১০ জুলাই
তাৰিখ
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৪ |
১০ জুলাই (ইংৰাজী: 10 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯১তম (অধিবৰ্ষত ১৯২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭৪টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰক- ১৯৬০ - ভাৰত-কানাডাৰ যৌথ নিউক্লিয় ৰিয়েক্টৰ ‘ছাইৰাছ’ কাৰ্যক্ষম কৰা হয়।
- ১৯৬২ - আমেৰিকাৰ দ্বাৰা মহাকাশলৈ পৃথিৱীৰ প্ৰথম দূৰসংযোগী বাণিজ্যিক কৃত্ৰিম উপগ্ৰহ ‘টেলিষ্টাৰ—১’ উৎক্ষেপণ কৰা হয়।
- ১৯৬৫ - গোৱালিয়ৰত ভাৰতৰ প্ৰথমখন মহিলা এন চি চি কলেজ মুকলি কৰা হয়।
- ১৯৭৩ - কেৰিবিয়ান সাগৰৰ দ্বীপৰাষ্ট্ৰ বাহামে স্বাধীনতা লাভ কৰে॥
- ১৯৯২ - প্ৰথম ভাৰতত নিৰ্মিত (প্ৰথম) দ্বিতীয় প্ৰজন্মৰ উপগ্ৰহ INSAT-2A আমেৰিকাৰ পৰা উৎক্ষেপণ কৰা হয়।
- ২০০৭ - গুৱাহাটী উচ্চ ন্যায়ালয়ত ‘ই-কোৰ্ট’ আচনি প্ৰৱৰ্তন কৰা হয়। সম্প্ৰতি ই-কোৰ্ট আচনিখন ৰাষ্ট্ৰীয় ই-গৰ্ভনেন্স আচনিৰ অধীনত সামৰি লোৱা হৈছে।
- ২০০৮ - ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ সাহিত্যিক ছলমান ৰুশ্বদিয়ে বিশ্বৰ সন্মানীয় ‘বেষ্ট অব বুকাৰ এৱাৰ্ড’ লাভ কৰে।
- ২০১১ - ৰঙিয়াত পুৰী এক্সপ্ৰেছত ভয়াবহ বোমা বিস্ফোৰণ সংঘটিত হয়।
- ২০১২ - উত্তৰ-পূবৰ বিকাশৰ বাবে এছিয়ান ডেভলেপমেণ্ট বেংকে ২০০ নিযুত ডলাৰ ঋণ প্ৰদান কৰে।
জন্ম
সম্পাদনা কৰক- ১৮৫৬ - নিক'লা টেছলা, আমেৰিকান উদ্ভাৱক, বৈদ্যুতিক অভিযন্তা।
- ১৮৭১ - মাৰ্চেল প্ৰুষ্ট, ফৰাচী ঔপন্যাসিক, সমালোচক আৰু ৰচনাবিদ।
- ১৯৩৭ - ৰামশৰণ দৰ্নাল, নেপালী নৃতাত্তিক সংগীতবিজ্ঞানী
- ১৯৩৮ - জয়ন্ত বিষ্ণু নাৰ্লিকাৰ, পদাৰ্থ বিজ্ঞানী।
- ১৯৪০ - মেঘনাদ দেশাই, ভাৰতীয় অৰ্থনীতিবিদ আৰু ৰাজনীতিবিদ।
- ১৯৪৯ - সুনীল গাভাস্কাৰ (সুনীল মনোহৰ গাভাস্কাৰ), ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ।
- ১৯৫০ - পাৰবীন চুলতানা, ভাৰতবৰ্ষৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতশিল্পী, ‘সংগীত সম্ৰাজ্ঞী’।
- ১৯৫১ - ৰাজনাথ সিং, নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী, ৰাজনেতা, ভাৰতীয় জনতা পাৰ্টি।
- ১৯৫৬ - আলোকনাথ, বলিউডৰ অভিনেতা।
মৃত্যু
সম্পাদনা কৰক- ১৩৮ - হেইড্ৰিয়ান, ৰোমান সাম্ৰাট।
- ১০৯৯ - ইল চিড, স্পেইনৰ ৰাষ্ট্ৰীয় বীৰ।
- ১৫৫৯ - হেনৰী দ্বিতীয়, ফ্ৰান্সৰ ৰজা।
- ১৮৫১ - লুই জেকচ্ মণ্ডে ডেগুয়াৰ, ফ্ৰান্সৰ উদ্ভাৱক আৰু আলোকচিত্ৰ শিল্পী।
- ১৯৮৪ - প'ল মৰ্ফি, আমেৰিকাৰ দবা খেলুৱৈ।
- ২০১৪ - জোহৰা ছেহগল, ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু নৃত্য পৰিচালক।
দিৱস
সম্পাদনা কৰক- ৰাষ্ট্ৰীয় মৎস্য কৃষক দিৱস (ভাৰত)।
- স্বাধীনতা দিৱস (বাহামা)।
- নিক'লা টেছলা দিৱস।