল তাৰিখে বাৰ্ধক্যজনীত কাৰণত তেওঁৰ পত্নীৰ মৃত্যু হয়।[8] আদৱানীয়ে বৰ্তমান দিল্লীত বসবাস কৰে।[9]

কৰ্মজীৱন

সম্পাদনা কৰক

আদৱানীয়ে ১৯৪১ চনত চৈধ্য বছৰ বয়সত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যোগদান কৰে।[10] তেওঁ আৰ এছ এছৰ শাখা পৰিচালনা কৰা প্ৰচাৰক (পূৰ্ণকালীন কৰ্মী) হয় আৰু ১৯৪৭ চনত কৰাচী ইউনিটৰ সম্পাদক হয়।[11] ভাৰত বিভাজনৰ পিছত আদৱানীয়ে ১৯৫২ চনলৈকে আলৱাৰ, ভৰতপুৰ, কোটা, বুণ্ডী আৰু ঝালাৱাৰ জিলাত কাম কৰি ৰাজস্থানৰ এজন প্ৰচাৰক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[12]

আদৱানীয়ে ১৯৫১ চনত শ্যামা প্ৰসাদ মুখাৰ্জীয়ে আৰ এছ এছৰ সহযোগত প্ৰতিষ্ঠা কৰা ৰাজনৈতিক দল ভাৰতীয়জন সংঘৰ সদস্য হয়। তাৰপিছত তেওঁ ৰাজস্থানৰ জনসংঘৰ তেতিয়াৰ সাধাৰণ সম্পাদক এছ এছ ভাণ্ডাৰীৰ সচিব হিচাপে নিযুক্তি লাভ কৰে। ১৯৫৭ চনত তেওঁ দিল্লীলৈ গুচি যায় আৰু জনসংঘৰ দিল্লী ইউনিটৰ সাধাৰণ সম্পাদক আৰু পিছলৈ সভাপতি পদত অধিষ্ঠিত হয়। ১৯৬৬ চনৰ পৰা ১৯৬৭ চনলৈ তেওঁ দিল্লী মহানগৰ পৰিষদ (ডিএমচি)ত বিজেএছৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৬৭ চনৰ দিল্লী মহানগৰ পৰিষদৰ নিৰ্বাচনৰ পিছত তেওঁ পৰিষদৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয় আৰু ১৯৭০ চনলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰে।[4][13] তেওঁ আৰ এছ এছৰ সাপ্তাহিক বাতৰি কাকত 'অৰ্গেনাইজাৰ' প্ৰকাশৰ ক্ষেত্ৰতো কে আৰ মালকানীক সহায় কৰিছিল আৰু ১৯৬৬ চনত ইয়াৰ ৰাষ্ট্ৰীয় কাৰ্যবাহীৰ সদস্য হৈছিল।[12]

১৯৭০ চনত আদৱানীয়ে দিল্লীৰ পৰা ছবছৰীয়া কাৰ্যকালৰ বাবে ৰাজ্যসভাৰ সদস্য হয়।[14] ১৯৭৩ চনত দলীয় কাৰ্যকৰী সমিতিৰ বৈঠকৰ কানপুৰ অধিৱেশনত বিজেএছৰ সভাপতি হিচাপে নিৰ্বাচিত হয়।[4] ১৯৭৬ চনত আদৱানীয়ে দ্বিতীয়বাৰৰ বাবে গুজৰাটৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হয়।[14] তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে বিৰোধী দলসমূহৰ ওপৰত জৰুৰীকালীন অৱস্থাৰ সহায়ত দমন কৰাৰ পিছত বিজেএছ আৰু অন্যান্য বিৰোধী দলসমূহ একত্ৰিত হৈ জনতা পাৰ্টি গঠন কৰে।[15] ১৯৭৭ চনৰ নিৰ্বাচনত ইন্দিৰা গান্ধীয়ে জাপি দিয়া জৰুৰীকালীন অৱস্থাৰ ব্যাপক সমালোচনাৰ সম্মুখীন হোৱাৰ বাবে জনতা পাৰ্টিয়ে বৃহৎ ব্যৱধানত জয়লাভ কৰে।[16] নতুন চৰকাৰত মোৰাৰজী দেশাই প্ৰধানমন্ত্ৰী হোৱাৰ লগতে আদৱানী তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী হয়।[17] চৰকাৰে পাঁচ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ নকৰি ১৯৮০ চনত নতুন নিৰ্বাচন আহ্বান কৰিবলৈ ভংগ কৰা হয় আৰু ইয়াৰ ফলত জনতা দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ হাতত পৰাস্ত হয়।[18][19] পৰৱৰ্তী সময়ত আদৱানী ৰাজ্যসভাত বিৰোধী দলৰ নেতাৰ কাৰ্যভাৰ গ্ৰহণ কৰে।[4]

