অসমীয়া লোক-সংস্কৃতি

অসমৰ সংস্কৃতিৰ এক আভাস
(অসমৰ লোক-সংস্কৃতিত: ধানৰ পৰা পুনঃনিৰ্দেশিত)

কোনো এটা জাতিৰ বৈশিষ্ট্যসূচক শিল্প-সাহিত্য, বিশ্বাস, সমাজনীতি, ধৰ্মীয় ৰীতি-নীতি, কৃষি, কৰ্ম, শিক্ষা, চৰ্চা, কলা, ৰুচি আদিৰ সমাৱেশক একেলগে সংস্কৃতি বা কৃষ্টি বুলিব পাৰি। বিভিন্ন ভাষা-ভাষী, জাতি-জনজাতিৰে গঠিত অসমীয়া সংস্কৃতিৰ পৰিসৰ অতি বিশাল।

অসমীয়া সংস্কৃতিৰ বিভিন্ন প্ৰতীক

সম্পাদনা কৰক

বিভিন্ন প্ৰতীক আৰু বস্তুৱে সংস্কৃতি এটাৰ পৰিচয় বহন কৰে। অসমীয়া সংস্কৃতিৰ মাজত দেখা এনে কিছুমান সম্পদ হ'ল-

তামোল-পাণ

সম্পাদনা কৰক
 
 
বঁটাত যতনাই দিয়া তামোল-পাণৰ সৈতে চূন চাধা

তামোল-পাণৰ ব্যৱহাৰ অসমীয়া সংস্কৃতিৰ এটা প্ৰধান অংগ[1]। ইয়াৰ ব্যৱহাৰ অসমৰ ঘাইকৈ গাঁৱৰ বাসিন্দাসকলৰ বাবে এক অপৰিহাৰ্য আৰু এক সন্মানীয় বস্তু। তেওঁলোকে সাধাৰণতে ভোজনৰ পিছত তামোল-পাণ খাই মুখ শুদ্ধি কৰে। গুৰু-গোঁসাই, ভকত বৈষ্ণৱ, সন্মানীয় সকলক, বন্ধু-বান্ধৱ, মিতিৰ-কুটুমক প্ৰথমেই তামোল-পাণ আগবঢ়াই সন্মান কৰে। সকাম আদিতো তামোল-পাণ দি ঈশ্বৰক প্ৰাৰ্থনা জনায়। দোষী জনেও তামোল-পাণ আগবঢ়ায় ক্ষমা-ভিক্ষা মাগে। অসমৰ ঠাই বিশেষে ইয়াক গুৱা-পাণ বুলিও কোৱা হয়।

 

শৰাই (ইংৰাজী: Xorai) অসমীয়া লোক সংস্কৃতিৰ এক অনবদ্য সম্পদ[1]। ই একাধাৰে সন্মানৰ প্ৰতীক, থাপনাৰ আসন, নৈৱেদ্য-পাত্ৰ আৰু উপহাৰ তথা গৃহ-সজ্জাৰ কলাত্মক সামগ্ৰী। পিতল আৰু কাঁহ উভয়েৰে শৰাই নিৰ্মাণ কৰিলেও পিতলৰ শৰাইৰ প্ৰচলন অধিক। ৰূপ নতুবা তামেৰে সজা শৰাইৰো প্ৰচলন দেখা যায়। ঢাকনি থকা আৰু নথকা দুই ধৰণৰ শৰাই পোৱা যায়। অসমত শৰাইৰ প্ৰচলন কেতিয়াৰ পৰা হ'ল, সেই সম্পৰ্কে তথ্যৰ অভাৱ। বুৰঞ্জী সমূহত শৰাইৰ প্ৰথম উল্লেখ চুতীয়া ৰজাৰ ক্ষেত্ৰত পোৱা যায়। ১৫২৩ চনৰ চুতীয়া ৰজা নীতিপালে আহোম ৰজা চুহুংমুঙৰ লগত সন্ধি কৰিবলৈ শৰাই(টাই‌ ভাষাত "ফুন" কোৱা‌ হয়) শৰাই উপহাৰ দিছিল। চুহুংমুঙ ৰজাই চুতীয়া ৰাজধানী শদিয়া দখল‌ কৰিও আন সামগ্ৰীৰ লগতে শৰাই লাভ কৰিছিল। ইয়াৰ উপৰিও ১৫২৪ত চুতীয়া ৰাজধানী শদিয়া দখল কৰি চুহুংমুঙে "মাইহাং" শৰাই পোৱা উল্লেখ আছে। মধ্যযুগত সিংহাসনৰ সন্মুখত নৈৱেদ্য দিবলৈ আৰু সত্ৰাধিকাৰ সকলক সেই বিষ্ণু নৈৱেদ্য আগবঢ়াই দিবলৈ সন্মানাৰ্থে শৰাইৰ ব্যৱহাৰ কৰা হৈছিল। অসমীয়া সমাজত বৰ্ত্তমান সময়ত সামাজিক কৰ্মাদি যেনে পূজা-পাৰ্ৱন, সকাম, উৎসৱ আদিত নৈৱেদ্য বা প্ৰসাদ আদি সজাবৰ বাবে শৰাইৰ ব্যৱহাৰ বহুলভাৱে কৰা হয়। বাঁহ, বেত তথা কাঠেৰে সজা শৰাই উপহাৰ তথা গৃহ সজ্জাৰ বাবে ব্যৱহাৰ কৰা দেখা যায়। আহোম ৰাজত্ব কালত ৰজা, ডা-ডাঙৰীয়া আৰু গুৰুজনাক অসমীয়া লোকে শৰাই আগবঢ়াই সন্মান যাচিছিল। ব’হাগ বিহুৰ সময়ত হুঁচৰি গাবলৈ অহা ৰাইজক ফুলাম গামোচা এখনেৰে তামোল-পান সহ টকা এটি শৰাইত আগবঢ়োৱাটো পুণ্যৰ কাম হিচাপে গণ্য কৰা হয়।

 
এখন পূৰ্ণাংগ ৰূপত গামোচা

গামোচা অসমীয়াৰ সমাজ জীৱনৰ অতি আদৰৰ বস্ত্ৰ[1]। সাধাৰণতে গামোচা চাৰিওফালে ৰঙা সূতাৰে (সেউজীয়া ৰঙো থাকে) পাৰি দি বোৱা এখন বগা দীঘলীয়া কাপোৰ। কপাহী সূঁতাৰে বিশেষভাৱে গামোচা তৈয়াৰ কৰা হয় যদিও পাট আদি সূঁতাৰেও ইয়াক তৈয়াৰ কৰা হয়।

অসমীয়া গামোচাখন শদিয়া অঞ্চলত সৃষ্টি হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন] সেইবাবে দেউৰী সকলে আজিও সেই পুৰণি ৰূপতে গামোচাখন ব্যৱহাৰ কৰি আহিছে। শদিয়াৰ গামোচাৰ বিশয়ে বিহু নামত এনেদৰে উল্লেখ পোৱা‌ যায়।

"গাত লৈ ফুৰালে বতাহে ফালিব।
মুঠিত লৈ ফুৰাহে ভাল।
এআগে বাছিলো সেউটি মালতী
এআগে বাছিলো ফুল।
এআগে বাছিলোঁ বাঘে ভালোকে।
বাটে মানুহ ধৰি খাই।
এআগে বাছিলোঁ চৰাই হালধীয়া
উৰি শদিয়ালৈ যায়। "

