ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (উদ্ভাৱনশালা)

(ৱিকিপিডিয়া:VPDৰ পৰা পুনঃনিৰ্দেশিত)
কেন্দ্ৰীয় আলোচনা
প্ৰস্তাৱসমূহ আলোচনা পৌনঃপুনিক প্ৰস্তাৱসমূহ

টোকা: নিষ্ক্ৰিয় আলোচনাসমূহ, শেষ হওক বা নহওক, আৰ্কাইভ ক’ৰা হ’ব
আৰ্কাইভআলোচনাসম্পাদনাইতিহাসপ্ৰদৰ্শন



সংৰক্ষিত পাঠ

সংৰক্ষিত পাঠ ১ (এপ্ৰিল-জুলাই ২০১২)
সংৰক্ষিত পাঠ ২ (২০১২-২০১৮)


অসমীয়া ৱিকিমিডিয়াৰ ভৱিষ্যত কাৰ্য্যপন্থা সম্পাদনা কৰক

অসমীয়া ৱিকিমিডিয়াৰ প্ৰকল্পসমূহৰ ভৱিষ্যত কাৰ্য্যপন্থা সম্পৰ্কীয় কিছু ব্যক্তিগত অনুভৱ আৰু প্ৰস্তাৱ উত্থাপন কৰিব খুজিছোঁ৷ এই প্ৰস্তাৱসমূহ আগবঢ়োৱাৰ মূল অনুঘটকটো হ’ল মালায়ালম ৱিকিপিডিয়াৰ পিছতে ভাৰতীয় ভাষাসমূহৰ ভিতৰতে দ্বিতীয়খন ৱিকিপিডিয়া হিচাপে ২০০২ চনত মুকলি কৰা অসমীয়া ৱিকিপিডিয়া সক্ৰিয় অৱদানকাৰীৰ অভাৱৰ বাবে এতিয়াও চালুকীয়া অৱস্থাতে আছে৷ গতিকে বৰ্তমানৰ আগ্ৰহী আৰু সক্ৰিয় ৱিকিমিডিয়ান সকলে একত্ৰিতভাৱে আৰু পৰিকল্পিতভাৱে ৱিকিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে প্ৰয়োজনীয় কিছুমান পদক্ষেপ হাতত লোৱাৰ সময় আহি পৰিছে৷ তলৰ প্ৰস্তাৱসমূহ উচ্চাকাংক্ষী যেন ভাৱ হ’ব পাৰে, তথাপিও সকলোকে মুকলিকৈ সমৰ্থন/আপত্তি দৰ্শাই মন্তব্য আৰু অন্য প্ৰস্তাৱো আগবঢ়াবলৈ অনুৰোধ কৰিলো৷