ভাৰতীয় জনতা পাৰ্টি আৰু আদৱানী

সম্পাদনা কৰক

১৯৮০ চনৰ ৬ এপ্ৰিল তাৰিখে জনসংঘৰ পূৰ্বৰ কেইজনমান সদস্যৰ সৈতে আদৱানীয়ে জনতা পাৰ্টি এৰি অটল বিহাৰী বাজপেয়ীক প্ৰথম অধ্যক্ষ হিচাপে লৈ ভাৰতীয় জনতা পাৰ্টি গঠন কৰে।[20] যদিও পূৰ্বৰ চৰকাৰখন ১৯৭৭ চনৰ পৰা ১৯৮০ চনলৈকে কিছু সময়ৰ বাবে চলিছিল আৰু দলীয় কন্দলৰ বাবে মনোমালিন্যৰ সৃষ্টি, এই সময়ছোৱাত আৰ এছ এছৰ সমৰ্থন বৃদ্ধি পাইছিল। এই সমৰ্থন বিজেপি গঠনত শিখৰত উপনীত হৈছিল।[21] ১৯৮২ চনত তেওঁ বিজেপিক প্ৰতিনিধিত্ব কৰি মধ্য প্ৰদেশৰ পৰা তৃতীয়বাৰৰ বাবে ৰাজ্যসভালৈ নিৰ্বাচিত হয়।[14] ১৯৮৪ চনৰ নিৰ্বাচনত বিজেপিয়ে মাত্ৰ দুখন আসন লাভ কৰিছিল আৰু ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ ফলত কংগ্ৰেছে সহানুভূতিৰ ঢৌৰ বৃহৎ ব্যৱধানত জয় লাভ কৰিছিল। নিৰ্বাচনত এই ব্যৰ্থতাৰ ফলত আদৱানীক দলৰ অধ্যক্ষ নিযুক্তি দিয়াৰ লগতে বিজেপিয়ে জনসংঘৰ হিন্দুত্ববাদী মতাদৰ্শৰ ফালে মুখ কৰি দলৰ স্থিতি সলনি কৰিলে।[22]

আদৱানীৰ অধ্যক্ষতাৰ কালত বিজেপি অযোধ্যাৰ বাবৰী মছজিদৰ স্থানত বিশ্ব হিন্দু পৰিষদে হিন্দু দেৱতা ৰামক উৎসৰ্গিত মন্দিৰ নিৰ্মাণৰ বাবে আন্দোলন আৰম্ভ কৰাৰ লগে লগে ৰাম জন্মভূমি স্থানক লৈ অযোধ্যা বিবাদৰ ৰাজনৈতিক মুখ হৈ পৰে।[23] এই বিবাদৰ ভিত্তি আছিল যে এই বিবাদিত ঠাইখন ৰামৰ জন্মস্থান আৰু এসময়ত তাত এটা মন্দিৰ আছিল যিটো মোগল সম্ৰাট বাবৰে ভাঙি পেলাইছিল আৰু ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ (ASI)-এ এই দাবীক সমৰ্থন জনাইছিল।[24][25] বিজেপিয়ে এই প্ৰচাৰক সমৰ্থন কৰি ১৯৮৯ চনৰ নিৰ্বাচনৰ বাবে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰৰ অংশ কৰে। তাৰপিছত আদৱানীয়ে প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হোৱাৰ লগে লগে দলক ৮৬খন আসন লাভ কৰাত সহায় কৰে। বিশ্বনাথ প্ৰতাপ সিঙে নেশ্যনেল ফ্ৰণ্ট চৰকাৰ গঠন কৰাৰ সময়ত আদৱানীয়ে লোকসভাত বিৰোধী দলৰ নেতা হৈছিল।[26]

১৯৯০ চনত আদৱানীয়ে ৰাম জন্মভূমি আন্দোলনৰ বাবে স্বেচ্ছাসেৱক সংগঠিত কৰিবলৈ ৰথ লৈ শোভাযাত্ৰাত নামি পৰে। গুজৰাটৰ সোমনাথৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰা অযোধ্যাত একত্ৰিত হ'বলৈ ৰাওনা হয়।[27] ১৯৯১ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপি কংগ্ৰেছৰ পিছত দ্বিতীয় বৃহত্তম দল হিচাপে পৰিগণিত হয় আৰু আদৱানীয়ে গান্ধীনগৰৰ পৰা দ্বিতীয়বাৰৰ বাবে জয়লাভ কৰি পুনৰ বিৰোধী দলৰ নেতা হয়।[28] ১৯৯২ চনত বাবৰী মছজিদ ভাঙি পেলোৱা হয় আৰু আদৱানীয়ে মছজিদ ভাঙি পেলোৱাৰ পূৰ্বে উত্তেজক ভাষণ দিয়াৰ অভিযোগ উত্থাপন কৰা হয়।[29][30][31] মছজিদ ভাঙি পেলোৱা গোচৰৰ অভিযুক্তসকলৰ ভিতৰত আদৱানীও আছিল যদিও ২০২০ চনৰ ৩০ ছেপ্টেম্বৰত চিবিআইৰ বিশেষ আদালতে তেওঁক দোষমুক্ত কৰে।[32][33] ৰায়দানত উল্লেখ কৰা হৈছে যে মছজিদ ভাঙি পেলোৱাৰ কাৰ্য পূৰ্বে পৰিকল্পিত নাছিল। আদৱানীয়ে এই কাৰ্যৰ লগত জড়িত গোটক বাধা দিবলৈ চেষ্টা কৰিছিল আৰু তেওঁলোকক উচটনি নিদিবলৈ চেষ্টা কৰিছিল।[34][35]

১৯৯৬ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হয় আৰু ফলস্বৰূপে ৰাষ্ট্ৰপতিয়ে বিজেপিক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনায়। হাৱালা কেলেংকাৰীৰ সৈতে জড়িত হোৱাৰ অভিযোগত আদৱানীয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাছিল আৰু পিছত উচ্চতম ন্যায়ালয়ে তেওঁক মুক্ত কৰিছিল।[36][37] ১৯৯৬ চনৰ মে’ মাহত বাজপেয়ীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সময়ত মাত্ৰ তেৰ দিনৰ পিছতে চৰকাৰৰ পতন ঘটিছিল।[38]