গামোচা অসমীয়াৰ বাহিৰেও বঙালী, বিহাৰী আৰু ওড়িয়া মানুহেও ব্যৱহাৰ কৰে, অৱশ্যে অসমীয়া গামোচাৰ লগত তেওঁলোকৰ গামোচাৰ বহুখিনি পাৰ্থক্য আছে আনহাতে অসমীয়া মানুহে গামোচাখনক এক সাংস্কৃতিক তথা সন্মানৰ প্ৰতীক হিছাপে ব্যৱহাৰ কৰে কিন্তু আন ঠাইত ইয়াক অকল নিত্য ব্যৱহাৰ্য্য সামগ্ৰী হিচাপেই ব্যৱহাৰ হোৱা দেখা যায়। নামনি অসমত গামোচাক "গাম্‍চা", "মুক্‍চা" বা "দুহেইটা" আদি নামেৰে জনা যায়। কে। কপাহী, পাট আদি সূঁতাৰে ইয়াক তৈয়াৰ কৰা হয়।

 

জাপি, অসমীয়া সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ। ই অসমৰ লোককলাৰ এক নিদৰ্শন। বিহু উৎসৱৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্য্যসূচীত জাপিৰ ব্যৱহাৰ আজিও প্ৰচলিত। বহু পুৰণি কালৰে পৰা অসমত জাপি ব্যৱহৃত হৈ আহিছে। মূলতঃ আগৰ দিনত ৰ'দ বৰষুণ আদিৰ পৰা ৰক্ষা পৰিবলৈকে জাপি ব্যৱহৃত হৈছিল। জাপি কেইবাপ্ৰকাৰৰো আছে, তাৰে ভিতৰত কিছুমান হ'ল বৰ জাপি, গৰখীয়া জাপি, পানী জাপি, বনুৱা জাপি, হালোৱা জাপি, সৰুদৈয়া জাপি ইত্যাদি। ইয়াৰে কিছুমান উকা আৰু কিছুমান ফুলাম। উকা বৰজাপিবোৰ সাধাৰণতে ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ কৃষক বনুৱা সকলে ব্যৱহাৰ কৰিছিল। আনহাতে ফুলাম জাপিবোৰ ব্যৱহাৰ কৰিছিল সম্ভ্ৰান্ত ঘৰৰ মানুহে। পুৰণি বিহু গীতত জাপি শব্দটোৰ প্ৰয়োগ ঘটিছিল বহুলভাৱে। আগৰ দিনত বিভিন্ন উৎসৱ পাৰ্বনতো সম্ভ্ৰান্ত ঘৰৰ মানুহে আৰু সত্ৰাধিকাৰ সকলে বৰজাপি ব্যৱহাৰ কৰিছিল। নাম প্ৰসংগ আদিত খুটা এটা পুতি তাত ফুলাম বৰজাপি এটা থৈ তাৰ তলত মাহ প্ৰসাদ এক নিয়ম আছিল। জাপি অসমত কামৰূপ ৰাজ্যৰ দিনৰ পৰা সন্মানীয় সম্পদ হিচাপে ব্যৱহাৰ হৈ আহিছে। হিউৱেন চাঙক ৰজা ভাস্কৰ বৰ্মনে হালিলি নামৰ জাপি এটা উপহাৰ দিছিল। ইয়াৰ পাছত জাপিৰ উল্লেখ চুতীয়া ৰজাৰ ক্ষেত্ৰত পোৱা যায়। ১৫২৩ চনৰ চুতীয়া ৰজা নীতিপালে আহোম ৰজা চুহুংমুঙৰ লগত সন্ধি কৰিবলৈ ৰূপৰ জাপি উপহাৰ দিছিল। ইয়াৰ পাছত চুহুংমুঙ ৰজাই চুতীয়া ৰাজধানী শদিয়া দখল‌ কৰি বহুতো জাপি লাভ কৰিছিল। আহোম ৰাজত্ব কালতো জাপিৰ ব্যাপক প্ৰচলন আছিল। চুতীয়া ৰজাৰ দিনত জাপি নিৰ্মাণ কৰিবলৈ জাপিসজিয়া বুলি এটা খেল ৰাখিছিল যিটো খেলৰ লোকে পাছলৈ আহোম ৰজা সকলৰ কাৰণেও জাপি নিৰ্মাণ কৰিছিল।[2] বিষয়ববীয়াৰ পদৰ ওপৰত ভিত্তি কৰি জাপিৰ প্ৰচলন আছিল। উদাহৰণস্বৰূপে, বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰগোহাঁই আদি বিষয়াসকলে সোণৰ চুলাৰে নিৰ্মিত পানী জাপি আৰু টুপী জাপি ব্যৱহাৰ কৰিছিল। বৰফুকন সকলে পিন্ধিব পাৰিছিল ৰূপৰ চোলাৰে নিৰ্মিত পানী আৰু টুপি জাপি। পাছলৈ অসমীয়া সমাজত ছাতিৰ প্ৰচলন ঘটাত জাপিৰ ব্যৱহাৰ কমি গ'ল। অৱশ্যে এতিয়াও গাওঁ অঞ্চলত কৃষক সকলৰ মাজত বৰজাপিৰ প্ৰচলন দেখা যায়। পুৰণি কালত বিহু নৃত্যত জাপিৰ প্ৰচলন নাছিল, ই আছিল মাত্ৰ ৰ'দ বৰষুণৰ পৰা আত্মৰক্ষাৰ এক উপায়। আজিকালি প্ৰায়ে বিহুত সৰু সৰু জাপি লৈ নাচনীয়ে বিহু নৃত্য কৰা দেখা যায়। এইবিধেই হ'ল সৰুদৈয়া জাপি। বিহুত জাপিৰ প্ৰচলন নতুন। আধুনিক কালত কৰ্মক্ষেত্ৰত জাপিৰ প্ৰচলন প্ৰায়েই নাই। কিন্তু ইয়াক গৃহসজ্জাৰ বাবে ব্যৱহাৰ কৰা হয়। নামনি অসমত জাপিক 'ঝাপি' বুলিও কোৱা হয়।

অসমীয়া সংস্কৃতিৰ উৎসৱ-অনুষ্ঠান

সম্পাদনা কৰক
 
বিহু নাচ

বিহু অসমৰ জাতীয় উৎসৱ, অসমীয়া লোকসকলে পালন কৰা তিনিটা লোক উৎসৱৰ সমষ্টি। অসমৰ লগতে অসমৰ কোনো কোনো দাঁতি-কাষৰীয়া ৰাজ্যতো কোনো জাতি জনজাতিৰ লোকে বিহু বা ইয়াৰ সমাৰ্থক উৎসৱ পালন কৰা দেখা যায়। বিহুৰ এক বিশেষ বৈশিষ্ট্য হ'ল ই জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ। বিহু মূলতঃ এক কৃষি ভিত্তিক উৎসৱ। "কৃষি উৎসৱ ঘাইকৈ তিনিটা- খেতিৰ আৰম্ভণিৰ বেলিকা, খেতিৰ বাঢ়নী বতৰত আৰু খেতি চপোৱাৰ ‍শেষত"[3]

  1. ব’হাগ বিহু বা ৰঙালী বিহু : ব’হাগ বিহু বা ৰঙালী বিহু বসন্তৰ আগমণত উদযাপন কৰা অসমৰ মূল বিহু উৎসৱ। বসন্তৰ আগমনীত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, তেতিয়া চহা ৰাইজ জীৱন উপভোগ কৰিবলে আগবাঢ়ি আহে। ৰঙালী বিহু যৌৱনৰ উৎসৱ। ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিছাৰি উলিয়ায়। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। সেয়ে খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতপ্ৰোত সম্বন্ধ আছে।[4]
  2. কাতি বিহু বা কঙালী বিহু : আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু। এইসময়ত মানুহৰ আহু ধান শেষ হয়, শালি ধানো চপাবৰ নহয়। সেইবাবে তেতিয়া মানুহৰ খোৱাত টান পৰে। গতিকে এই বিহুক কঙালী বিহু বোলে। এই বিহুক ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়, ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত চাকি জ্বলায়।
  3. মাঘ বিহু বা ভোগালী বিহু : পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু হয়। এই বিহু তিনিদিন পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি শষ্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা তৰহৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি পোৰা।