  1. মাহেকীয়া সম্পাদনা মাৰাথন: ৱিকিউৎসত যোৱা কেইমাহমানৰ পৰা প্ৰতিটো মাহত একোজন লেখকৰ মাহ হিচাপে লৈ তেওঁৰ লিখনিসমূহৰ ইউনিক’ডত উপলব্ধ কৰা হৈ আহিছে৷ তেনেদৰে ৱিকিপিডিয়াতো মাহেকীয়াকৈ একোটা থীম বাচি লৈ সেইসম্পৰ্কীয় আনুসংগিক প্ৰবন্ধসমূহ যোগ দিয়াৰ চেষ্টা কৰিলে কেনে হয়?
  2. ৱিকিত সম্পাদনাৰ অসমীয়া ভিডিঅ’/ব্লগৰ লেখা: আজিকালি নজনা কাম এটা কৰিবলৈ লৈয়ে প্ৰায় সকলোৱে কেনেকৈ কৰিব সেয়া গুগুলত বা ইউটিউবত খুঁচৰি চায়৷ তাত একো নাপালেহে হয়তো কাৰোৱাক সোধে৷ এইকাৰণেই মই ভাৱো, ইউটিউবত ৱিকিত কি কেনেকৈ সম্পাদনা কৰিব সেইসম্পৰ্কে অসমীয়াতে ভিডিঅ’ থকাৰ বা সেইসম্পৰ্কীয় ব্লগৰ লেখনি থকাৰ দৰকাৰ৷
  3. ৱিকিক্লাৱ: মই জনাত শিলচৰ আৰু তেজপুৰত কেইবছৰমান আগতে এনে ৱিকিক্লাৱ গঠন হৈছিল কিন্তু বৰ্তমান হয়তো আগৰদৰে সক্ৰিয় নহয়৷ অসমৰ বিভিন্ন জিলাত থকা বৰ্তমানৰ সক্ৰিয় সদস্যসকলে যদি অন্য আগ্ৰহী কেইজনমানক লৈ এনে ক্লাৱ গঠন কৰাৰ কথা ভাৱিব পাৰে৷ সুবিধা অনুযায়ী মাহে-পষেকে তেওঁলোকে একেলগে ৱিকিৰ কাম-কাজ কৰা, কিবা সমস্যা হ’লে জনা জনে দেখুৱাই দিয়া আদি কৰিব পাৰিলেই যথেষ্ট৷
  4. শিক্ষানুষ্ঠানৰ কম্পিউটাৰ/অসমীয়া বিষয়ত অন্তৰ্ভুক্তি: অসমৰ মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত কম্পিউটাৰ বা অসমীয়া বিষয়ত ছাত্ৰ-ছাত্ৰীক এছাইন্টমেন্ট বা চেমিনাৰৰ বিষয় হিচাপে ৱিকিপিডিয়া বা ৱিকিউৎসৰ কাম দিয়াৰ প্ৰস্তাৱটো মাজে-সময়ে ওলাই থাকে কিন্তু মই জনাত কাৰ্য্যক্ষেত্ৰত এতিয়াও হোৱাগৈ নাই৷ অন্য দেশত সচেতন শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজা প্ৰচেষ্টাৰে এনে কাম কৰাৰ খৱৰ পাই থাকোঁ৷ এই এটা পদক্ষেপেই অসমীয়া ৱিকিমিডিয়াৰ প্ৰকল্পসমূহক বহু আগবঢ়াই নিব পৰাৰ সম্ভাৱনা আছে৷
  5. বাতৰি কাকত/আলোচনীত ৱিকিপত্ৰিকাৰ শিতান: ৱিকিপত্ৰিকাৰ বাবে বা ৱিকিৰ বা-বাতৰিসমূহৰ বাবে কোনো কাকত/আলোচনীত নিয়মীয়াকৈ এটা সৰু শিতান লোৱাৰ কথা ভাৱিব পাৰিনে? এনে এটা শিতান হ’লে ৱিকিৰ ভিজিবিলিটি যথেষ্ট বঢ়াৰ আশা আছে৷
  6. ৱিকি কৰ্মশালা/চাহমেল: ৱিকি কৰ্মশালা/চাহমেল ইতিমধ্যে কেইবাখনো হৈ গৈছে৷ মই ভাৱো,বছৰেকৰ মূৰত গুৱাহাটীত কেইবাদিনীয়া (ট্ৰেইন দ্য ট্ৰেইনাৰ বা CIS A2K ৰ অন্য অনুষ্ঠানৰ কথা কোৱা নাই) এই চাহমেলবোৰ মাথোঁ কেইজনমান আগ্ৰহীলোকক লৈয়ে নিয়মীয়াকৈ অসমৰ বিভিন্ন জিলাত অনুষ্টুপীয়াকৈ পতাত গুৰুত্ব দিব লাগে৷ ৱিকিক্লাৱসমূহে এইক্ষেত্ৰত আগভাগ ল’ব পাৰে৷
  7. অসম সংক্ৰান্তীয় চিত্ৰ: ৱিকিকমনছত অসমৰ ঠাই, কলা-সংস্কৃতি, ক্ৰীড়া, ব্যক্তিত্ব, পৰম্পৰা যিয়ে নহওক প্ৰায়বোৰ বিষয়তে চিত্ৰৰ অভাৱ৷ অথচ আজিকালি সকলোৰে হাতে হাতে স্মাৰ্টফোন আৰু ছ’ছিয়েল মেডিয়াত ফটোৰ লেখ-জোখ পাবলৈ নাই! অসম সংক্ৰান্তীয় চিত্ৰ কমনছত আপল’ড কৰিবলৈ ৰাইজক কেনেকৈ উৎসাহ দিব পাৰি বাৰু? মই ভাৱি পোৱা এটা উপায় হ’ল, ৱিকিপত্ৰিকাৰ নিৰ্বাচিত চিত্ৰৰ বাবে মাহেকীয়া প্ৰতিযোগিতা পাতি পুৰষ্কাৰ হিচাপে ৱিকিসংক্ৰান্তীয় কিবা এটা (টিচাৰ্ট/মাগ?) আগবঢ়োৱা৷ আপোনালোকে কি কয়?
  8. ছ’ছিয়েল মিডিয়াত প্ৰচাৰ:শেহতীয়াকৈ ফে’চবুক/টুইটাৰ/ইনষ্ট’গ্ৰামত অসমীয়া ৱিকিৰ সক্ৰিয়তা বাঢ়িছে৷ ৰাইজেও অনলাইন ৱিকিৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে খা-খৱৰ পাইছে৷ এইটো খুবেই ভাল লক্ষণ৷ মাথোঁ উনুকিয়াই থ’লো এইকাৰণেই যে এই সক্ৰিয়তাৰ ধাৰাবাহিকতা ৰক্ষা কৰিবৰ বাবে একাউন্টবোৰ একাধিক সদস্যই চলাব পাৰিলে ভাল যাতে এজনৰ ওপৰতে সকলো দায়িত্ব নপৰে আৰু কোনো এজন অন্য কামৰ হেঁচাত কিছুসময়ৰ বাবে আঁতৰি থাকিবলগা হ’লেই একাউন্টবোৰ নিস্ক্ৰিয় হৈ নাযায়৷
  9. ৱিকিপদক: এইটো ইতিমধ্যে কৰি অহা হৈছে৷ উল্লেখ কৰিলোঁ এইকাৰণেই যে অসমীয়া ৱিকিমিডিয়াৰ সকলো সক্ৰিয় সদস্যই একো একোজন প্ৰকৃত অসমীয়া- যি নিজৰ জাতিৰ বাবে, ভাষাৰ বাবে নিস্বাৰ্থভাৱে নিজৰ সাৰ্মথ্য অনুসৰি নিৰলস অৱদান আগবঢ়াই আহিছে৷ গতিকে মোৰ বোধেৰে আমি সকলোৱে ইজনে সিজনক উৎসাহ যোগাবলৈ, দুই-এটা পদক আগবঢ়াবলৈ/গ্ৰহণ কৰিবলৈ সংকোচ কৰিব নালাগে :)

ওপৰৰ কোনো বিশেষ প্ৰস্তাৱৰ লগত একমত আৰু ইয়াৰ কাৰ্য্যকৰীকৰণত আগ্ৰহী হ’লে প্ৰস্তাৱৰ তলত মন্তব্য দি আগ্ৰহ প্ৰকাশ কৰিবলৈ অনুৰোধ কৰিলোঁ৷

-জলি বৰা (talk) 13:33, 15 June 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

