কুমাঊঁ (/ˈkɛmɔːʊ/; কুমাঊঁনী: Kumāū; pronounced [kuːmɔːʊ]) ভাৰতউত্তৰাখণ্ড ৰাজ্যৰ এটি ৰাজহ আৰু প্ৰশাসনিক বিভাগ। ই উত্তৰাখণ্ডৰ পূব ভাগ সামৰে। কুমাঊঁৰ উত্তৰ দিশে তিব্বত, পূব দিশে নেপাল, দক্ষিণ দিশে উত্তৰ প্ৰদেশ আৰু পশ্চিম দিশে গঢ়ৱাল আছে। কুমাঊঁত ছখন জিলা অন্তৰ্ভুক্ত: অল্মোড়া, বাগেশ্বৰ, চম্পাৱত, নৈনীতাল, পিথৌৰাগঢ় আৰু উধম সিংহ নগৰ

কুমাঊঁ
কুৰ্মাঞ্চল
মানসখণ্ড
—  প্ৰশাসনীয় বিভাগ  —
Bagnath Temple
Gori river flowing through Johar Valley.
View of Trisul and Panchchuli peaks from Kausani
ঘড়ীৰ কাটাৰ দিশত ওপৰৰ পৰা:
ৰাতি নৈনীতাল চহৰ, মুন্সিয়াৰীত গোৰী নদী, কাঠগোদাম, ৰানিখেত, জিম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ জাক, কৌসানীৰ পৰা হিমালয় পৰ্বতৰ দৃশ্য, পঞ্চচুলী শৃংগ, জাগেশ্বৰ
অন্য নাম: দেৱতাৰ ঘৰ[1]
ভাৰতত কুমাঊঁ
ভাৰতত কুমাঊঁ
দেশ  ভাৰত
প্ৰতিষ্ঠিত ১৮১৫[2]
জিলা
চৰকাৰ
 - প্ৰকাৰ বিভাগ
 - বিধায়িনী * ভাৰতৰ সংসদ
দ্বিসদন
মাটিকালি
 - মুঠ ২১,০৩৫ কি.মি. 
(৮,১২১.৭ বৰ্গ মাইল)
জনসংখ্যা
 - মুঠ ৪২,২৮,৯৯৮ জন
 - জনঘনত্ব ২০১.০৪ প্ৰতি বৰ্গ কি.মি. 
(৫২০.৭ প্ৰতি বৰ্গ মাইল)
বিশেষণ কুমাঊঁনী, কুমাইয়ে
জাতি আৰু ভাষা
 - ভাষা স্থানীয়: কুমাঊঁনী, থাৰু, ৰুংল'
Official: Hindi
 - জাতি কুমাঊঁনী, চৌকা, ৰুং, ভোটীয়া, থাৰু
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)
যানবাহনৰ নম্বৰ UK
কুমাঊঁ হিমালয়ৰ সৰ্বোচ্চ শৃংগ নন্দ দেৱী(৭,৮১৭ মিটাৰ)[3]
কুমাঊঁ বিভাগৰ সৰ্বোচ্চ শৃংগ সুনন্দ দেৱী ৭,৪৩৪ মিটাৰ
সৰ্বনিম্ন উচ্চতা শাৰদা সাগৰ (১৯০ মিটাৰ)[4]
সৰ্ববৃহৎ হৃদ ভীমতালl
ৱেবছাইট http://kumaon.gov.in/


ঐতিহাসিকভাৱে এই অঞ্চলক মানসখণ্ড আৰু পাছলৈ কুৰ্মাঞ্চল নামেৰে জনা গৈছিল। এই অঞ্চলত কেইবাটাও হিন্দু বংশই শাসন কৰিছিল, যাৰ মাজত কত্যুৰী আৰু চন্দ ৰাজবংশ উল্লেখনীয়। কুমাঊঁ বিভাগ ১৮১৬ চনত প্ৰতিষ্ঠা কৰা হৈছিল, যেতিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে গোৰ্খাসকলৰ পৰা এই অঞ্চল পুনৰ্দখল কৰিছিল। গোৰ্খাসকলে ১৭৯০ চনত কুমাঊঁ দখল কৰিছিল। কুমাঊঁক তেতিয়াৰ চিডেড এণ্ড কংকুৱাৰ্ড প্ৰভিঞ্চেছৰ বিভাগ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল, যাৰ নাম পাছলৈ ইউনাইটেড প্ৰভিঞ্চেছ আৰু ভাৰতৰ স্বাধীনতাৰ পাছত উত্তৰ প্ৰদেশ হ'ল। ২০০০ চনত উত্তৰাখণ্ড ৰাজ্যক উত্তৰ প্ৰদেশৰ পৰা পৃথক কৰা হ'ল, আৰু কুমাঊঁ উত্তৰাখণ্ডৰ অংগ হ'ল।

কুমাঊঁৰ লোকক কুমাঊঁনী বোলা হয় আৰু তেওঁলোকে কুমাঊঁনী ভাষা কয়। কুমাঊঁ ভাৰতীয় সেনাৰ বিখ্যাত ৰেজিমেণ্ট, কুমাঊঁ ৰেজিমেণ্টৰ স্থল। পাহাড়ীয়া নৈনীতাল চহৰ কুমাঊঁৰ প্ৰশাসনিক কেন্দ্ৰ। এই চহৰতেই উত্তৰাখণ্ডৰ উচ্চ ন্যায়ালয়ো অৱস্থিত।[5] অন্য উল্লেখনীয় পাহাড়ীয়া চহৰ হ'ল অল্মোড়া, ৰানীখেত, পিথৌৰাগঢ়, চম্পাৱত আৰু বাগেশ্বৰ। পিচে কুমাঊঁৰ প্ৰায়বোৰ ডাঙৰ চহৰ, যেনে ৰামনগৰ, হল্দ্বানী, ৰুদ্ৰপুৰ আৰু কাশীপুৰ ভৈয়ামৰ ভবৰ আৰু তৰাঈ অঞ্চলতহে স্থিত।

ব্যুৎপত্তি সম্পাদনা কৰক

কুৰ্মাঞ্চল শব্দৰ অৰ্থ ভগৱান বিষ্ণুৰ কূৰ্ম অৱতাৰৰ ভূমি। কোনো কোনোৰ মতে কুমাঊঁ শব্দৰ উৎপত্তি কুৰ্মাঞ্চল শব্দৰ পৰাই।[6][7]

আন এক মতৰ মতে কুমাঊঁ শব্দৰ উৎপত্তি হৈছিল খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাত। এই মতত ইউফ্ৰেটিছ নদীৰ পাৰৰ পৰা কেছাইট এছিৰিয়ানসকলে আহি ভাৰতৰ উত্তৰ ভাগত থিতাপি লৈছিল। তেওঁলোকৰ ইউফ্ৰেটিছ নদীৰ পাৰৰ গৃহভূমিৰ নাম আছিল কুম্মাহ।

ব্ৰিটিছ শাসনত থকাৰ সময়ত, ১৮১৫ চনৰ পৰা ১৮৫৭ চনলৈ এই অঞ্চলক ইংৰাজীত Kemaon (কেমাঊঁ) লিখা হৈছিল।[8][9][10]

ভৌগোলিক বিৱৰণ সম্পাদনা কৰক

 
অল্মোড়াৰ ওচৰত কোসী নদীৰ উপত্যকা

কুমাঊঁ অঞ্চলত এক বৃহৎ হিমালয়ী পৰ্বতাঞ্চল আছে, আৰু তাৰ লগতে দুই উপ-পৰ্বতীয়া অঞ্চল আছে যাৰ নাম ভবৰ আৰু তৰাঈ[11] ১৮৫০ চনলৈকে উপ-পৰ্বতীয়া অঞ্চলদ্বয় আছিল ঘন অৰণ্যৰে ভৰা আৰু জনবসতিশূন্য। কিন্তু তাৰ পাছত বন কটা হোৱাৰ পৰা পৰ্বতৰ লোক আহি এই অঞ্চলতো কৃষিকাৰ্যত নিমজ্জিত হ'বলৈ ধৰিলে। গ্ৰীষ্ম আৰু শীত কালত খেতি কৰি পৰ্বতৰ লোক বৰ্ষা কালত নিজ ঘৰলৈ উভতিছিল। এই অঞ্চলদ্বয়ৰ বাদে কুমাঊঁৰ শেষ অংশ সু-উচ্চ পৰ্বতেৰে ভৰা, যি সমগ্ৰ হিমালয়তে আতাইতকৈ উচ্চ অঞ্চলৰ অন্যতম। কেৱল ২২৫ কিলোমিটাৰ দীঘল আৰু ৬৫ কিলোমিটাৰ বহল এই অঞ্চলত ৩০ৰো অধিক এনে শৃংগ আছে যাৰ উচ্চতা ৫৫০০ মিটাৰতকৈও অধিক।[12]

 
বাগেশ্বৰ জিলাত অৱস্থিত পিণ্ডাৰী হিমানি পিণ্ডাৰ নদীৰ উৎস, যি গংগাৰ ৬ প্ৰমুখ মুখ্য ধাৰাৰ অন্যতম

