২৪ জুলাই
তাৰিখ
(জুলাই ২৪ৰ পৰা পুনঃনিৰ্দেশিত)
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
২০২৫ |
২৪ জুলাই (ইংৰাজী: 24 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৫তম (অধিবৰ্ষত ২০৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬০টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰক- ১২০৬ - কুটুবউদ্দিন আইবাকে লাহোৰৰ সিংহাসনত আৰোহণ কৰে।
- ১৯৮৩ - প্ৰখ্যাত সাহিত্যিক মহাদেৱী বৰ্মালৈ জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয়।
- ১৯৮৫ - ৰাজীৱ গান্ধী আৰু সন্ত লংগোৱালাৰ মাজত পঞ্জাৱ চুক্তি স্বাক্ষৰিত হয়।
- ১৯৯৭ - প্ৰাক্তন প্ৰধান মন্ত্ৰী গুলজাৰিলাল নন্দা আৰু অৰুণা আছফ আলিলৈ (মৰণোত্তৰভাৱে) ভাৰতৰত্ন সন্মান ঘোষণা কৰা হয়।
- ১৯৯৭ - সাহিত্যিক মহাশ্বেতা দেৱীলৈ ৰমন মেগছেছে বঁটা ঘোষণা কৰা হয়।
- ২০০০ - সুব্বাৰামন বিজয়লক্ষ্মী গ্ৰেণ্ডমাষ্টাৰ খিতাপ দখল কৰা ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা হয়।
- ২০০৭ - ভাৰতবৰ্ষৰ দ্বাদশগৰাকী তথা প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলে শপত গ্ৰহণ কৰে।
- ২০২১ - মণিপুৰৰ ভাৰোত্তোলক মীৰাবাই চানুৱে টকিঅ' অলিম্পিকত (Tokyo Olympic) ভাৰোত্তোলনৰ ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক জিকে। [1]
জন্ম
সম্পাদনা কৰক- ১৮০২ - আলেকজেণ্ডাৰ ডুমা, ফৰাচী ঔপন্যাসিক।
- ১৮৯৭ - আমেলি ইয়াৰহাৰ্ট, আমেৰিকান মহিলা বৈমাণিক। ১৯৩২ চনত তেওঁ প্ৰথম অকলে উৰাজাহাজ চলাই আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰিছিল।
- ১৯১১ - পান্নালাল ঘোষ, ভাৰতীয় বাঁহীবাদক।
- ১৯৫২ - ৰঞ্জু হাজৰিকা (কুমুদ চন্দ্ৰ হাজৰিকা), অসমীয়া ঔপন্যাসিক।
- ১৯৬৯ - জেনিফাৰ ল'পেজ, আমেৰিকান পপ গায়িকা আৰু অভিনেত্ৰী।
- ১৯৮০ - আগথা চাংমা, ভাৰতীয় ৰাজনীতিক।
মৃত্যু
সম্পাদনা কৰক- ১৮৮৩ - কেপ্তেইন মেথিউ ৱেব, ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা বিশ্বৰ প্ৰথম ব্যক্তি।
- ১৯৭৪ - জেমছ ছেডউইক, নোবেল বিজয়ী (১৯৩৫) ইংৰাজ পদাৰ্থ বিজ্ঞানী আৰু নিউট্ৰণৰ আৱিষ্কাৰক।
- ১৯৮০ - উত্তম কুমাৰ, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, সুৰকাৰ।
- ১৯৯১ - আইজাক বাচেভিচ্ চিংগাৰ, পোলেণ্ডবংশী ইহুদী-আমেৰিকান লেখক।
- ২০০৪ - আল্পনা বন্দোপাধ্যায়, ভাৰতীয় কণ্ঠশিল্পী।
দিৱস
সম্পাদনা কৰক- ভাৰতৰ ৰাষ্ট্ৰীয় তাপ অভিযন্তা দিৱস। (ইংঃ National Thermal Engineer Day)
- ইজিপ্টৰ ৰাষ্ট্ৰীয় দিৱস।
- শিশু দিৱস (ভানুয়াটু)।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ২৪ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
তথ্যসুত্ৰ
সম্পাদনা কৰক- ↑ Sarma, Kokil (JULY 24, 2021). "Mirabai Chanu: উত্তৰ পূবেই নহয় সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই লৈ অহা ইম্ফলৰ মীৰাবাই চানুৰ বিষয়ে আপুনি নজনা বহু কথা". NEWS18 ASSAM. প্ৰকাশক Assam. https://assam.news18.com/news/lifestyle/mirabai-chanu-profile-know-all-about-manipur-weight-lifter-who-wins-silver-at-tokyo-133907.html.