মন্তব্য সম্পাদনা কৰক

ক'বলগীয়াখিনি সম্পাদনা কৰক

  1. সম্পাদনা মাৰাথন: ৱিকিউৎসৰ বিষয়বোৰ লৈয়েই প্ৰতি মাহে ৱিকিপিডিয়াত প্ৰবন্ধ লিখাৰ কথা উলিয়াইছিলোঁ। হৈ উঠাগৈ নাই। এডিটাথন পাতিব লাগে যদি অলপ পৰিকল্পনা লাগিব।
  2. ভিডিঅ’/ব্লগৰ লেখা: ব্লগত বহুতে লিখিছেই। ভিডিঅ' কৰাটো এটা ভাল প্ৰস্তাৱ। বেছি অনুসৰণকাৰী থকা অসমীয়া ইউটিউব চেনেলকো সমৰ্থনৰ বাবে যোগাযোগ কৰিব পাৰি।
  3. শিক্ষানুষ্ঠান: ভাস্কৰ ভূঞাই উত্তৰ লখিমপুৰ কলেজৰ এই কামটো কৰাৰ বাবে কথা পাতিছে। এইটোকে পাইলট প্ৰজেক্ট হিচাপে লোৱা যাওক।
  4. কৰ্মশালা/চাহমেল: শেহতীয়াকৈ গণ্য-মান্য লোক কেইজনমানে উৎসাহ দেখুৱাইছে। মই ভাবোঁ এইবছৰ অন্ততঃ তিনিখন ৱিকিপিডিয়া/উৎস কৰ্মশালা পাতিব পাৰিম। অনুষ্টুপীয়া মেলবোৰৰ কথা এখন ঠাইত থকা সদস্যসকলেহে ক'ব পাৰিব।
  5. চিত্ৰ: পুৰষ্কাৰৰ প্ৰস্তাৱটো বঢ়িয়া। টি চাৰ্টৰ ব্যৱস্থা হৈ যাব। এনেকুৱা পুৰষ্কাৰ এডিটাথনতো থাকিব।
  6. ছ’ছিয়েল মিডিয়া: প্ৰতিটো মিডিয়াৰ বাবে পাঁচজনমানক দায়িত্ব দিব লাগিব।

— গীতাৰ্থ বৰদলৈ (talk) 19:28, 16 June 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

ইয়াৰোপৰি সম্পাদনা কৰক

  1. অসমীয়া ৱিকিপিডিয়াৰ তৰফৰ পৰা অসমীয়া আৰু ইংৰাজী নৱবৰ্ষত দিনপঞ্জি (কেলেণ্ডাৰ) একোখনকৈ উলিয়ালে কেনে হয়! ইংৰাজী দিনপঞ্জিখনো অসমীয়া ভাষাতে উলিয়াব লাগে।
  2. ইউ-টিউবৰ ভিডিঅৰ বাবে এটা ৱিকিপিডিয়া ভিডিঅ' চেনেল খুলিব পাৰি। কেইজনমান সদস্যক তাৰ পৰিচালনাৰ বাবে নিৰ্বাচন কৰিব লাগে। চেনেলটো মই খুলি দিব পাৰিম বাৰু! কিন্তু ভিডিঅ'বোৰ নিৰ্মান কৰি আপল'ড কৰিব লাগিব, বিশেষকৈ নিৰ্মান কৰাটো মূল কথা। "শ্লাইড শ্ব" ধৰণৰ ভিডিঅ' নিৰ্মান কৰিব লাগে। দিব্য দত্ত (বাৰ্তা) 16:09, 17 June 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

প্ৰস্তাৱৰ কাৰ্য্যকৰীকৰণৰ বাবে স্বেচ্ছাসেৱকৰ আহ্বান সম্পাদনা কৰক

  1. মাহেকীয়া সম্পাদনা মাৰাথন: ৱিকিউৎসৰ লগত মিলাই ৱিকিপিডিয়াটো কেৱল লেখকক লৈ কৰাতকৈ মাহটোৰ তাৎপৰ্য্যপূৰ্ণ কিবা এটা বিষয় ল’লে ভাল হ’ব নেকি? গীতাৰ্থ, পৰীক্ষামূলকভাৱে মাহেকীয়া এডিটাথন এটা পতাত তুমিয়ে আগভাগ ল’ব পৰিবানে? আগ্ৰহী সদস্যসকলেও সহায় কৰিবলৈ আগবাঢ়ি আহিলে ভাল হ’ব৷
  2. ৱিকিৰ অসমীয়া ভিডিঅ’: দিব্যদা আৰু গীতাৰ্থৰ লগত একমত৷ ঈশানে চেষ্টা কৰিব বুলি মত দিছে৷ লগতে দিব্যদাই ভিডিঅ’ চেনেলৰ দায়িত্ব লৈছে৷ দুয়োলৈ অশেষ ধন্যবাদ! আৰু কোনে এইটো কামত লাগি দিব পাৰিব মন্তব্য দিয়কচোন৷
  3. শিক্ষানুষ্ঠানৰ কম্পিউটাৰ/অসমীয়া বিষয়ত অন্তৰ্ভুক্তি: এইক্ষেত্ৰত ভাস্কৰজ্যোতিৰ পৰিকল্পনালৈ শুভেচ্ছা থাকিল৷
  4. ৱিকি কৰ্মশালা/চাহমেল: গীতাৰ্থ ই দায়িত্ব লৈছেই৷ অনুষ্টুপীয়া চাহমেলবোৰৰ কাৰণে পৰিকল্পনা কৰিবলৈ বৰ্তমানৰ সক্ৰিয় সদস্যসকলে কোন ঠাইত বিচাৰে সেয়া নিজেই প্ৰস্তাৱ কৰিলে ভাল হয়৷ পূৰ্বৰ আলোচনাৰ পৰা তলৰ নামকেইটা প্ৰস্তাৱ কৰিছোঁ-
    1. নগাওঁ: অনামিকা
    2. লখিমপুৰ:ভাস্কৰজ্যোতি
    3. গুৱাহাটী:গীতাৰ্থ
    4. যোৰহাট:?
    5. তেজপুৰ:নয়ন জ্যোতি
  5. অসম সংক্ৰান্তীয় চিত্ৰ প্ৰতিযোগিতা: এই প্ৰতিযোগিতা পাতিবলৈ বা এডিটাথনৰ আৰু চিত্ৰৰ বাবে পুৰস্কাৰ (টিচাৰ্ট আগৰ ডিজাইন নহয়-অসমীয়া ৱিকিৰ নিজা হ’লে বেছি ভাল)ৰ কাৰণে কি কৰিব লাগিব জানিলে সহায় কৰিব পাৰিম৷ গতিকে মোৰ নামটো দি থ’লো৷
  6. ছ’ছিয়েল মিডিয়াত প্ৰচাৰ:গীতাৰ্থৰ লগত একমত৷ মই জনাত তলত উল্লেখ কৰা সদস্যসকলে বৰ্তমানে একাউন্টবোৰ চলাই আছে৷ এই কামটোৰ বাবে আৰু দুজনমানৰ দৰকাৰ৷ আৰু কোনোবাই পাৰে যদি অনুগ্ৰহ কৰি মন্তব্য দিয়কচোন৷
    1. ফে’চবুক: চাণক্য, গীতাৰ্থ, ভাস্কৰজ্যোতি
    2. টুইটাৰ: চাণক্য, জলি
    3. ইনষ্ট’গ্ৰাম: গীতাৰ্থ, চাণক্য, প্ৰিয়াংকুশ?
  7. ৱিকিমিডিয়াৰ কেলেণ্ডাৰ: এইটো খুউব ভাল প্ৰস্তাৱ বুলি ভাৱোঁ৷ কৰিবলৈও বিশেষ অসুবিধা হ’ব নালাগে৷ এতিয়াই কোনোবাই দায়িত্বটো ল’লেতো আৰু ভাল৷ দিব্যদা?

