১০ জুলাই

তাৰিখ
(জুলাই ১০ৰ পৰা পুনঃনিৰ্দেশিত)
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

১০ জুলাই (ইংৰাজী: 10 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯১তম (অধিবৰ্ষত ১৯২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭৪টা দিন বাকী থাকে।

ঘটনাৱলী সম্পাদনা কৰক

  • ১৯৬০ - ভাৰত-কানাডাৰ যৌথ নিউক্লিয় ৰিয়েক্টৰ ‘ছাইৰাছ’ কাৰ্যক্ষম কৰা হয়।
  • ১৯৬২ - আমেৰিকাৰ দ্বাৰা মহাকাশলৈ পৃথিৱীৰ প্ৰথম দূৰসংযোগী বাণিজ্যিক কৃত্ৰিম উপগ্ৰহ ‘টেলিষ্টাৰ—১’ উৎক্ষেপণ কৰা হয়।
  • ১৯৬৫ - গোৱালিয়ৰত ভাৰতৰ প্ৰথমখন মহিলা এন চি চি কলেজ মুকলি কৰা হয়।
  • ১৯৭৩ - কেৰিবিয়ান সাগৰৰ দ্বীপৰাষ্ট্ৰ বাহামে স্বাধীনতা লাভ কৰে॥
  • ১৯৯২ - প্ৰথম ভাৰতত নিৰ্মিত (প্ৰথম) দ্বিতীয় প্ৰজন্মৰ উপগ্ৰহ INSAT-2A আমেৰিকাৰ পৰা উৎক্ষেপণ কৰা হয়।
  • ২০০৭ - গুৱাহাটী উচ্চ ন্যায়ালয়ত ‘ই-কোৰ্ট’ আচনি প্ৰৱৰ্তন কৰা হয়। সম্প্ৰতি ই-কোৰ্ট আচনিখন ৰাষ্ট্ৰীয় ই-গৰ্ভনেন্স আচনিৰ অধীনত সামৰি লোৱা হৈছে।
  • ২০০৮ - ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ সাহিত্যিক ছলমান ৰুশ্বদিয়ে বিশ্বৰ সন্মানীয় ‘বেষ্ট অব বুকাৰ এৱাৰ্ড’ লাভ কৰে।
  • ২০১১ - ৰঙিয়াত পুৰী এক্সপ্ৰেছত ভয়াবহ বোমা বিস্ফোৰণ সংঘটিত হয়।
  • ২০১২ - উত্তৰ-পূবৰ বিকাশৰ বাবে এছিয়ান ডেভলেপমেণ্ট বেংকে ২০০ নিযুত ডলাৰ ঋণ প্ৰদান কৰে।

জন্ম সম্পাদনা কৰক

মৃত্যু সম্পাদনা কৰক

  • ১৩৮ - হেইড্ৰিয়ান, ৰোমান সাম্ৰাট।
  • ১০৯৯ - ইল চিড, স্পেইনৰ ৰাষ্ট্ৰীয় বীৰ।
  • ১৫৫৯ - হেনৰী দ্বিতীয়, ফ্ৰান্সৰ ৰজা।
  • ১৮৫১ - লুই জেকচ্ মণ্ডে ডেগুয়াৰ, ফ্ৰান্সৰ উদ্ভাৱক আৰু আলোকচিত্ৰ শিল্পী।
  • ১৯৮৪ - প'ল মৰ্ফি, আমেৰিকাৰ দবা খেলুৱৈ।
  • ২০১৪ - জোহৰা ছেহগল, ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু নৃত্য পৰিচালক।

দিৱস সম্পাদনা কৰক

  • ৰাষ্ট্ৰীয় মৎস্য কৃষক দিৱস (ভাৰত)।
  • স্বাধীনতা দিৱস (বাহামা)।
  • নিক'লা টেছলা দিৱস।