গাঁৱৰ ডেকা সকলে নৰা-কাটি পুহতে মেজি প্ৰস্তুত কৰে। উৰুকাৰ দিনা তেওঁলোকে লগ লাগি ভোজ ভাত খাই গীত গাই উজাগৰে থাকে। ৰাতি পুওৱাৰ লগে লগে গা-পা ধুই মেজিত জুই লগাই দিয়ে। জুই জ্বলি উঠিলে মন্ত্ৰ মাতি মাহ, মগু, পিঠা, চাউল, ঘিঁউ আদি দি অগ্নিক সেৱা কৰে। মেজি পোৰাৰ শেষত তাৰ ছাঁইৰে সকলোৱে ফোঁট লয়। অৱশ্যে নৰাৰ সুবিধা নথকা ঠাইত কাঠ-বাঁহ আদিৰেই মেজি বনায়। এই বিহুৰ মেজি পোৰা অগ্নি পূজাৰেই নামান্তৰ বুলিব পাৰি।

মে-ডাম-মে-ফী

সম্পাদনা কৰক

মে-ডাম-মে-ফী (ইংৰাজী: Me-Dam-Me-Phi) হ'ল টাই-আহোমসকলৰ এক ধৰ্মীয় সামাজিক উৎসৱ। এই উৎসৱ আহোমসকলে উদযাপন কৰা পিতৃ পুৰুষৰ পূজা। এই পূজাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে প’মিং বা আশীৰ্বাদ বিচৰা হয়। মে-ডাম-মে-ফিৰ অৰ্থ হ'ল মে মানে প্ৰাৰ্থনা, উপাসনা বা পূজা কৰা, ডাম মানে পূৰ্বপুৰুষ বা মৃতক আৰু ফী মানে হ'ল দেও বা দেৱতা। অন্যান্য পূজাৰ দৰে মে-ডাম-মে-ফী পালনৰ বাবেও এখন পূজাবিধি আছে যাক আহোম ভাষা বা টাই ভাষাত খেক্-লাই বুলি জনা যায়।

প্ৰচলিত বিশ্বাস অনুসৰি এই পূজাবিধিখন অসমলৈ আনিছিল চাওলুং চ্যুকাফাৰ লগত অহা বুৰঞ্জী লিখক ম-মুন্-ম-মাই দেওধায়ে। বৰ্তমান সময়ত প্ৰতিবছৰে জানুৱাৰী মাহৰ ৩১ তাৰিখে পালন কৰা এই পূজাৰ বাবে সমূহীয়াকৈ ৰাইজ গোট খাই এখন আঠচুকীয়া অস্থায়ী হ-ফী (মন্দিৰ) সাজে আৰু ইয়াত আঠখন মেহেঙা (শৰাই) পাতি তেওঁলোকৰ আদি পিতা লেংডন দেৱতা প্ৰমুখ্যে আঠজন ‘ফী’ক উপাসনা কৰে। এই পূজাত ফু-ৰা-তা-ৰা-আ-নং অথবা নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও ঙি ডাম খাম্ অংকিত পতাকা উত্তোলন কৰি সমূহীয়াভাৱে ভোজ দিয়া হয়। এই পূজা অসমত পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰা হৈছিল তিপামবুঢ়াডাঙৰীয়াৰ থানত। ৰাজহুৱাভাৱে আয়োজিত এই মে-ডাম-মে-ফিৰ উপৰিও আহোমসকলে ঘৰুৱাভাৱে এই পূজা আয়োজন কৰে। ঘৰুৱাভাৱে আয়োজিত এই পূজাৰ স্থান ৰান্ধনিঘৰৰ দাম খুটাৰ কাষত বাছনি কৰা হয় আৰু পাঁচখন মাইহাং আগবঢ়াই পূৰ্বপুৰুষক উপাসনা কৰা হয়।[5]

আলি আঃয়ে লৃগাং

সম্পাদনা কৰক
 
আলি আঃয়ে লৃগাং উপলক্ষে কৰা পূজাৰ দৃশ্য

অসমমিচিং জনজাতিসকলৰ উৎসৱ আলি-আই-লৃগাং[6] এটা কৃষি বিষয়ক উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। প্ৰথম অৱস্থাত ফাগুন, চ'ত বা ব'হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৫ চনৰ পৰা ফাগুন মাহৰ প্ৰথম বুধবাৰত ইয়াক পালন কৰি আহিছে।[7] মিচিং ভাষাত "আলি" মানে শস্যৰ বীজ, "আঃয়ে" মানে ফল আৰু "লৃগাং" মানে সিঁচা বুজায়। সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজভাত খাই নানান নৃত্য-গীত কৰে।

অসমৰ কাৰবি আংলং, ডিমা হাছাও, উত্তৰ-কাছাৰ, নগাওঁ, শিৱসাগৰ, কামৰূপ আৰু শোণিতপুৰ জিলাত বসবাস কৰা কাৰবি জনগোষ্ঠীৰ মৃতকৰ সৎকাৰৰ লগত সম্পৰ্কিত অনুষ্ঠানটোৱেই হল চমাংকান। কাৰবিসকলৰ বাদে অসম তথা ভাৰতবৰ্ষৰ আন কেনো জনগোষ্ঠীৰ মাজত মৃতকৰ সৎকাৰ অনুষ্ঠানটো ইমান বেছি বহল আৰু আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা দেখা নাযায়। চমাংকান শব্দটোৰ আক্ষৰিক অৰ্থ হল খাচী নৃত্য। কাৰবি ভাষাত চমাংৰ অৰ্থ খাচী আৰু কান মানে নৃত্য। কিন্তু উল্লেখযোগ্য কথা হল চমাংকান নামৰ কোনো নৃত্যৰ প্ৰচলন খাচীসকলৰ মাজত দেখা পোৱা নাযায়া। চমাংকান শব্দটোৰ বুৎপত্তি বিষয়ক বিভিন্ন ব্যাখ্যা কাৰবিসকলৰ মাজত পোৱা যায়। এটা ব্যাখ্যা অনুযায়ী কাৰবি ভাষাত চমাং মানে যম বা খাছি আৰু কান বা কেনান মানে উৎসৱ বা নাচ। সেই অৰ্থত যম বা মৃতলোকৰ উৎসৱ অথবা খাছীসকলৰ মাজত প্ৰচলিত নৃত্য-গীত এই অৰ্থহে চমাংকানৰ সৈতে খাপ খায়। কাৰিবসকলৰ চমাংকান উৎসৱত ডেকা-গাভৰুৱে নচা নিমছ’কেৰুং নাচৰ সৈতে খাছীসকলৰ নংক্ৰেম নাচ আৰু এই চমাংকান উৎসৱতে ঢাল-তৰোৱাল লৈ নচা চমছিনাং ৰণ নৃত্যৰ সৈতে খাছীসকলৰ আন এটা ৰণনৃত্য পাছতিয়েচ বা মাছতিয়েচৰ বিশেষ মিল আছে (B.N. Bordoloi: Chamangkan, the death ceremony performed by the Karbis. 1982 & Hamlet Bareh: The History and Culture of the Khasi People, 1967)।