মই বৰ্তমান অসমত নাই বাবে কিছুমান পদক্ষেপত বিশেষ সহায় কৰিব নোৱাৰিম৷ কিন্তু ইয়াৰ পৰাই কৰিব পৰা কামত লাগি ভাগি দিবলৈ সাজু৷ গতিকে নোসোধাকৈ বাকী সদস্যসকলৰ নাম প্ৰস্তাৱ কৰাৰ বাবে দায়-দোষ নধৰে যেন! আপত্তি থাকিলে নিজেই নাম আঁতৰাই দিব পাৰে৷ আশাকৰোঁ অসমত থকা সক্ৰিয় সদস্যসকল আগবাঢ়ি আহিব৷

জলি বৰা (talk) 18:22, 17 June 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

আলোচ্য বিষয়ৰ প্ৰতি মোৰ সমৰ্থন আছে । ফেচবুকৰ পেজটোত মই সহায় কৰিব পাৰিম ।Bhaskarjyoti Bhuyan (talk) 03:15, 18 June 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক
ৱিকি কেলেণ্ডাৰৰ বাবে বাস্তৱ ফটোত কৈ অঁকা ছবি ভাল হয় বুলি ভাবিছোঁ। প্ৰাণজ্যোতি বা আৰু মই অঁকাৰ দ্বায়িত্ব ল'ব পাৰোঁ। ইনষ্টাগ্ৰামৰ দ্বায়িত্ব খিনিৰ বাবে ধন্যবাদ। যি পাৰোঁ হাত উজান দিম।

নয়ন জ্যোতি নাথ (talk)

ফেইচবুকৰ নতুন দায়িত্ব সদস্য:Bhaskarjyoti Bhuyan, User:দিব্য দত্ত আৰু User:ঈশান জ্যোতি বৰাক, ইনষ্টাগ্ৰামৰ নতুন দায়িত্ব সদস্য:নয়ন জ্যোতি নাথ আৰু User:SlowPhoton দিয়া হৈছে। — গীতাৰ্থ বৰদলৈ (talk) 16:02, 20 June 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

মন্তব্য সম্পাদনা কৰক

জলি বাই বৰ সুন্দৰ প্ৰস্তাৱ আগবঢ়াইছে। ইয়াৰ লগতে আৰু দুটা প্ৰস্তাৱ মই আগবঢ়াব বিছাৰোঁ:

  1. অসমীয়া ৱিকিপিডিয়াৰ আৰু ৱিকিউৎসৰ বাবে এখন সহায়িকা হাতপুথি pdf আকাৰত প্ৰস্তুত কৰা। উদাহৰণ স্বৰূপে: File:Wikisource Handbook for Indian Communities.pdf ভাৰতীয় ৱিকিউৎসৰ বাবে বনোৱা এই হাতপুথিখন। হাতপুথিখনত ৱেবছাইট, মোবাইল ৱেব, আৰু মোবাইল এপ এই আটাইবোৰ platform-তে অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসত কেনেকৈ বৰঙণি আগবঢ়াৰ পাৰি তাৰ তথ্য থাকিব লাগে। Sreenshot-ৰ সহায়ত তথ্যবোৰ সহজে বুজিব পৰাকৈ আগবঢ়াব লাগে।
  2. ৱিকিপত্ৰিকাত বৰ্তমানলৈ প্ৰকাশ হোৱা ৱিকিপিডিয়ানৰ মনৰ কথা-বোৰ সংগ্ৰহ কৰি এখন pdf আকাৰত সংকলন প্ৰস্তুত কৰা। ৱিকিপিডিয়ানৰ মনৰ কথাবোৰ বৰ সুন্দৰকৈ লিখা আৰু সঁচাই প্ৰেৰণাদায়ক, মোৰ বোধেৰে এইলেখাসমূহে নতুন সদস্যসকলকো ৱিকিত বৰঙণি আগবঢ়াবলৈ প্ৰেৰণা যোগাব।

pdf আকাৰৰ এই দুয়োখন document আমি social media, WhatsApp ইত্যাদি যোগে share কৰি প্ৰচাৰ চলাব পাৰোঁ। --SlowPhoton (talk) 06:36, 18 June 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