গোৰী, ধৌলী আৰু শাৰদা বা মহাকালী নদীৰ উৎস সু-উচ্চ পৰ্বত শৃংগৰ উত্তৰ দিশে থকা তিব্বতত। এই শৃংগৰ মাজেৰেই এই নদীকেইখন বৈ যায়, আৰু উপত্যকা অঞ্চল পাওঁতে নদীকেইখনৰ উচ্চতা তীব্ৰ বেগেৰে কমি আহে। মুখ্য নদীকেইখন হ'ল শাৰদা বা কালী গংগা, পিণ্ডাৰী আৰু কাইলগংগা, যাৰ পানী গৈ অলকনন্দাৰ সৈতে মিলে।[13] শাৰদা নদী ভাৰত আৰু নেপালৰ মাজৰ আন্তৰ্জাতিক সীমা। কৈলাশ-মানসৰোবৰ তীৰ্থযাত্ৰাৰ পথ এই নদীৰ পাৰে পাৰেই যায় আৰু লিপু লেখত তিব্বতত প্ৰৱেশ কৰে।

কুমাঊঁত দেখা পোৱা প্ৰমুখ গছ হ'ল চিৰ পাইন, হিমালয়ান চাইপ্ৰেছ, পিণ্ড্ৰ' ফাৰ, এল্ডাৰ, ছাল আৰু ছাইণ্ডান। মুখ্যতঃ চূণশিল, চেণ্ডষ্ট'ন, স্লেট, নেইছ আৰু গ্ৰেনাইটেৰে এই অঞ্চলৰ ভূতাত্ত্বিক গুণ সংজ্ঞায়িত। লোহা, তাম, জিপছম, সীহ আৰু এছবেষ্ট'ছো পোৱা যায়, কিন্তু কম পৰিমাণত। উপ-পৰ্বতীয়া অঞ্চল আৰু গভীৰ উপত্যকাক বাদ দি কুমাঊঁৰ জলবায়ু মৃদু। মৌচুমীয়ে প্ৰথমে চোৱা বাহ্যিক হিমালয়ৰ বৰ্ষা মধ্য হিমালয়তকৈ দুগুণ, আৰু গড় বৰ্ষা ২০০০ এমএমৰ পৰা ১০০০ এমএমলৈকে। প্ৰত্যেক বছৰে পৰ্বতৰ উচ্চ অঞ্চলত তুষাৰপাত হয়, আৰু কোনো কোনো বৰ্ষত সমগ্ৰ পৰ্বতাঞ্চলতেই তুষাৰপাত দেখা দিয়ে। হিম, বিশেষকৈ উপত্যকা অঞ্চলত, অতিশয়।[14]

ইতিহাস সম্পাদনা কৰক

অল্মোড়া আৰু নৈনীতাল জিলাত প্ৰাক্‌-ঐতিহাসিক আৰু পাষাণ যুগৰ সা-সজিলী আৱিষ্কাৰ কৰা হৈছে। প্ৰথমে কোল জনজাতীয় লোকে বসতি স্থাপন কৰা এই অঞ্চলত ঢৌৱে ঢৌৱে কিৰাট, খশ আৰু ভাৰতীয়-চিথিয়ানসকলে বাস কৰিবলৈ আহিল। কুণিন্দসকল এই অঞ্চলৰ প্ৰথম শাসক। তাৰ পাছতেই খশ উৎসৰ কত্যুৰী ৰাজবংশই শাসনভাৰ লাভ কৰিছিল।[15] তেওঁলোকে ৭০০ৰ পৰা ১২০০ খ্ৰীষ্টাব্দত শাসন কৰিছিল।[16]

১১০০ৰ পৰা ১২০০ খ্ৰীষ্টাব্দত কত্যুৰী ৰাজ্য কেইবাভাগত বিভক্ত হ'ল। কুৰ্মাঞ্চল আছিল ৮ ক্ষুদ্ৰ ৰাজ্যত বিভক্ত: বৈজনাথ-কত্যুৰ, দ্বাৰাহাট, ডোটী, বাৰামণ্ডল, অস্কোট, সীৰা, সোৰা আৰু সুই। ১৫৮১ খ্ৰীষ্টাবদ ৰুদ্ৰ চন্দৰ নেতৃত্বত সমগ্ৰ অঞ্চলক কুমাঊঁ নামেৰে পুনৰ এক কৰা হৈছিল।

কুমাঊঁ ৰাজ্য সম্পাদনা কৰক

কত্যুৰী ৰাজ সম্পাদনা কৰক

 
কত্যুৰী ৰাজবংশৰ ৰাজধানী কাৰ্তিকেয়পুৰৰ (বৰ্তমানে বৈজনাথ) কিছু মন্দিৰ

কত্যুৰী ৰাজবংশ খশ উৎসৰ এটি হিন্দু ৰাজবংশ আছিল।[17] এই বংশৰ প্ৰতিষ্ঠাতা বাসুদেৱ কত্যুৰী। তেওঁলোকে নিজৰ ৰাজ্যক কুৰ্মাঞ্চল নাম দিছিল আৰু সপ্তমৰ পৰা একাদশ খ্ৰীষ্টাব্দৰ মাজত কত্যুৰ উপত্যকাৰ পৰা শাসন কৰিছিল। তেওঁলোকৰ ৰাজধানী কাৰ্তিকেয়পুৰ বৰ্তমানৰ বাগেশ্বৰ জিলাবৈজনাথত স্থিত, যি কত্যুৰ উপত্যকাৰ মধ্য ভাগ গণ্য কৰা হয়। নেপাল দেশৰ আতাইতকৈ পশ্চিম দিশে স্থিত ব্ৰহ্মদেও মণ্ডী কত্যুৰী ৰজা ব্ৰহ্মদেৱেই প্ৰতিষ্ঠা কৰা। তেওঁলোকৰ আতাইতকৈ প্ৰভাৱশালী সময়ত পশ্চিমে আফগানিস্তানকাবুলৰ পৰা পূবে ভাৰতছিক্কিম ৰাজ্যলৈকে কুৰ্মাঞ্চল ৰাজ্যৰ বিস্তাৰ আছিল। কিন্তু দ্বাদশ শতিকাত এই ৰাজ্যৰ বিভাজন ঘটিবলৈ ধৰিল।

বিশ্বাস কৰা হয় যে ৰজা ধাম দেও আৰু বীৰ দেওৰ শাসনকালৰ পৰাই এই ৰাজবংশৰ পতন আৰম্ভ হৈছিল। লোকবিশ্বাস অনুযায়ী বীৰদেওৰ কৰ নীতি আছিল কঠোৰ আৰু তেওঁ প্ৰজাৰ ওপৰত অত্যাচাৰ কৰিছিল। তেওঁ নিজৰ মামিয়েকক বলেৰে বিয়া কৰাইছিল, যাৰ কাহিনী কুমাঊঁনী লোকগীত "মামী তিলে ধৰো বোলা"ত বৰ্ণিত। বীৰদেওৰ মৃত্যুৰ পাছত তেওঁৰ ৮ পুত্ৰৰ মাজত ৰাজ্য বিভক্ত হ'ল। শীঘ্ৰে প্ৰায়বোৰ বিভক্ত কত্যুৰী ৰাজ্যক পৰাস্ত কৰি চন্দ ৰাজবংশ ক্ষমতালৈ আহিল।[18][Full citation needed]

পিথৌৰাগঢ়ৰ অস্কোটত অৱস্থিত ৰজৱাৰ ৰাজবংশৰ প্ৰতিষ্ঠা ১২৭৯ চনত কত্যুৰী ৰাজবংশৰেই এটি ভাগে কৰিছিল, যাৰ নেতৃত্বত আছিল অভয় পাল দেও, ৰজা ব্ৰহ্ম দেওৰ নাটি। এই ৰাজবংশই ১৮১৬ চনলৈকে শাসন কৰিছিল, সিঘৌলীৰ সন্ধি স্বাক্ষৰ হোৱালৈকে, যেতিয়া ই ব্ৰিটিছ ৰাজৰ অধীনলৈ আহিল।

চন্দ ৰাজ সম্পাদনা কৰক

 
চন্দ ৰজাসকলৰ প্ৰথম ৰাজধানী চম্পাৱতত গড়, ১৮১৫ চনত

দশম শতিকাত সোম চন্দে চন্দ ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল,[19] সপ্তম শতিকাৰ পৰা শাসন কৰি অহা কত্যুৰী ৰজাসকলক পৰাস্ত কৰি। তেওঁ ৰাজ্যৰ নাম কুৰ্মাঞ্চলেই থাকিবলৈ দিলে আৰু নিজৰ ৰাজধানী কালী নদীৰ পাৰৰ চম্পাৱতৰ কালী কুমাঊঁত পাতিলে। তেওঁৰ শাসনকালত কেইবাটাও মন্দিৰ নিৰ্মাণ কৰা হৈছিল, যেনে বালেশ্বৰ আৰু নাগনাথ মন্দিৰ।

 
কুমাঊঁৰ বজ বাহাদুৰ, ১৭৫০ চনত

চন্দ ৰাজবংশৰ আতাইতকৈ শক্তিশালী ৰজাসকলৰ অন্যতম বজ বাহাদুৰ (১৮৩৮ -- ৭৮ খ্ৰীষ্টাব্দ)। তেওঁ দিল্লীশ্বাহ জাহানক লগ কৰিছিল আৰু ১৬৬৫ চনত শ্বাহ জাহানৰ সৈতে লগ লাগি সেই সময়ত ৰজা পিৰ্থি শ্বাহে শাসন কৰা গঢ়ৱাল আক্ৰমণ কৰিছিল। বজ বাহাদুৰ তৰাঈ অঞ্চল দখল কৰাত সফল হৈছিল, যাৰ অংশ দেহৰাদূনো। তেওঁ সেয়েহে এই অঞ্চলক গঢ়ৱাল ৰাজ্যৰ পৰা পৃথক কৰি ৰাখিছিল। বজ বাহাদুৰে পূব দিশে কুমাঊঁ ৰাজ্যৰ বিস্তাৰ কৰ্ণালী নদীলৈকে লৈ গৈছিল। পাছত তেওঁ তিব্বতৰ অংশ দখল কৰি কেইবাটাও গঢ় নিজৰ আধীন কৰিছিল। কৈলাশ মানসৰোবৰো তেওঁ দখল কৰিছিল।[20][21][22][23][24][25][26] তেওঁ নিজৰ শ্বহীদ সৈনিক গোলুদেৱৰ বাবে ভীমতালৰ ওচৰৰ গোৰখলত গোলু দেৱতা মন্দিৰ নিৰ্মাণ কৰিছিল।[27] তেৱেঁই ভীমেশ্বৰ মহাদেৱ মন্দিৰৰো নিৰ্মাণ কৰিছিল ভীমতালত।[28]

সপ্তদশ শতিকাৰ শেষৰ ফালে চন্দ ৰজাসকলে আকৌ গঢ়ৱাল ৰাজ্য আক্ৰমণ কৰিলে, আৰু ১৬৮৮ চনত ৰজা উদ্যোৎ চন্দে অল্মোড়াত কেইবাটাও মন্দিৰ নিৰ্মাণ কৰিলে, যাৰে মাজত ত্ৰিপুৰা সুন্দৰী, উদ্যোৎ চন্দেশ্বৰ আৰু পৰ্বতেশ্বৰ অন্যতম। গঢ়ৱাল আৰু ডোটীৰ ওপৰত নিজৰ বিজয়ক চিহ্নিত কৰিবলৈ পৰ্বতেশ্বৰ মন্দিৰক দুবাৰ পুনৰ্নামাকৰণ কৰা হৈছিল, বৰ্তমানৰ নন্দ দেৱী নাম লাভ কৰাৰ আগত।[29] পাছলৈ জগৎ চন্দে (১৭০৮ -- ২০ খ্ৰীষ্টাব্দ) গঢ়ৱালৰ ৰজাক উত্তৰাখণ্ডশ্ৰীনগৰ চহৰৰ (জম্মু আৰু কাশ্মীৰশ্ৰীনগৰ নহয়) পৰা খেদি দিছিল আৰু তেওঁৰ ৰাজ্য এগৰাকী ব্ৰাহ্মণক দিছিল।[30]

নেপালী আক্ৰমণ আৰু পৰাজয় সম্পাদনা কৰক

 
অল্মোড়া৩য় গোৰ্খা ৰাইফল্সৰ সৈনিক, ১৮৯৫ চনত

অষ্টদশ শতিকাৰ দ্বিতীয় ভাগৰ পৰা চন্দ ৰজাসকলৰ শক্তি হ্ৰাস পাবলৈ ধৰিল। গোৰ্খাসকলে কুমাঊঁ আক্ৰমণ আৰু জয় কৰিলে অমৰ সিংহ থাপাৰ নেতৃত্বত। কুমাঊঁ অঞ্চল গোৰ্খা ৰাজ্যৰ অংশ হৈ পৰিল।

গোৰ্খা ৰাজ ২৪ বছৰলৈকে চলিল। ১৮১৪ চনৰ আংল-নেপালী যুদ্ধৰ পাছত সুগৌলীৰ সন্ধি স্বাক্ষৰিত হ'ল, যাৰ পাছত কুমাঊঁ ব্ৰিটিছৰ হাতলৈ গ'ল।

ব্ৰিটিছ ৰাজ সম্পাদনা কৰক

 
নৈনীতালৰ পুৰণি চৰকাৰ ভৱন আছিল ব্ৰিটিছ ৰাজৰ সময়ত ইউনাইটেড প্ৰভিঞ্চেছৰ গ্ৰীষ্মকালীন ৰাজধানী

ব্ৰিটিছৰ দখললৈ যোৱাৰ পাছত ১৮১৫ চনত গঢ়ৱালৰ পূব ভাগ আৰু কুমাঊঁক একেলগ কৰি এগৰাকী মুখ্য আয়ুক্তৰ প্ৰশাসনত ৰখা হ'ল, আৰু ইয়াক কুমাঊঁ প্ৰদেশ নাম দিয়া হ'ল।[31] ৭০ বছৰ ধৰি এই প্ৰদেশ তিনিগৰাকী প্ৰশাসকে শাসন কৰিছিল: ট্ৰেইল, জে এইছ বেটেন আৰু ছাৰ হেনৰী ৰামছে'

কুমাঊঁৰ কেইবাটাও অঞ্চলত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা হৈছিল। কুমাঊঁনী লোক, বিশেষকৈ চম্পাৱত জিলাৰ লোক ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহত নামিছিল ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত, কালু সিংহ মহৰাৰ নেতৃত্বত।[32] ১৮৯১ চনত কুমাঊঁ বিভাগত তিনিখন জিলা আছিল: কুমাঊঁ, গঢ়ৱাল আৰু তৰাঈ। কিন্তু পাছলৈ কুমাঊঁ আৰু তৰাঈক পুনৰ্গঠিত কৰা হ'ল, আৰু মুখ্য কাৰ্যালয়ৰ নামেৰেই জিলাকেইখনৰ নাম নৈনীতাল আৰু অল্মোড়া নাম ৰখা হ'ল।

কুমাঊঁ অঞ্চল বিশ্ববিখ্যাত হৈ পৰিল জিম কৰ্বেটৰ দ্বাৰা লিখিত "মেন-ইটাৰ্ছ অৱ কুমাঊঁ" নামৰ গ্ৰন্থ ছপা হোৱাৰ পাছত। চিকাৰী আৰু সংৰক্ষণবাদীগৰাকীয়ে কুমাঊঁত তেওঁৰ যাত্ৰা আৰু নৰভক্ষী বাঘ চিকাৰৰ কাহিনী বৰ্ণনা কৰিছিল। চম্পাৱত বাঘ আৰু চৌগঢ়ৰ বাঘে ১৯২০ৰ পৰা ১৯২৮ চনত প্ৰথমে নেপাল আৰু তাৰ পাছত কুমাঊঁত কমেও চাৰিশ লোকৰ হত্যা কৰিছিল।

মহাত্মা গান্ধীৰ আগমনে তেতিয়ালৈকে ব্ৰিটিছ ৰাজৰ অনুভৱ লাভ কৰা কুমাঊঁৰ লোকৰ মাজত ভাৰতীয় স্বাধীনতা আন্দোলনৰ বাবে উছাহ প্ৰদান কৰিছিল। কুমাঊঁত ১২ দিন থাকি কাৰাগাৰৰ নিজৰ অনুভৱৰ পৰা সকাহ পাবলৈ চেষ্টা কৰা গান্ধীয়ে সেই সময়তে 'অনাসক্তি যোগ' নামৰ গ্ৰন্থ লিখি উলিয়াইছিল।[33]

এই পাহাড়ত প্ৰকৃতিৰ আতিথ্যই মানুহে কৰিব পৰা সকলো কাৰ্যকে ঢাকি পেলায়। হিমালয়ৰ মায়াময় সৌন্দৰ্য্য, সজীৱ জলবায়ু আৰু আপোনাক আৱৰি ধৰা শান্ত সেউজীয়াই ইচ্ছা কৰিবলৈ আৰু একোৱেই বাকি নাৰাখে। মই জিজ্ঞাসা কৰোঁ যে এই পাহাৰৰ দৃশ্য আৰু জলবায়ুতকৈ শ্ৰেষ্ঠ, যদিহে সমকক্ষ, বিশ্বতেই আন কোনো সৌন্দৰ্য্যস্থলীত আছেনে। অল্মোড়া পাহাৰত প্ৰায় তিনি সপ্তাহ ব্যতিত কৰি মই আশ্চৰ্যচকিত যে আমাৰ মানুহে স্বাস্থ্য বিচাৰি ইউৰোপ কিয় যাব লাগে।

মহাত্মা গান্ধী, অল্মোড়া ইম্প্ৰেচন্স, য়ং ইণ্ডিয়া

—  

গান্ধীক এই অঞ্চলত সন্মান জনোৱা হৈছিল আৰু তেওঁৰ আহ্বানত সলম সলীয়া সত্যাগ্ৰহ অনুষ্ঠিত হৈছিল ৰাম সিংহ ধোনীৰ নেতৃত্বত। এই সত্যাগ্ৰহত কুমাঊঁত ব্ৰিটিছ শাসনক প্ৰত্যাহ্বান জনোৱা হৈছিল।[35] পুলিচৰ কাৰ্যবাহীত কেইবাজনো লোকে প্ৰাণ ত্যাগ কৰিবলগীয়া হৈছিল। গান্ধীয়ে ইয়াক কুমাঊঁৰ বাৰডোলী নাম দিছিল, যি বাৰডোলীৰ সত্যাগ্ৰহৰ এক স্মৃতি। অনেক কুমাঊঁনী লোকে সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত গঠিত ভাৰতীয় জাতীয় সেনাতো যোগ দিছিল।

স্বাধীন ভাৰতত সম্পাদনা কৰক

১৯৪৭ চনত ভাৰত স্বাধীন হ'ল আৰু ইউনাইটেড প্ৰভিঞ্চেছক নব্য গঠিত ৰাজ্য উত্তৰ প্ৰদেশলৈ ৰূপান্তৰিত কৰা হ'ল। টিহৰী গঢ়ৱাল নামৰ ৰাজকীয় ৰাজ্যও ভাৰতত সন্নিৱিষ্ট হ'ল আৰু এই ৰাজ্যক কুমাঊঁ বিভাগৰ ভিতৰৰ এক জিলা হিচাপে লোৱা হ'ল। তিনি নতুন জিলা, অল্মোড়াপিথৌৰাগঢ়, গঢ়ৱালৰ চমোলী আৰু টিহৰী গঢ়ৱালৰ উত্তৰকাশী ১৯৬০ চনত সৃষ্ট হ'ল। কুমাঊঁৰ এই তিনি জিলাক লৈ এটি নতুন ৰাজহ চক্ৰ 'উত্তৰাখণ্ড' নিৰ্মাণ কৰা হ'ল।

১৯৬৯ চনত পাহাড়ীয়া এই অঞ্চলত বৃহৎ প্ৰশাসনিক সালসলনি দেখা গ'ল। কুমাঊঁ বিভাগৰ টিহৰী গঢ়ৱাল আৰু গঢ়ৱাল জিলা আৰু উত্তৰাখণ্ড বিভাগৰ উত্তৰকাশী আৰু চমোলী জিলাৰে গঢ়ৱাল বিভাগ সৃষ্টি কৰা হ'ল, যাৰ মুখ্যালয় আছিল পৌড়ীত। উত্তৰাখণ্ড বিভাগত কেৱল পিথৌৰাগঢ় জিলাহে থাকিলগৈ। একে বছৰতে উত্তৰাখণ্ড বিভাগৰ সমাপ্তি ঘটায় পিথৌৰাগঢ় জিলাক কুমাঊঁ বিভাগত অন্তৰ্ভুক্ত কৰা হ'ল। বৰ্তমানৰ কুমাঊঁ বিভাগত এই জিলাকেইখনেই আছে।

১৯৯০ৰ দশকত কুমাঊঁত তিনিখন নতুন জিলাৰ সৃষ্টি কৰা হ'ল, যাৰ সৈতে কুমাঊঁ বিভাগত জিলাৰ মুঠ সংখ্যা হ'লগৈ ছয়। ১৯৯৫ চনত নৈনীতাল জিলাৰ পৰা উধম সিংহ নগৰ পৃথক কৰা হ'ল। ১৯৯৭ চনত অল্মোড়াৰ পৰা বাগেশ্বৰ আৰু পিথৌৰাগঢ়ৰ পৰা চম্পাৱত পৃথক কৰা হ'ল।

২০০০ চনত উত্তৰ প্ৰদেশৰ পৰা উত্তৰাখণ্ড নামৰ এখন ৰাজ্য পৃথক কৰা হ'ল। এই ৰাজ্যৰ অন্তৰ্গত গঢ়ৱাল আৰু কুমাঊঁ বিভাগ।

সংস্কৃতি সম্পাদনা কৰক

পৰম্পৰাগত সাজ-পাৰ সম্পাদনা কৰক

 
নৈনী হৃদত নাওঁ চলাই থকা অৱস্থাত কুমাঊঁনী টোপী পৰিধান কৰি থকা এগৰাকী ব্যক্তি

পিছোড়া এটি পৰম্পৰাগত সাজ যি বিবাহিত কুমাঊঁনী মহিলাই ধাৰ্মিক অনুষ্ঠান, বিয়া আৰু আন আন অনুষ্ঠানত পৰিধান কৰে। পৰম্পৰাগতভাৱে উদ্ভিজ্জৰে তৈয়াৰ কৰা পিছোড়া ৰঙা আৰু গেৰুৱা ৰঙৰ হয়। অল্মোড়া, হল্দ্বা‌নী আৰু আন আন ঠাইত পাত আৰু মুকুতাৰে এই বস্ত্ৰ তৈয়াৰ কৰা হয়। বৰ্তমানে ই যন্ত্ৰৰেও নিৰ্মিত হয়। বিগত বৰ্ষত পিছোড়াৰ চাহিদা বৃদ্ধি পাইছে, বিশেষকৈ কুমাঊঁৰ বাহিৰত থকা প্ৰবাসী কুমাঊঁনী মহিলাৰ মাজত।[36]

কুমাঊঁনী পুৰুষে এটি কুমাঊঁনী টোপী পৰিধান কৰে, যাৰ ৰং সাধাৰণতে ক'লা। কিন্তু উৎসৱ পাৰ্বনত, বিশেষকৈ কুমাঊঁনী হোলীত এই টোপীৰ ৰং হৈ পৰে বগা।

লোক কলা সম্পাদনা কৰক

এপণ হৈছে কুমাঊঁৰ আতাইতকৈ বিখ্যাত লোক কলা। শেহতীয়াকৈ ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। এপণ কেৱল কুমাঊঁনী লোকৰেই নহয়, বৰং কুমাঊঁৰ অন্যান্য লোক যেনে শৌক আৰু ৰুঙৰ মাজতো জনপ্ৰিয়। সেয়েহে এই লোক কলাই কুমাঊঁৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত এক সাংস্কৃতিক সম্বন্ধৰ কাম কৰে, আৰু ই সেইবাবে গুৰুত্বপূৰ্ণ।

লোক নৃত্য সম্পাদনা কৰক

কেইবাটাও ধ্ৰুপদী আৰু লোক নৃত্য কুমাঊঁত জনপ্ৰিয়। তাৰে কিছু জনপ্ৰিয় নৃত্য হ'ল হুৰ্কিয়া বাউল,[37] ঝোৰা-চাঞ্চৰি আৰু ছোলিয়া[38] সংগীত কুমাঊঁনী সংস্কৃতিৰ এক মহত্বপূৰ্ণ অংগ। জনপ্ৰিয় লোকগীতৰ মাজত মংগল আৰু ন্যোলী অন্যতম।[39] এই লোকগীতসমূহৰ মাজত কেইবাবিধো বাদ্যযন্ত্ৰ পৰিৱেশন কৰা হয়, যাৰ মাজত ঢোল, দমৌ, তুৰ্ৰী, ৰণশিঙা, ঢোলকী, ডৌৰ, থালী, ভংকোৰা, মন্দন আৰু মশকবাজা আদি সন্নিৱিষ্ট। এটি বিখ্যাত কুমাঊঁনী লোকসংগীতৰ শৈলী হ'ল বেডু পাকো। সংগীত এটি মাধ্যম যাৰ ব্যৱহাৰ কুমাঊঁনী সংস্কৃতিত ঈশ্বৰৰ আহ্বানতো কৰা হয়। জাগৰ আত্মা-পূজাৰ এটি ৰূপ য'ত জাগৰীয়া নামেৰে অভিহিত গায়কগৰাকীয়ে দেৱতাসকলক লৈ গাথা পৰিৱেশন কৰে। মহাভাৰত আৰু ৰামায়ণৰ দৰে মহাকাব্যৰ পৰা যি দেৱতাৰ গুণগান কৰা হৈছে, সেই দেৱতাৰ কাহিনী পৰিৱেশন কৰা হয়।

বাগেশ্বৰৰ দানপুৰৰ চাঞ্চৰী
পিথৌৰাগঢ়ৰ হিলযাত্ৰা
ছোলিয়াৰে পৰিৱেশন কৰা ছোলিয়া নৃত্য

কুমাঊঁনী ৰাম লীলা পৃথিৱীতে আতাইতকৈ পুৰণি। এই ৰামলীলা ১৫০ বছৰ ধৰি নিৰন্তৰ চলি আহিছে, আৰু সেয়েহে ইউনেস্ক'ই ইয়াক বিশ্বৰ আতাইতকৈ দীঘলীয়া গীতিনাট্য আখ্যা দিছে, আৰু ইয়াক বিশ্বৰ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে। মানুহে সময়ৰ সৈতে এই নাট্যৰ সৈতে নতুন নতুন বস্তু পৰীক্ষা কৰিছে, কিন্তু ইয়াৰ মৌখিক পৰম্পৰা বৰ্তমানেও আগৰ ৰূপতেই অবিৰতভাৱে চলি আহিছে। কুমাঊঁনী ৰাম লীলা এটি মঞ্চৰ পৰিৱেশন নহয়, ই এক সাংগীতিক উৎসৱহে, য'ত হাৰ্ম'নিয়াম, ঢোলক আৰু তবলা আদিৰে পৰিৱেশ মনোৰঞ্জক কৰি তোলা হয়। অভিনয়ত নহয়, গীত গায়নতহে অধিক গুৰুত্ব প্ৰদান কৰা হয়।[40]

কুমাঊঁনী হোলী এই অঞ্চলত হিন্দু উৎসৱ হোলীৰ ঐতিহাসিক আৰু সাংস্কৃতিক উদ্‌যাপন। এই উৎসৱ কুমাঊঁনী লোকৰ বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ ই কেৱল বেয়াৰ ওপৰত ভালৰ জয়কে নুসূচায়, লগতে শীত কালৰ অন্ত আৰু ধান সিঁচাৰ বতৰৰ আগমনকো সূচায়। এই সময় উত্তৰ ভাৰতহিমালয় পৰ্বতত বাস কৰা লোকৰ বাবে অন্ত্যন্ত গুৰুত্বপূৰ্ণ। ই উত্তৰ ভাৰত আৰু কুমাঊঁ অঞ্চলৰ স্থানীয় পৰম্পৰাৰ সংমিশ্ৰণ। কুমাঊঁনী হোলী আন প্ৰান্তৰ হোলীতকৈ পৃথক কাৰণ ইয়াত মুখ্যতঃ গুৰুত্ব দিয়া হয় সংগীতক, সেই সংগীতৰ ৰূপ যিয়েই নহওক, যেনে বৈঠকী হোলী, খড়ী হোলী আৰু মহিলা হোলী, যাৰ আৰম্ভ হয় বসন্ত পঞ্চমীৰ দিনৰ পৰাই।

সেয়েহে, কুমাঊঁত হোলীৰ উদ্‌যাপন প্ৰায় দুমাহলৈ চলে।[41] বৈঠকী হোলী আৰু খড়ী হোলী সুকীয়া কাৰণ এই উৎসৱত পৰিৱেশন কৰা গীতত সুৰ, আনন্দ আৰু আধ্যাত্মিকতাৰ এক বিশেষ সংমিশ্ৰণ দেখা যায়। এই গীতসমূহ ধ্ৰুপদী ৰাগৰ ওপৰতেই আধাৰিত। বৈঠকী হোলীক 'নিৰ্বানৰ হোলী'য়ো বোলা হয়।

সাংস্কৃতিক কেন্দ্ৰসমূহ সম্পাদনা কৰক

  • অল্মোড়াক কুমাঊঁৰ সাংস্কৃতিক ৰাজধানী আৰু কুমাঊঁৰ হৃদয় নামেৰেও জনাজাত।[42]
 
অল্মোড়াত উৎপত্তি হোৱা বাল মিঠাই বৰ্তমানে কুমাঊঁনী খাদ্যাভ্যাসৰ জনপ্ৰিয় প্ৰতীক
  • নৈনীতাল কুমাঊঁৰ আতাইতকৈ জনাজাত পৰ্যটন স্থলী। নৈনীতালৰ পৰাই কুমাঊঁনী সংস্কৃতিৰ বিষয়ে অন্য লোকে প্ৰায় জানিবলৈ পায়।[43]
 
নৈনী হৃদত নাৱৰীয়া, ৰাতিপুৱাৰ সময়ত
  • পিথৌড়াগঢ়ৰ সংস্কৃতি সুকীয়া। ই কুমাঊঁনী সংস্কৃতিৰ এটি কেন্দ্ৰ হোৱাৰ উপৰিও কুমাঊঁৰ সৰ্ববৃহৎ পৰ্বতীয়া চহৰ।[44]
  • এক ধৰণেৰে চম্পাৱত বা কালি কুমাঊঁ কুমাঊঁনী সংস্কৃতিৰ উৎস। এই স্থানৰ পৰাই কুমাঊঁৰ নামাকৰণো হৈছে।[45]
  • বাগেশ্বৰক "কুমাঊঁক কাশী" বা কুমাঊঁৰ কাশীও বোলা হয়, কাৰণ এই চহৰৰ মাজেৰেই সৰয়ু নদী বৈ যায়। বাগেশ্বৰ কুমাঊঁৰ আতাইতকৈ ডাঙৰ মেলা "উত্তৰায়িণী"ৰ স্থল।[46]
  • যদিও হল্দ্বানী ভবৰত স্থিৰ, ই ঐতিহাসিকিভাৱে কুমাঊঁনী সংস্কৃতিৰ বিকাশত গুৰুত্বপূৰ্ণ। ই কুমাঊঁৰ আতাইতকৈ ডাঙৰ চহৰ, আৰু বৰ্তমানে কুমাঊঁনী সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাত আগ্ৰহী শিল্পীৰ গড়।[47]
  • ৰুদ্ৰপুৰত যদিও ভালেমান কুমাঊঁনী লোক আছে, ইয়াত পাঞ্জাবী, বাঙালী আৰু অন্য় প্ৰব্ৰজনকাৰীৰ এক বৃহৎ জনসংখ্যা আছে। ই কুমাঊঁৰ বিত্তীয় ৰাজাধানী নামেৰেও জনাজাত।[48]

জি আই টেগ সম্পাদনা কৰক

কুমাঊঁনী সংস্কৃতিক জি আই টেগেৰে স্বীকৃতি প্ৰদান কৰা হৈছে। এপণৰ দৰে কেইবাটাও কলাক জি আই টেগ প্ৰদান কৰা হৈছে।[49]

ধৰ্মীয় গুৰুত্ব সম্পাদনা কৰক

কুমাঊঁৰ প্ৰত্যেক শৃংগ, হৃদ আৰু পৰ্বতৰ সৈতে কোনো দেৱ বা দেৱীৰ নাম জড়িত হৈ আছে, বা ধাৰ্মিক কাহিনীৰে তাৰ মহত্ব প্ৰকাশ কৰা হৈছে। শৈৱ, বৈষ্ণৱ আৰু শাক্ত, তিনিও মুখ্য হিন্দু সম্প্ৰদায়ৰ উপৰিও স্থানীয় দেৱী-দেৱতা যেনে বম্বই নাথ স্বামী, হইম, সইম, গোলু, নন্দ, সুনন্দ, ছূৰমল, কৈল বিশ্ত, ভোলানাথ, গংগনাথ, ঐৰী আৰু ছৌমুৰ দৰে আৰাধ্যৰ কাহিনী কুমাঊঁৰ সৈতে জড়িত। ই টি এটকিন্সনে কুমাঊঁৰ ধাৰ্মিক মহত্ব মন কৰি কৈছিল: "প্ৰায় হিন্দুসকলৰ বিশ্বাসৰ বাবে, কুমাঊঁ সেয়া যি খ্ৰীষ্টানসকলৰ বাবে পেলেষ্টাইন"।[50]

অৰ্থনীতি সম্পাদনা কৰক

 
পিথৌৰাগঢ় জিলাত ধানৰ খেতি

কুমাঊঁতে উত্তৰাখণ্ড ৰাজ্যৰ বিত্তীয় ৰাজধানী হল্দ্বানী স্থিত। উত্তৰাখণ্ড ৰাজ্যত কুমাঊঁতেই প্ৰায়বোৰ বাণিজ্যিক, অৰ্থনৈতিক আৰু ঔদ্যোগিক কাৰ্যকালাপ দেখা যায়, বিশেষকৈ ভৈয়ামৰ ভবৰ আৰু তৰাঈ অঞ্চলত। উদ্যোগৰ লগতে এক বৃহৎ পৰ্যটন খণ্ডও কুমাঊঁৰ অৰ্থনীতিত দেখা যায়। ই এক বৃহৎ সংখ্যক কুমাঊঁনী লোকৰ ৰোজগাৰৰ সাধন।

অৰ্থনৈতিক কেন্দ্ৰসমূহ সম্পাদনা কৰক

  • হল্দ্বানী- ই কুমাঊঁৰ আতাইতকৈ ডাঙৰ চহৰ, আৰু কুমাঊঁৰ প্ৰৱেশদ্বাৰ। সেয়ে, ই কুমাঊঁৰ বিত্তীয় কেন্দ্ৰ, আৰু ইয়াক অনানুষ্ঠানিকভাৱে উত্তৰাখণ্ডৰ বিত্তীয় ৰাজধানীও বোলা হয়। ইয়াতেই আতাইতকৈ অধিক বাণিজ্যিক কাৰ্যকালাপ দেখা যায় ৰাজ্যখনত।
  • ৰুদ্ৰপুৰ- ৰুদ্ৰপুৰ উধম সিংহ নগৰৰ মাজত এক গুৰুত্বপূৰ্ণ বাণিজ্যিক কেন্দ্ৰ। উধম সিংহ নগৰ নিজেই এক ডাঙৰ বাণিজ্যিক কেন্দ্ৰ। জিলাখনৰ পৰা ঔদ্যোগিক আৰু কৃষিজাত, উভয় সামগ্ৰীৰে ৰপ্তানি কৰা হয়, বিশেষকৈ ৰুদ্ৰপুৰ হৈ।[51] ৰুদ্ৰপুৰৰ বাসমতী চাওল অঞ্চলটোত উৎপাদিত আতাইতকৈ উৎকৃষ্ট চাওল।[52] ষ্টে'ট ইনফ্ৰাষ্ট্ৰাক্সাৰ এণ্ড ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট কৰ্পৰেচন লিমিটেড স্থাপন হোৱাৰ পাছত এই জিলাত, বিশেষকৈ ব্ৰ'ডগে'জ ৰে'লৰ চালনৰ সৈতে, তীব্ৰ বিকাশ দেখা গৈছে। কৰ্মীসকলক স্থান দিবলৈ শেহতীয়াকৈ ৰুদ্ৰপুৰ চহৰৰ বিস্তাৰ বৃদ্ধি কৰিবলগীয়া হৈছে।[52]

পৰ্যটন ক্ষেত্ৰ সম্পাদনা কৰক

হিমালয়ত স্থিত কুমাঊঁ অঞ্চলত এক বৃহৎ পৰ্যটন খণ্ড আছে। পৰ্যটনৰ বাবে মুখ্য কেন্দ্ৰ হ'ল:

  • কুমাঊঁৰ হৃদ: নৈনীতাল, ভীমতাল, সৎতাল, নৌকুচীয়াতাল আদিলৈ দেশ-বিদেশৰ লোক আহে
  • ৰাষ্ট্ৰীয় উদ্যান: জিম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান কুমাঊঁৰ আতাইতকৈ বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান। বিনসাৰ বন্যজীৱ অভয়াৰণ্য আৰু অক্সোট হৰিণা অভয়াৰণ্য আন সংৰক্ষিত বনাঞ্চল
  • পাহাড়ীয়া চহৰ: নৈনীতাল, অল্মোড়া, কসৰ, চৌকোৰী, কৌসানী, মুন্সিয়াৰী, লোহাঘাট, ৰামনগৰ, মুক্তেশ্বৰ, পিথোৰাগঢ়, ৰানিখেত আদি কুমাঊঁৰ আতাইতকৈ বিখ্যাত পাহাড়ীয়া পৰ্যটন স্থলীৰ অন্যতম

কৃষি সম্পাদনা কৰক

বাসমতি চাওল, ৰঙা চাওল, ঘেঁহু, ৰাগি (কুমাঊঁনী ভাষাত মদুৱা), ছয়াবিন, মাটিমাহ, মাহজাতীয় শস্য, তৈলবীজ আৰু অন্যান্য শস্য কুমাঊঁত উৎপাদন কৰা হয়। আপেল, কমলা, নাচপতি, পীচ, লিচু, আৰু প্লাম কুমাঊঁত ভাল পৰিমাণত উৎপাদিত ফল। এই অঞ্চল এক বৃহৎ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰো স্থল হৈ পৰিছে। নৈনীতাল জিলাৰ ৰামগঢ় বিশেষভাৱে ফল-মূলৰ বাবে জনাজাত। এই ঠাইক 'কুমাঊঁৰ ফলৰ বাটি' বোলা হয়।[53]

বেৰিনাগ, ভোৱালী, চম্পাৱত আৰু লোহাঘাটত চাহ উৎপাদন কৰা হয়। বেৰিবাগৰ চাহ নিজৰ সোৱাদৰ বাবে বিশেষভাৱে জনাজাত। চম্পাৱতৰ চাহক 'কুমাঊঁ ক'লা চাহ'ৰ নামেৰে বিক্ৰী কৰা হয়।

মুনিস্যাৰী বগা ৰাজমাৰ বাবে বিখ্যাত। এই সামগ্ৰীক জি আই টেগো প্ৰদান কৰা হৈছে। তদুপৰি, কুমাঊঁ চ্যুৰা তেলৰ (কুমাঊঁনী ভাষাত চ্যুৰেক তেল) বাবেও বিখ্যাত। এই সামগ্ৰীকো জি আই টেগ দিয়া হৈছে। এই দুই সামগ্ৰীৰ উপৰিও অল্মোড়াৰ তাম্ৰৰ জি আই টেগ আছে।[49]

চহৰসমূহ সম্পাদনা কৰক

 
 
কুমাঊঁ বিভাগৰ বৃহত্তম নগৰসমূহ
২০১১ চনৰ জনগণনা[54][55]
স্থান জিলা জনসংখ্যা স্থান জিলা জনসংখ্যা
 
হল্দ্বানী
হল্দ্বানী নৈনীতাল ২৩২,০৬০ ১১ বজপুৰ উধম সিংহ নগৰ ২৫,৫২৪  
পিথোৰাগঢ়
ৰুদ্ৰপুৰ উধম সিংহ নগৰ ১৫৪,৪৮৫ ১২ মুখানি নৈনীতাল ২২,৪৭৫
কাশীপুৰ উধম সিংহ নগৰ ১২১,৬১০ ১৩ নগলা উধম সিংহ নগৰ ২২,২৫৮
পিথোৰাগঢ় পিথৌৰাগঢ় ৫৬,০৪৪ ১৪ উম্ৰু খুৰ্ড উধম সিংহ নগৰ ২০,৫৯৫
ৰামনগৰ নৈনীতাল ৫৪,৭৮৭ ১৫ গদৰপুৰ উধম সিংহ নগৰ ১৯,৩০১
যশপুৰ উধম সিংহ নগৰ ৫০,৫২৩ ১৬ ৰানিখেত অল্মোড়া ১৮,৮৮৬
খিচ্ছা উধম সিংহ নগৰ ৪১,৯৬৫ ১৭ তনকপুৰ চম্পাৱত ১৭,৬২৬
নৈনীতাল নৈনীতাল ৪৯,২৭২ ১৮ খাতিমা উধম সিংহ নগৰ ১৫,০৯৬
অল্মোড়া অল্মোড়া ৪৮,৪৫৬ ১৯ মহুৱা খেৰাগঞ্জ উধম সিংহ নগৰ ১২,৫৮৪
১০ সিতাৰগঞ্জ উধম সিংহ নগৰ ২৯,৯৬৫ ২০ দিনেশপুৰ উধম সিংহ নগৰ ১১,৩৪৩

ভাষা সম্পাদনা কৰক


 

কুমাঊঁৰ ভাষাসমূহ (২০১১) (বহুতো কুমাঊঁনীভাষী লোকেও নিজৰ মাতৃভাষা হিন্দী চিহ্নিত কৰিছিল)[56]

  হিন্দী (36.1%)
  উৰ্দু (4.1%)
  বাংলা (3.2%)
  থাৰু (1.1%)
  অন্য (4.3%)

প্ৰশাসন আৰু শিক্ষাৰ মুখ্য ভাষা হ'ল হিন্দী, যি, ২০১১ চনৰ জনগণনাৰ মতে ১ নিযুততকৈও অধিক কুমাঊঁবাসীৰ মাতৃভাষা, বিশেষকৈ দক্ষিণ ভাগত। খিলঞ্জীয়া কুমাঊঁনীসকলৰ মুখ্য ভাষা পিচে হিন্দী নহয়, কুমাঊঁনীহে। কুমাঊঁনী ভাষা কুমাঊঁৰ প্ৰায় দুই নিযুত লোকে কয়। কুমাঊঁৰ দক্ষিণ অঞ্চলত বহু লোকে পাঞ্জাবী, বাংলা আৰু উৰ্দু ভাষাও কয়।[56] কুমাঊঁনীৰ ভগ্নি ভাষা বোকসা আৰু ৰাণা থাৰু আতাইতকৈ দক্ষিণত অৱস্থিত উধম সিংহ নগৰ জিলাত কোৱা হয়। উত্তৰ কুমাঊঁৰ আতাইতকৈ উচ্চ পৰ্বতাঞ্চলত চীনা-তিব্বতী ভাষা যেনে ব্যাংছি, চৌডাংছি, দৰ্মিয়া, ৰাজি, ৰাৱত আৰু বিলুপ্ত ৰঙছ ভাষা কোৱা হয়।[57]

২০১০ চনৰ পৰা সাম্প্ৰদায়িক অনাতাৰ কেন্দ্ৰ কুমাঊঁ বাণী এই অঞ্চলত সম্প্ৰচাৰিত হৈ আহিছে।[58]

কুমাঊঁ বিভাগ: ২০১১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি জনসংখ্যাৰ মাতৃভাষা।[56]
ভাষা কোড ভাষা জিলা কুমাঊঁ বিভাগ
পিথৌৰাগঢ় বাগেশ্বৰ আল্মোড়া চম্পাৱত নৈনীতাল উধম সিংহ নগৰ লোক শতাংশ
২০০৭ বঙালী ৪১৪ ৬৭ ৫৫৫ ৫১৯ ৪,১৭৪ ১২৯,৫৩৭ ১৩৫,২৬৬ ৩.২%
006102 ভোজপুৰী ১,৬৫৪ ২০০ ৮৮৫ ৪৬২ ৬,৬৮৮ ৬০,১৪১ ৭০,০৩০ ১.৭%
006195 গঢ়ৱালী ১,৬৩৪ ১,৮৬৭ ১৭,৯৩৯ ৫৬১ ১৫,৩৪৮ ৫,৮৪০ ৪৩,১৮৯ ১.০%
006240 হিন্দী ৩৫,৫৯০ ১০,৬৮০ ৩৩,১৯৮ ৫০,২৫৪ ৩৬৯,৩৭৩ ১,০২৮,৩৫৪ ১,২৭,৪৪৯ ৩৬.১%
006340 কুমাঊঁনী ৪২৩,৮৬২ ২৪৩,৯৬৫ ৫৬১,৬৪২ ২০৩,০২২ ৪৬২,৪৯৩ ৮৬,০৭৮ ১,৯৮১,০৬২ ৪৬.৮%
006439 পাহাৰী ৬৫৩ ২০০ ১৯৩ ৬৮৩ ২,০৬৭ ৩,৮০৩ ০.১%
010014 থাৰু ১০ ৭৪ 0 ৮৩ ৩৬৪ ৪৭,৫০১ ৪৮,০৩২ ১.১%
১৪০১ নেপালী ৭,২৫৯ ২,১৫৮ ২,৬০৪ ১,২৬৬ ৫,৯৮৪ ১,৬২২ 20,893 ০.৫%
১৬০৩৮ পঞ্জাৱী ৩৮৩ ১০১ ৫৩৬ ৩৭৮ ১৯,৬৪৪ ১৬৬,৩২৭ ১৮৭,৩৬৯ ৪.৪%
২০১৫ চনৰ ২ উৰ্দু ১,২২৪ ২২২ ১,৪০৮ ১,৪৭৪ ৬৩,১৭০ ১০৫,১৪৮ ১৭২,৬৪৬ ৪.১%
৪৬০০৩ হালাম ৫,৬২৩ ১৫৭ ১৮ ১৫ ৯৪ ৩৮ ৫,৯৪৫ ০.১%
৫৩০০৫ গুজাৰি ১,৪১৬ ৮৫৯ ২,২৮৪ ০.১%
- অন্যান্য ৫,১২৫ ৪০০ ৩,৫২০ ১,৪২১ ৫,১৭৪ ১৫,৩৯০ ৩১,০৩০ ০.৭%
মুঠ ৪৮৩,৪৩৯ ২৫৯,৮৯৮ ৬২,৫০৬ ২৫৯,৬৪৮ ৯৫৪,৬০৫ ১,৬৪৮,৯০২ ৪,২২৮,৯৯৮ ১০০.০%

লগতে চাওক সম্পাদনা কৰক

অধিক পঢ়ক সম্পাদনা কৰক

প্ৰবন্ধসমূহ সম্পাদনা কৰক

  1. "Kumaon - Home of the Gods from Nest & Wings - Kumaon Complete Travel Guide". https://www.culturaltrends.in/product/kumaon-home-of-the-gods. 
  2. Robert Montgomery Martin, History of the Possessions of the Honourable East India Company, Volume 1, pg. 107
  3. "Kumaun Himalayas - mountains, India". https://www.britannica.com/place/Kumaun-Himalayas. 
  4. "Ichthyofaunal Diversity of Sharda Sagar Reservoir in Tarai Region" (PDF). Open Academics Journal Index. http://oaji.net/pdf.html%3Fn%3D2017/6036-1522843486.pdf&ved=2ahUKEwiM5_K5y8PkAhWGknAKHeL7B-sQFjAOegQICRAB&usg=AOvVaw2vDxLKmM8imKtQxbyVI49S। আহৰণ কৰা হৈছে: 9 September 2019. 
  5. Iwanek, Krzysztof (17 March 2020). "Gairsain's Uphill Task: Uttarakhand's Plan for Two Capitals". The Diplomat. https://thediplomat.com/2020/03/gairsains-uphill-task-uttarakhands-plan-for-two-capitals/. 
  6. Gokhale, Namita (2015) (en ভাষাত). Mountains Echoes: Reminiscences of Kumaoni Women. Roli Books Private Limited. ISBN 978-93-5194-180-4. https://books.google.com/books?id=5bJlCgAAQBAJ&q=kurmanchal&pg=PT12। আহৰণ কৰা হৈছে: 31 January 2020. 
  7. Gajrani, S. (2004) (en ভাষাত). History, Religion and Culture of India. Gyan Publishing House. পৃষ্ঠা. 236. ISBN 978-81-8205-064-8. https://books.google.com/books?id=T02CC0ihCmcC&q=kumaun+kurmanchal&pg=PA236। আহৰণ কৰা হৈছে: 31 January 2020. 
  8. James Prinsep (Editor)Journal of the Asiatic Society of Bengal, Volume 6, Part 2 (1837), p. 653, গুগুল বুকচ্‌
  9. John McClelland Some inquiries in the province of Kemaon: relative to geology, and other branches of Natural Science (1835) গুগুল বুকচ্‌
  10. John Forbes Royle Illustrations of the botany and other branches of the natural history of the Himalayan Mountains and of the flora of Cashmere (1839), p. 108, গুগুল বুকচ্‌
  11. "Garhwal Vacation Tips - Vacation Tour Garhwal Kumaon -Family Tour India". Archived from the original on 2020-08-06. https://web.archive.org/web/20200806125847/https://www.indiavacationspots.com/kumaon-garhwal-vacation-tour/। আহৰণ কৰা হৈছে: 2022-08-25. 
  12.   One or more of the preceding sentences incorporates text from a publication now in the public domainChisholm, Hugh, ed. (1911). "Kumaon". Encyclopædia Britannica. 15 (11th ed.). Cambridge University Press. p. 945. 
  13.   One or more of the preceding sentences incorporates text from a publication now in the public domainChisholm, Hugh, ed. (1911). "Kumaon". Encyclopædia Britannica. 15 (11th ed.). Cambridge University Press. p. 945. 
  14.   One or more of the preceding sentences incorporates text from a publication now in the public domainChisholm, Hugh, ed. (1911). "Kumaon". Encyclopædia Britannica. 15 (11th ed.). Cambridge University Press. p. 945. 
  15. Handa, O. C. (Omacanda) (2002). History of Uttaranchal. প্ৰকাশক New Delhi: Indus Publishing. পৃষ্ঠা. 22. ISBN 9788173871344. https://books.google.com/books?id=7_Ct9gzvkDQC. 
  16. Gokhale, Namita (2015) (en ভাষাত). Mountains Echoes: Reminiscences of Kumaoni Women. Roli Books Private Limited. ISBN 978-93-5194-180-4. https://books.google.com/books?id=5bJlCgAAQBAJ&q=kurmanchal&pg=PT12। আহৰণ কৰা হৈছে: 31 January 2020. 
  17. Handa, O. C. (Omacanda) (2002). History of Uttaranchal. প্ৰকাশক New Delhi: Indus Publishing. পৃষ্ঠা. 22. ISBN 9788173871344. https://books.google.com/books?id=7_Ct9gzvkDQC. 
  18. Atkinson, Edwin T. (1990). Himalayan Gazetteer.. Cosmo. OCLC 183008777. 
  19. History of Nainital District. The Imperial Gazetteer of India. 1909. পৃষ্ঠা. 324. https://dsal.uchicago.edu/reference/gazetteer/pager.html?objectid=DS405.1.I34_V18_330.gif. 
  20. Hāṇḍā, Omacanda (2002) (en ভাষাত). History of Uttaranchal. Indus Publishing. ISBN 978-81-7387-134-4. https://books.google.com/books?id=7_Ct9gzvkDQC&q=baz+bahadur+chand+tibet&pg=PA82. 
  21. Sen, Siba Pada (1971) (en ভাষাত). The Sino-Indian Border Question: A Historical Review. Institute of Historical Studies. https://books.google.com/books?id=bXUeAAAAMAAJ&q=kailash+mansarovar+baz+bahadur. 
  22. Sharma, Man Mohan (2005) (en ভাষাত). Yātrā: Pilgrimages in the Himalayas. Trishul Publications. ISBN 978-81-85384-92-4. https://books.google.com/books?id=tZwRAQAAIAAJ&q=kailash+mansarovar+baz+bahadur. 
  23. Vaishṇav, Yamunādatta (1983) (en ভাষাত). Himalayan Districts of Uttar Pradesh: Land and People. Sri Almora Book Depot. https://books.google.com/books?id=54e1AAAAIAAJ&q=kailash+mansarovar+baz+bahadur. 
  24. Bhalla, Vikram (September 5, 2018). "Fact Check: Did Aurangzeb defeat China and snatch Kailash Mansarovar from them as a gift to Hindus? - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/times-fact-check/news/fact-check-did-aurangzeb-defeat-china-and-snatch-kailash-mansarovar-from-them-as-a-gift-to-hindus/articleshow/65685957.cms। আহৰণ কৰা হৈছে: 18 September 2020. 
  25. India), Institute of Historical Studies (Calcutta (1971) (en ভাষাত). Collection of Papers Presented at Annual Conference of the Institute. https://books.google.com/books?id=a8Q9AQAAIAAJ&q=kailash+mansarovar+baz+bahadur. 
  26. Sharma, Man Mohan (1986) (en ভাষাত). The Mystery of Rupkund. Vanity Books. https://books.google.com/books?id=LQYuAAAAMAAJ&q=kailash+mansarovar+baz+bahadur. 
  27. "Chitai Temple". Archived from the original on 13 April 2009. https://web.archive.org/web/20090413011854/http://210.212.78.56/almora/English/indexvisitor.html। আহৰণ কৰা হৈছে: 3 October 2016. 
  28. "Bhimtal". http://www.collectbritain.co.uk/personalisation/object.cfm?uid=019PHO000000883U00007000। আহৰণ কৰা হৈছে: 3 October 2016. 
  29. "Almora Temples Uttaranchal - Uttarakhand Worldwide - Kumaon and Garhwal - Almora Temples". www.uttaranchal.org.uk. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304225503/http://www.uttaranchal.org.uk/almoratemples.php। আহৰণ কৰা হৈছে: 3 October 2016. 
  30. History of Garhwal District. The Imperial Gazetteer of India. 1909. পৃষ্ঠা. 165. https://dsal.uchicago.edu/reference/gazetteer/pager.html?objectid=DS405.1.I34_V12_171.gif। আহৰণ কৰা হৈছে: 3 October 2016. 
  31. Robert Montgomery Martin, History of the Possessions of the Honourable East India Company, Volume 1, pg. 107
  32. "The Tribune, Chandigarh, India - Dehradun Edition". Tribuneindia.com. http://www.tribuneindia.com/2009/20091108/dun.htm#2। আহৰণ কৰা হৈছে: 12 July 2012. 
  33. "In Gandhi's footsteps" (en ভাষাত). www.telegraphindia.com. 21 February 2009. https://www.telegraphindia.com/business/in-gandhi-s-footsteps/cid/498321. 
  34. Gandhi, M. K. (11 July 1929). "Almora Impressions". Young India: 2. https://www.gandhiheritageportal.org/journals-by-gandhiji/young-india। আহৰণ কৰা হৈছে: 8 January 2020. 
  35. рдореНрдпрд░ рдкрд╣рд╛реЬ on 5 March 2010 (5 March 2010). "Salt Kranti in Uttarakhand: An Important Chapter of Freedom Movement". Merapahad.com. http://www.merapahad.com/salt-kranti-an-important-chapter-of-indian-freedom-movement/। আহৰণ কৰা হৈছে: 12 July 2012. 
  36. Upadhyay, Vineet (13 December 2015). "NRI pahadi brides eye Kumaoni 'Pichora'" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/dehradun/NRI-pahadi-brides-eye-Kumaoni-Pichora/articleshow/50163441.cms. 
  37. "बागेश्वर में हुड़किया बोल के साथ रोपाई की धूम" (hi ভাষাত). livehindustan.com. http://www.livehindustan.com/uttarakhand/bageshwar/story-planting-with-hoddia-bole-in-bageshwar-1141653.html. 
  38. "Folk Dances Of North India". culturalindia.net. http://www.culturalindia.net/indian-dance/folk-dances/north-india.html। আহৰণ কৰা হৈছে: 29 July 2012. 
  39. "Folk Songs of Uttarakhand". aboututtarakhand.com. http://www.aboututtarakhand.com/Know-Abouts/Folk-Song/Folk-Songs.html। আহৰণ কৰা হৈছে: 29 July 2012. 
  40. "Do you know that Kumaon's Ram Leela is the oldest in the world? | Times of India Travel". The Times of India. https://timesofindia.indiatimes.com/travel/destinations/do-you-know-that-kumaons-ram-leela-is-the-oldest-in-the-world/as71441650.cms. 
  41. "eUttaranchal - Rediscover Uttarakhand - Tourism, Culture & People". www.euttaranchal.com. 6 March 2015. Archived from the original on 7 July 2017. https://web.archive.org/web/20170707205616/http://www.euttaranchal.com/culture/uttaranchali-holi-kumaoni-holi। আহৰণ কৰা হৈছে: 25 August 2022. 
  42. "আৰ্কাইভ কপি". 4 January 2016. Archived from the original on 24 July 2017. https://web.archive.org/web/20170724132945/http://www.thecitizen.in/index.php/NewsDetail/index/9/6381/The-Sweet-Tooth-Of-Kumaon. 
  43. "আৰ্কাইভ কপি". Archived from the original on 2015-10-08. https://web.archive.org/web/20151008013536/http://www.makemytrip.com/travel-guide/nainital/culture.html। আহৰণ কৰা হৈছে: 2022-08-25. 
  44. "Culture & Heritage | District Pithoragarh, Government of Uttarakhand | India". https://pithoragarh.nic.in/culture-heritage/#:~:text=The%20fairs%20of%20Pithoragarh%20are,fairs%20are%20primarily%20trade%20fairs.. 
  45. "Champawat : KALI KUMAON | Champawat | India". https://champawat.nic.in/about-district/. 
  46. Walton, H. G. (1911). Almora: A Gazetter. প্ৰকাশক Allahabad: The Government Press, United Provinces. পৃষ্ঠা. Appendix XXIV. 
  47. "Haldwani - Haldwani Uttarakhand, City Guide, Travel, News, Hotels, Culture, People, Fairs, Festivals, Photographs, History, Matrimony, Education, Business, Industries, Directory, Discussion Forum - A Complete Haldwani Guide". Archived from the original on 2022-08-25. https://web.archive.org/web/20220825125818/https://www.haldwani.co.in/art-culture-haldwani.php। আহৰণ কৰা হৈছে: 2022-08-25. 
  48. "Kumaoni Culture Chachri, Chapeli was presented by Swaramayi Academy Rudrapur on the main stage Under the US Carnival | District UdhamSinghNagar, Government Of Uttarakhand | India". https://usnagar.nic.in/kumaoni-culture-chachri-chapeli-was-presented-by-swaramayi-academy-rudrapur-on-the-main-stage-under-the-us-carnival/. 
  49. 49.0 49.1 "GI tag for 7 indigenous products of Uttarakhand | Dehradun News - Times of India". The Times of India. https://m.timesofindia.com/city/dehradun/gi-tag-for-7-indigenous-products-of-ukhand/amp_articleshow/86623486.cms. 
  50. "FREE Website Creator and low cost hosting, DIY Online Easy Web Builder". Uttarakhand.esiti.net. http://www.uttarakhand.esiti.net/page/21278/ua.htm। আহৰণ কৰা হৈছে: 25 August 2010. [সংযোগবিহীন উৎস]
  51. "District Census Handbook-Udham Singh Nagar Part: XII-A". Census India. https://censusindia.gov.in/2011census/dchb/0512_PART_A_DCHB_UDHAM%20SINGH%20NAGAR.pdf। আহৰণ কৰা হৈছে: 30 September 2020. 
  52. 52.0 52.1 "नगर निगम रुद्रपुर, उधम सिंह नगर, उत्तराखण्ड – 263153". www.nagarnigamrudrapur.com. Archived from the original on 18 September 2020. https://web.archive.org/web/20200918064409/http://nagarnigamrudrapur.com/About.aspx। আহৰণ কৰা হৈছে: 28 September 2020. 
  53. "Ramgarh - the fruit bowl of Kumaon". https://www.tripoto.com/trip/ramgarh-the-fruit-bowl-of-kumaon-7827. 
  54. "Urban Agglomerations/Cities having population 1 lakh and above". Provisional Population Totals, Census of India 2011. http://www.censusindia.gov.in/2011-prov-results/paper2/data_files/India2/Table_3_PR_UA_Citiees_1Lakh_and_Above.pdf। আহৰণ কৰা হৈছে: 7 July 2012. 
  55. "Uttarakhand (India): Districts, Cities and Towns - Population Statistics". http://www.citypopulation.de/php/india-uttarakhand.php. 
  56. 56.0 56.1 56.2  (Report). http://censusindia.gov.in/2011census/C-16/DDW-C16-STMT-MDDS-0500.XLSX। আহৰণ কৰা হৈছে: 14 July 2020. 
  57. "India – Languages". Ethnologue. SIL International. 2019. Archived from the original on 1 April 2019. https://web.archive.org/web/20190401120331/https://www.ethnologue.com/country/IN/languages. 
  58. "Kumaon Vani Community Radio - 90.4 MHz". 27 December 2017. https://www.teriin.org/project/kumaon-vani-community-radio-904-mhz। আহৰণ কৰা হৈছে: 16 January 2020. 
  • Dr. Y. S. Kathoch-ৰ দ্বাৰা উট্ৰাখণ্ডৰ এক নতুন ইতিহাস

বাহ্যিক সংযোগ সম্পাদনা কৰক