কাৰবিসকলৰ মাজত প্ৰচলিত এক কিংবদন্তি মতে কাৰবি প্ৰখ্যাত যোদ্ধা আৰু সমাজ সংস্কাৰক থিৰেংৱাংৰেঙৰ লগত থকা যমৰাজৰ মিতিৰ সম্পৰ্কৰ (তেওঁলোকৰ বিশ্বাস মতে থিৰেংৱাংৰেঙে যমৰজাৰ জীয়েকক বিয়া কৰাইছিল) সুবাদতে তেওঁ যমৰজাই পালন কৰা নৃত্য উপভোগ কৰাৰ সুবিধা পাইছিল। আৰু তাৰ পৰাই চমাংকান শব্দটোৰ অৰ্থ বিশ্লেষণত চম শব্দৰ অৰ্থ যম আৰু কানৰ অৰ্থ নৃত্য-গীত বুলি কব খোজে বিভিন্নজনে। থিৰেংৱাৰেঙৰ প্ৰচলিত কিংবদন্তিটো আকৌ আন এচামৰ মতে অন্য ধৰণৰ। তেওঁলোকৰ মতে এই থিৰেংৱাৰেঙে মানুহৰ আত্মাই যমপুৰীত ভোগা দুৰ্ভোগ দেখি ইয়াক লাঘৱ কৰাৰ উদ্দেশ্যে মৃত্যুৰ অধিপতিগৰাকীক সন্তুষ্ট কৰাৰ বাবে উৎসৱৰ প্ৰৱৰ্তন কৰিছিল। আৰু এই চম-আৰং-আকান অৰ্থাৎ যমপুৰীৰ উৎসৱৰ পৰাই সময়ত চমাংকান হিচাপে ই পৰিচিতি লাভ কৰিছিল।

কাৰবিসকলৰ মাজত প্ৰচলিত অন্য এটা জনশ্ৰুতি মতে চুমুং চামাৰ ফৈদৰ কাৰ্বি চিকাৰী এজনে কুকুৰ মেলি দি চিকাৰত এদিনাখন গুঁই এটা পালে আৰু তাক মাৰিব খোজোঁতে সি মৃতলোকৰ পৰা অহা কথাটো জনাই প্ৰাণ ৰক্ষাৰ বাবে কাকূতি-মিনতি কৰিলে। তাৰ বিনিময়ত সি চিকাৰীজনক যমৰাজ্য দেখুৱাৰ দায়িত্ব ললে। সেই মতে চিকাৰীজনে যমৰাজ্যলৈ গৈ উভতি আহি মৃতকৰ উদ্ধাৰৰ বাবে চমাংকান শ্ৰাদ্ধ-বিধিৰ প্ৰচলন কৰিলে। অন্য এক বিশ্বাস মতে – কাৰিবসকলৰ মৃতকৰ উৎসৱলৈ ওচৰৰ কাৰবি গাঁৱৰ লোকক নিমন্ত্ৰণ কৰাৰ পৰাও চমাংকান নামটোৰ উৎপত্তি সম্পৰ্কিত। ওচৰৰ গাঁৱৰ পৰা অহা নিমন্ত্ৰিত এনে দলক কাৰবি ভাষাত চমফাং বোলে। এই বেলেগ বেলেগ দলৰ সমূহীয়া নৃত্য-অনুষ্ঠানক আকৌ চমফাংকান বোলে। কালক্ৰমত এই চমফাংকানৰ ফ লোপ পাই চমাংকান হল বুলি বহুতে ধাৰণা কৰে।

কাৰবিসকৰ মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠান চমাংকান মূলতঃ ব্যক্তিকেন্দ্ৰিক অনুষ্ঠান হলেও বৰ্তমান ই উৎসৱৰ ৰূপ পৰিগ্ৰহ কৰিছে। কাৰবি জনজীৱনক প্ৰতিফলিত কৰা এক বহুৰঙী সাংস্কৃতিক অনুষ্ঠান হৈ পৰিছে। চমাংকানৰ পটভূমিতে কাৰবি কলা-সংস্কৃতিৰ আটাইবোৰ উপাদানৰ সমন্বয় ঘটি উৎসৱৰ মৰ্যাদা প্ৰাপ্ত হৈ উঠিছে। কাৰবি সংস্কৃতিৰ উপাদানবোৰ যেন চমাংকানৰ সৈতে সংপিক্ত হৈ এক সাংস্কৃতিক সমন্বয়ৰহে সৃষ্টি সম্ভৱ হৈ উঠিছে। চমাংকানৰ মুখ্য লোক হল উচেপী আৰু দুইহুদি। উচেপীগৰাকী বৃদ্ধ বা বয়সস্থা মহিলা হয়। তেওঁৰ প্ৰধান কাম হল মৃতকৰ উদ্দেশ্যে ভাত ৰন্ধা আৰু মৃতকৰ তথা মৃতকৰ পৰিয়ালৰ গুণানুকীৰ্তন কৰি উচুপি উচুপি কন্দা। মৃতকৰ উদ্দেশ্যে ৰন্ধা ভাত তেৱেঁই উছৰ্গা কৰে। আনহাতে দুইহুদি হল ঢোলবাদক। সাধাৰণতে চমাংকানত দুজন দুইহুদি থাকে। এজন মুখ্য আৰু আনজন পালি। তেওঁলোকেও এই উৎসৱৰ আৰম্ভণিৰে পৰা শেষলৈকে বিভিন্ন কাৰ্যসূচীত খাপ খোৱাকৈ ঢোল বজায়। চমাংকান উৎসৱত মাতৃপক্ষৰ লোকসকলে প্ৰধান ভূমিকা লয়।

কাৰবি লোকবিশ্বাসত মানুহ আৰু আত্মা একে নহয়। দেহটো জুইত দহন কৰি পেলালেও আত্মাৰ দহন নহয়, আত্মা যম ৰাজ্যলৈ গুচি যায়। কিন্তু মাজবাটতে কোনো টঙিঘৰত আশ্ৰয় লয়, শেষত পৰিয়ালৰ মানুহে চমাংকান বা দহাৰ কাম সম্পন্ন কৰিলেহে আত্মা স্বৰ্গলৈ গৈ থিতাপি লয়। আৰু কিছুদিনৰ পাছত পুনৰ নিজৰ পৰিয়ালতে পুনৰ্জন্ম লয়।



অসমীয়া সংগীত

সম্পাদনা কৰক

শাস্ত্ৰীয় সংগীত বৰগীত বিহুগীত আধুনিক সংগীত

অসমীয়া সংস্কৃতিৰ পৰম্পৰাগত সাজ-পাৰ

সম্পাদনা কৰক
 

বিষয়ে

চেলেং চাদৰ মেখেলা ৰিহা

অসমীয়া সংস্কৃতিৰ পৰম্পৰাগত আ-অলংকাৰ

সম্পাদনা কৰক

দুগদুগি কেৰুমণি থুৰীয়া গাম খাৰু জোনবিৰি ঢোলবিৰি

অসমীয়া সংস্কৃতিৰ শিল্প-কলা

সম্পাদনা কৰক

অসমীয়া সংস্কৃতিৰ বোলছবি

সম্পাদনা কৰক
 
প্ৰথম অসমীয়া ছবি জয়মতী (১৯৩৫)-ৰ এটি দৃশ্য

অসমৰ চলচ্চিত্ৰই মূলতঃ অসমীয়া ভাষাত নিৰ্মিত চলচ্চিত্ৰসমূহকে বুজাই যদিও অন্য স্থানীয় ভাষা, যেনে- বড়ো, কাৰ্বি আদিত নিৰ্মিত চলচ্চিত্ৰও ইয়াৰ অন্তৰ্গত। বহল অৰ্থত অসম ৰাজ্যৰ পৰা নিৰ্মাণ কৰা সকলো চলচ্চিত্ৰকে অসমৰ চলচ্চিত্ৰ বুলিব পাৰি। ১৯৩৫ চনৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছবি জয়মতী[8]ৰ জৰিয়তেই অসমৰ চলচ্চিত্ৰৰ উদ্যোগে জন্ম লাভ কৰে। তেতিয়াৰে পৰাই বহুতো উত্থান-পতনৰ মাজেৰে ই বৰ্তমানৰ ৰূপ পাইছেহি। বাণিজ্যিকৰ লগতে কলাত্মক ধাৰাৰ ছবিও নিৰ্মাণ হৈ আহিছে। কলাত্মক ছবিৰ পৰিচালকৰ ভিতৰত o ভবেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নু বৰুৱা নাম উল্লেখযোগ্য।
যদিও এই উদ্যোগৰ ইতিহাস পুৰণি আৰু বহুসংখ্যক ছবিয়ে ৰাষ্ট্ৰীয়স্তৰত সন্মান লাভ কৰিছে, তথাপিও ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় প্ৰৰ্যায়ত ই বিশেষ চমক প্ৰদৰ্শন কৰিবলে আজিকোপতি সক্ষম হোৱা নাই। সাম্প্ৰতিক কালৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগ বহুতো সমস্যাৰে জৰ্জড়িত। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে দৰ্শক আৰু চিত্ৰগৃহৰ অভাৱ। তদুপৰি ডাঙৰ চলচ্চিত্ৰ উদ্যোগ, যেনে: বলিউডে সদায়ে এই স্থানীয় উদ্যোগটোৰ প্ৰসাৰত সমস্যাৰ সৃষ্টি কৰি আহিছে।[9]
অসমৰ চলচ্চিত্ৰ উদ্যোগতোক জলিউড[উদ্ধৃতিৰ প্ৰয়োজন] বুলিও জনা যায়।

অসমীয়া সংস্কৃতিৰ খাদ্য

সম্পাদনা কৰক

অসমৰ খাদ্য বা অসমীয়া আহাৰ, অসম প্ৰদেশৰ স্থানী বাসিন্দা সকলৰ খাদ্য প্ৰণালী। অসমীয়া আহাৰত পাহাৰীয়া শুকান বা আচাৰ কৰা খাদ্যাভ্যাসৰ লগতে সমতলৰ সতেজ উপকৰণ দুয়োটা প্ৰভাৱেই বিদ্যমান। বিভিন্ন সংস্কৃতিৰ প্ৰভাৱ পৰাৰ বাবে এই অঞ্চলতোৰ খাদ্যাভ্যাসৰ মাজতো বিভিন্নতা বিৰাজমান। অসমৰ খাদ্যৰ কেইটিমান চকুত পৰা বৈশিষ্ট্য হ'ল:-

  • অসমীয়া খাদ্যত ন্যূনতম মচলা আৰু চৰ্বীৰ (Fat) ব্যৱহাৰ
  • সুগন্ধিযুক্ত পাত-লতিকাৰ ব্যৱহাৰ
  • সেউজীয়া শাকৰ সমাহাৰ
  • টেঙা সোৱাদৰ উপকৰণৰ বহুল ব্যৱহাৰ
  • মাছৰ অধিক ব্যৱহাৰ
  • ৰেড মীট (Red meat) বা কঠিন মাংসৰ কম ব্যৱহাৰ, চৰাই জাতীয় মাংসৰ পয়োভৰ
  • ঔষধি উপকৰণৰ সুলভতা

অসমৰ মূল খাদ্য হ'ল ভাত (coocked rice), প্ৰায় সকলো খাদ্যই ভাতৰ লগত সম্পৰ্ক থকা। অসমীয়া আহাৰ সাধাৰণতে “খাৰ” বা শাকেৰে আৰম্ভ হয় আৰু ‘টেঙা’ ব্যঞ্জনেৰে সমাপ্ত হয়। খাৰ আৰু টেঙাৰ ব্যৱহাৰ অসমীয়া খাদ্য অন্যতম বৈশিষ্ট। ভাত খোৱাৰ পাছত তামোল-পাণ খাই মুখশুদ্ধি কৰাও এক প্ৰাচীন পৰম্পৰা। খাৰ অসমীয়া ব্যঞ্জনৰ এক বিখ্যাত উপকৰণ। ইয়াক অসমীয়া মানুহে আগতে নিমখৰ সলনি ব্যৱহাৰ কৰিছিল, যিহেতু সেই সময়ত অসমত নিমখ সতকাই পোৱা নগৈছিল। সেইবাবে অসমীয়াৰ মাজত "খাৰখোৱা অসমীয়া" যোজনাটো বৰ্তমানেও প্ৰচলন আছে।

ধান পৃথিৱীৰ মৌচুমী অঞ্চলৰ প্ৰধান শস্য। মানৱ সভ‍্যতাৰ দীঘলীয়া বুৰঞ্জীৰ যিদিনাই কৃষ্টিৰ কঠীয়া গজিছিল,সেইদিনাই ধানৰো কঠীয়া গজিছিল। কৃষ্টিৰ কঠীয়া গৰকি সংস্কৃতিৰ বৰঘৰলৈ আহোঁতে ধান জীৱনৰ বহুতো কথাতেই প্ৰয়োজনীয় হৈ পৰিল। ভোকৰ ভাতমুঠি ধানৰ বুকুতেই শুই থকাৰ উপৰিও অনেক মাঙ্গলিক অনুষ্ঠানত ধানৰ আৱশ‍্যকতাই গুৰুত্ব লাভ কৰিলে। ধান পৃথিৱীৰ অতি পুৰণি শস্য। উইলিয়াম ক্ৰুকে "Religion and Folklore of Northern India" পুথিত লিখিছে যে ঋকবেদত ধানৰ নামৰ উল্লেখ ক'তো নাই, কিন্তু অথৰ্ব। বেদ আৰু বৈদিক যুগৰ পৰৱৰ্তী পুথিসমূহত ধান শব্দৰ ঘনাই উল্লেখ দেখা যায়। কিন্তু বেদতকৈও পুৰণি কালৰেই পৰাই দাক্ষিণাত‍্যত ধানৰ খেতি হৈছিল। যদিও উইলিয়াম ক্ৰুকে ঋকবেদত ধানৰ উল্লেখ নাই বুলি কৈছে; আচলতে বহুবচনান্ত "ধানা:" শব্দটো ভালেমান ঠাইত উল্লেখ থকা দেখা যায়। অথৰ্ববেদত "যাস্তে নানা অনুক্ৰিৰামি তিলমিশ্ৰা:স্বধাৱতী:"বুলি উল্লেখ কৰোঁতে কেৱল ধানকহে বুজাইছে।

এচিয়াৰ মৌচুমী অঞ্চলৰ আটাইবোৰ দেশতে ধানে সাংস্কৃতিক জীৱনত ভূমিকা গ্ৰহণ কৰি আহিছে। বালীদ্বীপত ধানক মানুহৰ সমকক্ষ জীৱ হিচাপে গণিতা কৰা হয় আৰু ধানক আই,বুঢ়ী আই আদি মাতৃবাচক শব্দৰে সম্বোধন কৰা হয়। সিংহলত কঠীয়া সিঁচিবলৈ ধানক লক্ষ্ণীদেৱী ৰূপে সন্মান কৰা হয়। ওৰাং খেতিয়কে ভূঁই ৰোৱা দিনা ধানেৰে তৈয়াৰী লাওপানী ছটিয়াই পৃথিৱীক সম্বোধন কৰি কয়-"হে আই মাতৃ পৃথিৱী,এই বছৰ নিয়মিত বৰষুণ আৰু সৰহ শস্যৰ সৃষ্টি কৰিবা। তোমালৈ এয়া লাওপানী উৰ্চগা কৰিছোঁ। "কঠীয়া সিঁচিবৰ সময়তো পাচোঁটা সুকীয়া সুকীয়া ৰঙৰ কুকুৰা কাটি অধিক শস্য কামনা কৰে। ছোটনাগপুৰৰ কিছুমান মানুহে ধানক ৰক্ষা কৰিবলৈ বিশেষ উৎসৱৰ আয়োজন কৰে। অসমতো ধানক লখিমী হিচাপে সন্মান কৰে। ধানৰ কঠীয়া সিঁচিবৰ দিনা অসমৰ বহুতো ঠাইত খেতিয়ক লাওপানী আৰু মাছ -মাংস খুৱায়। কঠীয়া সিঁচাৰ আগতে আগলি কলাপাতত থুৰীয়া -তামোল,শিলগুটি থৈ কচুগছ ৰোৱে। সেইদৰে প্ৰথমে ভূঁই ৰোৱাৰ দিনা আগলি কলপাতত তিনিখন থুৰীয়া তামোল দি মাটি ডৰাৰ চুকত তৰাৰ গজালি,হেলেচৰ গুটিভৰা ডাল আৰু তিতা ফুলৰ ডাল ৰোৱে। সেইদৰে ধান দাবলৈ প্ৰথমে আৰম্ভ কৰিবৰ দিনা ধান তিনিগোচা কাটি দাৱনীয়ে মূৰত তুলি লৈ আহে। আহোঁতে মুখেৰে মাত নেমাতে। কোনো কোনোৱে ধান দাই শেষ হ'বৰ দিনা তিনিগোছা ধান সুকীয়াকৈ ৰাখি থোক কেইটা দাই আনে। আনিবৰ সময়ত আগলি কলাপাতত থুৰীয়া তামোল তিনিখন দি থৈ আহে। ইয়াকে "লখিমী"অনা বোলে। লখিমী আনোতে মুখেৰে মাতিব নাপায়। লখিমী আনিবৰ দিনা পদূলি মূৰলৈকে চোতাল ঘৰ সাৰি চাফ চিকুণ কৰে। সেইদিনা ভঁৰালত চাকি জ্বলায়। লখিমী কেতিয়াবা সেইদিনাই ভঁৰালত সুমুৱায়। কেতিয়াবা ভাল দিন বাৰ চাই পিছত সুমুৱায়। সেইদিনাও ভঁৰালত চাকি জ্বলায়। সেইদৰে পুনৰ ভঁৰাল চুবৰ সময়ত আগদিনা ভঁৰালৰ আগত কেঁচা পিঠাগুৰি আৰু গুৰ,চেনি,কল,তামোল সজাই দিয়ে। দুৱাৰ মুখত চাকি দিয়ে। পিছদিনা ভঁৰাল চোৱে। মৰাবাৰ,গুৰুবাৰ আদিত ভঁৰাল নোচোৱে। পোন প্ৰথমে নতুন ধান মাৰি জাৰিবৰ দিনা পতানখিনি আগলি কলাপাতত থৈ কাষত শিলগুটি দি পদূলিমূৰত পতানিকুঁৱৰীক উৰ্চগি দিয়ে।

ধান আৰু ধানৰ পৰা উৎপাদিত চাউল, আখৈ আদি বহুতো মাঙ্গলিক অনুষ্ঠানত ব‍্যৱহাৰ কৰা হয়। ধান মাতৃশক্তি আৰু প্ৰজনন শক্তিৰ প্ৰতীক। সেইবাবে বিয়াত চাউলৰ প্ৰয়োজন। দুৰণিত চাউল থৈ তাৰ ওপৰতে চাকি,টেমী কটাৰী থয়। মাহ হালধিৰ লগত আৰৈ চাউল বাতি দিয়ে। দৰা-কন‍্যা নোৱাওঁতে পঞ্চ আয়তীয়ে মূৰত চাউল দিয়ে। কলতলত দৰা-কন‍্যাৰ মূৰত চাউল দিয়ে। নোৱাই-তোলনী বিয়াত কন‍্যাকলা হোৱা ছোৱালী জনীৰ কোচত আখৈ দিয়ে। কেঁচা পিঠা খাবলৈ দিয়ে।

ধান চাউলৰে মঙ্গল চায়। কাউৰীয়ে কেলকেলালে চাউল কেইমুঠিমান দি কাউৰীৰ মাত পৰীক্ষা কৰে। ধানৰ ভুঁই ৰোৱাৰ দিনা মাছ ওলোৱাটো সুমঙ্গলৰ চিন। ধান জুইত পুৰিব নাপায়। যোগিনীতন্ত্ৰত ৰঙাশালি ধান ভোগ কৰিলে বিজয়াশ্ৰী লাভ হয় আৰু নাৰায়ণ, মাধৱভোগ আৰু যাদৱধান ভোগ কৰিলে খ‍্যাতিলাভ হয় বুলি কৈছে। আন ঠাইত সোমধান,বৰাধান,ৰঙাশালি, ৰাজধান আৰু যষ্টিক ধান দেববল্লভ বুলি উল্লেখ আছে। সপোনত ধান দেখিলে দিঠকত ধন পায়।

সাগৰ মন্থন কৰোঁতে লক্ষ্মীদেৱীৰ ঐৰাৱত হাতীও ওলাইছিল। সেইবাবে হাতী পদূলি মূৰেদি পাৰ হৈ গ'লে বা চোতালত ওলালে ডলাচালনীত কেইটামান ধানৰ মুঠি খাবলৈ দিয়ে। লক্ষ্মীপূজাত পঞ্চশস‍্যৰ লগত ধান এচিৰাও দিয়ে। ধানক গধুৰ নোবোলে সন্মান জনাই গাইচ বোলে।

লখিমী সবাহৰ নামত ধানৰ সৃষ্টি সম্পৰ্কে এটি  উপকথা পোৱা যায়। আদিতে ধানৰ বাকলি নাছিল। থোকে থোকে চাউল লাগিছিল। এজন খকুৱা ব্ৰাহ্মণ ভোজ খাই আহি গছত লাগি থকা চাউলবোৰ মুঠিয়ে  মুঠিয়ে খাবলৈ ধৰাত লক্ষ্মীআয়ে অমঙ্গলীয়া ভাবি চাউলত বাকলি সৃষ্টি কৰিলে। মুখভঙ্গা মন্ত্ৰতো সদাশিৱই ধানখেতি কৰাৰ কথা আছে। আদিতে অনাৰ্য মানুহে ধানখেতি কৰাৰ কথা সদাশিৱৰ কাহিনীৰ পৰাই জানিব পাৰি। আও নগাসকলৰ মাজতো ধানৰ সৃষ্টি সম্পৰ্কে সাধুকথা এটি পোৱা যায়।

ধানৰ প্ৰকাৰ

সম্পাদনা কৰক

ধানৰ পৰা বহুতো নামো সৃষ্টি হৈছে। কিছুমান জাতিগত ধানৰ নাম আছে- আহোম শালি,কছাৰি শালি,চুটিয়া শালি ইত্যাদি। কিছুমান ধানৰ নামবোৰ গুণবোধক - মাণিকী মধুৰী,নিয়ৰকদম,চিকণকলি,সুৱাগমণি ইত্যাদি। কিছুমান ধানৰ ৰূপগত- শলপোনা,ৰঙাশালি,গৰুণ্ড পখী,গৰু চকুৱা,তিতাফুলীয়া বৰা,পোৱাল শালি,ক'লা শালি,ইত্যাদি। সৰহভাগ ধানৰ নামেই অনাৰ্যমূলীয়।

ঔষধি হিচাপে

সম্পাদনা কৰক

ধানক ঔষধি হিচাপেও ব‍্যৱহাৰ কৰা হয়। আৰৈ চাউল ভালেমান ঔষধত লাগে বুলি নিদান  পুথিত উল্লেখ আছে। চাউল জাৰি খাবলৈ দি চোৰ ধৰা পেলোৱা হয়। মাঘৰ বিহুত ধানৰ নৰাৰে লাগনি গছবোৰ বান্ধে। বহাগ বিহুত মাহ-হালধি আৰৈ চাউল খুন্দি গৰু বিহুৰ দিনা গৰুক ফোঁট দিয়ে। সেইদিনাই গৰুক পিঠা খুৱায়। কাতি বিহুত ধাননিত চাকি জ্বলায়। তিনিওটা বিহু আৰু লক্ষ্মীপূজাৰ দিনা ধানৰ ভঁৰালতো চাকি দিয়ে। এইদৰে অসমৰ লোকসংস্কৃতিত ধানে এখনি বিশেষ উল্লেখযোগ্য স্থান অধিকাৰ কৰি আছে।

অসমৰ লোকজীৱন কৃষিজীৱী।অসমৰ কৃষকসকলে পৰম্পৰাগত পদ্ধতিৰেই আজিও খেতি-বাতি কৰে।খেতি-বাতিৰ প্ৰধান সম্বল হ'ল গৰুহাল। সেয়ে অসমৰ কৃষিজীৱী লোকজীৱনত গৰুৱেই দেৱত্বৰ স্থান অধিকাৰ কৰি আছে।অসমৰ জাতীয় উৎসৱ বিহুত গৰুক দেৱতা ৰূপত জ্ঞান কৰি ‍পূজিত হৈ আহিছে। [10] গৰু চৰোৱাটো এটা কঠিন কাম।দিনৰ দিনটো গৰু চৰাই গধূলি ভোকে পিয়াহে গৰখীয়া‌হঁত ঘৰলৈ উভতে। ৰ'দে-বৰষুণে,জাৰে-জহে-গৰখীয়াহঁতে অতি কষ্টৰে গৰু চৰায়।সেয়ে অসমৰ লোকজীৱনত এখন শ্ৰদ্ধাৰ আসন গৰখীয়াই অধিকাৰ কৰি ৰাখিছে।

কিংবদন্তিৰ মতে কোঁচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্বসিংহ বৰগৰখীয়া আছিল।গৰু চৰায় ফুৰোঁতে ফৰিং বলি দি দুৰ্গা দেৱীক পূজা কৰিছিল।এদিন এজন গৰখীয়াই ফৰিং ধৰি আনিব নোৱাৰা ফলত গৰখীয়া ল'ৰাটোকে দুৰ্গাদেৱীৰ নামত বলি দিছিল।যাৰ ফলত দুৰ্গাদেৱীৰ আশীৰ্বাদেৰে কৃপাধন‍্য হৈ এখন ৰাজ‍্য ৰজা হ'ব পাৰিছিল।একে ধৰণৰ কাহিনী এটা শিৱসাগৰ জিলাৰ পানীদিহিং অঞ্চলত এনেদৰে প্ৰচলন আছে- গৰু লৈ এজাক কিশোৰ গৰখীয়াই গৰু চৰাই থাকোঁতে হাবিৰ পৰা ফৰিং ধৰি আনি এদিন ধেমালিতে ইকৰা পাতেৰে ফৰিং বলি দিছিল।সেই দিনাৰ পৰাই প্ৰত‍্যেক দিনাই গৰখীয়াহঁতে পাল পাতি হাবিৰ পৰা ফৰিং বিচাৰি আনি বৰগৰখীয়া হাতত দিছিলহি আৰু বৰগৰখীয়াই ইকৰা পাতেৰে ফৰিং বলি দিছিল। কিন্তু এদিন এটা গৰখীয়া ল'ৰাই হাবিৰ পৰা ফৰিং বিচাৰি আনিব নোৱাৰি 'মোকে বলি দে' বুলি ধেমালিতে ডিঙি পাতি দিলে।বৰগৰখীয়া অৰ্থাং পুৰোহিতেও ধেমালিতে গৰখীয়া ল'ৰাটোৰ ডিঙিত ইকৰা পাত লগাই দিয়াত ডিঙিটো ছিগি থাকিল। তেতিয়াৰে পৰা সেই স্থানত পূজা সেৱা আগবহুৱাৰ থান হ'ল বুলি জনাজাত।বৰ্তমান'গৰখীয়া থান'নামেৰে বিখ্যাত এই থানখন বুৰঞ্জী প্ৰসিদ্ধ ধাই আলিৰ কাষৰ ধাইবাৰীত আছে।এটা ৰজাদিনীয়া পুখুৰীও আছে নাম গৰখীয়া পুখুৰী।

বৰ্তমান উক্ত থানত বহু দূৰ-দূৰণিৰ পৰা ভক্ত আহি পূজা সেৱা কৰেহি।পূজাৰ দিন দৌলযাত্ৰাৰ দিনা। কথিত আছে যে সিদিনা পুৱা সূৰ্য উদয় হোৱাৰ ঠিক আগে আগে একেলেথাৰীয়ে তিনি বছৰ এই গৰখীয়া থানত পূজা দিলে মনোবাঞ্ছা পূৰ্ণ হয়।সেয়ে পূজা আগদিনা আহি গৰখীয়া পুখুৰী পাৰত অৱস্থিত গৰখীয়া থানত ৰাতিটো কটাই পিছদিনা দোকমোকালিতে পূজা দি ঘূৰি যায়।এই গৰখীয়া পুখুৰীটো কোনে খান্দাইছিল জনা নাযায় যদিও দ'লটো আধুনিক ধৰণে সজাই তোলা বেছি দিন হোৱা নাই।অসমত গৰখীয়া দ'লৰ বহুল সংখ্যালৈ চাই এনেধৰণৰ কাহিনী,উপ-কাহিনীৰ সংখ্যা প্ৰচুৰ পৰিমাণে আছে বুলি ক'ব পাৰি। [11]

উজনি অসমত এসময়ত গৰু উদং দিবৰ দিনা গৰখীয়া 'ভোগ দিয়া'নামৰ এটা গৰখীয়া সেৱা অনুষ্ঠানৰ আয়োজন কৰিছিল। উল্লেখ কৰিব পাৰি যে কোনো কোনো অঞ্চলত পায়সক 'ভোগ' বুলি কয়। পুহ মাহত গৰু উদং দিয়াৰ সময়।সেই সময়ত মানুহৰ ঘৰে ঘৰে বৰা ধান উভৈনদী হয়। নতুনকৈ জগা গাই বোৰৰ পৰা প্ৰচুৰ পৰিমাণে গাখীৰ পোৱা যায়। গতিকে গৰখীয়াসকলে গৰখীয়া ভোগৰ বাবে বিশেষকৈ একো চিন্তা কৰিব লগা নহৈছিল।কিছু বছৰৰ আগলৈকে দিৰৈ নদীৰ কাষৰীয়া সৰু সৰু চাপৰি অঞ্চলত প্ৰচুৰ পৰিমাণে চৰণীয়া পথাৰ আছিল। হাবিও আছিল পৰ্যাপ্ত পৰিমাণে। গৰু উদং দিবৰ দিনা বা আগদিনা গৰখীয়াহঁতে বছৰৰ ছমাহলৈ মুকলি হোৱাৰ আনন্দত নদী কাষৰীয়া হাবিবোৰতে মিলি-জুলি ভোগ ৰান্ধী গৰখীয়া সেৱা অনুষ্ঠান পাতিছিল।এই সেৱা অনুষ্ঠান বুঢ়া-ডাঙৰীয়ালৈ ভাগ এটা আগবঢ়োৱাটো অতি প্ৰয়োজনীয় আছিল।

গৰু অসমৰ লোকজীৱনত কিমান আদৰ,সেই কথা নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই।ভাৰতবৰ্ষৰ বহুতো সমাজৰ দৰেই উজনিৰ কিছু কিছু অঞ্চলত খেতিয়কসকলে খেতিপথাৰত নমাৰ লগে লগে গৰু-ম'হৰ কুশল কামনা কৰি এটা ৰাজহুৱা অনুষ্ঠানৰ আয়োজন কৰে।নাম-'ম'হৰ চাউল খোৱা'।উল্লেখযোগ্য যে এই 'ম'হৰ চাউল খোৱা' অনুষ্ঠানত গৰু-ম'হৰ ৰখীয়াসকলে আগস্থান পাই।অৰ্থাৎ খেতি কৰি থকাৰ সময়ছোৱাত গৰু-ম'হৰ যাতে কোনো অপায়-অমংগল নহয়,তাৰ কামনাৰে নিৰ্দিষ্ট দেৱতাসকলক বন্দনা কৰা হয়‌।ৰাজহুৱাকৈ আয়োজিত 'ম'হৰ চাউল খোৱা'অনুষ্ঠান।নৈপৰীয়া অঞ্চল বা নামঘৰৰ প্ৰাংগণত আয়োজন কৰা হয়।এই অনুষ্ঠানটোত ম'হৰ নামত 'চাউল'(অন্ন) আৰু গৰুৰ নামত'ভোগ'(পায়স) যথা ৰীতি নীতি মাজেদি সম্পন্ন হয়। [12]

গৰুৱেই যিহেতু খেতিয়কৰ ৰাইজৰ সৰ্বেসৰ্বা।সেয়ে কাতি-আঘোণ মাহত প্ৰতি ঘৰে ঘৰে 'গৰু পিঠাগুড়ি খোৱা' নামৰ এটা 'গৰখীয়া সেৱা' অনুষ্ঠান সন্ধিয়াৰ ঠিক আগতেই অনুষ্ঠিত কৰে।এই অনুষ্ঠান মূলতঃ গৰখীয়াকেন্দিক যদিও অন‍্যান‍্য গঞা লোকৰ বাবেও আকৰ্ষণীয়। এই পিঠাগুড়ি খোৱা অনুষ্ঠানতে ন-মুঠিও দিয়াৰ ব্যৱস্থা কৰে।এই অনুষ্ঠানটো জৰিয়তে অসমীয়া লোকজীৱনত গৰু আৰু গৰখীয়াৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভক্তিৰ নিদৰ্শন প্ৰকট হৈ পৰিছে।উল্লেখ্য যে গৰখীয়া সেৱাৰ এই অনুষ্ঠানটোৰ এখন জীৱন্ত ছবি হোমেন বৰগোহাঞিয়ে তেখেতৰ বিখ্যাত গল্প'গৰখীয়া'যোগেদি দিঙি ধৰিছে।গৰু বা গৰখীয়া দৰে ম'হ বা ম'হৰখীয়া সকলো স্থান লোকসমাজত উল্লেখনীয়।কোনো কোনো অঞ্চলত যাৰ যাৰ ঘৰত ম'হ থাকে,তেওঁলোকে আঘোণ মাহত 'ম'হৰ চাউল খোৱা' অনুষ্ঠান পাতে। পালক গৃহস্থই এই 'ম'হৰ চাউল খোৱা' অনুষ্ঠানৰ লগত সংযুক্তভাৱে ন খোৱা অনুষ্ঠান আয়োজন কৰে।'গৰু পিঠাগুড়ি খোৱা'ত গৰখীয়াৰ দৰে এই অনুষ্ঠানটো ম'হৰখীয়া সকলে বিশেষ অগ্ৰাধিকাৰ পায়।

গৰু পোৱালি জগিলে লোকজীৱনে ফেঁহু খিৰোৱাৰ নিয়ম আছে।ফেহুঁখিনি কুমলীয়া বাহঁৰ চুঙা কাটি চুঙা পিঠা আৰ্হিৰে সিজায়।ফেহুঁখিনি সিজিলে চুঙাবোৰ ফালি আগলি কলপাত এখিলাত থয় আৰু পিছত চকল চকলকৈ কাটি চালৰ খৰিকা মাৰিয়ে সী লৈ গৰু পোৱালিটোৰ লগতে গাইজনীৰো ডিঙি,কাণ,গা আদিত পিন্ধাই দিয়া হয়।এনে কৰিলে অপদেৱতা আদিৰ পৰা পোৱালিটো আৰু গাইজনীৰ ৰহ্মা পৰে বুলি লোকসমাজে বিশ্বাস কৰে।ফেহুঁ ওচৰ চুবুৰীয়াৰ লগতে‌গৰখীয়াসকলকো ভাগ এটা যচা হয়।গৰু পোৱালিৰ নাভি নসৰা পৰ্যন্ত গাখিৰ খিৰোৱা নহয়‌। নাভি সৰিলে তিনি-চাৰিদিন গাখীৰ খিৰাই চুঙা বা টেকেলীত থৈ গাই আৰু পোৱালিৰ মংগল কামনা কৰি গৰখীয়া সমন্বিতে ভকতসকলক এদিন সন্ধিয়া ঘৰৰ চোতালত ভোক এমুঠি দিয়া হয়। [13]

অসমত'গৰখীয়া গীত'বুলিও একপ্ৰকাৰৰ গীত আছে।এই গীতবোৰ অঞ্চল ভেদে পৃথক পৃথক হোৱাটো পৰিলক্ষিত হয়।এই গীতবোৰ গৰখীয়াই নদীৰ চাপৰি,পথাৰ আদিত গৰু চৰাওতে দুখ কষ্ট লাঘব হ'বৰ বাবে গাঢ়।গীতবোৰত গৰখীয়াৰ‌ মুক্ত মন,মুক্ত চিন্তা ভাবনাৰ প্ৰকাশ পাই আহিছে। যেনে- গৰু‌ গ'ল গৰু গ'ল কলীয়া পানী পাৰ হয় নক'বি দেই বা তোক দিম ফুলপাহ'।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 Assam General Knowledge. Bright Publications. পৃষ্ঠা. 20–. ISBN 978-81-7199-451-9. http://books.google.com/books?id=reuQbFK9Rz4C&pg=PA20। আহৰণ কৰা হৈছে: 21 November 2012. 
  2. http://ignca.gov.in/Asi_data/72269.pdf Dutta,Sristidhar,Mataks and their Kingdom, 1985, p.30
  3. অসমৰ সংস্কৃতি- ড॰ লীলা গগৈ
  4. অসমীয়া সংস্কৃতিৰ কণিকা- সম্পাদনা-ড॰ নাৰায়ণ দাস, ড॰ পৰমানন্দ ৰাজবংশী- পৃষ্ঠা- ২৪০,২৪১,২৪২
  5. ড॰ পৰমানন্দ ৰাজবংশী, ড॰ নাৰায়ন দাস. অসমীয়া সংস্কৃতিৰ কণিকা. প্ৰকাশক গুৱাহাটী. 
  6. মিচিংসকলৰ জাতীয় উত্সৱ আলি আঃয়ে লৃগাং, লেখক - অমিয় কুমাৰ চিৰাং, সাদিন, ২৪ ফেব্ৰুৱাৰী, ২০১২
  7. [1] Archived 2012-04-04 at the Wayback Machine আলি-আয়ে-লৃগাং, বিজু বৰি, দৈনিক জনমভূমি, সংগ্ৰহৰ সময়- ১৫ ফেব্ৰুৱাৰী ২০১২
  8. Joymoti (1935), IMDB.com
  9. Lakshmi B. Ghosh, "A rare peep into world of Assamese cinema", the [http://www.sproutseo.com seo services Hindu, 2006]
  10. লোককৃষ্টিৰ সমীক্ষা, জিতু কুমাৰ লেখাৰু
  11. লোককৃষ্টিৰ সমীক্ষা, জিতু কুমাৰ লেখাৰু
  12. লোককৃষ্টিৰ সমীক্ষা, জিতু কুমাৰ লেখাৰু
  13. লোককৃষ্টিৰ সমীক্ষা, জিতু কুমাৰ লেখাৰু

বাহ্যিক সংযোগ

সম্পাদনা কৰক