 
২০০৫ চনত তদানীন্তন আমেৰিকাৰ বিদেশ মন্ত্ৰী কণ্ডোলিজা ৰাইছৰ সৈতে আদৱানী

১৯৯৮ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (NDA) ক্ষমতালৈ আহে আৰু বাজপায়ী ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়।[39] আদৱানীয়ে তৃতীয় কাৰ্যকালৰ বাবে লোকসভালৈ নিৰ্বাচিত হয় আৰু কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী পদবী লাভ কৰে।[4] কিন্তু মাত্ৰ তেৰ মাহৰ পিছত চৰকাৰৰ পুনৰ পতন ঘটে যেতিয়া জয়ললিতাৰ অধীনত অল ইণ্ডিয়ান আন্না দ্ৰাবিড় মুনেত্ৰ কাঝাগামে (AIADMK) চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ কৰে।[39] নতুনকৈ নিৰ্বাচনৰ আহ্বান জনোৱাৰ লগে লগে ১৯৯৯ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এয়ে পুনৰ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ লগতে চতুৰ্থ কাৰ্যকালৰ বাবে গান্ধীনগৰৰ পৰা আদৱানীয়ে জয়লাভ কৰে। তেওঁ গৃহমন্ত্ৰীৰ পদ গ্ৰহণ কৰাৰ পিছত ২০০২ চনত উপ-প্ৰধানমন্ত্ৰীৰ পদলৈ উন্নীত হয়।[40][41]

২০০৪ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স ক্ষমতালৈ অহাৰ লগে লগে বিজেপি পৰাজয়ৰ সন্মুখীন হয় আৰু মনমোহন সিং ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।[42] আদৱানীয়ে পঞ্চমটো কাৰ্যকালৰ বাবে লোকসভালৈ নিৰ্বাচিত হয় আৰু লোকসভাত বিৰোধী দলৰ নেতা পদত অধিষ্ঠিত হয়।[43][44] ২০০৪ চনত পৰাজয়ৰ পিছত বাজপেয়ীয়ে আদৱানীক বিজেপিৰ নেতৃত্ব দিবলৈ পদোন্নতি দি সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰে।[45] ২০০৫ চনৰ জুন মাহত কৰাচী ভ্ৰমণৰ সময়ত আদৱানীয়ে মহম্মদ আলী জিন্নাক "ধৰ্মনিৰপেক্ষ" নেতা বুলি অভিহিত কৰিছিল। ইয়াৰ ফলত তেওঁ আৰ এছ এছৰ সমালোচনাৰ সন্মুখীন হৈছিল। আদৱানীয়ে বিজেপিৰ অধ্যক্ষৰ পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হয় যদিও কেইদিনমানৰ পিছত তেওঁ পদত্যাগ প্ৰত্যাহাৰ কৰে।[46] ২০০৫ চনৰ এপ্ৰিল মাহত আৰ এছ এছৰ মুৰব্বী কে. এছ. সুদৰ্শনে আদৱানীয়ে বিজেপিৰ অধ্যক্ষ পদ এৰাৰ মত পোষণ কৰে।[47] ২০০৫ চনৰ ডিচেম্বৰ মাহত মুম্বাইত বিজেপিৰ ৰূপালী জয়ন্তী উদযাপনত আদৱানীয়ে দলৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে আৰু তেওঁৰ ঠাইত উত্তৰ প্ৰদেশৰ ৰাজনাথ সিং নিৰ্বাচিত হয়। ২০০৬ চনৰ মাৰ্চ মাহত বাৰাণসীৰ হিন্দু মন্দিৰত বোমা বিস্ফোৰণৰ পিছত আদৱানীয়ে "ভাৰত সুৰক্ষা যাত্ৰা" গ্ৰহণ কৰে। শাসকীয় সংযুক্ত প্ৰগতিশীল মিত্ৰজোঁটৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াত কথিত ব্যৰ্থতাৰ ওপৰত আলোকপাত কৰিবলৈ তেওঁ এই যাত্ৰা আৰম্ভ কৰিছিল।[48]

পৰৱৰ্তী জীৱন

সম্পাদনা কৰক
 
২০০৯ চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত এখন ৰেলীত আদৱানী

২০০৬ চনৰ ডিচেম্বৰ মাহত আদৱানীয়ে কয় যে সংসদীয় গণতন্ত্ৰত বিৰোধীৰ নেতা হিচাপে তেওঁ নিজকে ২০০৯ চনৰ মে' মাহত পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী বুলি গণ্য কৰে।[49] তেওঁৰ প্ৰাৰ্থীত্বক সকলোৱে সমৰ্থন কৰা নাছিল যদিও বাজপেয়ীয়ে আদৱানীৰ প্ৰাৰ্থীত্বক সমৰ্থন কৰিছিল।[50] ২০০৭ চনৰ ২ মে' তাৰিখে বিজেপিৰ সভাপতি ৰাজনাথ সিঙে কয় যে পৰৱৰ্তী নিৰ্বাচনত বিজেপি জয়ী হ'লে আদৱানী পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ বাবে স্বাভাৱিক পছন্দৰ ব্যক্তি।[51] ২০০৭ চনৰ ১০ ডিচেম্বৰত বিজেপিৰ সংসদীয় ব’ৰ্ডে আনুষ্ঠানিকভাৱে ২০০৯ চনত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ বাবে লালকৃষ্ণ আদৱানী প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী বুলি ঘোষণা কৰে।[52]

যদিও আদৱানীয়ে লোকসভাৰ সাংসদ হিচাপে ষষ্ঠবাৰৰ বাবে জয়লাভ কৰে তথাপিও ২০০৯ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ আৰু মিত্ৰশক্তিৰ হাতত বিজেপি পৰাস্ত হয়। প্ৰধানমন্ত্ৰী মনমোহন সিঙে দ্বিতীয় বাৰৰ বাবে তেওঁৰ কাৰ্যভাৰ অব্যাহত ৰাখে। নিৰ্বাচনত পৰাজয়ৰ পিছত আদৱানীয়ে বিৰোধী দলৰ নেতাৰ পদ সুষমা স্বৰাজৰ হাতত অৰ্পণ কৰে।[53][54] ২০১০ চনত তেওঁ নেচনেল ডেম'ক্ৰেটিক এলায়েন্সৰ কাৰ্য্যকৰী অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়।[55] আদৱানীয়ে ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত গান্ধীনগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি একেৰাহে পঞ্চমবাৰৰ বাবে জয়লাভ কৰিছিল। পিছলৈ তেওঁ মুৰলী মনোহৰ যোশী আৰু অটল বিহাৰী বাজপেয়ীৰ সৈতে বিজেপিৰ মাৰ্গ দৰ্শক মণ্ডলৰ অংশ আছিল।[56]

ৰথযাত্ৰা আৰু আদৱানী

সম্পাদনা কৰক

আদৱানীয়ে প্ৰায়ে বিজেপিৰ জনপ্ৰিয়তা বৃদ্ধি আৰু হিন্দুত্ববাদী মতাদৰ্শক একত্ৰিত কৰিবলৈ ৰথ যাত্ৰা বা শোভাযাত্ৰাৰ আয়োজন কৰিছিল। তেওঁ ১৯৯০ চনত প্ৰথমখন যাত্ৰাৰে দেশজুৰি ছটাকৈ ৰথ যাত্ৰা বা শোভাযাত্ৰাৰ আয়োজন কৰিছিল।[57]

  1. ৰাম ৰথ যাত্ৰা: আদৱানীয়ে ১৯৯০ চনৰ ২৫ ছেপ্টেম্বৰত গুজৰাটৰ সোমনাথৰ পৰা প্ৰথম যাত্ৰা আৰম্ভ কৰিছিল। ১৯৯০ চনৰ ৩০ অক্টোবৰ তাৰিখে অযোধ্যাত এই যাত্ৰাৰ সামৰণি পৰে। অযোধ্যাৰ ৰাম জন্মভূমি স্থানত হোৱা বিবাদৰ সৈতে জড়িত এই শোভাযাত্ৰা বিহাৰত তদানীন্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে বন্ধ কৰি দিয়ে আৰু ভাৰতৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙৰ নিৰ্দেশত আদৱানীক গ্ৰেপ্তাৰ কৰা হয়।[58]
  2. জনাদেশ যাত্ৰা: ১৯৯৩ চনৰ ১১ ছেপ্টেম্বৰৰ পৰা দেশৰ চাৰি কোণৰ পৰা চাৰিটা শোভাযাত্ৰাৰ আয়োজন কৰা হয় আৰু আদৱানীয়ে দক্ষিণ ভাৰতৰ মহীশূৰৰ পৰা যাত্ৰাৰ নেতৃত্ব দিয়ে।[59] ১৪খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চল অতিক্ৰম কৰি সংবিধান ৮০তম সংশোধনী বিধেয়ক আৰু জনপ্ৰতিনিধিত্ব (সংশোধনী) বিধেয়কৰ বিৰুদ্ধে জনসাধাৰণৰ আদেশ বিচৰাৰ উদ্দেশ্যে আয়োজন কৰা এই শোভাযাত্ৰা ২৫ ছেপ্টেম্বৰত ভূপালত সমবেত হয়।[60]
  3. স্বৰ্ণ জয়ন্তী ৰাথ যাত্ৰা: ১৯৯৭ চনৰ মে’ৰ পৰা জুলাই মাহৰ ভিতৰত আয়োজন কৰা এই শোভাযাত্ৰা ভাৰতৰ স্বাধীনতাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে আৰু বিজেপিক সুশাসনৰ প্ৰতি দায়বদ্ধ দল হিচাপে প্ৰক্ষেপ কৰিবলৈ অনুষ্ঠিত কৰা হৈছিল।[61]
  4. ভাৰত উদয় যাত্ৰা: ২০০৪ চনৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এই যাত্ৰা অনুষ্ঠিত কৰা হৈছিল।[62]
  5. ভাৰত সুৰক্ষা যাত্ৰা: বিজেপিয়ে ২০০৬ চনৰ ৬ এপ্ৰিলৰ পৰা ১০ মে'লৈকে দুখন যাত্ৰাৰে গঠিত দেশজোৰা গণ ৰাজনৈতিক অভিযান আৰম্ভ কৰে। এখন যাত্ৰা আদৱানীৰ নেতৃত্বত গুজৰাটৰ দ্বাৰকাৰ পৰা দিল্লীলৈ আৰু আনখন ৰাজনাথ সিঙৰ নেতৃত্বত পুৰীৰ পৰা দিল্লীলৈ অনুষ্ঠিত কৰা হৈছিল।[63] এই যাত্ৰাত বাওঁপন্থী সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া, সংখ্যালঘুৰ ৰাজনীতি, মূল্যবৃদ্ধি আৰু দুৰ্নীতি, গণতন্ত্ৰৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।[64]
  6. জন চেতনা যাত্ৰা: তদানীন্তন শাসকীয় ইউ পি এ চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে জনমত সংগঠিত কৰা আৰু বিজেপিৰ সুশাসন আৰু স্বচ্ছ ৰাজনীতিৰ ধ্বজা প্ৰচাৰ কৰাৰ উদ্দেশ্যে ২০১১ চনৰ ১১ অক্টোবৰত বিহাৰৰ সীতাব ডায়াৰাৰ পৰা ৰথযাত্ৰাসমূহৰ অন্তিমখন যাত্ৰা আৰম্ভ কৰা হৈছিল।[65]

অধিষ্ঠিত পদবীসমূহ

সম্পাদনা কৰক

সুদীৰ্ঘ কাৰ্যকালত লালকৃষ্ণ আদৱানীয়ে অধিষ্ঠিত হোৱা পদবীসমূহ তলত উল্লেখ কৰা হ'ল:[4]

  • ১৯৬৭–৭০: দিল্লীৰ মহানগৰ পৰিষদৰ অধ্যক্ষ
  • ১৯৭০–৭২: ভাৰতীয় জনসংঘ (বিজেএছ), দিল্লীৰ

অধ্যক্ষ

  • ১৯৭০–৭৬: প্ৰথম কাৰ্যকাল, ৰাজ্যসভা
  • ১৯৭৩–৭৭: ভাৰতীয় জনসংঘৰ অধ্যক্ষ
  • ১৯৭৬–৮২: দ্বিতীয় কাৰ্যকাল, ৰাজ্যসভা
  • ১৯৭৭ চনত জনতা পাৰ্টিৰ সাধাৰণ সম্পাদক

১৯৭৭–৭৯: কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী, তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰালয়

  • ১৯৭৭–৭৯: সদনৰ নেতা, ৰাজ্যসভা
  • ১৯৮০–৮৬: ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ সম্পাদক
  • ১৯৮০–৮৬: নেতা, ভাৰতীয় জনতা পাৰ্টি, ৰাজ্যসভা
  • ১৯৭৬–৮২: তৃতীয় কাৰ্যকাল, ৰাজ্যসভা
  • ১৯৮৬–৯১: ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ
  • ১৯৮৮–৮৯: চতুৰ্থ কাৰ্যকাল, ৰাজ্যসভা
  • ১৯৮৯-৯১: নৱম লোকসভাৰ সাংসদ (প্ৰথম কাৰ্যকাল) আৰু বিৰোধী দলৰ নেতা
  • ১৯৯১: দশম লোকসভালৈ নিৰ্বাচিত (দ্বিতীয় কাৰ্যকাল)
  • ১৯৯১–৯৩: বিৰোধী দলৰ নেতা, লোকসভা
  • ১৯৯৩–৯৮: ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ
  • ১৯৯৮: দ্বাদশ লোকসভালৈ নিৰ্বাচিত (তৃতীয় কাৰ্যকাল)
  • ১৯৯৮–৯৯: কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী, গৃহ মন্ত্ৰী
  • ১৯৯৯: ত্ৰয়োদশ লোকসভালৈ নিৰ্বাচিত (চতুৰ্থ কাৰ্যকাল)
  • ১৯৯৯–২০০৪: কেন্দ্ৰীয় কেবিনেটৰ গৃহ মন্ত্ৰী
  • ২০০২–২০০৪: ভাৰতৰ উপ-প্ৰধানমন্ত্ৰী
  • ২০০২: কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী, কয়লা আৰু খনি
  • ২০০৩–২০০৪: কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী, কৰ্মচাৰী, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ
  • ২০০৪: চতুৰ্দশ লোকসভালৈ নিৰ্বাচিত (পঞ্চম কাৰ্যকাল)
  • ২০০৯: ১৫ সংখ্যক লোকসভালৈ নিৰ্বাচিত (ষষ্ঠ কাৰ্যকাল)
  • ২০০৯: লোকসভাৰ বিৰোধী দলপতি
  • ২০১৪: ষোড়শ লোকসভালৈ নিৰ্বাচিত (সপ্তম কাৰ্যকাল)

বঁটা আৰু সন্মান

সম্পাদনা কৰক

গ্ৰন্থৰাজি

সম্পাদনা কৰক
  • A Prisoner's Scrap-Book (2002) আই.এচ.বি.এন. 978-81-88322-10-7[68]
  • New Approaches to Security and Development (2003) আই.এচ.বি.এন. 978-981-230-219-9[69]
  • My Country My Life (2008) আই.এচ.বি.এন. 978-81-291-1363-4[70]
  • As I See It: LK Advani's Blog Posts (2011) আই.এচ.বি.এন. 978-81-291-1876-9[71]
  • Nazarband Loktantra (2016) আই.এচ.বি.এন. 81-7315-399-X [72]
  • Drishtikon (2016) আই.এচ.বি.এন. 978-93-5048-142-4[73]
  • Rashtra Sarvopari (2014) আই.এচ.বি.এন. 978-93-5048-549-1[74]
  1. "Bhartiya Janata Party's Prime Ministerial candidate and the Leader of Opposition, Lal Krishna Advani will once again seek re-election from his Gandhinagar constituency". India Today. 18 March 2009. https://www.indiatoday.in/election-news/key-contestants/story/lk-advani-41833-2009-03-15. 
  2. "Friday Times : Analysis: Trading with India". Archived from the original on 6 October 2011. https://web.archive.org/web/20111006183815/http://www.thefridaytimes.com/beta2/tft/article.php?issue=20110930&page=7। আহৰণ কৰা হৈছে: 6 August 2012. 
  3. "L.K. Advani: Bio, Political life, Family & Top stories". Times of India. https://timesofindia.indiatimes.com/elections/candidates/l-k-advani. 
  4. 4.0 4.1 4.2 4.3 4.4 4.5 "Members Bioprofile". Lok Sabha of India/National Informatics Centre, New Delhi. http://164.100.47.132/LssNew/Members/Biography.aspx?mpsno=9। আহৰণ কৰা হৈছে: 27 April 2011. 
  5. Malik, Yogendra K.; Singh, V.B. (1994). Hindu Nationalists in India: The Rise of the Bharatiya Janata Party. প্ৰকাশক Boulder, Colorado: Westview Press. পৃষ্ঠা. 40–43. ISBN 978-0-8133-8810-6. 
  6. "Will LK Advani's son live up to his father's image?". Firstpost. 14 May 2014. https://www.firstpost.com/politics/will-lk-advanis-son-live-up-to-his-fathers-image-1523797.html. 
  7. Sahgal, Priya. "A Tale of Two Daughters". India Today. https://www.indiatoday.in/column-off-the-record/story/a-tale-of-two-daughters-45777-2009-04-27. 
  8. "LK Advani bids adieu to wife Kamla; Swaraj, Manmohan, Amit Shah at funeral". Indian Express. 7 April 2016. https://indianexpress.com/photos/picture-gallery-others/l-k-advanis-wife-kamla-advani-passes-aways-rare-family-pics/. 
  9. Roy Chaudhury, Dipanjan (29 June 2019). "Lutyens' Zone: Sushma Swaraj to vacate, LK Advani & MM Joshi may retain bungalows". The Economic Times. https://economictimes.indiatimes.com/news/politics-and-nation/lutyens-zone-sushma-swaraj-to-vacate-lk-advani-mm-joshi-may-retain-bungalows/articleshow/69998385.cms. 
  10. "'My idea of happiness is good books':Advani". Indian Express. 19 September 2010. https://indianexpress.com/article/news-archive/web/my-idea-of-happiness-is-good-books/। আহৰণ কৰা হৈছে: 1 November 2023. 
  11. "India 'incomplete' without Sindh: Advani". Indian Express. 15 January 2017. http://indianexpress.com/article/india/india-incomplete-without-sindh-advani/. 
  12. 12.0 12.1 Jaffrelot, Christophe (1996). The Hindu Nationalist Movement and Indian Politics. C. Hurst & Co. Publishers. পৃষ্ঠা. 237. ISBN 978-1850653011. 
  13. Proposal to nominate a member to the Delhi Metropolation [sic Council Vice Shri L.K. Advani]. প্ৰকাশক New Delhi: Ministry of Home Affairs: Delhi Section. 1971. পৃষ্ঠা. 2. https://www.abhilekh-patal.in/jspui/handle/123456789/2783364। আহৰণ কৰা হৈছে: 21 September 2022. ""Shri L. K. Advani who was the chairman of the Metropolitan Council, was elected as member of the Rajya Sabha in the last elections and his seat has fallen vacant in the Council. He was from the Jan Sangh Party."" 
  14. 14.0 14.1 14.2 "List of Rajya Sabha members Since 1952". http://164.100.47.5/Newmembers/alphabeticallist_all_terms.aspx। আহৰণ কৰা হৈছে: 21 October 2013. 
  15. Zarhani, Seyed Hossein (2018). Governance and Development in India: A Comparative Study on Andhra Pradesh and Bihar after Liberalization. Routledge. পৃষ্ঠা. 189. ISBN 978-1-351-25518-9. https://books.google.com/books?id=_3tqDwAAQBAJ. 
  16. G. G. Mirchandani (2003). 320 Million Judges. Abhinav Publications. পৃষ্ঠা. 90–100. ISBN 81-7017-061-3. 
  17. Basu, Amrita (30 June 2015). Violent Conjunctures in Democratic India. Cambridge University Press. পৃষ্ঠা. 69. ISBN 978-1-107-08963-1. https://books.google.com/books?id=TTrjCQAAQBAJ. 
  18. "General Election of India 1980, 7th Lok Sabha". Election Commission of India. পৃষ্ঠা: 5. http://eci.nic.in/eci_main/StatisticalReports/LS_1980/Vol_I_LS_80.pdf। আহৰণ কৰা হৈছে: 13 January 2010. 
  19. Chawla, Prabhu (30 September 2013). "As general elections loom large, new four-party United Front formed to counter Cong(I)". https://www.indiatoday.in/magazine/indiascope/story/19830930-as-general-elections-loom-large-new-four-party-united-front-formed-to-counter-congi-771046-2013-07-18. 
  20. "BJP's foundation day: Brief history of the achievements and failures of the party". The Indian Express. 6 April 2019. https://indianexpress.com/article/research/bhartiya-janata-party-narendra-modi-bjp-bjps-37th-foundation-day-brief-history-of-the-achievements-and-failures-of-the-party-4601637/. 
  21. Guha, Ramachandra (2007). India after Gandhi: the history of the world's largest democracy (1st সম্পাদনা). প্ৰকাশক India: Picador. পৃষ্ঠা. 563–564. ISBN 978-0-330-39610-3. 
  22. Guha, Ramachandra (2007). India after Gandhi: the history of the world's largest democracy (1st সম্পাদনা). প্ৰকাশক India: Picador. পৃষ্ঠা. 633. ISBN 978-0-330-39610-3. 
  23. "In the times of Yakub Memon, remembering the Babri Masjid demolition cases". 29 July 2015. http://scroll.in/article/744403/in-the-times-of-yakub-memon-remembering-the-babri-masjid-demolition-cases. 
  24. "Evidence of temple found: ASI". 25 August 2003. http://www.tribuneindia.com/2003/20030826/main6.htm. 
  25. "Layers of truth". The Week. http://www.the-week.com/23sep07/events1.htm. 
  26. Krishna, Ananth V. (2011). India Since Independence: Making Sense Of Indian Politics. Pearson Education India. পৃষ্ঠা. 347. ISBN 9788131734650. https://books.google.com/books?id=8v7Vr2iQUHkC. 
  27. Panikkar, K. N. (1993). "Religious Symbols and Political Mobilization: The Agitation for a Mandir at Ayodhya". Social Scientist খণ্ড 21 (7/8): 63–78. doi:10.2307/3520346. 
  28. Sahgal, Priya (28 December 2009). "1990-L.K. Advani's rath yatra: Chariot of fire". https://www.indiatoday.in/magazine/cover-story/story/20091228-1990-l.k.-advanis-rath-yatra-chariot-of-fire-741621-2009-12-24. 
  29. "Muslims can never forgive Kalyan over Babri issue". Express India. Archived from the original on 21 January 2012. https://web.archive.org/web/20120121102810/http://www.expressindia.com/latest-news/Muslims-can-never-forgive-Kalyan-over-Babri-issue/419656/. 
  30. "Babri demolition & failure of Muslim leadership". Zee News India. 27 September 2010. http://www.zeenews.com/news657090.html। আহৰণ কৰা হৈছে: 27 April 2011. 
  31. Pradhan, Sharat (26 March 2010). "Advani fuelled fire that razed Babri: IPS officer". https://www.rediff.com/news/report/ips-officer-testifies-to-cbi-on-babri-demolition/20100326.htm. 
  32. Sachdev, Vakasha (6 December 2019). "'Vindicated' LK Advani Remains on Trial in Babri Demolition Case". The Quint. https://www.thequint.com/voices/opinion/babri-masjid-demolition-criminal-case-conspiracy-lk-advani-vindicated-ayodhya-verdict। আহৰণ কৰা হৈছে: 28 June 2020. 
  33. "Advani on being acquitted from Babri demolition case.". Times of India. 30 September 2020. https://timesofindia.indiatimes.com/india/jai-shri-ram-advani-on-being-acquitted-from-babri-demolition-case/articleshow/78402831.cms. 
  34. "From Nation of Donkeys to 'Black Day for Democracy': English Editorials Slam Babri Verdict". The Wire (India). 2 October 2020. https://thewire.in/media/newspaper-editorials-babri-masjid-demolition-verdict. 
  35. "Babri accused tried to stop mob, not incite them". Rediff.com. 30 September 2020. https://news.rediff.com/commentary/2020/sep/30/babri-accused-tried-to-stop-mob-not-incite-them/577b595b886fd7890e30173a4bdff9c0. 
  36. Shakti Shekhar, Kumar (1 November 2017). "How Advani will create Parliamentary history whether he contests 2019 Lok Sabha elections or not". প্ৰকাশক New Delhi: India Today Group. https://www.indiatoday.in/india/story/lk-advani-parliamentary-history-2019-lok-sabha-elections-1077707-2017-11-01. 
  37. "SC clears Advani, Shukla in hawala case". Indian Express. 3 March 1998. http://www.indianexpress.com/res/web/pIe/ie/daily/19980303/06250324.html. 
  38. Goswami, Dev (17 August 2018). "When Atal Bihari Vajpayee showed the world how to resign in style" (en ভাষাত). India Today. https://www.indiatoday.in/india/story/atal-bihari-vajpayee-parliament-trust-vote-1996-speech-resign-1316838-2018-08-17। আহৰণ কৰা হৈছে: 10 May 2020. 
  39. 39.0 39.1 Shakti Shekhar, Kumar (17 August 2018). "How Atal Bihari Vajpayee ended BJP's untouchability". India Today. https://www.indiatoday.in/india/story/how-atal-bihari-vajpayee-ended-bjp-s-untouchability-1317105-2018-08-17। আহৰণ কৰা হৈছে: 10 May 2020. 
  40. "Advani appointed deputy prime minister". The Times of India. 29 June 2002. https://timesofindia.indiatimes.com/india/Advani-appointed-deputy-prime-minister/articleshow/14487268.cms। আহৰণ কৰা হৈছে: 10 May 2020. 
  41. (en ভাষাত) Wondering Man, Money & Go(l)d. Wondering Man. পৃষ্ঠা. 24. ISBN 978-1-84693-016-4. https://books.google.com/books?id=W1dZC9ITxgwC. 
  42. Ruparelia, Sanjay (2005). "Managing the United Progressive Alliance: The Challenges Ahead". Economic and Political Weekly খণ্ড 40 (24): 2407–2412. ISSN 0012-9976. 
  43. "LK Advani warns of 2004 redux, showers praise on party's prime ministerial candidate Narendra Modi". The Economic Times. 20 January 2014. https://economictimes.indiatimes.com/news/politics-and-nation/lk-advani-warns-of-2004-redux-showers-praise-on-partys-prime-ministerial-candidate-narendra-modi/articleshow/29082888.cms. 
  44. "Lal Krishna Advani | Biography & Facts" (en ভাষাত). Encyclopedia Britannica. https://www.britannica.com/biography/Lal-Krishna-Advani। আহৰণ কৰা হৈছে: 10 May 2020. 
  45. Sengupta, Somini (31 December 2005). "Former Premier Vajpayee Retires From Indian Politics at 81" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2005/12/31/world/asia/former-premier-vajpayee-retires-from-indian-politics-at-81.html. 
  46. "L K Advani resigns for 3rd time in 8 years, once over row on Jinnah remarks". The Economic Times. https://economictimes.indiatimes.com/news/politics-and-nation/l-k-advani-resigns-for-3rd-time-in-8-years-once-over-row-on-jinnah-remarks/articleshow/20524464.cms. 
  47. "Atal, Advani should step aside, let young rise: RSS chief". The Indian Express. 11 April 2005. http://www.indianexpress.com/oldstory.php?storyid=68121. 
  48. "Advani resigns for 3rd time in 8 years, once over row on Jinnah remarks" (en ভাষাত). Hindustan Times. 10 June 2013. https://www.hindustantimes.com/delhi/advani-resigns-for-3rd-time-in-8-years-once-over-row-on-jinnah-remarks/story-28cfjVrLxsbMXxNYXv3QgI.html. 
  49. "I'll be candidate for PM: Advani". The Times of India. 11 December 2006. Archived from the original on 19 December 2013. https://web.archive.org/web/20131219142107/http://articles.timesofindia.indiatimes.com/2006-12-11/india/27823025_1_l-k-advani-rajnath-singh-pakistan-visit. 
  50. "Advani opens his heart, and a can of worms". The Economic Times (India). 11 December 2006. http://economictimes.indiatimes.com/articleshow/764246.cms. 
  51. Mohua Chatterjee, TNN (2 May 2007). "LK 'natural' choice for PM: Rajnath". The Times of India. Archived from the original on 19 December 2013. https://web.archive.org/web/20131219143857/http://articles.timesofindia.indiatimes.com/2007-05-02/india/27883339_1_mohan-rao-bhagwat-vajpayee-and-advani-suresh-soni. 
  52. "Finally, BJP announces Advani as PM candidate". The Economic Times. https://economictimes.indiatimes.com/the-week-that-was/finally-bjp-announces-advani-as-pm-candidate/articleshow/2625253.cms. 
  53. "New India opposition leader named". BBC News. 18 December 2009. http://news.bbc.co.uk/1/hi/world/south_asia/8421132.stm. 
  54. Vyas, Neena (18 December 2009). "Advani quits as Leader of Opposition". The Hindu. http://www.thehindu.com/news/article67005.ece. 
  55. "NDA elects Advani 'working chairman'" (en ভাষাত). Hindustan Times. 22 February 2010. https://www.hindustantimes.com/delhi/nda-elects-advani-working-chairman/story-aO8FS7uLOopcwWwOrojczL.html. 
  56. ""No Advani, Joshi, Vajpayee in BJP Parliamentary Board, party makes Marg Darshak Mandal for them"". IBN Live. 29 August 2014. Archived from the original on 29 August 2014. https://web.archive.org/web/20140829023013/http://ibnlive.in.com/news/no-advani-joshi-vajpayee-in-bjp-parliamentary-board-party-makes-marg-darshak-mandal-for-them/494440-37-64.html. 
  57. "The Eternal Charioteer". Outlook. http://www.outlookindia.com/article.aspx?278312. 
  58. "Why And How I Arrested LK Advani By Lalu Yadav". NDTV. https://www.ndtv.com/blog/lalu-yadav-on-why-and-how-he-arrested-lk-advani-on-october-23-1990-1784734. 
  59. "LK Advani – Portal – Janadesh Yatra". Lkadvani.in. 11 September 1993. Archived from the original on 27 June 2012. https://web.archive.org/web/20120627154935/http://www.lkadvani.in/eng/content/view/451/295/। আহৰণ কৰা হৈছে: 11 July 2012. 
  60. "Janadesh Yatra : Shri L K Advani". Bjp.org. 11 September 1993. http://www.bjp.org/index.php?option=com_content&view=article&id=151&Itemid=467। আহৰণ কৰা হৈছে: 11 July 2012. 
  61. "Swarna Jayanti Rath Yatra : Shri L K Advani". Bjp.org. http://www.bjp.org/index.php?option=com_content&view=article&id=152&Itemid=468। আহৰণ কৰা হৈছে: 11 July 2012. 
  62. Press Trust India (10 March 2004). "Advani kickstarts Bharat Uday Yatra". Express India. Archived from the original on 21 January 2012. https://web.archive.org/web/20120121102741/http://www.expressindia.com/news/fullstory.php?newsid=29187। আহৰণ কৰা হৈছে: 11 July 2012. 
  63. "Advani to begin from Gujarat; Rajnath from Orissa – Rediff.com India News". Rediff.com. 17 March 2006. http://in.rediff.com/news/2006/mar/17yatra.htm. 
  64. "Bharat Suraksha Yatra : Shri L K Advani". Bjp.org. http://www.bjp.org/index.php?option=com_content&view=article&id=154&Itemid=470। আহৰণ কৰা হৈছে: 11 July 2012. 
  65. "About Jan Chetna Yatra |". Janchetnayatra.com. 20 November 2011. Archived from the original on 26 June 2012. https://web.archive.org/web/20120626120403/http://www.janchetnayatra.com/index/about-jan-chetna-yatra/। আহৰণ কৰা হৈছে: 11 July 2012. 
  66. "Advani, Bachchan, Dilip Kumar get Padma Vibhushan". The Hindu. 25 January 2015. https://www.thehindu.com/news/national/advani-bachchan-dilip-kumar-get-padma-vibhushan/article6821421.ece. 
  67. "LK Advani to receive Bharat Ratna". The Times of India. 3 February 2023. https://timesofindia.indiatimes.com/india/lk-advani-to-receive-bharat-ratna-pm-modi/articleshow/107379045.cms?from=mdr. 
  68. Advani, L. K., 1927- (2002). A prisoner's scrap-book. প্ৰকাশক New Delhi: Ocean Books. ISBN 81-88322-10-5. OCLC 51752185. https://www.worldcat.org/oclc/51752185. 
  69. Advani, L. K., 1927- (2003). New approaches to security and development. Institute of Southeast Asian Studies.. প্ৰকাশক Singapore: Institute of Southeast Asian Studies. ISBN 978-981-230-614-2. OCLC 867796807. https://www.worldcat.org/oclc/867796807. 
  70. Advani, L. K., 1927– (2008). My country my life. প্ৰকাশক New Delhi: Rupa & Co. ISBN 978-81-291-1363-4. OCLC 221287960. https://www.worldcat.org/oclc/221287960. 
  71. "As I See it: LK Advani's Blog Posts". ISBN 978-81-291-1876-9. 
  72. Āḍavāṇī, Lālakrishńa. (2002). Nazarbaṇda lokataṇtra. প্ৰকাশক Dill ̄: Prabht̄a Prakāśana. ISBN 81-7315-399-X. OCLC 50640962. https://www.worldcat.org/oclc/50640962. 
  73. Advani, L. K., 1927- (2012). Dr̥shṭikoṇa : blôga para bāteṃ (Saṃskaraṇa prathama সম্পাদনা). প্ৰকাশক Dillī. ISBN 978-93-5048-142-4. OCLC 823027286. https://www.worldcat.org/oclc/823027286. 
  74. Advani, L. K., 1927- (January 2014). Rāshṭra sarvopari (Saṃskaraṇa prathama সম্পাদনা). প্ৰকাশক Dillī. ISBN 978-93-5048-549-1. OCLC 904246754. https://www.worldcat.org/oclc/904246754. 

লগতে পঢ়ক

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক