১৪ জুলাই
তাৰিখ
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
২০২৫ |
১৪ জুলাই (ইংৰাজী: 14 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯৫তম (অধিবৰ্ষত ১৯৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭০টা দিন বাকী থাকে।
উল্লেখযোগ্য ঘটনাৱলী
সম্পাদনা কৰক- ১৬৩৬ - ঔৰংজেৱক পিতৃ শ্বাহজাহানে দক্ষিণ ভাৰতৰ শাসনকৰ্তা হিচাপে নিযুক্তি দিয়ে।
- ১৭৮৯ - ফৰাচী বিপ্লৱৰ বাষ্টিল কাৰাগাৰৰ ধুমুহা (ইংঃ Storming of the Bastille) সূচনা হৈছিল।
- ১৮৬৭ - আলফ্ৰেড নোবেলৰ (যাৰ নামত নোবেল বঁটা প্ৰচলিত) দ্বাৰা ডিনামাইটৰ বিস্ফোৰণ শক্তি প্ৰদৰ্শিত হৈছিল।
- ১৯৪২ - মহাত্মা গান্ধীৰ ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱটি কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে গ্ৰহণ কৰে।
- ১৯৯৪ - চক্ৰশিলা সংৰক্ষিত বনাঞ্চলক অসম চৰকাৰৰ দ্বাৰা অভয়াৰণ্যৰ মৰ্যাদা দিয়া হয়।
- ২০০৮ - মিছ ভেনিজুৱেলা ডায়না মেন্তোজাৰে মিছ ইউনিভাৰ্ছ খিতাপ অৰ্জন কৰে।
- ২০১৯ - চেক গণৰাজ্যত অনুষ্ঠিত ক্লডনু এথলেটিক মিটত ২০০ মিটাৰৰ ইভেন্টত সীমা দাসে স্বৰ্ণ জয় কৰিছিল।
- ২০২৩ - চন্দ্ৰযান-৩ৰ উৎক্ষেপণ। এই তৃতীয় চন্দ্ৰ অন্বেষণ অভিযান চন্দ্ৰযান-৩ৰ উৎক্ষেপণ ইছৰোৱে ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা দুপৰীয়া ২:৩৫ বজাত কৰে।[1][2]
জন্ম
সম্পাদনা কৰক- ১৮৭৪ - আন্দ্ৰে লুই দেবিয়েৰ্ন, ফৰাচী ৰসায়ন বিজ্ঞানী, এক্টিনিয়াম (ইংঃ actinium) মৌলৰ আৱিষ্কাৰক। (মৃঃ ১৯৪৯)
- ১৯১৩ - জেৰাল্ড ফ'ৰ্ড, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৩৮তম ৰাষ্ট্ৰপতি। (মৃঃ ২০০৬)
- ১৯১৮ - ইংমাৰ বাৰ্গমেন, ছুইডেনৰ চলচ্চিত্ৰ পৰিচালক, লেখক তথা চলচ্চিত্ৰ প্ৰযোজক। (মৃঃ ২০০৭)
- ১৯২১ - জে. উইলকিনছ, ৰসায়ন বিজ্ঞানৰ নোবেল বিজয়ী বিজ্ঞানী।
- ১৯৪৭ - নবীন ৰামগোলাম, মৰিছাছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
- ১৯৭১ - মধু চাপৰে, ১৯৯২ চনৰ মিছ ইণ্ডিয়া।
মৃত্যু
সম্পাদনা কৰক- ১৮১৬ - ফ্ৰান্সিস্কো দি মিৰাণ্ডা, ভেনিজুৱেলাৰ বিপ্লৱী। (জঃ ১৭৫০)
- ১৯৮৮ - পূৰ্ণানন্দ দত্ত, ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ এগৰাকী মুক্তি যুঁজাৰু, সমাজ সেৱক, শিক্ষা সংগঠক আৰু গান্ধীবাদী কৰ্মী।
- ১৯৯৮ - ৰিচাৰ্ড মেক ড'নাল্ড, মেক ড'নাল্ড ৰেষ্টুৰেণ্টৰ প্ৰতিষ্ঠাতা, প্ৰখ্যাত ব্যৱসায়ী।
- ২০০২ - নৱকান্ত বৰুৱা, প্ৰসিদ্ধ অসমীয়া সাহিত্যক।
- ২০১৪ - মীনা আগৰৱালা, এগৰাকী অসমীয়া সমাজকৰ্মী আৰু নাৰী সবলীকৰণ আন্দোলনৰ উল্লেখযোগ্য মুখপাত্ৰ আছিল।
- ২০১৭ - মাৰিয়াম মিৰ্জাখানী, ইৰাণী গণিতজ্ঞ আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক।
দিৱস
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ১৪ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনত Archived 2006-08-22 at the Wayback Machine
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Chandrayaan 3 Launch LIVE Updates: Moon landing expected on August 23rd at around 5.47pm, says ISRO chief S Somanath" (ইংৰাজী ভাষাত). দি ইক'ন'মিক টাইম. ১৪ জুলাই ২০২৩. https://economictimes.indiatimes.com/news/newsblogs/chandrayaan-3-launch-live-updates-isro-moon-mission-launch-time-sriharikota-news-how-to-watch-india-moon-mission/liveblog/101745144.cms। আহৰণ কৰা হৈছে: ১৪ জুলাই ২০২৩.
- ↑ "Chandrayaan-3, Isro's third lunar mission, successfully launched into orbit" (ইংৰাজী ভাষাত). দি টাইমছ্ অৱ ইণ্ডিয়া. ১৪ জুলাই ২০২৩. https://timesofindia.indiatimes.com/india/chandrayaan-3-isros-third-lunar-mission-successfully-launched-into-orbit/articleshow/101754594.cms। আহৰণ কৰা হৈছে: ১৪ জুলাই ২০২৩.