দুয়োটাই খুউব ভাল প্ৰস্তাৱ বুলি ভাৱো৷ ৱিকিপিডিয়ানৰ মনৰ কথা ৰ সংকলনখনত মই লাগি দিব পাৰোঁ৷ সহায়িকা হাতপুথিখন তোমালোকেই বেছি ভালকৈ কৰিব পাৰিবা কিজানি৷ - জলি বৰা (talk) 16:36, 19 June 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক
@Joli: হাতপুথিৰ কামটো তুমিয়েই আৰম্ভ কৰা। FAQ বুকলেটখন মই আপডেইট কৰিম বাৰু। — গীতাৰ্থ বৰদলৈ (talk) 16:02, 20 June 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক
মই ৱিকিপিডিয়ানৰ মনৰ কথাৰ সংকলনখনৰ কাম আৰম্ভ কৰিছোঁ। --SlowPhoton (talk) 10:38, 21 June 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

প্ৰজেক্ট টাইগাৰ ২.০ সম্পাদনা কৰক

সদস্যবৃন্দ, গুগলৰ পৃষ্ঠপোষকতাত আৰু CIS-India-ৰ সহযোগত এইবাৰ অনুষ্ঠিত হ'বলগীয়া ৱিকিপিডিয়াৰ সম্পাদনা মেলা "প্ৰজেক্ট টাইগাৰ ২.০"ত অসমীয়া ভাষাৰ স্বেচ্ছাসেৱকসকলেও অংশগ্ৰহণ কৰিব। গুগলৰ পৰা ৫০০ টা বিষয়ৰ এখন তালিকা দিয়াৰ লগতে এখন স্থানীয়ভাৱে গুৰুত্বপূৰ্ণ বিষয়ৰ এখন তালিকাও প্ৰস্তুত কৰা হ'ব। আপোনালোকেও এই তালিকাখন সংবৰ্ধন কৰি অসমীয়া ৱিকিপিডিয়াক সহায় কৰিব পাৰে। অধিক জানিবলৈ অনুগ্ৰহ কৰি "ৱিকিপিডিয়া:প্ৰজেক্ট টাইগাৰ ২.০" পৃষ্ঠাটো চাওক। — গীতাৰ্থ বৰদলৈ (talk) 13:48, 12 September 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

প্ৰজেক্ট টাইগাৰ ২.০-ৰ বাবে অসমীয়া ৱিকিপিডিয়াত নথকা কিছু গুৰুত্বপূৰ্ণ বিষয়ৰ প্ৰবন্ধৰ এখন স্থানীয় তালিকা প্ৰস্তাব কৰা হৈছে। তালিকাখন ইয়াত পাব: ৱিকিপিডিয়া:প্ৰজেক্ট টাইগাৰ ২.০/প্ৰবন্ধ তালিকা। ইয়াৰ লগতে বিশেষ:কাম্য পৃষ্ঠাসমূহৰ তালিকাৰ পৰাও কিছু প্ৰবন্ধ যোগ কৰিব পৰা যায়। --SlowPhoton (talk) 05:25, 17 September 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

অনলাইন আলোচনা, এপ্ৰিল ২০২০ সম্পাদনা কৰক

৮ এপ্ৰিলৰ নিশা কেইগৰাকীমান অসমীয়া ৱিকিমিডিয়ানৰ অনলাইন আলোচনাত ৱিকিপিডিয়া সম্পৰ্কীয় তলৰ কথাকেইটা উত্থাপিত হয় (‍ৱিকিউৎসৰ কথাখিনি সেই ৱেবছাইটত অন্তৰ্ভুক্ত কৰা হৈছে):

  • অসমীয়া ৱিকিপিডিয়া সম্পৰ্কে বাতৰি কাকত, আলোচনী, ৱেবছাইট আদিত প্ৰকাশ পোৱা লেখাবোৰ সংগ্ৰহ কৰি এঠাইত থোৱাৰ সিদ্ধান্ত লোৱা হৈছে। কপিৰাইটৰ বাবে ইয়াত আপল'ড কৰাত সমস্যা হ'লে অসমীয়া ৱিকিৰ ইমেইলৰ ড্ৰাইভত থ'ব পাৰি।
  • ৱিকিপিডিয়াৰ বেটুপাতত প্ৰতিমাহে শীৰ্ষৰ ৱিকিপিডিয়ান কেইগৰাকীৰ বিষয়ে ছবিসহ চমু টোকা একোটা লিখাৰ কথাৰ নয়ন জ্যোতি নাথে কৈছে। ব্যক্তিগত তথ্য যিমান পাৰি পৰিহাৰ কৰি কেতিয়াৰ পৰা সক্ৰিয়, কিমান কাম কৰিছে আদি ৰাখিব পাৰি। নতুন লোকে ৱিকিপিডিয়াত প্ৰৱেশ কৰি এইবোৰ দেখিলে উৎসাহ অনুভৱ কৰাৰ সম্ভাৱনা থাকে। সদস্য:Joliয় প্ৰস্তাৱ দিয়ে যে প্ৰতিমাহৰ ৱিকিপিডিয়াজনৰ বিষয়ে চমুকৈ ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰা উচিত।
  • সদস্য:ঈশান জ্যোতি বৰাই প্ৰস্তাৱ দিয়ে যে তেওঁ সাপ্তাহিকভাৱে অসমীয়া ৱিকিৰ কাম-কাজসমূহৰ খবৰৰ লগতে অন্য ৱিকিৰ গুৰুত্বপূৰ্ণ কামবোৰৰ কথা লিখিব। সৰু সৰু ল'ৰা ছোৱালীয়ে অ‌ইন ভাষাত কৰা কাম, স্কুল-কলেজ আৰু চৰকাৰে কৰা সহায় আদিবোৰৰ কথা ইয়াত থাকিব।

ৱিকিউৎসৰ অনলাইন কৰ্মশালা, এপ্ৰিল ২০২০ সম্পাদনা কৰক

ফেচবুকৰ অসমীয়া ৱিকিমিডিয়া গ্ৰুপৰ যোগেদি অনিমেষ বৰাই ৱিকিউৎসৰ এখন অনলাইন কৰ্মশালাৰ আহ্বান জনায়। আগন্তুক ৱিকিউৎসৰ মুদ্ৰণ সংশোধন প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি ২৫ এপ্ৰিলৰ ৰাতি ৮ বজাত এই কৰ্মশালাৰ সময় ধাৰ্য কৰা হয়। কেইবাজনো সক্ৰিয় ৱিকি সদস্যই অতি কম সময়ৰ ভিতৰতে বিভিন্ন সামাজিক মাধ্যমৰ যোগেদি এই কৰ্মশালাৰ কথা প্ৰচাৰ কৰে। ইয়াৰ ফলতেই এই কৰ্মশালাখন সুকলমেৰে অনুষ্ঠিত কৰিবলৈ সক্ষম হয় আৰু ইয়াৰ বাবে তেওঁলোক ধন্যবাদৰ পাত্ৰ। ৱিকিউৎস তথা ৱিকিপিডিয়াৰ প্ৰশাসক গীতাৰ্থ বৰদলৈও এই অনুষ্ঠানত সহযোগিতা আগবঢ়ায়। জুম এপৰ সহায়ত অনুষ্ঠিত কৰা এই কৰ্মশালাখনত ৱিকি সমাজৰ নতুন আৰু অভিজ্ঞ সদস্যকে ধৰি প্ৰায় ২৫ জন লোকে অংশগ্ৰহণ কৰে।

কৰ্মশালাৰ আৰম্ভণিতে ৱিকিউৎসৰ বিষয়ে নতুন সদস্যসকলক পৰিচয় কৰোৱা হয়। তাৰ পিছত কৰ্মশালাখনৰ মূল কাৰ্য্যসূচী আৰম্ভ কৰা হয়। পোন প্ৰথমতে, সদস্যসকলক ৱিকিউৎসৰ সম্পাদনাত ব্যৱহাৰ হোৱা বিভিন্ন সঁজুলি সমূহৰ বিষয়ে চিনাকি কৰাই দিয়া হয়। ইয়াৰ লগতে সঁজুলি সমূহ ব্যৱহাৰ কৰি দুটামান পৃষ্ঠা সম্পাদনা কৰি দেখুওৱা হয়। শেষৰ ফালে অংশগ্ৰহণকাৰীসকলে সোধা প্ৰশ্নৰ উত্তৰ দিয়া হয়। সম্পাদনা কৰোঁতে পোৱা কাৰিকৰী দিশৰ অসুবিধাসমূহৰ বিষয়ে আলোচনা কৰা হয়। প্ৰশাসক গীতাৰ্থ বৰদলৈয়ে এই প্ৰশ্নোত্তৰ শিতানত সহযোগিতা আগবঢ়ায়। --Ani ttbr (talk) 12:25, 30 April 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

অনলাইন কৰ্মশালা, মে' ২০২০ সম্পাদনা কৰক

(ক) ১ মে'ত জুম এপৰ জৰিয়তে অসমীয়া ৱিকিমিডিয়া সমাজ আৰু অসম সাহিত্য সভাৰ সভাপতিৰ সৈতে হোৱা বাৰ্তালাপত তলৰ প্ৰস্তাৱসমূহ লোৱা হয়−

  • সাহিত্য সভাই কৰ্মশালা পতাত সহায় কৰিব
  • স্কুল-কলেজৰ লগত আলোচনা কৰিব
  • নতুন সদস্যৰ মেণ্টৰিং প্ৰস্তাৱ
  • জিলাই প্ৰতি নিয়মীয়া ৱিকি ক্লাছৰ প্ৰয়াস কৰিব
  • ৱিকিউৎসৰ বাবে সাহিত্য সভাৰ কিতাপ দান কৰিব

(খ) ৪ মে'ত অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসৰ প্ৰশাসক গীতাৰ্থ বৰদলৈয়ে জুম এপৰ জৰিয়তে কেইবাজনো ন−শিকাৰুক মুদ্ৰণ সংশোধন সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান কৰে।

(গ) ১৪ মে'ত জুম এপৰ জৰিয়তে অসমীয়া ৱিকিমিডিয়া সমাজৰ এখন আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়। এই আলোচনাত তলৰ সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয়−

  • অসমীয়া ৱিকিমিডিয়াৰ তৰফৰ পৰা এখন সম্পাদনা মেলা অনুষ্ঠিত কৰা হ'ব।
  • সম্পাদনা মেলা অনুষ্ঠিত হোৱাৰ আগত দুই ধৰণৰ অনলাইন কৰ্মশালা অনুষ্ঠিত হ’ব।
  • প্ৰথম পৰ্যায়ত এখন TTT আৰু দ্বিতীয় পৰ্যায়ত নতুনকৈ শিকিবলৈ আগ্ৰহীসকলক শিকোৱাৰ ব্যৱস্থা কৰা হ’ব। তাৰ বাবে গীতাৰ্থ বৰদলৈ, মৃদুল কুমাৰ শৰ্মাৰ নেতৃত্বত পৰিকল্পনা প্ৰস্তুত কৰা হ’ব।
  • সম্পাদনা মেলাৰ বাবে প্ৰচাৰ আৰু যাৱতীয় ব্যৱস্থা কৰা হ’ব আৰু তেওঁলোকক শিকোৱাৰ দায়িত্ব গ্ৰহণ কৰা হ’ব।
  • প্ৰশিক্ষণৰ পাছত প্ৰতিযোগিতাৰ প্ৰসংগ আহিব।
  • সৰু সৰু ৰূপত ভিডিঅ' প্ৰস্তুত কৰি নতুনখিনিক শিকোৱাৰ ব্যৱস্থা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
  • ৱিকিপিডিয়া বা ৱিকিউৎসৰ কিছু আলোচনা ফেচবুকৰ গ্ৰুপতো কৰাৰ প্ৰসংগ আলোচনা কৰা হয়। তেতিয়া গ্ৰুপটো সক্ৰিয় হৈ থাকিব। − দিব্য দত্ত (বাৰ্তা) 04:41, 31 May 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

অসম সাহিত্য সভাৰ সহযোগত প্ৰথমখন কৰ্মশালা, আগষ্ট ২০২০ সম্পাদনা কৰক

অসমীয়া ৱিকিপিডিয়া আৰু অসম সাহিত্য সভাৰ যৌথ উদ্যোগত যোৱা ৯ আগষ্ট ২০২০ তাৰিখে এখনি ডেৰঘণ্টীয়া সঁতাৰ কৰ্মশালা আয়োজিত হয়৷ ‘গুগল মিট’ নামৰ এপ্‌ৰ জৰিয়তে সন্ধ্যা আঠ বজাত আৰম্ভ হোৱা এই কৰ্মশালাৰ মূল উদ্দেশ্য আছিল ইণ্টাৰনেটৰ জগতত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰা৷ দেওবাৰৰ এই কৰ্মশালাখনত অসমৰ শৈক্ষিক, সাহিত্যিক আৰু বিজ্ঞানকে ধৰি বিভিন্ন ক্ষেত্ৰৰ প্ৰায় শতাধিক ব্যক্তিয়ে যোগদান কৰে৷ কৰ্মশালাখনিৰ ব্যৱস্থাপনা আৰু পৰিচালনাত আগভাগ লয় অসমীয়া ৱিকিপিডিয়াৰ সদস্য ডাঃ গীতাৰ্থ বৰদলৈ, মৃদুল কুমাৰ শৰ্মা আৰু ভাস্কৰ ভূঞাই৷ কৰ্মশালাত সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াদেৱৰ সক্ৰিয় অংশগ্ৰহণে সকলোকে উৎসাহিত কৰে৷ অনুষ্ঠানটিৰ উদ্দেশ্য চমুকৈ ব্যাখ্যা কৰি অসমীয়া ৱিকিপিডিয়াৰ মৌলিক গাঁঠনি আৰু লিখনপদ্ধতি সম্পৰ্কে প্ৰশাসক ডাঃ বৰদলৈয়ে প্ৰণালীবদ্ধ ব্যাখ্যা আগবঢ়ায়৷ ৱিকিপিডিয়াত তথ্যভিত্তিক প্ৰবন্ধ এটা লিখোঁতে আয়ত্ত্ব কৰিবলগীয়া কাৰিকৰী কৌশল আৰু খুঁটি-নাটিবোৰ তেখেতে অংশগ্ৰহণকাৰীসকলক প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা দেখুৱাই যায়৷ আনহাতে বৰ্তমান সময়ত ৱিকিপিডিয়াৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্বন্ধে সদস্য ভাস্কৰ ভূঞাই চমু বক্তব্য আগবঢ়ায়৷ তেওঁ কয় যে, তথ্য আৰু ভাষাভিত্তিক প্ৰতিযোগিতাৰ যুগত ভাষাটোক বিশ্বৰ মানচিত্ৰত শক্তিশালী হিচাপে গঢ়ি তুলিবলৈ অসমীয়া ৱিকিপিডিয়া হৈছে উৎকৃষ্ট মাধ্যম৷ আনহাতে সদস্য মৃদুল কুমাৰ শৰ্মাই ৱিকিপিডিয়াত তথ্যৰ সহজলভ্যতা আৰু কিছুমান সম্ভাব্য তথ্যৰ উৎসৰ বিষয়ে উনুকিয়াই দিয়ে৷ তাৰ লগতে তেখেতে ভগ্নী প্ৰকল্প অসমীয়া ৱিকিউৎসৰ বৈশিষ্ট্য আৰু উপকাৰিতা সন্দৰ্ভত বক্তব্য আগবঢ়ায়৷ উল্লেখ্য যে, অনেক আপুৰুগীয়া অসমীয়া গ্ৰন্থ, দলিল, ৰচনা আদি ডিজিটেল পদ্ধতিৰে সংৰক্ষণ কৰি ৰখা অসমীয়া ৱিকিউৎসক মুক্ত অনলাইন পুথিভঁৰাল বুলি কোৱা হয়৷ কৰ্মশালাৰ অন্তিমটো পৰ্যায়ত দুগৰাকীমান জ্যেষ্ঠ অংশগ্ৰহণকাৰীয়ে নিজা অভিমত প্ৰকাশ কৰে৷ কৰ্মশালাখনৰ শলাগ লৈ তেখেতসকলে ৱিকিপিডিয়া তথা অসমীয়া ভাষা সম্পৰ্কে কিছুমান সময়োপযোগী পৰামৰ্শ আগবঢ়ায়৷ সাহিত্য সভাৰ সভাপতি শইকীয়াদেৱে উক্ত পৰামৰ্শৱলী সাদৰৰে গ্ৰহণ কৰে আৰু সেইসমূহৰ কাৰ্যকৰীকৰণ সন্দৰ্ভত ইতিবাচকভাৱে সঁহাৰি জনায়৷ তেখেতে ৱিকিপিডিয়া আৰু ৱিকিউৎসৰ গুৰুত্ব আৰু তাৎপৰ্য মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়লৈকে প্ৰৱাহিত কৰাৰ আশা ব্যক্ত কৰে৷ উল্লেখযোগ্য যে, গুগল মিটৰ সদস্যভৰ্তিৰ সীমাবদ্ধতাৰ বাবে অনেক আগ্ৰহী ব্যক্তিয়ে কৰ্মশালাত অংশগ্ৰহণ কৰিব নোৱাৰিলে৷ সেইসকল ব্যক্তিক পৰৱৰ্তী সময়ত অগ্ৰাধিকাৰ দিয়া হ’ব বুলি কৰ্মশালাৰ ব্যৱস্থাপকসকলে জানিবলৈ দিয়ে৷ দিব্য দত্ত (বাৰ্তা) 05:44, 1 September 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

অনলাইন কৰ্মশালা, অক্টোবৰ ২০২০ সম্পাদনা কৰক

(ক) ৭ অক্টোবৰ, ২০২০

অসমীয়া ৱিকিমিডিয়া সমাজৰ ন-পুৰণি সদস্যসকলৰ মাজত ৱিকিমিডিয়াৰ কাম-কাজ সম্পৰ্কে বাৰ্তালাপ হয়৷ এই বাৰ্তালাপত তলৰ বিষয় সমূহ আলোচনা কৰা হয়-

  • ৱিকিপত্ৰিকাৰ সজ্জা আৰু পৰিকল্পনা
  • অসমৰ সংস্কৃতি বিষয়ক এখন আলোকচিত্ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি ৱিকিকমনছত অসম বিষয়ক আলোকচিত্ৰৰ সমল বৃ্দ্ধি কৰা৷
  • ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ উদ্যোগত অসমীয়া ৱিকিমিডিয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰচেষ্টা সমূহৰ বিষয়ে সক্ৰিয় সদস্য ভাস্কৰ ভূঞা ই সকলোকে অৱগত কৰে৷
  • ৱিকিউৎসৰ বাবে অসমৰ কেইবাখনো উল্লেখযোগ্য আলোচনী উপলব্ধ হোৱাৰ বিষয়ে মৃদুল কুমাৰ শৰ্মা ই সকলোকে জনায়৷
  • দিব্য দত্ত, মৃদুল কুমাৰ শৰ্মা আৰু গীতাৰ্থ বৰদলৈই ৱিকিউৎসৰ নতুন সদস্যসকলৰ বিভিন্ন কাৰিকৰী প্ৰশ্নৰ উত্তৰ দিয়ে৷

(খ) ১৮ অক্টোবৰ, ২০২০

অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসৰ প্ৰশাসক গীতাৰ্থ বৰদলৈয়ে কেইবাজনো ন−শিকাৰুক ৱিকিউৎসৰ মুদ্ৰণ সংশোধন সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান কৰে। সবিশেষ এই পৃষ্ঠাত আছে।

কৰ্মশালাত আলোচনা কৰা অনুযায়ী অসমীয়া বাতৰিকাকত দৈনিক অসমৰ পুৰণি সংখ্যা সমূহৰ ইন্ডেক্স এটা গুগুল ড্ৰাইভত বনাই থকা হৈছে। লিংকটো মোৰ সদস্য পৃষ্ঠাত পাব। ফাইলৰ নাম বিলাক বছৰ_মাহ_দিন_পৃষ্ঠা সাঁচত আছে। Jyotipch (talk) 17:26, 8 November 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

Universal Code of Conduct consultation on Assamese Wikipedia সম্পাদনা কৰক

Dear Assamese Wikipedia Community,

I apologize for writing in English as my Assamese is too limited when comes to writing. But I want to thank you for your hard work to create the sum of all knowledge that is freely sharable to every single human being across the world. As our diverse community grows, we need a guideline that will help all of our work collectively and constructively where everyone feels safe, welcomed, and part of a team. That is why the Wikimedia movement is working on establishing a global behavior guideline called the Universal Code of Conduct, often referred to as UCoC.

After the months-long policy consultation, we have prepared a policy. We are currently in the second phase of the consultation. During this round of consultation, we want to discuss the enforcement and implementation of this policy. We want to hear from the community on how this policy can be enforced on the Assamese community and what might be needed to do so.

You can participate in the discussion here. We encourage you to express your opinion publicly. However, I understand that not everything can be discussed publicly so if you wish to share your opinion privately, you can do so by emailing me as well.

Please let us know how you feel about the current UCoC draft. Let us know if anything directly contradicts with any behavioral or other policies you have on Assamese Wikipedia. Share your thoughts, ideas, and experiences that relate to UCoC, even if you are a newcomer. Tell us, what is important to you to make your stay more pleasant and safe. If you are an experienced user, let us know what needs to be improved so we can build a more friendly and cooperative space to increase editor engagement and retention of new users.

Wikimedia projects are governed by all of you, regardless of where you come from, your involvement, or how new or experienced you are. So, it is you who needs to step up to ensure a safe, comfortable, and pleasant working environment.

Thank you! Wikitanvir (WMF) (talk) 09:52, 11 February 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Support সম্পাদনা কৰক

  1. দিব্য দত্ত (বাৰ্তা) 15:20, 28 February 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
  2.   সমৰ্থনMS Sakib  «কওক...» 05:33, 25 February 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক